কাতি বিহু পাতক, কানাডা-আমেৰিকাৰ পৰা চিন্তা ‘তুলসী পুলি’ৰ

কাতি বিহু পাতক, কানাডা-আমেৰিকাৰ পৰা চিন্তা ‘তুলসী পুলি’ৰ

► মৃদুল কুমাৰ সন্দিকৈ

'তুলসীৰ তলে তলে মৃগপহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে'- শৈশৱৰ ভাল লগা দিনৰ স্মৃতি ৰোমন্থন কৰাৰ সুযোগ দিয়ে এই শাৰী কেইটাই। পুৱাৰে পৰাই ব্যস্ততা। চোতালৰ এচুকত থাপনা সাজি তাত তুলসী পুলি এটা ৰুই সন্ধিয়ালৈ আমাৰ সৰু ল'ৰা-ছোৱালীবোৰৰ অপেক্ষা। থাপনাৰ চাৰিটা কোণত চাৰিটা খুঁটি পুতি ফুলেৰে তুলসীৰ তল সজাই তোলা প্ৰতিযোগিতা চলিছিল চুবুৰীটোৰ আন ল'ৰা-ছোৱালীবোৰৰ সৈতে। বাৰীত থকা জবা, পাতবাহাৰ, কদম ফুলৰে সজা মালা আঁৰি দিছিলো তাত।

থাপনাৰ চাৰি চুকত পুতি দিয়া হৈছিল কলপুলি। তাৰপাছত সেই তুলসী পুতি থোৱা স্থান সাৰি-মচি চাফা কৰি সন্ধিয়া হোৱাৰ লগে লগেই আৰম্ভ হৈছিল কাতি বিহুৰ মূল পৰ্ব। ঘৰৰ জ্যেষ্ঠজনে যতাই দিয়া চাকি-বন্তি জ্বলাই ওচৰৰ ল'ৰা-ছোৱালীবোৰৰ সৈতে কাতি বিহুৰ আনন্দত বুৰ গৈছিলো। কঙালী হ'লেও আমাৰ বাবে কাতি বিহু আছিল ভোগালী সদৃশ। পথাৰত আকাশবন্তি জ্বলোৱাৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে গৈ কাতি বিহুৰ এই উদযাপনৰ সৈতে চামিল হোৱা সেই দিনবোৰ এতিয়া নষ্টালজীয়া।

অসমীয়া সমাজত কাতি বিহুৰ এই পৰম্পৰা হঠাৎ এলাগী হৈ পৰিল। কাতি বিহুৰ কথা মানুহে পাহৰিবলৈ ধৰিলে। আনকি অসমৰ জাতীয় উৎসৱ অৰ্থাৎ বিহু তিনিটা বুলিও এদিন চৰকাৰে পাহৰি কাতি বিহু বন্ধ প্ৰত্যাহাৰ কৰিলে। সমাজ জীৱনৰ পৰা এনেদৰেই লাহে লাহে মচ খাই পৰিছিল এই বিহু। বাহিৰৰ আন উৎসৱে আহি আমাৰ মাজত প্ৰসাৰ লাভ কৰিলে। কিন্তু নিজৰ জাতীয় এই বিহুটি অনাদৰ কৰাৰ প্ৰতিযোগিতাত আমি নামি পৰিলো। এক অৰ্থত অসমীয়া সমাজ জীৱনৰ এই পৰম্পৰা ধৰি ৰখাত ব্যৰ্থ হ'লো আমি। এনে মানসিকতাৰ লোকো ওলাল যে, কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰাতো কাৰোবাৰ বাবে ফেশ্বন আৰু আন কাৰোবাৰ বাবে হৈ পৰিল দৰিদ্ৰ লোকৰ এক উৎসৱ।

