যৌন নিৰ্যাতনৰ ঘটনা ম্যাদ উকলি যোৱা গাখীৰৰ পেকেট নহয়!

যৌন নিৰ্যাতনৰ ঘটনা ম্যাদ উকলি যোৱা গাখীৰৰ পেকেট নহয়!

► মৃদুল কুমাৰ সন্দিকৈ

মানুহৰ জীৱনৰ কাহিনী ম্যাদ উকলি যোৱা গাখীৰৰ পেকেট নহয়। অপৰাধৰ সেই কাহিনী ন্যায় নোপোৱালৈকে অপৰাধ হৈয়ে থাকে। সেয়া লাগে ১০ বছৰ, ২০ বছৰ বা যিমানেই পুৰণি নহওঁক। ২০০৮চনৰ এটা কাহিনী। 'হৰ্ণ অ'কে প্লীজ' ছবিখনৰ শ্বুটিং হৈ আছিল। সেই ছবিৰ কাহিনীৰ অন্ত পৰিল। কিন্তু ৰৈ গ'ল আন এক কাহিনী। ১০ বছৰ পাছতো এই কাহিনীক লৈ চৰ্চা।

কাহিনীৰ সূত্ৰপাত হৈছিল ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত। এটা গীতৰ দৃশ্যগ্ৰহণ চলি আছিল তেতিয়া। সেই দৃশ্যত অভিযুক্ত অভিনেতাজনৰ কোনো উপস্থিতিৰ প্ৰয়োজন নাছিল। তেনেদৰেই চুক্তি কৰাৰ সময়ত লিখা হৈছিল চিনেমাৰ স্ক্ৰীপ্ট। কিন্তু হঠাৎ তেওঁৰ আগমণ ঘটিছিল। ছবিখনৰ নায়ক হ'লেও এই গীতৰ দৃশ্যাংশ গ্ৰহণৰ সময়ত তেওঁ হৈ পৰিছিল খলনায়ক। অভিনেত্ৰীগৰাকীক তেওঁ অভিনয়ৰ সুবিধা লৈ সুযোগ লব বিচাৰিছিল।

তনুশ্ৰী দত্ত নামৰ অভিনেত্ৰীগৰাকীয়ে সেই সুযোগ দিব নিবিচাৰিলে। তেওঁ কিছুদিনৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত এই কাহিনী মুকলিকৈ কৈছিল। তনুশ্ৰীৰ ভাষাত- 'ছবিখনৰ সেই গীতটোত নানা পাটেকাৰ নাছিলেই। মই লক্ষ্য কৰিছিলো, কিছুদিনৰ পৰা তেওঁ মোক আমনি কৰি আছিল। কোনো কাৰণ নোহোৱাকৈ তেওঁ মোৰ গাত হাত থৈছিল। বেটি বুলি কৈ তেওঁ কৰা এই ব্যৱহাৰত মই সহজ হ'ব পৰা নাছিলো। সেইদিনা শ্বুটিং স্প'টত তেওঁৰ সৈতে এটা বিশেষ নৃত্যৰ মুহূৰ্তৰ শ্বুটিঙৰ বাবে সাজু কৰা হৈছিল। মই সেই দৃশ্যত অভিনয় কৰিবলৈ সন্মতি দিয়া নাছিলো। শ্বুটিং স্প'টৰ পৰা ওলাই গৈ মই ভেণেটী কাৰত বহু ঘণ্টা বহি আছিলো। তেওঁ মোৰ গাত হাত থৈছিল…।'

কথাবোৰ তাতেই শেষ নহ'ল। এইবোৰ হাই প্ৰফাইল মানুহৰ আধুনিক জীৱনৰ কাহিনী। বলিউডৰ ইনছাইড ষ্ট'ৰী। তনুশ্ৰীৰ ভাষাত আন অভিনেত্ৰীৰ দৰে তেওঁ নিজক এৰি দিব পৰা নাছিল।

এই ঘটনাক লৈ ব্যাপক চৰ্চা। বেটি বচাও আন্দোলন চলি থকা এখন দেশত তনুশ্ৰীৰ দৰে হাই প্ৰফাইল জীৱনত অভ্যস্ত এগৰাকী অভিনেত্ৰী তথা ২০০৪চনত ফেমিনা মিছ ইউনিভাৰ্ছ খিতাপ অৰ্জন কৰা এগৰাকী মহিলাই সন্মুখীন হোৱা নিৰ্যাতনৰ কাহিনী।

