অৰ্থক সদায় অনৰ্থ বুলিহে গণ্য কৰা হয়। পিচে আমি সকলোৱে অৰ্থৰ বাবেই দৌৰি ফুৰো! অৰ্থক অনৰ্থক বুলি ভাবি ল'ব পৰা হ'লে বহু অথন্তৰ নালাগিলহেঁতেন। তেলৰ দাম বৃদ্ধিৰ বিপৰীতে টকাৰ মূল্য কমিবলৈ ধৰাৰ সময়ত অৰ্থ-অনৰ্থৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। ২০১৩ চনৰ পিচত চলিত বৰ্ষত টকাৰ ভয়ংকৰ অৱনমন পৰিলক্ষিত হৈছে।
একবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ বিশ্বৰ ঘটনাপ্ৰবাহৰ ওপৰত দৃষ্টিপাত কৰিলে দুটা বিশেষ জাকোৰণিৰ কথা মনলৈ আহে। প্ৰথমটো হ'ল ২০০১চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকাত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু দ্বিতীয়টো হ'ল গোলকীয় বিত্ত মহামন্দা। ১০ বছৰ পূৰ্বে বিশ্বজুৰি যি বিত্ত সংকট হৈছিল, তাৰ পৰা আজিও মুক্ত হোৱা নাই। ১৯৭০চনৰ পৰা ২০০৭চনলৈ বিশ্বত ১২৪টা বেংকক দেউলীয়া ঘোষণা কৰা হৈছিল।
আমেৰিকাত লেহমান ব্ৰাদাৰ্ছৰ বিপৰ্যয়ৰ কথা কোনে নাজানে! ইউৰোপতো আজি ১০ বছৰে আৰ্থিকভাৱে মূৰ দাঙি উঠিব পৰা পৰিৱেশ সৃষ্টি হোৱা নাই। সমাজখনত অৰ্থক লৈয়েই সকলো গণ্ডগোল। কিমানে দেশৰ টকা আত্মসাৎ কৰি বিদেশত জমা কৰিছে, কিমান দেশৰ টকা হজম কৰি বিদেশলৈ পলায়ন কৰিছে, তাৰ হিচাপবোৰ এতিয়াহে ওলাবলৈ ধৰিছে। ৰন্ধন গেছ, পেট্ৰ'ল- ডিজেলৰ দাম বৃদ্ধি পাইছে।
সেইবুলি গাড়ী নিকিনাকৈ কোনো থকা নাই। ৰন্ধন গেছৰ দাম বাঢ়িব বুলি কোনেও নোখোৱাকৈতো থকা নাই। পৰিৱেশে মানুহক জীয়াই থাকিবলৈ শিকায়। যিসকলে নিশিকে বা শিকিব নোখোজে তেওঁলোকক মন্দা বা দুমূৰ্ল্যৰ দিনতো জীয়াই থকাৰ মন্ত্ৰ শিকায় একাংশ ৰাজনীতিকে। জাৰ্মান কবি-নাট্যকৰা ব্ৰেখটে উদ্ভাৱন কৰিছিল ব্ৰেখটিয়ান তত্ত্ব। এই তত্ত্বৰ অধীনত দৰ্শকৰ মনোজগতত নাটকীয় আৱেগত গুৰুত্ব দিয়া নহয়, বৰঞ্চ দৰ্শকৰ ওপৰত একোটা বিষয় জাপি দি বাস্তৱতালৈ দৰ্শকৰ মন ঘূৰাই অনা হয়।
সমাজখনত যেতিয়াই অৰ্থ সংকট হয়, তেতিয়াই ব্ৰেখটিয়ান ৰজাঘৰৰ চিপাহী-চন্তৰীসকলেও আৱেগ বাদ দি নিজৰ একোটা ধাৰণা-নীতি ৰাইজৰ ওপৰত জাপি দিয়ে। ৰাজস্থানৰ ৰাজকুমাৰ ৰিনৱা নামৰ মন্ত্ৰীজনৰ কথাই ক'ব পাৰি। ৰিনৱাই কৈছে যে পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি পোৱা হেতুকে ৰাইজে অন্যান্য খৰচবোৰ কমাব লাগিব। ৰাইজৰ আৱেগ ইয়াত গুৰুত্বহীন।
ৰিনৱাৰ যুক্তি অৰ্থ-অনৰ্থৰ মাজত। ভাৰতত যদি কোনেও একো নিকিনে, অৰ্থনীতিত ৰাষ্ট্ৰৰ বিকাশ হ'ব কেনেকৈ? মন্ত্ৰী ৰিনৱাই সেই কথা বুজা নাই। অৰ্থক অনৰ্থক বুলি নভবা বাবেহে এই সমস্যা। অন্যথা বিশ্বই বিত্ত মহামন্দাৰ পৰা শিকনি ল'লেহেঁতেন।
কেৰাচিন সাধু
