ক’লো- পঢ়া, জীৱন গঢ়া! এই কথাহে নহ’ল কোৱা…

ক’লো- পঢ়া, জীৱন গঢ়া! এই কথাহে নহ’ল কোৱা…

মৃদুল কুমাৰ সন্দিকৈ

দিল্লী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ কথা লিখিছিল ড০ পৰিধি শৰ্মাই। বিশ্ব বিদ্যালয়খনৰ এটা প্ৰেক্ষাগৃহত বিশ্ব বিদ্যালয়ৰ অধ্যাপক আৰু বিশিষ্ট অতিথিয়ে ভৰি আছে। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল দিল্লী বিশ্ব বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা দুই অৱসৰী অধ্যাপকক সন্মান জনোৱা।

তেওঁলোক দুয়োকে শ্ৰেষ্ঠ পিতৃ-মাতৃ সন্মান যাচিবৰ বাবে এই অনুষ্ঠানৰ অয়োজন কৰা হৈছিল। দিল্লীৰ উপ-ৰাজ্যপালে তেওঁলোকক শ্ৰেষ্ঠ পিতৃ-মাতৃ সন্মান জনোৱা কথা।সন্মান জনাবৰ বাবে নিমন্ত্ৰণ কৰি অনা দুই বিশিষ্ট অধ্যাপক আছিল জ০ জগত নাৰায়ণ সুব্ৰমণিয়াম আৰু তেওঁৰ পত্নী তথা সেইখন বিশ্ববিদ্যালয়ৰ আন এগৰাকী অধ্যাপিকা তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ লেখিকা ড০ সুজাতা সুব্ৰমণিয়াম।

এই দুই অৱসৰী অধ্যাপকৰ তিনিওটা সন্তানে প্ৰচুৰ মেধাৱী আৰু নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠিত।সেই সময়ত অধ্যাপক ড০ জগত নাৰায়ণ সুব্ৰমণিয়ামৰ মূল্যবান ভাষণ শুনিবলৈ সকলোৱে অপেক্ষা কৰি আছিল।

এটা সময়ত আদৰণি পৰ্বৰ পাছত বিশিষ্ট অধ্যাপক ড০ জগত নাৰায়ণ সুব্ৰমণিয়ামে সভাক উদ্দেশ্যি ভাষণ আৰম্ভ কৰিলে। পৰিধি শৰ্মাৰ ভাষাত অধ্যাপক সুব্ৰমণিয়ামে  সেইদিনা কৈছিল- " হে সুধীগণ আপোনালোকে হয়তো ভূল কৰিয়েই আমাক এনে এক বিৰল সন্মানৰ বাবে নিৰ্বাচিত কৰিলে৷  আমি অত্যন্ত অপৰাধ অনুভৱ কৰিছো ৷ আজিৰ এই সভাখনলৈ আপোনালোকে আনুষ্ঠানিকভাৱে নিমন্ত্ৰণী পত্ৰ আগবঢ়োৱাৰ পাছতো আনকি মোৰ পৰিবাৰ অৰ্থাৎ মাকে ও বাৰে বাৰে ফোন কৰিও মোৰ সন্তান তিনিটাৰ এটাকো এই সভালৈ আনিব নোৱাৰিলে ৷ 

অৱশ্যে সিঁহত নিজ নিজ কৰ্মত ব্যস্ত৷ আমাৰ বৰপুত্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ এজন জেষ্ঠ অধ্যাপক৷ তেওঁৰ নাম আৰু কৃতি সমগ্ৰ  বিশ্বতে ৰৈ বৈ যোৱা ৷ বিদেশতে বিয়া পাতি এটা নাতি ল'ৰাও জন্ম দিলে ৷ বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয়লৈ গৱেষণা পত্ৰ পাঠ কৰিবলৈ গৈ থাকে যদিও আজিৰ পৰা ২২ বছৰৰ আগতেই আমাৰ ওচৰৰ পৰা বিদেশলৈ যোৱা পুত্ৰৰ আজিলৈকে  এবাৰো নিজৰ জন্ম হোৱা ঘৰখনলৈ আহি মাক দেউতাকৰ খবৰ এটা ল'বলৈ আহৰি নাই৷

