শেহতীয়া খবৰ
কবিতা/১৯ "হৰ ঘৰ ত্ৰিৰংগা"  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  স্বাধীনতা দিৱসৰ প্ৰস্তুতি তুংগত, দেশবাসীক সম্বোধন কৰিব নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে...  •  চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...

শেষ সন্মানৰো যোগ্য নাছিল নে তেওঁ? অতুলানন্দ গোস্বামীৰ কাষত এদিন…

মৃদুল কুমাৰ সন্দিকৈ

চেনেহৰ জৰি চিঙি কোনোবা অজান মুলুকলৈ গুচি গ’ল তেওঁ। কোনোদিনেই উভতি নহা প্ৰতিশ্ৰুতিৰে অসমৰ সমাজ সাহিত্য জীৱনত শূণ্যতা সৃষ্টিৰে ২৭ জুলাই ২০২২ ৰ পুৱা ৪ বাজি ৪০ মিনিটত এই পৃথিৱী এৰিলে নামঘৰীয়াৰ স্ৰষ্টা অতুলানন্দ গোস্বামীয়ে।

অসুস্থতাৰ বাবে যোৱা ১০ দিন ধৰি চিকিৎসাধীন হৈ আছিল বৰেন্য সাহিত্যিক গৰাকী।অসমৰ সমাজ জীৱনৰ অন্যতম পুৰোধাৰ ব্যক্তি আছিল তেখেত। ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা অতুলানন্দ গোস্বামীৰ সাহিত্য সভাৰ অসমীয়া সাহিত্যৰ বাবে অমূল্য সম্পদ।

 যোৱা ৮ বছৰ ধৰি তেওঁ সোমোৱা নাছিল নিজৰ গ্ৰন্থালয়ত। আটোমটোকাৰিকৈ সজোৱা পুঁথিভঁৰালৰ কিতাপবোৰ অতি সজতনে থৈ দিছিল পৰিয়ালৰ লোকে। এইবোৰৰ চাবলৈ বা পঢ়িবলৈ তেওঁৰ গাত নাছিল পূৰ্বৰ বল-বিক্ৰম। ২০১৪চনত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ সহধৰ্মীনিয়ে চিৰবিদায় লৈছিল। তাৰপাছতেই তেওঁৰ জীৱনলৈ হঠাৎ নামি আহিছিল এই পৰিৱৰ্তন।

বিশিষ্ট সাহিত্যিক অতলানন্দ গোস্বামীৰ ব্যক্তিগত পুঁথিভঁৰাল…

১৯৩৫ চনত জন্ম হৈছিল এইগৰাকী বিশিষ্ট কথাশিল্পীৰ। এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰে নাট্য ৰূপ। ১৯৮৯ চনত প্ৰকাশ পাইছিল এইখন জনপ্ৰিয় উপন্যাস।

অতুলানন্দ গোস্বামীৰ ‘নামঘৰীয়া’…

অতুলানন্দ গোস্বামী আছিল অসমীয়া সাহিত্য জগতৰ এগৰাকী বলিষ্ঠ গল্পকাৰ, ঔপন্যাসিক আৰু বিশিষ্ট অনুবাদক। ‘হামদৈ পুলৰ জোন’, ‘চেনেহেৰ জৰীৰ গাঁথি’, ‘ৰাজপথ’, ককাইদেউ  আদি গ্ৰন্থৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল তেওঁ। লিখিছিল মননশীল বহু গল্প।

অতুলানন্দ গোস্বামীয়ে লেখা-মেলা কৰা টেবুলখন…

মহানগৰীৰ জু-ৰোডৰ হাতীগড় চাৰিআলিৰ ‘আধাৰ’লৈ এসময়ত বহু বিশিষ্ট লোকৰ আহ-যাহ হৈছিল। ক’লা গেটখনেৰে সোমায়ে এটা দীঘল পদূলি। পদূলিটোৰ মূৰত থকা ঘৰটোত জিলিকি থাকে সেই ফলক, য’ত লিখা আছে- অতুলানন্দ গোস্বামী।কিন্তু অসুস্থ হৈ ঘৰতে সোমাই থকাৰ সময়ত তেওঁ একপ্ৰকাৰৰ নিসংগ হৈ পৰিছিল। আড্ডাবাজ মানুহজনৰ বাবে সেই সময় আছিল অতি কঠিন।

