পৌৰনিগম নিৰ্বাচন: খেলিলে,জিকিলে, এতিয়া ৰাইজে চাব কি কৰিছে…

পৌৰনিগম নিৰ্বাচন: খেলিলে,জিকিলে, এতিয়া ৰাইজে চাব কি কৰিছে…

আমি আমাৰ অধিকাৰ সাৱ্যস্ত কৰিব জানিব বা পাৰিবও লাগিব। সন্দেহ নিশ্চয় থাকিব। সেই সন্দেহ কেতিয়াও শেষ নহয়। তেওঁলোকৰ আচৰণ সদায় সন্দেহজনক থাকে। সেয়া যিকোনো মুহুৰ্ততে পৰিস্ফুত হয়। কিয়নো বহু প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি পূৰণ নকৰা মানুহৰ সংখ্যাই এতিয়া বেছি।

আৱেগ আৰু অনুভৱেৰে সকলো নচলে। গভীৰ প্ৰত্যয়েৰে আমাৰ সমস্যাবোৰ সমাধান কৰিবলৈ তেওঁলোকৰো উদ্যোগৰ প্ৰয়োজন হয়। কিন্তু যিবোৰ কথা বা কাম তেওঁলোকে কৰে তাত সেই প্ৰত্যয়হীন অবিশ্বাসে ধৰা দিয়ে। কোৱা আৰু কৰাৰ মাজত বহু পাৰ্থক্য থাকে। সময় অতিবাহিত হলে এই পাৰ্থক্যবোৰ ওলাই পৰে।

তেওঁলোক কোন দলৰ সেয়া ডাঙৰ কথা নহয়। কিন্তু ৰাইজে যি বিশ্বাসেৰে তেওঁলোকৰ হাতত দায়িত্ব অৰ্পন কৰিছে সেই বিশ্বাসেৰে কামবোৰ কৰিব পাৰিবনে সেয়াহে এতিয়া মূল কথা। ৰাইজে সদায় ভাৱে এইবাৰ সকলো সমস্যাৰ অন্ত পৰিব। কিন্তু সেই ধাৰণা নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হয়।

ৰাইজৰ কাষত তেওঁলোক এনেদৰে থাকে যে ৰাইজেও অনুভৱ কৰে ৰাইজ মানে তেওঁলোক, তেওঁলোক মানেই ৰাইজ। তাৰপাছত ৰাইজৰ দ্বাৰা নিৰ্বাচিত জনপ্ৰতিনিধি সকলে হাউচি খেলত নিজৰ নম্বৰ কটাত ব্যস্ত হোৱা একো একোজন খেলুৱৈ হৈ পৰে।

সমস্যাত ককবকাই ফুৰা ৰাইজৰ খবৰ লবলৈ তেওঁলোকৰ আজৰিয়েই ক'ত? অথচ ৰাইজে ভাৱে তেওঁলোক ৰাইজৰ প্ৰতিনিধি। প্ৰতিটো মুহুৰ্ততে ৰাইজৰ কথা ভাৱিয়েই সিদ্ধান্ত লয়। এটা সময়ত ৰাইজৰ মোহভংগ হয়। বুজি পাই তেওঁলোকে নিজৰ কামবোৰ ঠিকেই কৰে কিন্তু ৰাইজৰ কথা চিন্তা কৰিবলৈ অৱকাশ নাপায়।

গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলৰ পাছত তেনে এখন ছবি পুনৰ ৰাইজৰ মনত ধৰা দিছে। এটা সময়ত কংগ্ৰেছকো ৰাইজে এইদৰেই মৰম কৰিছিল। এতিয়া কংগ্ৰেছৰ নাম শুনিব নিবিচাৰে। কংগ্ৰেছ এতিয়া মাৰ যোৱা সূৰ্য। অস্তিত্বহীন সেই পুৰণি ৰাজনৈতিক দল।

গুৱাহাটীত মূলত সমস্যা কি? গুৱাহাটী উত্তৰ পূৱৰ দুৱাৰ মুখ। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ মহানগৰ। গুৱাহাটীৰ মানুহক প্ৰথমে লাগে পানী। পানী গুৱাহাটীবাসীৰ বাবে এক ডাঙৰ সমস্যা। পানী যোগানৰ নামত বহু আঁচনি ঘোষণা কৰা হ'ল কিন্তু গুৱাহাটীবাসীয়ে পানী নাপালে।

যদি পানীয়ে মহানগৰবাসীয়ে নাপাই তেনেহলে এই পৌৰনিগমৰ প্ৰয়োজন ক'ত? পানী পানী কৰি হাহাকাৰ কৰি ফুৰা গুৱাহাটীবাসীয়ে দ্বিতীয়তে বিচাৰে নিয়মীয়া বিদ্যুত যোগান। বিদ্যুত নহ'লে গুৱাহাটীৰ জনজীৱন নচলে। জাৱৰ নিষ্কাষণ গুৱাহাটী মহানগৰবাসীৰ বাবে আন এক ডাঙৰ সমস্যা। বাটে বাটে পৰি থকা জাবৰবোৰ নিষ্কাষণ কৰিবৰ বাবে পদ্ধতিগত বিজ্ঞানসন্মত ব্যৱস্থা এটা আজিও গঢ় লৈ নুঠিল।