ল'ৰাই অসুবিধা পাই বুলিয়েই মই আজি বহু বছৰ এটা ফোনো কৰা নাই ৷ নাতি লৰাটোৰ মাত এটাও শুনাৰ সৌভাগ্য নহ'ল ৷

আমাৰ দ্বিতীয় পুত্ৰ লণ্ডনৰ " ছিকিউৰিটি" বিভাগৰ সঞ্চালক ৷ আমি কেতিয়াও পোনপটীয়াকৈ কথা পতাৰ সুযোগেই নাপাওঁ৷ তলতীয়া বিষয়াসকলেই খবৰ জনায় ৷ ল'ৰালৈ ফোন কৰাৰ বিশেষ সুবিধা আছে আমাৰ কিন্তু সি  কামৰ হেঁচাত সময় নাপায় কথা পাতিবলৈ ৷ বিগত ১২ বছৰে তাৰ মাতটোও শুনাৰ সৌভাগ্য নাই হোৱা আমাৰ ৷

একমাত্ৰ জীয়ৰী থাকে লণ্ডনত ৷ লণ্ডনৰ বিখ্যাত OXFORD UNIVERSITY ৰ অধ্যাপিকা তাই৷ ক্লাছ, চেমিনাৰ, গৱেষণা আদিৰ মাজতেই তাইৰ জীৱন৷ আনকি মাকৰ অতি দৰকাৰী দুটা কথা শুনিবলৈও তাই ইচ্ছা নকৰে ৷

হে সুধীসমাজ এইয়াই আমাৰ সন্তানৰ কৃতিত্ব৷ যিখন শিক্ষা প্ৰতিষ্ঠানে তাঁহাতক উচ্চ শিক্ষাৰ শিখৰলৈ নি আজি স্বনামধন্য কৰিলে সেই শিক্ষানুষ্ঠানৰ বাৰম্বাৰ অনুৰোধকো অতি নিৰ্লজ্জভাৱে প্ৰত্যাখ্যান কৰিব পৰা সূদূৰত এৰি যোৱা মাক দেউতাককো এবাৰ লগ পাই যোৱাৰ দায়িত্ব অনুভৱ নকৰা এনে সন্তানসকল কি যুক্তিত কাৰ বাবে " কৃতি সন্তান" ? দেশৰ নে মাক দেউতাকৰ?

সিঁহতৰ মাতৃ তথা মোৰ পত্নী এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে৷ তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত মই কিন্তু অকনমানো হেমাহি কৰা নাই৷ কিন্তু তথাপিও মাকে তাঁহাতক এবাৰ কাষত পাবলৈ নাতিটোক এবাৰ চুই চাবলৈ ব্যাকুল হৈ আছে৷

মই পাৰিম জানো তেওঁৰ অনুৰোধ ৰাখিব৷ মাকৰ শেষ খবৰটো শুনিলেও চাগে সিঁহতৰ সময় নহ'ব মাকক চাই যাবলৈ এবাৰ৷ "

ক্ৰমে কথাবোৰ থোকাথুকি হৈ আহিল ড° জগতনাৰায়ণ সুব্ৰমণিয়ামৰ। ড০ পৰিধি শৰ্মা প্ৰেক্ষাগৃহত বহি থাকিব নোৱাৰিলে। চকুৰে ধাৰাসাৰ চকুপানী বৈ আহিছিল৷ চকুকেইটা ৰুমাল খনেৰে মচি খৰখেদাকৈ ওলাই আহিছিল তেওঁ প্ৰেক্ষাগৃহৰ পৰা।