কাতি বিহুক লৈ এই অনীহা আৰু অৱহেলাৰ মাজতে হঠাৎ আহিল এটা ভাল খবৰ। মহানগৰীত বহুতে কাতি বিহু পাতিব বিচাৰে। তেওঁলোকৰ বাবে ডাঙৰ সমস্যা হয় এটা তুলসী পুলি যোগাৰ কৰাতো। এইবাৰ ১৮ অক্টোবৰত কাতি বিহু। সেই বিহু উদযাপন কৰিবলৈ যদি কাৰোবাক তুলসী পুলিৰ প্ৰয়োজন হয়, তেনেহ'লে গুৱাহাটীত চিন্তাৰ কাৰণ নাই। কোনো বজাৰত গৈ কিনিব নালাগে কাতি বিহুৰ বাবে তুলসী পুলি। ১৮ অক্টোবৰৰ দিনা জু-ৰোড তিনিআলিৰ নামঘৰৰ প্ৰাগংনত পুৱা ১০ বজাৰ পৰা বিনামূল্যে কাতি বিহু পাতিব বিচৰা লোকসকলে সংগ্ৰহ কৰিব পাৰিব তুলসী পুলি।

এই চিন্তা কৰিছে 'অসমৰ শিপা' নামৰ এক সংগঠনে। তেওঁলোকে কাতি বিহুৰ দিনা দিনৰ ভাগত মহানগৰীৰ সহস্ৰাধিক লোকক বিনামূলীয়াকৈ তুলসী পুলি বিতৰণৰ এক কাৰ্যসূচী হাতত লৈছে। এয়া এক আশাৰ আৰম্ভণি। লক্ষণীয় কথাটো হ'ল- গুৱাহাটীত  মুকুট লোচন কলিতা, প্ৰাঞ্জল বৰাৰ নেতৃত্বত এই অনুষ্ঠান ৰূপায়ন হ'ব। কিন্তু ইয়াৰ আঁৰৰ মানুহ দুগৰাকী প্ৰবাসী অসমীয়া। তেওঁলোক ক্ৰমে আমেৰিকাত থকা বয়িং অভিযন্তা আৰতী বৰুৱা আৰু কানাডাত থকা আন এগৰাকী অসমীয়া অভিযন্তা অভিশ্ৰুতি দত্ত। তেওঁলোক দুয়োৰে চিন্তা-চেতনাৰ ফচল এই কাৰ্যসূচী।

কাতি বিহু শেষ হ'ব দিব নোৱাৰি। ইয়াক আকৌ অসমীয়া সমাজ জীৱনলৈ লৈ অহাৰ বাবে এয়া এক আৰম্ভণি। কাতি বিহু আৰু তুলসীৰ সম্পৰ্ক বহু পুৰণি কালৰ পৰাই। কাতি বিহুৰ দিনা ঘৰে ঘৰে অসমীয়া মানুহে তুলসী পূজা কৰে। এই পূজা কিয় কৰা হয় তাক লৈ এক কাহিনী আছে। কাহিনীটোৰ মতে ৰজা ধৰ্মধ্বজৰ এদিন এজনী কন্যা সন্তানৰ জন্ম হ'ল। লাহে লাহে তাই ডাঙৰ হ'ল। দেখাত ৰজা ধৰ্মধ্বজৰ কন্যা তিনি ভূৱনৰ ভিতৰতে ৰূপৱতী। তেওঁৰ সমান গুণ কাৰোৰে নাই। সেয়েহে ৰজাই কন্যাৰ নাম থৈছিল তুলসী।

তুলসী আছিল কৃষ্ণৰ ভক্ত। এগৰাকী সতী। দনু বংশৰ দৈত্যপতি শংখচূড়ৰ লগত বিয়া হৈছিল তুলসীৰ। এফালে পত্নী তুলসী কৃষ্ণ ভক্ত, আনফালে শংখচূড় মহা শক্তিশালী দৈত্য। দৈত্য হ'লেও  শংখচূড়ো কৃষ্ণৰ ভক্ত আছিল। এদিন শংখচূড়া স্বৰ্গ অধিকাৰ কৰি ইন্দ্ৰক খেদি পঠালে। তেতিয়াই দেৱতাসকলে শংখচূড়ক বধ কৰিবৰ বাবে নাৰায়ণৰ সহায় বিচাৰিছিল। নাৰায়ণে তেওঁৰ ভক্তক নিজ হাতে হত্যা নকৰে বুলি কৈ মহাদেৱ শিৱক শংখচূড়ক বধ কৰিবলৈ নিৰ্দেশ দিলে।