তেওঁৰ বাসগৃহৰ নাম ‘আধাৰ’…

পৰিয়ালৰ লোকে তেওঁক বৰ যতনেৰে ৰাখিছিল। তেওঁ আছিল অতি চৌখিন। মুখত অনবৰতে লাগি থাকে এটা মিঠা হাঁহি। তেওঁক দেখিলেই অনুমান কৰিব পাৰি তেওঁ যে এজন স্থিত প্ৰজ্ঞ।

এখন সম্বৰ্ধনা অনুষ্ঠানত অতুলানন্দ গোস্বামী…

২০১৯ চনৰ কথা। তেওঁৰ খবৰ ল’বলৈ গৈ উপস্থিত হৈছিলো আধাৰত। পৰিয়ালৰ এজন লোকে  আমাক লৈ গৈছিল তেখেতৰ কোঠালৈ। বিচনা এখনত তেওঁ দীঘল দি পৰি আছিল। সাধাৰণতে তেওঁ মানুহক সাক্ষাৎ নকৰে তেতিয়া। পৰিয়ালৰ লোকে তেওঁক কিমান যত্নৰে ৰাখিছে সেই কথা কোঠাটোলৈ সোমাই অনুভৱ কৰিছিলো। মিঠা হাঁহি এটাৰে তেওঁ স্বাগতম জনাইছিল। ‘ছাৰ’ বুলি মাতোতে হাতখন খামুচি ধৰি কৈছিল – ‘বৰ ভাল লাগিল। মোৰ যে খবৰ ল’বলৈ তুমি আহিলা।’

তেওঁৰ লিখাৰ কথা উলিয়াইছিলো। ১৯৬৪চনত প্ৰকাশ পোৱা ‘’হামদৈ পুলৰ জোনৰ’’ পৰা আৰম্ভ কৰি ১৯৯৪চনত প্ৰকাশ পোৱা ইংৰাজী গল্প সংকলন ‘’নিগ্ৰো কাপল ইন ছাৰ্চ অৱ শিৱ’’লৈকে। কথাবোৰ তেওঁ পাহৰিছিল। কিছু কথা মনত পেলাই দিছিলো। মনোজ কুমাৰ ডেকাই বীনাপাণি প্ৰকাশনৰ জৰিয়তে তেওঁৰ এখন গল্পসংকলন প্ৰকাশ কৰিছিল। নাম আছিল ‘বৈভৱ বিলাপ’। সেই সময়ত তেখেত প্ৰায় মনোজৰ ছপাশাললৈ আহিছিল। তেতিয়াই তেওঁৰ সৈতে সশ্ৰদ্ধ সম্পৰ্ক এটা গঢ় লৈ উঠিছিল।

অতুলানন্দ গোস্বামীৰ ‘ৰচনা সমগ্ৰ’…

সেই কথাবোৰ তেওঁৰ মনত পৰিছিল তেতিয়া। হাঁহিমুখে তেওঁ দুষাৰমান কথা পাতিছিল। কৈছিল কলম তেওঁ যোৱা ৫ বছৰে হাতত তুলিয়েই লোৱা নাই।সেয়া ২০১৯ চনৰেই কথা। ‘নামঘৰীয়া’ উপন্যাসৰ বাবে তেখেতে অম্বিকাগিৰি ৰায় চৌধুৰী বঁটা, ‘বলিয়া হাতী’ নামৰ গল্পৰ বাবে ১৯৯২চনত কথা বঁটা লাভ কৰিছিল।

ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ সৈতে অতুলানন্দ গোস্বামী…

‘চেনেহ জৰীৰ গাঁথি’ নামৰ গ্ৰন্থখনৰ বাবে ২০০৬চনত তেওঁ লাভ কৰিছিল সাহিত্য অকাডেমী বঁটা। ২০১৩চনত তেখেতলৈ যচা হৈছিল অসম উপত্যকা সন্মান। ‘পলাতক’ নামৰ গ্ৰন্থখন তেওঁৰ প্ৰকাশ হৈছিল ১৯৮৩চনত। তাৰপাছত ১৯৯৩চনত প্ৰকাশ হৈছিল ‘আশ্ৰয়’।

 ‘ককাইদেউ’ নামৰ উপন্যাসখন তেওঁৰ ২০০৯চনত প্ৰকাশ পাইছিল। ২০১২চনত পি জি ইণ্ডিয়াই প্ৰকাশ কৰিছিল তেওঁৰ আন এখন উপন্যাস ‘অৰ্কিড’। অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক আছিল তেওঁ। কেইবাখনো গ্ৰন্থ তেওঁ অনুবাদ কৰিছিল। তাৰ ভিতৰত জেমছ হিল্মৰ ‘গুডবাই মিঃ ছিপছ’, টি এছ পিল্লাইৰ ‘পিতা-পুত্ৰ’, প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰৰ ‘শ্বেতপম্মা আৰু বনহংসী’, ‘একৈশটা বাংলা গল্প’, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ অন্যতম।