 আমি বাহিৰৰ পৰা দেখা সম্পৰ্কবোৰ বা সফলতাবোৰ আৰু ভিতৰৰ পৰা থকা সেই সম্পৰ্কবোৰৰ মাজৰ মাধুৰ্যতাবোৰৰ মাজত পাৰ্থক্য থাকে। কোনোবাই সেইবোৰ কথা কৈ দিয়ে মুকলিকৈ,আৰু কোনোবাই সেইবোৰ কথা নকয়।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা বা সফলতাৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলৰ কথা আমি প্ৰায়েই চৰ্চা কৰো। চৰ্চা নকৰো তৃতীয়, দ্বিতীয় বা উত্তীৰ্ণ নোহোৱা ছাত্ৰ-ছাত্ৰী সকলৰ কথা ।

দেখা পোৱা যায় অনুপাতিক হিচাপত বেছি সংখ্যক মেধাৱী ছাত্ৰ-ছাত্ৰীয়েই আত্ম প্ৰতিষ্ঠাৰ দৌৰত এনেদৰে নিজৰ সৈতে ব্যস্ত হৈ পৰে যে সেই প্ৰতিযোগীতাত তেওঁলোকৰ কেৰিয়াৰৰ কথা থাকে, নাথাকে কেৱল দায়িত্ববোধ আৰু পিতৃ-মাতৃৰ প্ৰতি টান।

অভিভাৱক সকলে ছাত্ৰ-ছাত্ৰী সকলক এনেদৰে গঢ় দিয়ে। পঢ়াৰ মাজত জীৱন, পৰিয়াল স্বজন আৰু জীৱনবোধৰ কথা শিকাবলৈ পাহৰে। সেয়েহে আত্মকেন্দ্ৰিক হৈ পৰা এই মেধাৱী ছাত্ৰ-ছাত্ৰীক লৈ এটা সময়ত গৌৰৱবোধ কৰিলেও জীৱনৰ বিয়লি বেলা এইদৰে ড০ সুব্ৰমণিয়াম দম্পত্তিৰ দৰে শোকত ভাগি পৰিবলগীয়া হয়।

বহু পিতৃ-মাতৃয়ে সন্তানক কেৱল মেধা কৰি নগঢ়ে। সন্তানক গঢ়িব খোজে মানুহ হিচাপে। মানৱীয় প্ৰমূল্যবোধৰ মাজত তেওঁলোকে মানুহৰ প্ৰতি দায়িত্ববোধৰ শিক্ষা, সন্তানক ব্যৱহাৰিকভাৱে দিয়ে।তেনে পিতৃ-মাতৃ কেতিয়াও সন্তানৰ পৰা জীৱনৰ অন্তিম বয়সত এনে অভিজ্ঞতাৰ সন্মুখীন নহয়।

সৰু কালতে শিশুক যিধৰণে গঢ়া যায় ডাঙৰ হৈ শিশুয়ে সেই ধৰণে বা সেই মানসিকতাৰে জীৱন অতিবাহিত কৰে। সন্তানক লৈ অত্যুৎসাহী হোৱা পিতৃ মাতৃ সকলে এবাৰলৈ হ'লেও এই কথা ভাৱিব লাগে যে শিক্ষাৰ লগতে তেওঁলোকৰ সু-মানসিকতাক গঢ় দিয়াটো এখন সমাজৰ বাবে, নিজৰ বাবে অতি প্ৰয়োজনীয়।

বহু পিতৃ মাতৃয়ে এই কাম কৰে। বহুতে নকৰে। যি সকলে কৰে তেওঁলোকে শেষ বয়সত সন্তানক কাষত বিচাৰি হাহাকাৰ কৰিবলগীয়া নহয়। সাত সাগৰ তেৰ নদীৰ সিপাৰে থাকিলেও তেওঁলোকৰ মন সদায় পিতৃ- মাতৃৰ লগতে থাকে। নিসংগ নহয় তেওঁলোক কোনোদিনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in