কৰ্তব্যই ল’লে প্ৰাণ, পাহৰিব নোৱাৰা বেদনাত আৱদ্ধ দুই পৰিয়াল…

কৰ্তব্যই ল’লে প্ৰাণ, পাহৰিব নোৱাৰা বেদনাত আৱদ্ধ দুই পৰিয়াল…

 বৰষা শৰ্মা

''ৰাজপথৰ দুই ফালত বেৰিকেড, তাৰেই ওচৰত আছে কেইগৰাকীমান আৰক্ষী বিষয়া। সেই সময়তে সেই ঠাইত আহি ৰৈছে এখন বাহন আৰু বেৰকেড পাৰ হৈ যোৱাৰ নামত এগৰাকী আৰক্ষী বিষয়াই লাহেকৈ হাত মেলিছে বাহন চালকক লক্ষ্য কৰি। তেতিয়াই বাহন চালকে উলিয়াই দিছে কেইটামান টকা'' এগৰাকী আৰক্ষী বিষয়া বুলি ক'লে এজন সাধাৰণ  নাগৰিকৰ মনত অহা এখন অতি চিনাকী ছবি এয়া।

 সাধাৰণ মানুহৰ মনত এনে ধৰণৰ ছবি বহু লুকাই থাকে। এটা গোচৰৰ নিষ্পত্তিৰ নামক জনতাৰ পৰা ধন সৰকোৱা, বা কোনো প্ৰভাৱশালী ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা নোলোৱা, এক প্ৰকাৰ নিষ্ঠুৰ কাম্য কৰে একাংশই আৰক্ষী  সকলক। কিন্তু এই প্ৰতিচ্ছবি সকলোৰে বাবে কাম্য নহয়। সকলোৰে বাবে প্ৰযোজ্য নহয়। একাংশ আৰক্ষীৰ প্ৰতি এতিয়াও আছে মানুহৰ আন্তৰিক শ্ৰদ্ধা, বিশ্বাস। সেইবাবে হয়তো আজি এগৰাকী আৰক্ষী বিষয়া আৰু কনিষ্টবলৰ মৃত্যুৱে কন্দুৱাইছে সমগ্ৰ ৰাজ্যক। আজিও একাংশ এনে আৰক্ষী বিষয়া আছে যাৰ বাবে শ্ৰদ্ধাত মুৰ দো খাই জনতাৰ।

১৯ জুনৰ নিশা প্ৰায় ১.৩০ মান বজাত নগাঁৱত কপিলী নদীৰ প্ৰৱল সোঁতত উটি যায় আৰক্ষী কনিষ্টবল ৰাজীৱ বৰদলৈ। উটি যোৱা ৰাজীৱক উদ্ধাৰৰ বাবে হাত আগবঢ়াই দিওতে উটি যায় আন এগৰাকী আৰক্ষী বিষয়া সমুজ্জ্বল কাকতি। কপিলীয়ে কালৰূপ ধাৰণ কৰি থকাৰ সময়তে এটা গোচৰৰ তদন্ত কৰিবলৈ গৈছিল আৰক্ষী বিষয়া কেইগৰাকী।

কিন্তু নিষ্ঠুৰ নিয়তিয়ে ধূলিসাৎ কৰিলে সকলো আৰু পানীৰ প্ৰৱল সোঁতত প্ৰাণ হেৰুৱালে দুই আৰক্ষী বিষয়াই। ২০ জুনৰ দিনা উদ্ধাৰ হয় দুই আৰক্ষীৰ মৃতদেহ।

গতিকে ধনৰ আশা সকলো আৰক্ষী থকা বুলি ভৱাটো ভুল ।কিয়নো নিশা ১ বজাত কেৱল দায়িত্ব পালনৰ বাবেই গৈছিল ৰাজীৱ আৰু সমুজ্জ্বল। সেই কৰ্তব্যতে চিৰদিনৰ বাবে গুচি গ'ল দুই সুঠাম ডেকা।

জানিব পৰা মতে কনিষ্টবল ৰাজীৱৰ আছে দুটিকৈ সন্তান। আনহাতে ৰাজীৱৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰা পত্নীক ভৰ্তি কৰোৱা হৈছে হস্পাতালত। হয়তো কেতিয়াও পাহৰিব নোৱাৰা এক বেদনাত আৱদ্ধ হৈ গ'ল পৰিয়ালটো।

পৃথক নহয় সমুজ্জ্বল কাকতিৰ ঘৰৰ অৱস্থাও। সমুজ্জ্বলৰ আছে পিতৃ-মাতৃ আৰু এজন ভাতৃ। সমুজ্জ্বল কাকতিৰ মৃত্যুৱে জোকাৰি গৈছে পৰিয়ালসহ অঞ্চলবাসীক।