শংখচূড়ৰ হাতত আছিল নাৰায়ণে দিয়া কৱচ। লগতে নাৰায়ণে মহাদেৱক এয়াও ক'লে- যেতিয়ালৈকে তেওঁৰ পত্নী তুলসীৰ সতীত্ব নাশ নহয়, তেতিয়ালৈকে শংখচূড় বধ সম্ভৱ নহ'ব। মহাদেৱক যুদ্ধলৈ পঠাই নাৰায়ণে শংখচূড়ৰ ৰূপ লৈ তুলসীৰ সতীত্ব হৰণ কৰিলে। যুদ্ধত শংখচূড়ৰ মৃত্যু হ'ল। কিন্তু নাৰায়ণো তুলসীৰ আগত ধৰা পৰি গ'ল।

তেতিয়া তুলসীয়ে নাৰায়ণক প্ৰশ্ন কৰিলে- স্বামী-স্ত্ৰী আমি দুয়ো তোমাক পূজা কৰো। কিন্তু তুমি এই চালনাৰে মোৰ সতীত্ব কিয় হৰিলা? নাৰায়ণে উত্তৰ দিলে- তোমাৰ স্বামী অহংকাৰী আৰু অত্যাচাৰী হৈ পৰিছিল। সেয়েহে জগতৰ কল্যাণ সাধিবৰ বাবে তোমাৰ স্বামীক বধ কৰাৰ প্ৰয়োজন হৈ পৰিছিল। তুমি দুখ নকৰি নিজৰ দেহ ত্যাগ কৰা। মই বৰ দিছো তুমি বৃক্ষৰূপ ধৰি তুলসী নামেৰে জন্ম ল'বা। তোমাৰ পাত ব্যৱহাৰ নকৰাকৈ কোনো পূজা নহ'ব আজিৰ পৰা আৰু তোমাৰ পাতেৰে পূজা কৰিলেহে সেই পূজা সম্পূৰ্ণ হ'ব।

তাৰপাছত তুলসীয়ে দেহ ত্যাগ কৰিলে আৰু তুলসীৰ গছ জন্ম হ'ল। তাৰ পাছৰ পৰাই তুলসী হিন্দু সকলৰ বাবে পূজ্য আৰু সকলো পূজাতে তুলসী গছৰ পাত ব্যৱহাৰ কৰা হ'ল।

তুলসী গছৰ জন্মৰ কাহিনী এয়া। বৈজ্ঞানিক দৃষ্টিভংগীৰেও এই তুলসী গছৰ পাত সৰ্বগুণাকৰ। ইয়াৰ ঔষধি গুণৰ বাবেই ঘৰৰ চৌহদত এজোপা তুলসী ৰোৱা আৰু তাত চাকি-বন্তি জ্বলোৱাতো বহুতৰ ঘৰত অভ্যাস। মানুহৰ জনবিশ্বাস আছে- তুলসী গছ ঘৰৰ চৌহদত থাকিলে অপায়-অমংগল নহয়। জ্যেষ্ঠজনে কয়- তুলসী গছ উত্তৰ-পূব দিশত ৰাখিব লাগে। আনকি বাস্ত্ৰ শাস্ত্ৰ অনুসৰি তুলসীৰ পুলি তাবত ৰুই এই দুই দিশত বহু লোকে আজিও ৰাখে। তুলসীৰ পাত কেৱল এটা পূজা নালাগে। সেয়া হ'ল শিৱপূজাত তুলসী পাত ব্যৱহাৰ নহয়।