ভাৰতক প্ৰতিনিধিত্ব কৰি তনুশ্ৰীয়ে মিছ ইউনিভাৰ্ছৰ মুল প্ৰতিযোগিতাত অংশ লৈছিল। সেই প্ৰতিযোগিতাত ১০জনী সুন্দৰীৰ ভিতৰত স্থান লাভ কৰিছিল তনুশ্ৰীয়ে। সুন্দৰী তনুশ্ৰীলৈ তাৰপাছতেই আহিছিল বলিউডত প্ৰৱেশৰ প্ৰস্তাৱ।

২০০৫চনত তনুশ্ৰীয়ে 'স্নেহা' চৰিত্ৰটোৰ যোগে 'আশ্বিক বনায়া আপনে' ছবিৰ জৰিয়তে বলিউডত ভৰি থৈছিল। তাৰপাছত ২০১০চনলৈ তনুশ্ৰীলৈ ইখনৰ পাছত সিখন ছবিৰ প্ৰস্তাৱ আহিছিল। 'ছাছ বহো ঔৰ ছেনছেক্স', 'ঢৌল', 'এপাৰ্টমেণ্ট' আদি ছবিত ভুমূকি মাৰিছিল তনুশ্ৰীয়ে। কিন্তু এজন প্ৰতিষ্ঠিত অভিনেতাৰ বিৰুদ্ধে মুখ খুলি তনুশ্ৰীয়ে তেওঁৰ কেৰিয়াৰ যেন ইতি পেলালে।

এই ঘটনাত ভুক্তভোগী হৈছিল তনুশ্ৰী। কিন্তু অভিযোগ তুলি ইমান দিনে ন্যায় নোপোৱাৰ লগতে আন এক মানসিক যান্ত্ৰনা আৰু গ্লানিৰ সন্মুখীন হ'ল এইগৰাকী অভিনেত্ৰী। সকলোৱে তনুশ্ৰীক এই প্ৰশ্নই কৰিলে- ইমান দিনৰ বিৰতিৰ পাছত এই অভিযোগ কিয়?

এই কাহিনী কেৱল তনুশ্ৰীৰ নহয়। নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়া দুই-এক মহিলাৰ বাদে গৰিষ্ঠ সংখ্যকেই এনে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ভয়তে নিৰ্যাতনৰ কাহিনী লুকুৱাই ৰাখে। যদি অভিযুক্তজন প্ৰভাৱশালী ব্যক্তি হয় তেন্তে সেই সাহস কৰিব পৰাতো এক মৰসাহ।

ডামিনী কাণ্ডৰ পাছতেই ভবা হৈছিল দেশ জাগি উঠিছে। নাৰী নিৰ্যাতনৰ এনে ঘটনাৰ অৱসান ঘটিব। মানুহৰ মানসিকতা সলনি হ'ব। কিন্তু সেয়া সাধাৰণ লোকৰ কথা বাদেই, তথাকথিত বিশিষ্ট লোকসকলৰ মানসিকতাও সলনি নহ'ল।

কোনো স্থানত এনে নিৰ্যাতনৰ ঘটনাৰ বলি হোৱা সাধাৰণ যুৱতীৰ ক্ষেত্ৰত এইসকল লোকে মুক্তভাৱে নিন্দা-গৰিহণাৰ ফুলজাৰি মাৰে। কিন্তু যিবোৰ ঘটনাত সত্য পক্ষ লৈ প্ৰকৃত দোষীক শাস্তি দাবী কৰিব পাৰে, তেনে শক্তিশালী পক্ষৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব নোখোজে। অতি কৌশলেৰে সেইবোৰ এৰাই চলে।

২০০৮চনৰ পাছত, ২০১৩চনত এই নিৰ্যাতনৰ ঘটনাই চৰ্চা লাভ কৰিছিল। তাৰপাছত পুনৰ ২০১৮চনত তনুশ্ৰীয়ে তেওঁৰ সেই ঘটনাৰ কথা পুনৰ দোহাৰিলে। এইবাৰ সংবাদমাধ্যেমেও গুৰুত্বসহকাৰে ল'লে তনুশ্ৰীৰ অভিযোগ। নানা পাটেকাৰৰ বিৰুদ্ধে প্ৰকাশিত হ'ল বাতৰি।

এই সন্দৰ্ভত বলিউডৰ অভিনেতা শক্তি কাপুৰৰ প্ৰতিক্ৰিয়া বিচৰা হৈছিল। ইমান গুৰুত্বপূৰ্ণ অভিযোগ এটাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি শক্তি কাপুৰে ক'লে- '১০ বছৰ আগত কি হৈছিল মই ক'ব নোৱাৰিম। কাৰণ তেতিয়া মই সৰু আছিলো!'