সুলভ মূল্যৰ নীলা কেৰাচিনৰ যোগান বন্ধ হ'ব অসমত । ইয়াৰ পিচত কোনেও এইটো বাতৰি লিখিব নোৱাৰিব- কেৰাচিনৰ চাকৰি পোহৰত পঢ়ি অমুক অঞ্চলৰ নাম উজ্বলালে তমুকে। কেৰাচিন দৰিদ্ৰ মানুহৰ ইন্ধন। আজি যিসকল মানুহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ জৰিয়তে ভাত ৰন্ধাৰ সুবিধা পাইছে, তেওঁলোকৰ পূৰ্বজসকলেও কেৰাচিনৰ ষ্ট'ভত খাদ্য প্ৰস্তুত কৰিছিল।
ধনী আৰু দুখীয়া মানুহৰ সভ্যতা আছে বুলি যদি কোনোবাই শ্ৰেণী বিভাজন কৰিব খোজে, তেন্তে তেওঁলোকেও কেৰাচিনৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। অপঘাতী হোৱা মানুহৰ বাবেও কেৰাচিন নহ'লে সৃষ্টি হ'ব সমস্যাৰ। এই যে গাত কেৰাচিন ঢালি আত্মজাহৰ বাতৰিবোৰ, সেইবোৰো নোহোৱা হৈ যাব।
আমেৰিকান লেখিকা ডান্নিকা ডাৰ্কে 'থ্ৰী আৱাৰ্ছ' নামৰ গ্ৰন্থত লিখিছিল কেৰাচিন আৰু জুইৰ মাজত সম্পৰ্ক স্থাপন নোহোৱাৰো কাৰণ আছে। কেৰাচিনৰ ইতিহাস ১৬৪ বছৰ পুৰণি। পাৰ্ছিয়ান পণ্ডিত মহম্মদ ইবন জাকাৰিয়া আল-আজিয়ে পোন প্ৰথমতে কেৰাচিনৰ বিষয়ে উল্লেখ কৰিছিল। ১৮৫৪চনত আব্ৰাহাম জেচনাৰে কেৰাচিনক ট্ৰেডমাৰ্ক প্ৰদান কৰে। আজিৰ বিশ্বত দৈনিক ১.২ নিযুত বেৰেল কেৰাচিন ব্যৱহাৰ হয়।
এক বেৰেলত থাকে ২০৫ লিটাৰ। পিচে কেৰাচিনৰ ইতিহাস কিয়? জুইৰ আৱিষ্কাৰে মানুহক সভ্য কৰিছিল আৰু সেই সভ্য মানৱক ট্ৰেডমাৰ্ক প্ৰদান কৰিছিল কেৰাচিনৰ আৱিষ্কাৰ। ধনাঢ্যৰ ঘৰত ৰন্ধন গেছ, বিদ্যুৎ উভৈনদী। কিন্তু দৰিদ্ৰৰ ঘৰত মাথোন কেৰাচিন সুলভ আছিল। এতিয়া সেই কেৰাচিন বন্ধ কৰি দিলে দৰিদ্ৰৰ ঘৰ অন্ধকাৰত জাহ যাব। এনেও দৰিদ্ৰৰ ঘৰত পোহৰৰ অভাৱ। দৰিদ্ৰৰ নামতে শাসকবৰ্গই কন্দা-কটি কৰি থাকে।
এখন দেশৰ উন্নয়নৰ কাহিনী প্ৰতিজন দৰিদ্ৰৰ উন্নয়নৰ ওপৰতে বৰ্তে। দেশৰ উন্নয়নৰ প্ৰায় সমস্ত ধন দৰিদ্ৰৰ কল্যাণৰ বাবেই ব্যয় কৰা হয় বুলি কয়। স্বাধীনতাৰ ৭২ বছৰে একেখনেই ছবি। তথাপি দৰিদ্ৰৰ সংখ্যা অন্তহীন। এখন চিনেমাৰ নায়ক হাজাৰ কোটি টকা সম্পত্তিৰ গৰাকী। তেওঁ থাকে মুম্বাইত। কিন্তু নিজৰ জন্ম গাঁওখন দত্তক হিচাপে লয় নায়কে। পথ, পানী, স্কুল, হাস্পতাল কি নকৰিলে গাঁওখনত।
কিন্তু বাস্তৱৰ হাজাৰ কোটিটকীয়া ধনকুবেৰে উলিয়ায় জিঅ' ছিম। তেনেকৈয়ো লুটে দৰিদ্ৰৰ ধন। শাসকে শূন্য বেলেন্সত একাউণ্ট খোলাৰ সুবিধা কৰি দিছিল দৰিদ্ৰক।। এতিয়া সেই একাউণ্ট শূন্য কৰিলেই জৰিমনা ভৰিব লাগে। চিনেমা আৰু বাস্তৱৰ পাৰ্থক্য তাতেই। আৰু কেৰাচিনখিনিও সেই চিনেমা আৰু বাস্তৱৰ পৰা দূৰত নহয়।
পেটৰ ভকৰ জুইকুৰা জ্বলে দৰিদ্ৰৰ ঘৰত। সেই জুই কুৰাৰ সৈতে সম্পৰ্ক স্থাপন নহয় কেৰাচিনৰ। সেই অৰ্থতে কথাষাৰ কৈছিল ডান্নিকা ডাৰ্কে। কথাষাৰ কিন্তু আমাৰ শাসকে আজিও নুবুজিলে। যাৰ বাবে তেওঁলোকৰ মনত কেৰাচিন এটা সাধুকথাৰ বাদে একো নহয়।