গুৱাহাটীৰ নলা-নৰ্দমা সমূহত নিষ্কাষণ কৰিবলৈ ৰবট,অত্যাধুনিক যন্ত্ৰ অনা হয়। মূল দুই এটা নলাৰ বাদে বাকীবোৰ নলা-নৰ্দমাৰ অৱস্থা কি হৈ থাকে সেই কথা বাৰিষা কালেই কয়। কৃত্ৰিম বান এতিয়া মহানগৰীৰ জনজীৱনত বাৰিষাৰ কালত যমৰ যন্ত্ৰনা হৈ পৰিছে।

বাৰিষা মেঘে গৰ্জিলেই হেনো গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয়। কি পৰিৱেশৰ সৃষ্টি হয় সেয়া কল্পনাৰো অগচৰ। এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা তৰুণ গগৈ মহানগৰত কৃত্ৰিম বানৰ প্ৰশ্নৰ সন্মুখীন হৈ কৈছিল কৃত্ৰিম বান নহয় ক'ত? তেওঁ আনকি আমেৰিকাতো কৃত্ৰিম বান হয় বুলি প্ৰবোধ দিছিল।

২২ এপ্ৰিল ২০২২ ত অনুষ্ঠিত হোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছ শূণ্য হ'ল।অসম গন পৰিষদে ৬টা ৱাৰ্ডত জয়ী হোৱাৰ বিপৰীতে বিজেপিয়ে ৫২টা ৱাৰ্ডত, অসম জাতীয় পৰিষদে ১টা আৰু আপে ১টা ৱাৰ্ডত জয়লাভ কৰে।

বিজেপি মিত্ৰজোঁটে ৫৮ টা ৱাৰ্ডত জয়লাভ কৰিলে। ১০ বছৰৰ পাছত অনুষ্ঠিত হোৱা পৌৰ নিৰ্বাচনত এন্ট্ৰি মাৰিলে আপে। কেৱল গুৱাহাটী পৌৰ নিৰ্বাচনত আপে ১খন আসনেৰে জয়লাভ কৰাৰ লগতে ভোটৰ সংখ্যাৰে দ্বিতীয় স্থানত থাকিল।

৬০ টা ৱাৰ্ডত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত ভোটদানৰ হাৰ অতি নগন্য আছিল। বহু ভোটাৰে আনকি নোটাতো ভোটদান কৰে। এই নিৰ্বাচনৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে গুৱাহাটীবাসীক ধন্যবাদ জনালে। নিৰ্বাচনত আপে ৪২৮৮৬ অধিক ভোট লাভ কৰে।

এই নিৰ্বাচনত মাত্ৰ ৩৯ টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছিল আপে। প্ৰায় প্ৰতিটো ৱাৰ্ডতে আপ থাকে দ্বিতীয় স্থানত। আনহাতে ৬০ টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছে ৫৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিবলৈ সক্ষম হয় ৫৪৯৮০ টা ভোট।

পৌৰ নিগম নিৰ্বাচনত এজেপিয়ে ১৫৪৪৩ ভোট, বিজেপিয়ে ২৩৭৭৪২ ভোট, চিপিআইএমে ২৪৪৭লাভ কৰে। নিৰ্বাচনৰ ফলাফল ওলাল। কোন জিকিল, কোন হাৰিল সেয়া ফলাফলে ক'লে। কিন্তু এই নিৰ্বাচনত আপৰ উত্থান, কংগ্ৰেছক ছন্দপতন মন কৰিবলগীয়া।

পৌৰনিগম নিৰ্বাচনৰ পাছত ৰাইজে এতিয়া আশা কৰিব যি সকল জন প্ৰতিনিধিক গুৱাহাটীৰ দায়িত্ব দিয়া হ'ল তেওঁলোকে অন্তত গুৱাহাটীবাসীৰ সমস্যাৰ ওপৰত গুৰুত্ব দিয়ক। বিজেপি বা আন দলেই জিকক, ৰাইজক লাগে দীৰ্ঘদিন ধৰি সমাধান নোহোৱা গুাৱাহাটীৰ মৌলিক সমস্যা সমূহ সমাধান কৰাৰ সূত্ৰ।

নিৰ্বাচনৰ নিচা বেছিদিন নচলে। নাথাকে ৰাইজৰ মনতো কোনে পৌৰনিগম দখল কৰিছে, তাৰ ৰাজনৈতিক সমীকৰণ। কৃত্ৰিম বান হ'লে, পানী নাপালে, জাবৰ-জোথৰে মহানগৰখন অপৰিষ্কাৰ হলে মানুহে গালি পাৰিবই। গুলাহাটীত এখন সৰ্বাংগ সুন্দৰ মহানগৰী কৰাৰ ক্ষেত্ৰত নৱ নিৰ্বাচিত প্ৰতিনিধি সকলে উদ্যোগ লওক। অভিনন্দন সকলোলৈকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in