 ‘‘ককিলা আধাৰ সত্ৰ’- মই ওপজা সত্ৰখনৰ নাম। নামৰ ককিলা আচলতে এখন নদীৰ নাম। সৰু নৈ। কিন্তু ভৰা নৈ। পঞ্চাশৰ বৰভূঁইকপৰ দিনলৈকে পানী ফটফটীয়া, নিবিকাৰভাৱে বাতিয়ে-গিলাচে লৈ খাব পৰাকৈ নিৰ্মল। মাছ পোৱা গৈছিল বহুত খৰালীত নৈৰ কাষে কাষে ভেটা দি একোটা পুখুৰী পতা হৈছিল। তাত জেং দি থোৱা হয়। মাছ জিৰায়। পুখুৰীৰ গৰাকীয়ে সিঁচি নধৰালৈকে।

আমাৰ ঘৰ আৰু বিশাল বাৰীখন নৈৰ কেঁকুৰী এটাত পৰে। সৰুতে শুনিছিলো, চৰকাৰে বন্ধোৱা বাটটো, আচলতে মথাউৰিহে, বোলে নৈৰ পাৰে পাৰে লৈ যোৱাৰ কথা আছিল। আমাৰ কোনোবা এজন ককাই ক’লে, কেঁকুৰীদি নিনি পোনাই লৈ গ’লে খৰচ কমিব। আমিও নৈৰ ফালে থাকি গ’লে মাছ পুঠিৰ কথা এৰিলেও, বাহিৰ কৰিবলৈ যোৱা সহজ হ’ব। কামটো সহজে হৈ গ’ল। আৰু আমাৰ ঘৰ বছৰি বাৰিষা হ’লেই ৪-৫ দিনলৈ ব্ৰহ্মপুত্ৰৰ পৰা ওভতি যোৱা পানীয়ে বুৰাই থোৱা হ’ল। মোৰ মনত পৰে, চৰাগড়ৰ ভিতৰলৈ নাও সোমাই নিচিলো ভাই এটাৰে লগ লাগি তেনেকুৱা একো দিনা।

আমাৰ সত্ৰলৈ যোৰহাটৰ পৰা ১০ কিঃমিঃ মান হ’ব দূৰ। নিমাতীলৈ যোৱা বাটেৰে গৈ গোধা দলং পালেই পূব ফালে লাখৈগুৰলৈ যোৱা বাটটো পায়। সেইফালে ১ কিঃমিঃ মান গ’লেই পাইগৈ ৰংদৈ চাৰিআলি। তাৰপৰা আকৌ উত্তৰে আধা কিঃমিঃ গ’লেই আমাৰ ঘৰ।’’- এনেদৰে কয় তেওঁ শৈশৱৰ কথা।এয়া তেওঁৰ নিজৰ ভাষা।

তেওঁ পঢ়া বিদ্যালয়খনৰ নাম আছিল ১ নং ককিলা কুমাৰ প্ৰাথমিক বিদ্যালয়। ১৮৬৫ চনত স্থাপন কৰা অবিভক্ত শিৱসাগৰ জিলাৰ এইখন আছিল প্ৰথমখন প্ৰাথমিক বিদ্যালয়। তেওঁৰ জন্ম হোৱা গাঁৱখনৰ নাম আছিল ৰংদৈ ভগনীয়া গাঁও। তেওঁৰ সৃষ্টি বহু উৎস আছিল ঘৰৰ কাষেৰে বৈ যোৱা ৰংদৈ আৰু মৰিককিলা নৈ।

তেওঁ অধ্যয়ন কৰা প্ৰাথমিক বিদ্যালয়ৰ ফটো

ৰংদৈ নৈ খন আহোম ৰাজত্ব কালৰ স্মৃতি বিজৰিত। আহোম আৰু মানৰ শেষৰ ৰণৰ সৈতে এই নৈৰ সম্পৰ্ক আছিল। ককিলাৰ ৰাস মন্দিৰতো তেওঁৰ বৰ প্ৰিয় আছিল। বছৰি এবাৰ ৰাসত তেওঁ এই মন্দিৰটোলৈ গৈছিল।

