জয়মালা ইমান দুখত থাকিলে কেনেকৈ সুখত থাকো মই…

জয়মালা ইমান দুখত থাকিলে কেনেকৈ সুখত থাকো মই…

মৃদুল কুমাৰ সন্দিকৈ

কেতিয়া ঘূৰি আহিব জয়মালা। জয়মালাৰ ওপৰত চলা অত্যাচাৰৰ কথা শুনি তেওঁ খোৱা-বোৱা এৰি দিছে। অসুস্থ হৈ পৰিছে প্ৰায় ৭৫ বছৰীয়া এজন বৃদ্ধ। বহি ৰাজ্যত বন্দী হৈ থকা জয়মালা এদিন তেওঁৰেই আছিল । ভৰণ পোষণৰ কথা চিন্তা কৰি জয়মালাক তেওঁ গতাই দিছিল বিহাৰৰ এজন পুৰোহিতৰ হাতত।

প্ৰথম তামিলনাডুৰ শ্ৰীভিলিপুথুৰ নাছিয়াৰ থিৰুকভিল নামৰ মন্দিৰত থকা আৰু বৰ্তমান কৃষাণ কভিল নামৰ মন্দিৰত থকা দুৰ্ভগীয়া জয়মালাই ভোগ কৰা যন্ত্ৰনা আজি মানুহজনে পদে পদে অনুভৱ কৰিছে। ইশ্বৰৰ ঘৰলৈ তেওঁ জয়মালাক পঠাই দিছিল ভালদৰে থাকিব বুলি।

জয়মালাৰ পুৰণি ঘৰ

১৯৮৩-৮৪ চনৰ কথা। মঙলদৈৰ ফালৰ পৰা দুজন লোকে জয়মালাক লৈ গৈছিল। সেই সময়ত নাগালেণ্ডত কাঠ টানিবলৈ হাতীৰ ব্যৱহাৰ কৰা হৈছিল। সেই কাম কৰিবৰ বাবেই ৩৪ হাজাৰ টকাত জয়মালাক যোৰহাটৰ বৰহোলাৰ অন্নপূৰ্ণা গাঁৱৰ মোহন চুতীয়াই ক্ৰয় কৰিছিল হাতীজনীক।

তাৰ পাছত তেওঁ ২০০৮ চনলৈকে নিজৰ জিম্মাতে ৰখাইছিল জয়মালাক। ঘৰত মৰমতে হাতীজনীক মাতিছিল মালা বুলি।কাঠ টনাৰ কাম নাইকীয়া হ'ল। নগা পাহৰলৈ হাতী বান্ধিবৰ বাবে নিবলৈ জটিলতা আহিল। এন এছ চি এনে হাতীৰ খোজে প্ৰতি হাজাৰ টকাকৈ দাবী কৰিলে।

হাতী জনীক চোৱা চিতা কৰা মাউত জনেও জয়মালাৰ আল পৈচান ধৰাত কৃপনালী কৰাত জয়মালাক লৈ দুচিন্তা বাঢ়িছিল মালিক মোহন চুতীয়াৰ। তাৰপাছত ২০০৮ চনত মন্দিৰলৈ নিবৰ বাবে বিহাৰৰ এজন পুৰোহিতে হাতী বিচাৰি অহাত জয়মালাক গতাই দিছিল তেওঁৰ হাতত।

জয়মালাৰ পূৰ্বৰ গৰাকী

ভাবিছিল মন্দিৰত থাকিলে জয়মালা সুৰক্ষিত হৈ থাকিব।হাতীজনীৰ বাবদ মোহন চুতীয়াক আঢ়ৈ লাখ টকা দিছিল। সেই টকা নিজেই কমাই ৰাখিছিল চুতীয়াই। কৈ পঠিয়াইছিল এই ৫০ হাজাৰ টকা তাইৰ নামতেই খৰচ কৰিব। বন বিভাগৰ পৰা অনুমতি লৈ হাতী জনী এনে দৰে বিহাৰলৈ লৈ যাব দিছিল তেওঁ।

সেই সময়ত জয়মালাক খোজ কঢ়াইয়ে লৈ যোৱা হৈছিল ঘৰৰ পৰা। তাৰ পাছত জয়মালাৰ খবৰ নাই। মন্দিৰত সুখতে জয়মালা আছে বুলি ভাবিছিল মোহন চুতীয়াই। জয়মালাক নিৰ্যাতন কৰাৰ খবৰ আৰু দৃশ্যবোৰ দেখি এতিয়া ভাত পানী এৰিছে মোহন চুতীয়াই।

ৰাজ্য চৰকাৰক তেওঁ অনুৰোধ জনাইছে জয়মালাক ঘূৰাই আনি কাজিৰঙাতে কৰবাত সু চিকিৎসাৰ ব্যৱস্থা কৰাওক। সপোনতো দেখিছে জয়মালাক তেওঁ। নিজকে বৰ দোষী দোষী অনুভৱ কৰিছে তেওঁ। অসুস্থ গাৰেই কেৱল জয়মালাৰ কথা ভাবিছে।

এক আত্মিক সম্পৰ্ক আছিল জয়মালাৰ সৈতে। সেই টান আজিও আছে। কিন্তু হাতী পোহা সহজ নহয়। সেয়েহে জয়মালাক এনেদৰে বিহাৰলৈ তেওঁ পঠাইছিল। জয়মালাৰ দৰেই অসমৰ পৰা বহু হাতী বাহিৰলৈ সৰবৰাহ হয়। ২০০৮ বৰ্ষত মুঠ ২৩ টা হাতী বাহিৰলৈ নিয়া হৈছিল অসমৰ পৰা।

তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ, আদি জিলাৰ লোকৰ নামত এই হাতী বোৰ পঞ্জীয়ন আছিল। লক্ষণীয় ভাৱে হাতীবোৰৰ অধিকাংশই বিহাৰলৈ ধৰ্মীয় কাৰণত নিয়া বুলি বন বিভাগৰ নথিত উল্লেখ কৰা হৈছিল। জয়মালাকো একেই ধৰণে বিহাৰলৈ ধৰ্মীয় কাৰণত নি পৰৱৰ্তী সময়ত হয়তো তামিলনাডুৰ মন্দিৰত দি দিয়া হৈছিল।

এক বৃহৎ চক্ৰই প্ৰায়েই অসম-অৰুণাচলৰ পৰা হাতীৰ চোৰাং সৰবৰাহ চলাই আছে। বন বিভাগৰ লোকে তাত পূৰ্ণ সহযোগ কৰি আহিছে। নহ'লে এই দৰেই হাতী কেইদিন মানৰ লীজত দেখুৱাই ৰাজ্যৰ পৰা বহি ৰাজ্য়লৈ নিয়াতো সম্ভৱ নহয়।

জয়মালাৰ কাণত থকা মাইক্ৰ চিপচত তেওঁৰ গৰাকীৰ নাম মোহন চুতীয়া আৰু ঠিকনা যোৰহাটৰ বৰহোলাৰ অন্নপূৰ্ণা গাঁৱৰ বুলি উল্লেখ আছে। এই সময়চোৱাতেই জয়মতী নামৰ আন এটি মাই হাতীও তিনিচুকীয়া কাকপথাৰৰ পৰা বিহাৰলৈ নিয়াৰ তথ্য আছে।

যি জনী হাতীৰ মালিক গিৰীণ মৰান। বহি ৰাজ্যলৈ হাতী চোৰাং সৰবৰাহ খবৰ নতুন নহয়। বছৰি হাতী সৰবৰাহৰ নামত কোটি কোটি টকা লেন দেন হয়। হাতী যিহেতু বিক্ৰী কৰিব নোৱাৰি সেয়েহে বন বিভাগে নিৰ্দিষ্ট সময়ৰ বাবে আন স্থানলৈ হাতী লীজত দিয়াৰ ব্যৱস্থা কৰি দিয়ে।

লীজ শেষ হোৱাৰ পাছত সেই হাতীৰ আৰু খবৰ নলয়। ৰাজ্যত হাতীৰ অনুজ্ঞা পত্ৰ থকা লোক সকলৰ হাতীৰ অৱস্থিতি পৰীক্ষা কৰিলেই ৰাজ্যৰ পৰা শ শ হাতী সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ আহিব। অধিকাংশ হাতীয়ে হাতীৰ চোৰাং ব্যৱসায়ীৰ জৰিয়তে ৰাজ্যৰ বাহিৰলৈ লৈ যোৱা হৈছে।

জয়মালাৰ জৰিয়তে পোহৰলৈ অহা এই ঘটনা জয়মালাক ঘূৰাই অনাতেই শেষ হব নোৱাৰে। জয়মালাক নিৰ্যাতনৰ পৰা উদ্ধাৰ কৰাৰ লগতে হাতীৰ চোৰাং ব্যৱসায়ী ৰোধ কৰিবলৈ বন বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে।

জয়মালাক ঘূৰাই ২ ছেপ্টেম্বৰত বন বিভাগৰ এটা দল যাব তামিলনাডুলৈ। জয়মালাৰ লগতে বিভিন্ন স্থানত অসমৰ পৰা নিয়া আন ৯ টা হাতী ঘূৰাই আনিবলৈ আনুষ্ঠানিকভাৱে তামিলনাডু বন বিভাগৰ সৈতে আলোচনাত মিলিত হ'ব। আলোচনাৰ জৰিয়তে সম্ভৱ নহ'লে আইনৰ কাষ চাপিব । জয়মালাক লৈ ৰাজ্যবাসী উদ্বিগ্ন। জয়মালাক লৈ বৰ চিন্তিত পূৰ্বৰ হাতী জনীৰ গৰাকী ।

জয়মালাই অসমীয়াত দিয়া হুকুম ভালদৰে বুজি পায়। তাই আনোতেই অলপ বেমাৰী আছিল। এতিয়া জয়মালাৰ বছৰ প্ৰায় ৬০ বছৰ মান হব। তামিলনাডুত তামিল ভাষাত মাউতে হয়তো তাইক হুকুম দিয়ে, তাই বুজি নাপায়। অসমত থাকোতে তাই মাউতৰ হুকুমবোৰ ভালদৰে মানিছিল। হুকুম নমনাৰ বাবে তামিলনাডুত এই ভয়ানক নিৰ্যাতন জয়মালাৰ ওপৰত চলিবও পাৰে। এই দৰেই ভাৱে মোহন চুতীয়াই। তেওঁৰ অন্তৰাত্মা কঁপি উঠিছে। সহ্য কৰিব পৰা নাই এই খবৰ। জয়মালাক হেনো ঘূৰাই আনিলেহে তেওঁৰ চকুলৈ টোপনি আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in