নিৰ্বাচন শেষ, কোৰোনাৰ প্ৰৱেশ…

নিৰ্বাচন শেষ, কোৰোনাৰ প্ৰৱেশ…

ডিম্পুল বৰগোহাঁই

এই চেইন কিজানি নিছিঙিবই। কিহৰ চেইনৰ কথা কৈছো, ভাৱি আপুনিও ছাগে বিবুধিত পৰিছে। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কোৰোনা আৱিৰ্ভাৱ হোৱা এই চেইন ডালৰ কথাই কৈছো। আজি প্ৰায় ৩বছৰ এই চেইনডালৰ যেন আদি নাই, অন্ত নাই। নিৰ্বাচন শেষ হোৱাৰ লগে লগে কোৰোনাৰ বৰ্দ্ধিত সংখ্যাই আকৌ খেলি-মেলি কৰে সাধাৰণ জনতাৰ জীৱনৰ অংক। বহুসময়ত এই ঘটনা প্ৰৱাহ ৰাজনৈতিক চত্ৰচায়াতে হয় বুলি অভিযোগ উত্থাপিত হৈ আহিছে যদিও এইবাৰ কিন্তু মুঠেও তেনে হোৱা নাই।

কোৰোনা যত উদ্ভৱ হৈছিল, তাতেই আকৌ আৱিভাৰ্ৱ হৈছে কোৰোনাৰ নতুন ৰূপ। চীনত পুনৰ ভয়াৱহভাৱে বৃদ্ধি পাইছে কোৰোনাৰ এই নতুন ভেৰিয়েন্ট। জানি আচৰিত হব যে, ইতিমধ্যে চীনৰ এটা বিশাল এলেকাত জাৰি কৰা হৈছে লকডাউন। কেৱল এয়াই নহয়, আৰম্ভ হৈছে ৱক ফৰ্ম হোম আৰু জাৰি কৰা হৈছে জৰুৰীকালীন কামৰ বাহিৰে বাহিৰলৈ ওলাব নোৱাৰাৰ নিৰ্দেশনা। এই বাতৰি প্ৰকাশ পোৱাৰ পাছতে এতিয়া সমগ্ৰ বিশ্ব চিন্তিত।

ভাৰতৰ ৫ৰাজ্যৰ নিৰ্বাচনী ফলাফল ওলাল। এতিয়া এই ৫খন দেশৰ মুখ্যমন্ত্ৰীসকলে শপতগ্ৰহণ কৰি নতুন মন্ত্ৰীসভা গঠনৰ পাল। কিন্তু এটা কথা এইখিনিতে সকলোৱে লক্ষ্য কৰিছে যে, কেৱল ভাৰতৰ বিভিন্ন নিৰ্বাচন পাৰ হোৱাৰ পাছতে এনেদৰে কিয় সক্ৰিয় হয় কোৰোনা। অৱশ্যে ভাৰতৰ নিৰ্বাচনৰ সৈতে চীনত এইবাৰ কোৰোনা পুনৰ সক্ৰিয় হোৱা ঘটনা কোনো সম্পৰ্ক নাই যদিও ভাৰতৰ ৰাজনীতিৰ সৈতে কোৰোনা যে কিবা এটা সম্পৰ্ক আছে, পূৰ্বৰ পৰিস্থিতিবোৰে তাকেই কয়।

কিছুদিনৰ আগতে যেতিয়া কেইবাখনো ৰাজ্যৰ নিৰ্বাচন তথা অসমতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল সেই সময়ত কোৰোনাক লৈ যথেষ্ট ৰাজনীতি কৰা হৈছিল বুলি তীব্ৰ বাক-বিতণ্ডা হৈছিল। আজিৰ দিনটো এই বিৰ্তক ৰাজনীতিবিদ আৰু শিল্পীসকলৰ মাজত অব্যাহত আছে। অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই ব্যাপকভাৱে বৃদ্ধি পাইছিল কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। কিন্তু নিৰ্বাচনৰ আগমূৰ্হুতলৈকে তেনে কোনো সম্ভাৱনাৰ কথা নস্যাত কৰিছিল সেইসময়ৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