কিয়নো শিৱই তুলসীৰ স্বামীক শংখচূড়ক হত্যা কৰা বুলি থকা বুলি জনবিশ্বাস থকাৰ বাবেই শিৱপূজা তুলসী অবিহনেই হয়। গ্ৰাম্য সমাজত তুলসীৰ পাত সাধাৰণতে মানুহে দেওবাৰ বা একাদশীৰ দিনা নিছিগে। তুলসী গছ শুকাই গ'লে সেই ঠাইতে শুকাবলৈ নিদি বহু লোকে ইয়াক নদী বা পুখুৰীত বিসৰ্জন দিয়ে। তুলসী গছক স্ত্ৰী হিচাপে আজিও জনবিশ্বাস কৰা হয়। সেয়েহে কোনো কাইট জাতীয় গছৰ কাষত তুলসী পুলি ৰোৱা নহয়। ইফালে তুলসী গছ হ'ল অক্সিজেনৰ ভাণ্ডাৰ। সন্ধিয়া সময়ত চোতালত থকা তুলসী জোপাই বিশুদ্ধ অক্সিজেন যোগান ধৰে। কোনো কোনোৱে কয়- ভাইৰাছ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ নিয়মীত তুলসীৰ পাত খাব লাগে। তুলসী পাত খোৱাৰো নিয়ম আছে। তুলসীৰ পাত চোবাই নাখায়। তাৰো বৈঞ্জানিক ভিত্তি আছে।

সেই তুলসীৰ সৈতে জাতীয় জীৱনৰ এই উৎসৱ কাতি বিহুৰ সম্পৰ্ক অভিন্ন। এফালে পৰম্পৰা, আনফালে তুলসী গছে বায়ু বিশুদ্ধকৰণৰ লগতে ইয়াৰ ঔষধি গুণে আমাক প্ৰতি মুহূৰ্ততে সহায় কৰে। কাতি বিহুৰ দিনা তুলসীৰ বন্দনাৰে গোৱা হয় নাম- 'তুলসী তুলসী অ' আই তুলসী

তুমি গোবিন্দৰ প্ৰিয়া

তোমাক পূজিঁছো আই অ' তুলসী

শান্তি অকণি দিয়া।'

কাতি বিহুৰ মূল উপাদান তুলসীৰ এই ঔষধী গুণৰ বাবে ব্যৱহাৰ দিনকদিনে বৃদ্ধি পাইছে। তুলসীৰ বৈজ্ঞানিক নাম হ'ল- Ocimum Sanctum। ইয়াৰ গোত্ৰ Labiataee। আয়ুবেদতো আছে তুলসীৰ কথা। তুলসী গছ য'ত থাকে, তাত মহ আৰু মাখি নাথাকে। কাহ আৰু চৰ্দিৰ বাবেও তুলসীক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।

তুলসীক লৈও আমাৰ কথা-বতৰাত যথেষ্ঠ ফকৰা যোজনা আছে। যেনে- 'তুলসীৰ লগত কলপটুৱাৰ মুক্তি', 'ধোৱা তুলসীৰ পাত', ''পূজিব লাগে তুলসীৰ তলত/ পূজিলে কি হ'ব সিজুৰ গুৰিত' ইত্যাদি। স্বাভাৱিক পৰিৱেশতে কোনো আদৰ-যতন নোলোৱাকৈয়ে জী উঠা সাধাৰণ বুলি ভবা তুলসী পুলি এটা বৰ অসাধাৰণ। আমাৰ এনে এক পৰম্পৰা আছে যে, কোনো লোকৰ মৃত্যু হোৱাৰ পাছত শ্মশানলৈ নিয়া সময়ত তুলসীৰ তলত শেষ শয়নৰ ব্যৱস্থা কৰা হয়। তুলসীৰ পুলি আনি মৃতদেহৰ কাষত ৰোৱা হয়।