বিগ বি অমিতাভক সোধা হৈছিল এই প্ৰশ্ন। বলিউডৰ তেওঁ জ্যেষ্ঠ। তনুশ্ৰী কাণ্ডৰ সন্দৰ্ভত অমিতাভৰ উত্তৰ আছিল- 'মই তনুশ্ৰীও নহয়, নানা পাটেকাৰো নহয়…।' গা এৰা দিয়া এই মন্তব্যৰে সকলোৱে নানা পাটেকাৰৰ পক্ষ লোৱাৰ সময়তে কিন্তু আগবাঢ়ি আহিল কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধী।

তনুশ্ৰীয়ে এই অভিযোগ ২০০৮তে চিনে এণ্ড টিভি আৰ্টিষ্ট এছ'চিয়েশ্যন চমুকৈ চি আই এন টি এ এক দিছিল। তেওঁলোকেও এই বিষয়টোত গুৰুত্ব নিদিলে। বলিউডৰ এই বিতৰ্কৰ মাজতেই তনুশ্ৰী গুচি গ'ল আমেৰিকালৈ।

বলিউডৰ বহু কাহিনী অপেন ছিক্ৰেট। শেহতীয়াকৈ আন এগৰাকী অভিনেত্ৰীয়েও অনুৰূপ অভিযোগ উত্থাপন কৰিছে। ইয়াত কৈ বেছি মুকলিকৈ তনুশ্ৰীয়ে কিছুদিনৰ পূৰ্বে আন এক অভিযোগ তুলি সংবাদমাধ্যমৰ ষ্টুডিঅ'ত বহি কৈছিল- 'এখন নতুন ছবিৰ বাবে নায়িকাৰ নিৰ্বাচন হোৱাৰ সময়ত সেই ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে কাষ্টিং কোম্পানীটোৰ বিষয়াজনক সুধিছিল নুসুধিব লগা এক প্ৰশ্ন।'

এনেকৈয়ে চলি আছে এতিয়া তথাকথিত ভদ্ৰ সমাজ। দেশত নাৰী নিৰ্যাতনৰ ঘটনা দিনকদিনে বৃদ্ধি পাইছে। ইয়াৰে ৮০ শতাংশ নিৰ্যাতনৰ ঘটনা আন্ধাৰতেই ৰৈ যায়। তাৰে ৬০ শতাংশতকৈ বেছি এনে ঘটনাৰ সৈতে জড়িত লোকসকল অত্যন্ত প্ৰভাৱশালী হোৱাৰ বাবেই এই ঘটনাবোৰৰ বিৰুদ্ধে ভুক্তভোগীসকলে মাত মাতিবলৈ সাহস নকৰে। অসমত প্ৰতিদিনে ৪টাকৈ বলাৎকাৰ, ২৩টাকৈ নিৰ্যাতন আৰু ১২জনীকৈ নাৰী সন্ধানহীন হয়। এই ভয়াৱহ ছবিৰ মাজতে এনে অভিযোগ অতি তাৎপৰ্যপূৰ্ণ। অভিযোগৰ সত্যতা বিচাৰ নকৰাকৈ কোনো পক্ষৰ হৈ মাত মাতিব নোৱাৰি যদিও সমগ্ৰ ঘটনা প্ৰবাহ লক্ষ্য কৰিলে দেখা পোৱা যায়- তনুশ্ৰীৰ অভিযোগৰ ভিত্তি নথকা নহয়।

সেইদিনা এই ঘটনা সংঘটিত হোৱাৰ পাছত অভিনেত্ৰীগৰাকীয়ে ভেনেটী গাড়ীৰ ভিতৰত ৪-৫ ঘণ্টা সময় দৰ্জা বন্ধ কৰি নিজকে আৱদ্ধ কৰি থৈছিল।

২০০৮ৰ সংবাদমাধ্যমত সম্প্ৰচাৰিত বাতৰিৰ দৃশ্যাংশ পুনৰ প্ৰাসংগিক হৈছে। কিয়নো এই ঘটনাৰ পাছতেই নানা পাটেকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা অভিনেত্ৰীগৰাকীৰ গাড়ীখন আক্ৰমণৰ লক্ষ্য কৰি লৈছিল মুম্বাই নৱনিৰ্মাণ সেনাৰ সমৰ্থকে। এগৰাকী সংবাদ মাধ্যমেৰে জড়িত কেমেৰা পাৰ্ছনে তেওঁৰ গাড়ীৰ চকাৰ পাম্প এৰি দিছিল।