নিৰ্বাচনৰ পাছতে কোৰোনা সক্ৰিয় হোৱা এনে বহু উদাহৰণ উল্লেখ কৰিব পাৰি। কিন্তু আচঁল কথাটো হল কোৰোনাক লৈ ৰাজনীতি এটা পৰ্যায়লৈকে যদিও কৰা হৈছিল তথাপিও কোৰোনাৰ বিধ্বংসী ৰূপৰ কথাও কোনেও পাহৰিব নোৱাৰে। ক'ত আপোনজন নিমিষতে হেৰাই গ'ল সেই বেদনা হয়তো সকলোৱে নুবুজিব, কিন্তু সৰহভাগ লোকেই সেই বেদনা উপলদ্ধি কৰি মনত ভয়-শংকা আছে বাবেই কোৰোনাৰ সেই বিধ্বংসী ৰূপটোৰ পৰা ওলাই আহি আজি এই পৰ্যায়ত উপনীত হৈছেহি।

এতিয়া পুনৰ আহিছো চীনত নতুনকৈ আৰম্ভ হোৱা কোৰোনা প্ৰকোপৰ প্ৰসংগলৈ। কোৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখিয়েই চীনৰ চাংগচুনৰ উত্তৰ-পূৱ উদ্যোগিক কেন্দ্ৰত লকডাউন ঘোষণা কৰা হৈছে। এই চহৰ খনত প্ৰায় ৯ লাখ লোক আছে। শুকুৰবাৰে জাৰি কৰা তথ্য অনুসৰি এই চহৰত লকডাউন ঘোষণা কৰা হৈছে, আৰম্ভ হৈছে ৱাৰ্ক ফৰ্ম হোম। শুকুৰবাৰে প্ৰায় ১,৩৬৯ জনকৈ লোক আক্ৰান্ত হয় কোৰোনাত।

নিৰ্দেশনা অনুসৰি এই চহৰখনত বন্ধ থাকিব স্কুল-কলেজ। তাৰ সলনি পুনৰ আৰম্ভ হ'ব অনলাইন পাঠ্যক্ৰম। অন্যহাতে কোনো জৰুৰীকালীন কামৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা বাহিৰ ওলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশনা অনুসৰি এই চহৰ খনত বন্ধ থাকিব সকলো ধৰণৰ ব্যৱসায়। কেৱল অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানহে থাকিব খোলা। লগতে বন্ধ কৰি দিয়া হৈছে যাতায়ত ব্যৱস্থাও। লগতে বাধ্যতামূলক কৰিছে কোৰোনাৰ পৰীক্ষা।

এইখিনিতে বৰ্তমান সময়ত ভাৰতবৰ্ষত ক্ৰমান্বয়ে কমি আহিছে কোৰোনাৰ ত্ৰাস। ইতিমধ্যে ৰাজ্যসমূহতো আঁতৰ কৰা হৈছে বিভিন্ন নিষেধাজ্ঞা। এই ক্ষেত্ৰত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইট কৰি জনাই যে বৰ্তমান শেষ হৈছে কোৰোনাৰ ত্ৰাস। যোৱা বৃহস্পতিবাৰে কেশৱ মহন্তই কোৰোনাক লৈ কৰা টুইটটোত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা আছিল শূণ্য। ঠিক তেনেদৰে শুকুৰবাৰৰ দিনটোত ৰাজ্যত কোৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা শূণ্য। এয়া নিশ্চিত ভাৱে সুখবৰ অসমবাসীৰ বাবে।

যদিও কোৰোনা আজি শেষ হৈছে বুলি ভৱা হৈছে, তথাপি আমি মনত ৰাখিব লাগিব যে, কোৰোনা ইমান সোনকালে নিঃশেষ হোৱা ভাইৰাছ নহয়। সকলো সাৱধান হৈ থকা ভাল। অধিক অসাৱধানতাই পুনৰ কোৰোনাক সেই বিধ্বংসী ৰূপলৈ পৰ্যবেক্ষিত কৰিব পাৰে, যেনেকৈ চীনত শেষ হৈও পুনৰ উদ্ভৱ হৈছে কোৰোনাৰ নতুন নতুন ভেৰিয়েন্ট। সাৱধানীৰ মৰণ নাই, চীনৰ দৰে দেশত যদি কোৰোনাই পুনৰ তাণ্ডৱ চলাই পৰিস্থিতি লকডাউনৰ লৈকে নিব পাৰে, তেনেহলে ভাৰততো যে চতুৰ্থ লহৰ নাহিব, তাৰ কি মানে আছে…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in