মৃতকৰ পিণ্ড দিয়া, শুভ কামলৈ যাওঁতে তুলসীৰ মালা পিন্ধা- এইবোৰ যদিও বিশ্বাস, তাৰ সৈতে যুক্তিগত বৈজ্ঞানিক মহত্ব লুকাই আছে। সাধাৰণতে চাৰিবিধ তুলসী পোৱা যায়। সেই কেইবিধ হ'ল-

১. ক'লীয়া তুলসী (Ocimum Sactum)

২. ৰাম তুলসী (Ocimum Gratissimum)

৩. দুলাল তুলসী (Ocimum Cariophy Latum)

৪. গৰখীয়া তুলসী (Anysomcles Indica)

বহুতে ঘৰৰ চৌপাশৰ সোন্দৰ্য বৰ্ধনৰ বাবে যথেষ্ট ধন ব্যয় কৰি ফুলৰ টাবত মূল্যবান ফুল পুলি ৰোৱে। এই ফুল পুলিবোৰৰ আদৰ-যতনৰ নামত যথেষ্ট সময় ব্যয় কৰে। আনকি এনে লোকো আছে, ফুলৰ সেই পুলি ৰূবলৈ চৌহদত থকা তুলসী জোপাকে উভালি পেলায়। কিন্তু ফুলত চখ থকা সেই লোকসকলে নাজানে তেওঁলোকে মূল্যবান বুলি ভবা বহু ফুলৰ পুলিতকৈ এই তুলসী জোপা হাজাৰ গুণে মূল্যবান আৰু স্বাস্থ্যৰ প্ৰতি লাগতিয়াল।

পুৰাণতো তুলসীৰ কথা আছে। পুৰাণত সেই কথা লিখা আছে এইদৰে-

'তুলসী কাননষ্ণৈৱ গৃহে যস্যাৱতিষ্ঠতি৷

তদগৃহং তীর্থভূতং হি নায়ান্তি যম কিংকৰাঃ৷৷

তুলসী গন্ধমাদয় যত্র গচছতি মাৰুতঃ৷

দিশো দিশশ্চ পূত্যসুঃ ভূত গ্রাসাংশতু বিধান৷'

সেই তুলসীৰ কথা ডাকৰ বচনতো উল্লেখ আছে। তুলসীৰ ঔষধী গুণৰ কথা ডাকে কৈ গৈছে এইদৰে-

'ক'লীয়া তুলসী বেলৰ পাত৷

মুঠাৰ সহিতে বাট পটাত৷৷

তপত কৰিয়া জননী খাইব৷

তেৱেসে নাড়ীয়ে দৃঢ়ক পাইব৷৷'

এয়াই তুলসী। এই গছৰ তলতেই শুদ্ধ অন্তৰেৰে গোৱা হয় এক পবিত্ৰ মন্ত্ৰ-

'দামোদৰায়

নবশী তুলসী

লো লোবাস্য

নমোনন্তয়ে বেদসে৷

তুলসী দর্শনে পুণ্যং

স্পর্শনে পাপনাসনং

ছায়ায়া সর্বতি থানং

তুলসী ভো নমো নমঃ৷'

ঠাই বিশেষে তুলসীৰ বৰ্ণনা ভিন্ন। একাংশৰ মতে আকৌ তুলসী হ'ল বিষ্ণুৰ ভাৰ্যা লক্ষ্মীৰ আন এক নাম। সম্পদ আৰু ঐশ্বৰ্যৰ অধিকাৰী। বাৰমাহী গীতত সেয়ে আছে-

'কাতিমহীয়া তুলসীৰে

গোৰে জ্বলে চাতি

ওপৰৰ ধৰম বজাই

লগাই থৈছে কাতি৷'