এই সংবাদকৰ্মীজনো এতিয়া চৰ্চালৈ আহিছে। পৱন ভৰদ্বাজ নামৰ সংবাদ কৰ্মীজনে অলপতে এক আলোচনা চক্ৰত এই বিষয়টোক লৈ অংশ লৈছিল। তাত তেওঁ কৈছিল যে, তেওঁৰ কেমেৰা ভাঙি দিয়াৰ বাবে তেওঁ তেনে কৰিবলৈ বাধ্য হৈছিল। কিন্তু প্রশ্ন হয়- সেই ফুটেজত দেখা পোৱা অভিনেত্ৰীগৰাকীৰ গাড়ীত আক্ৰমণৰ লক্ষ্য কৰি লোৱা লোকসকলৰ বিৰুদ্ধে কিয় নিমাতে আছিল একাংশ সংবাদমাধ্যম। অভিনেত্ৰীগৰাকীৰ দাবী- এম এন এছৰ সমৰ্থকসকলক নিজৰ প্ৰভাৱ খটোৱাই প্ৰযোজক আৰু নানা পাটেকাৰে মাতি আনি এইদৰে সেইদিনা তেওঁৰ বাহনত আক্ৰমণ কৰিবলৈ প্ৰৰোচিত কৰিছিল।

নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ প্ৰতিবাদ কৰা এগৰাকী অভিনেত্ৰীৰ যদি এই দশা হ'ব পাৰে তেনেহ'লে আন সাধাৰণ যুৱতীৰ কি অৱস্থা হ'ব পাৰে? অভিনেত্ৰীগৰাকীয়ে এই অভিযোগো কৰিছে- প্ৰযোজক আৰু অভিনেতাজনৰ পক্ষত থকা একাংশ সংবাদমাধ্যমৰ লোককো তেওঁলোকে সেই স্থানলৈ মাতি আনিছিল। সংবাদমাধ্যমত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধেহে বাতৰি প্ৰচাৰ হৈছিল। এয়া যে ভুল আছিল লাহে লাহে পোহৰলৈ আহিছে।

এম এন এছৰ সদস্যসকলে সেইদিনা অভিনেত্ৰীগৰাকীক তথা তেওঁৰ পৰিয়ালৰ সদস্য বহি থকা তেওঁৰ গাড়ীখনত আক্ৰমণ কৰা যুক্তি দাঙি ধৰি কৈছিল যে- মহাৰাষ্ট্ৰৰ গৰিমাত এই অভিযোগেৰে অভিনেত্ৰীগৰাকীয়ে আঘাত হানিছিল। কিন্তু কথা হ'ল- নিৰ্যাতনৰ বলি হৈ প্ৰতিবাদ কৰা অভিনেত্ৰীগৰাকীয়ে গৰিমাত আঘাত হানিলেনে নিজৰ লগতে নাৰীৰ গৰিমা ৰক্ষা কৰিছিল সেইদিনা? এই প্ৰশ্নৰ উত্তৰ কিন্তু এম এন এছৰ নেতৃত্বৰ হাততো নাই।

যিটো দৃশ্যৰ বাবে অভিনেত্ৰীগৰাকীয়ে আপত্তি দৰ্শাইছিল, সেই ছবিখনৰ পৰা সলনি কৰি দিয়া হ'লে নিশ্চয় একো অসুবিধা নহ'লহেতেন। যোৱা ১০ বছৰে এই বিষয়টো মনৰ ভিতৰত লৈ থাকিয়েই অকলে প্ৰতিবাদ সাব্যস্ত কৰি গৈছিল অভিনেত্ৰী তনুশ্ৰী দত্তই। আনৰ দৃষ্টিত তেওঁ পৰাস্ত হ'লেও, নিজৰ স্থিতিত তেওঁ জয়ী।