জীৱনৰ লেচেৰি বুটলিছিল এনেকৈয়ে তেওঁ। কথাবোৰ কৈ যাঁওতেই ছবি এখন ভাঁহি আহিছিল। গল্প-উপন্যাসতো একেই। কলেজীয়া দিনতেই তেওঁ ৰামধেনুৰ পাতত গল্প লিখিছিল। ৫ দশকজুৰি লিখিছিল গল্প-উপন্যাস। সংযত আৰু সহজ-সৰল বৰ্ণনা। অনাড়ম্ব ভাষাৰে কোনো এক চৰিত্ৰক মনোগ্ৰাহী ৰূপত তুলি ধৰিব পাৰে।

তেখেতৰ প্ৰথমখন উপন্যাস ‘নামঘৰীয়া’ আছিল অনন্য। নামঘৰীয়াৰ চৰিত্ৰৰ মাজেৰে মিশ্ৰিত অনুভতিৰে দোলা দি যোৱা সেই পৰিচিত চৰিত্ৰক তেওঁ শক্তিশালী ৰূপত তুলি ধৰিছিল। এদিন বন্তি শেনচোৱাই তেওঁৰ এক সাক্ষাৎকাৰ লৈছিল। সেই সাক্ষাৎকাৰ আছিল তেখেতৰ এটা উল্লেখযোগ্য সাক্ষাৎকাৰ।

বন্তি শেনচোৱাই সুধিছিল- ‘কোনো ধৰণৰ মেৰপেচ নাই, আধুনিক পৰীক্ষা নিৰীক্ষাৰ সচেষ্ট প্ৰয়াসো নাই, নাছিল নিশ্চয়, অথচ ‘হামদৈ পুলৰ জোন’ৰ মনগ্ৰহণত সোমাই বিমুগ্ধ হৈ থাকিব পাৰি। ইয়াৰ অন্তৰাল কি?’ বিশিষ্ট সাহিত্যিক গৰাকীয়ে সেই প্ৰশ্নৰ উত্তৰত কৈছিল- ‘পাঠকেহে জানিব, মোৰ কাৰণে কোৱা সম্ভৱ নহ’ব।’

এয়াই আছিল তেওঁৰ সৰলতা। তেওঁৰ বিখ্যাত গল্পবোৰ যিসকলে পঢ়িছে, সেইসকলেহে তেওঁৰ ভাষাৰ লালিত্য আৰু পঢ়াৰ আমেজ অনুভৱ কৰিব পাৰে। বেছি সময় তেওঁৰ কাষত থকা হোৱা নাছিল সেইদিনা। তেওঁ কৈছিল- মই অলপ অলপকৈ খোজ কাঢ়িব পাৰো।  সেই প্ৰাণখোলা হাঁহিটো মাৰিছিল।

এইগৰাকী বিশিষ্ট সাহিত্যিকে এদিন অসমীয়া মাধ্যমৰ বিদ্যালয় শংকৰদেৱ শিশু নিকেতনৰ বাবেও যথেষ্টখিনি কৰিছিল। এই সানিধ্ব্যই তেওঁক বহু কথা মনত পেলাই দিছিল। আহিবৰ সময়ত তেওঁ কৈছিল- তোমাৰ এই কথাখিনি মোৰ বাবে টনিক হ’ল।

বয়সৰ বাবে শাৰীৰিক অসুস্থতাৰ হেতু তেওঁ বহুদিন কলম তুলি ল’ব নোৱাৰিছিল। কিন্তু যিখিনি সৃষ্টি কৰি থৈ গৈছে সেয়াই অমূল্য। তেওঁৰ গল্পৰ মনোগ্ৰাহী চৰিত্ৰবোৰে সদায় ক’ব তেওঁৰ কথা। আৰু ‘নামঘৰীয়া’ অসমীয়া সাহিত্যৰ বাবে আছিল এক কালজয়ী সৃষ্টি। এই জন বিশিষ্ট সাহিত্যিকৰ মহাপ্ৰস্থানত অসমীয়া সাহিত্য জগতৰ কিমান ক্ষতি হ’ব পাৰে সেয়া কল্পনাৰো অধিক।

কিন্তু ৰজাঘৰে তেওঁক শেষ বিদায় দিয়তো কৃপনালী কৰিলে। মৃত্যুৰ পাছত একোৱেই নাথাকে। যিমান সন্মান দিলেও অৰ্থহীন। কিন্তু চৰকাৰী নিয়ম অনুসৰি তেওঁৰ অন্তোষ্টিক্ৰিয়া ৰাজ্যিক মৰ্যদাৰে সম্পূৰ্ণ হোৱা হ’লে অসুবিধা আছিল ক’ত? সেই প্ৰশ্নৰ উত্তৰ বা দিব কোনে?


আৰু পঢ়ক: যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক অর্জন ঘিলামৰাৰ ইন্দিবৰৰ