কৃষিজীৱী লোকসকলে হয়তো সেয়ে লক্ষ্মীৰূপত তুলসীক পূজা কৰে। কাতি বিহুৰ সময়ত সেউজীয়া পথাৰত চাকি-বন্তি জ্বলোৱা হয়। প্ৰকৃতাৰ্থত লখিমীক এইদৰে পূজা-অৰ্চনা কৰাৰ পৰম্পৰা পূৰ্বৰ পৰাই চলি আহিছে। কুঁহিয়াৰ পেৰা গীততো আছে তুলসীৰ উল্লেখ-

'ক'লা ক'লা তুলসীৰে ক'লা ক'লা পাত্র এ

হায়ৰে নন্দৰকানাই৷

আতা ক'লা পিতা ক'লা ক'লীয়াৰে জাত

হায়ৰে নন্দৰকানাই৷'

একেদৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰ মাজতো তুলসীৰ ব্যৱহাৰ আৰু তেওঁলোকৰ জনজীৱনত ইয়াৰ প্ৰভাৱ নুই কৰিব নোৱাৰি। চাহ জনগোষ্ঠীৰ লোকসকলে এক বিশেষ গীত গায়। সেয়া হ'ল জাহলী। সেই গীতত তুলসীৰ বৰ্ণনা আছে এনেদৰে-

'খজ খজতে, পছা পুছতে হ'

আহিৰাকে ধৰা কাতি দুৰাৰে

অহিৰকে আমগনামে তুলসী কা পিণ্ডা হ'

ওপৰত উড়ে ৰাজহাঁসাৰে৷'

আমি কেৱল কাতি বিহুত তুলসীক মনত পেলাও। কিন্তু সেই জনবিশ্বাসৰ মাজেৰে তুলসী গছৰ গুণ এতিয়াও বৈজ্ঞানিক দৃষ্টিভংগীৰে গ্ৰাম্য জীৱনৰ মাজলৈ যোৱা নাই। তুলসী গছৰ সৈতে কাতি বিহুৰ সময়ত এই সম্পৰ্কই আমাক পুৰণি কালৰ পৰাই ইয়াৰ প্ৰয়োজনীয়তাৰ আভাস দি গৈছিল। কিন্তু আমি সেই পৰম্পৰাক বাদ দি এক অৰ্থত আমাৰ পুৰণিকলীয়া এক যুক্তিগত আৰু বৈজ্ঞানিক ভিত্তি থকা পৰম্পৰাক অৱহেলা কৰিলো। ইয়াৰ ফল হয়তো আমি কল্পনাই কৰিব পৰা নাই আজিও।

জাতীয় জীৱনত কাতি বিহুৰ প্ৰাসংগিকতা বহুতৰ বাবে শেষ হৈছে। কিন্তু এনে পৰম্পৰা আমাক বৰ্তমান সময়ত প্ৰয়োজনহে হৈছিল। চৌদিশে এতিয়া প্ৰদূষণ। শুদ্ধ আৰু নিৰ্মল বায়ু ক'তো পাবলৈ নাই। যান-বাহন, কল-কাৰখানাৰ ধোঁৱাই আমাৰ চৌদিশ চানি ধৰিছে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ, বিশুদ্ধ বায়ু সেৱন কৰিবলৈ তুলসী পুলি ৰোৱা এক বিপ্লৱৰ প্ৰয়োজন এতিয়া। ক'ব নোৱাৰাকৈয়ে অসমীয়া সমাজ জীৱনত সৈতে সেই বিপ্লৱৰ যোগসূত্ৰ আছিল।

কিন্তু তাক অবজ্ঞা কৰাৰ পাছত পৰম্পৰাৰ দোহাই দি কোনোবাই কাতি বিহুৰ দিনা তুলসী পুলি বিতৰণৰ যি প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাই প্ৰশংসনীয়। এই পৰম্পৰাক পুনৰ সজীৱ কৰি আহক আমি ৰোপন কৰো তুলসী পুলি, পাতো আকৌ কাতি বিহু, আনন্দ মনেৰে গাও আকৌ এবাৰ সেই গীত- 'তুলসীৰ তলে তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰ ধনু ধৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in