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠতা অৰ্জন কৰি মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰা এই অভিনেত্ৰীগৰাকীয়ে নতুনকৈ তেওঁ সন্মুখীন হোৱা ১০ বছৰ পুৰণি নিৰ্যাতনৰ ঘটনাৰ দোষীক উপযুক্ত শাস্তিৰ দাবী জনাই ৬ অক্টোবৰত মুম্বাইৰ অশ্বিৱাৰা থানাত যৌন নিৰ্যাতনৰ গোচৰ তৰিছে। এই গোচৰ আৰক্ষীয়ে তদন্ত কৰিছে যদিও, এতিয়াও সোধপোছ কৰা নাই অভিযুক্ত অভিনেতাজনক। তাৰ বিপৰীতে জবানবন্দী গ্ৰহণৰ বাবে মাতিছে অভিনেত্ৰী তনুশ্ৰীক।

নাৰী নিৰ্যাতন দেশত এক ডাঙৰ সমস্যা। যিকোনো স্থানতেই নাৰী নিৰ্যাতনৰ বলি হৈ আহিছে। বিশেষকৈ কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় কৰ্মৰত মহিলাসকল। জীৱিকাৰ তাগিদাত তেওঁলোকে এইবোৰ বিষয় ৰাজহুৱা নকৰে। অভিনেত্ৰী তনুশ্ৰীয়ে সেই ভুল নকৰি সাহসৰ পৰিচয় দিছে। বলিউডৰ বহুতে তনুশ্ৰীক লৈ তুচ্ছ-তাচ্ছিল্য কৰিছে। বিষয়টো এনে পৰ্যায় পাইছেগৈ যে, কেন্দ্ৰীয় শিশু আৰু মহিলা উন্নয়নৰ মন্ত্ৰী মেনকা গান্ধীয়েও মুকলিকৈ তনুশ্ৰীক সমৰ্থন কৰিবলগা হৈছে।

তেওঁ এনে অভিযোগৰ বিৰুদ্ধে সমাজৰ সকলো শ্ৰেণীৰ লোককে সৰৱ হ'বলৈ আহ্বান জনাইছে। কোনো কোনোৱে এই অভিযোগ সঁচা-মিছা বিচাৰ কৰাৰ সলনি তনুশ্ৰীক সমালোচনা কৰি কৈছে- ১০ বছৰে তনুশ্ৰীয়ে কি কৰি আছিল? ১০ বছৰ পুৰণি এই অভিযোগৰ কোনো ভিত্তি নাই। তাৰ উত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মেনকা গান্ধীয়ে স্পষ্ট কৰি দিছে- '১০-১৫ বছৰ পাছতো যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰিব পাৰিব। যিজন লোকে নিৰ্যাতন চলাই সেই লোকজনৰ কথা ইমান সহজে পাহৰিব পৰা নাযায়। সেয়ে আমি সময়সীমা অবিহনে তেনে অভিযোগ গ্ৰহণৰ বাবে আইন মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিছো।'

তেওঁ লগতে কয়- 'যৌন নিৰ্যাতনৰ ক্ষেত্ৰত ভুক্তভোগীৰ মনত পুঞ্জীভূত হৈ থকা ক্ৰোধ কেতিয়াও মাৰ নাযায়।এতিয়াৰে পৰা ১০-১৫ বছৰ বা তাতোধিক পুৰণি ঘটনাৰ ক্ষেত্ৰতো ভুক্তভোগীয়ে অভিযোগ দাখিল কৰাত বাধা নাই।'

পূৰ্বৰ নিয়ম অনুসৰি তিনি বছৰ পুৰণি এনে গোচৰহে ৰুজু কৰিব পৰা গৈছিল।কিন্তু কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ তৎপৰতাৰ ফলত বহু মহিলাই পূৰ্বে সন্মুখীন হোৱা পুৰণি যৌন নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত গোচৰ তৰাৰ বাবে নতুন বাট মুকলি কৰিলে। অৱশ্যে পলম হোৱাৰ কাৰণ অভিযোগকাৰীয়ে দৰ্শাব লাগিব। আনহাতে ন্যায়িক স্বাৰ্থ সম্বলিত গোচৰৰ ক্ষেত্ৰত এনে এক গোচৰ চলাবলৈ আদালতে বিশেষ অনুমতি প্ৰদান কৰিব পৰা ব্যৱস্থাও আছে।

তনুশ্ৰী দত্তৰ এই তৎপৰতাই দেশৰ যৌন নিৰ্যাতনৰ বলি হোৱা বহু ভুক্তভোগী মহিলা লৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। এক প্ৰকাৰে তনুশ্ৰী দত্তই নিজৰ কেৰিয়াৰ এনে অভিযোগ উত্থাপন কৰি অন্ত পেলাব লগা হ'ল। তাৰ বিপৰীতে যৌন নিৰ্যাতনৰ বলি হোৱা ভুক্তভোগী মহিলাৰ বাবে তনুশ্ৰী এক আদৰ্শ হৈ পৰিছে।