২০১৭ চনত অসম আৰক্ষীত যোগদান কৰা সমুজ্জ্বলৰ ঘৰত চলি আছে বিয়াৰ যো-যা। সমুজ্জ্বলৰ বাবে ছোৱালী চাই আছিল পিতৃ-মাতৃয়ে। কিন্তু বিয়া পাতি সংসাৰ এখন গঢ়ি লোৱাৰ সপোন পূৰণ নহ'ল সমুজ্জ্বলৰ। সেই সকলো সপোনা কপিলীয়ে লৈ গ'ল নিজৰ লগত। এক ব'ব নোৱাৰা দুখৰ বোজাত হাউলি পৰিছে দুয়োটি পৰিয়াল।

এই দুই গৰাকী নিষ্ঠাবান, দায়িত্বশীল আৰক্ষী বিষয়াৰ কৰ্মৰাজিয়ে ৰাইজৰ আগত আন এখন ছবি আকি গ'ল আৰক্ষীৰ হৈ। আজি সকলোৰে অন্তৰ মৰহি গৈছে। ৰাতিৰ অন্ধকাৰ, বানক কাটি কৰি আৰক্ষী বিষয়া দুগৰাকীয়ে নিজৰ কৰ্তব্যনিষ্ঠা আৰু সততাৰ যি পৰিচয় দিলে সেয়া অতুলনীয়।

কিন্তু একাংশ আৰক্ষী বিষয়াৰ কৰ্মকাণ্ড আমি নুই কৰিব নোৱাৰো। নিশা প্ৰায় ১.৩০-২ বজাত পানীত উটি গৈছিল দুই আৰক্ষী বিষয়া। কিন্তু আজি পুৱাহে আৰক্ষী বিষয়া গৰাকীৰ পৰিয়ালে গ'ম পাই এই কথা। কিন্তু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ কৰ্তব্য আছিল ঘটনা সন্দৰ্ভত পূৰ্বেই অবগত কৰোৱাটো।

তলতীয়া বিষয়াৰ প্ৰতি যদি এনে মনোভাৱ পোষণ কৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই তেন্তে সাধাৰণ মানুহৰ আৰক্ষীৰ প্ৰতি থকা ঘৃণা কেনেকৈ দুৰ হ'ব?

মানুহে আৰক্ষীক এসময়ত অভিভাৱক হিচাপে গণ্য কৰিছিল। তাৰপাছতেই এটা এনে সময় আহিছিল যে আৰক্ষীক ডকাইতৰ এটা অংশ বুলি ভাৱিবলৈ বাধ্য হ'ল।

কিন্তু ইয়াৰ মাজতে একাংশ আৰক্ষীয়ে ৰাইজৰ লগত ভাল সম্পৰ্ক বৰ্তাই ৰাখিবলৈ চেষ্টা নকৰা নহয়। ড্ৰাগছ বিৰোধী অভিযানত বহু মাতৃয়ে নিজৰ সন্তানটি ড্ৰাগছৰ পৰা মৃত্যু হ'ব বুলি আশীৰ্বাদ দিছিল। সমাজৰ হকে কাম কৰি গৈছে একাংশই।

গতিকে দায়িত্বশীল আৰক্ষী বিষয়াক সন্মান জনোৱা আৰু অপৰাধীৰ লগত মিতিৰালি কৰা জনক শাস্তি দিয়া দুইটা যদি সমানে নচলে তেনেহ'লে মানুহৰ আস্থা আৰক্ষীৰ ওপৰত বাঢ়িব নোৱাৰে।

জনতাৰ মাজত আৰক্ষীৰ বিশ্বাস ঘূৰাই আনিবলৈ একাংশ উচ্চ পদস্থ বিষয়াই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নাযায়। যাৰ বাবে বহু সময়ত ৰাইজৰ ৰোষৰো বলি হ'ব লগীয়া হয় আৰক্ষী বিষয়া।অৱশ্যে ইয়াৰ মাজতে বহু প্ৰচেষ্টা লোৱা হৈছে তথাপিও সফল হোৱা নাই।

গতিকে কেৱল মাত্ৰ কেই গৰাকী মান আৰক্ষী বিষয়াক কেন্দ্ৰ কৰিয়েই আমি সকলোকে বিচাৰ কৰিব নোৱাৰো। এতিয়াও বহু ৰাজীৱ আৰু সমুজ্জ্বল আছে যিয়ে নিজৰ জীৱনৰ আগত কৰ্তব্য ৰাখে। হয়তো আৰক্ষীৰ  উচ্চ পদস্থ বিষয়া সকলে কমিটি গঠন কৰি আৰক্ষী- জনতাৰ ভাল সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰাতকৈ আন দিশত বেছি গুৰুত্ব দিব লাগে যাতে জনতাৰ হৃদয়ত স্থান পাই আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in