১০ বছৰ পুৰণি এই কাণ্ডৰ বিষয়ে নানা পাটেকাৰক ৰজত শৰ্মাই 'আপ কি আদালত'ত প্ৰশ্ন কৰা হৈছিল। হাঁহি-তামাছা কৰি কিছুদিনৰ পূৰ্বে এই অভিযোগ নুই কৰিছিল অভিনেতাগৰাকীয়ে। আনকি তেওঁক সোধা হৈছিল- তেওঁ শ্বৰ্ট টেম্পাৰ নেকি? যাৰে তাৰে লগত কাজিয়া কৰি ফুৰে নেকি? ইয়াৰ উত্তৰত নানা পাটেকাৰে কৈছিল- হয়, কিন্তু ইয়াৰ বিনিময়ত মই টকা পাওঁ। এইবোৰ স্ক্ৰীণতহে কৰো।

তনুশ্ৰীৰ অভিযোগ উত্থাপনৰ পাছত চিন্তিত ৰূপত দেখা পোৱা গৈছে এইবাৰ নানা পাটেকাৰক। সহ-অভিনেত্ৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত সংবাদমাধ্যমত বৰ বিশেষ কথা হোৱা নাই যদিও নানাই কৈছে- 'মোৰ বন্ধু কম। কিন্তু শত্ৰু নাই। কিয় তেওঁ এনে কৰিলে মই নাজানো। কালি যি কৈছিলো, আজিও সেইটোৱেই কম, কাইলৈও সেইটোৱে ক'ব লাগিব। ১০ বছৰ আগৰ সত্যতো ১০ বছৰ পাছত অসত্য হৈ নাযায়।'

অভিনেতাগৰাকীয়ে তনুশ্ৰী দত্তলৈ আইনী জাননীও প্ৰেৰণ কৰিছে। সমান্তৰালভাৱে নানাৰ বিৰুদ্ধে সৰৱ হৈয়ে আছে অভিনেত্ৰীগৰাকী। ১০ বছৰ পুৰণি ঘটনা এটাক অভিনেত্ৰীগৰাকীয়ে পুনৰ উত্থাপন কৰাক লৈ সমালোচনাৰ সন্মুখীন হ'লেও এইবাৰ কিছু বিপদৰ ইংগিত পাইছে নানা পাটেকাৰে।

অপৰাধ সকলোৰে বাবে অপৰাধেই। কোনোৱে ক্ষমতা আৰু প্ৰভাৱৰ জোৰত এনে অপৰাধ গোপনে ৰখাব পাৰে। কিন্তু এয়া এক সামাজিক ব্যাধি। দেশজুৰি এনে নাৰী নিৰ্যাতনৰ ঘটনাই নাৰীৰ অধিকাৰ আৰু সুৰক্ষাক লৈ মুকলি প্ৰশ্ন উত্থাপন কৰিলে। সেই কথা বুজিছে স্বয়ং কেন্দ্ৰীয় নাৰী আৰু শিশুৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে। এই অভিযোগৰ বিচাৰ বলিউড ষ্টাৰ নানা পাটেকাৰ বা অভিনেত্ৰী তনুশ্ৰী দত্তৰ দৃষ্টিকোণেৰে হ'ব নালাগে।

এয়া এগৰাকী নাৰীয়ে এজন পুৰুষৰ বিৰুদ্ধে তোলা অভিযোগ। আৰু যিসকলে কৈছে- এই ঘটনা ১০ বছৰ পুৰণি। তেওঁলোকেও জানি থোৱা উচিত, কাৰোবাৰ জীৱনত ঘটি যোৱা এনে অবাঞ্চিত ঘটনা গাখীৰৰ পেকেট নহয় যে সময় অতিবাহিত কৰিলে ম্যাদ উকলি যাব। এয়া এগৰাকী নাৰীৰ গৰিমা আৰু সন্মানৰ প্ৰশ্ন। জীৱনজুৰি তেওঁ এনে ঘটনাৰ পৰা পীড়া পাই থাকে। ন্যায় পোৱাতো তেওঁৰ অধিকাৰ। এয়া লাগে বলিউডৰ অভিনেত্ৰী তনুশ্ৰী দত্তই হওঁক বা কোনোবা জকাইচোকৰ ললিতা-ভণিতাই হওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in