ৰত্নাকৰৰ সফলতাত যতীন বৰাই ক’লে- ‘জুবিনৰ বাবেহে এয়া সম্ভৱ, আজি মই সুখী, জুবিনেহে মোক সাহস দিলে…’

ৰত্নাকৰৰ সফলতাত যতীন বৰাই ক’লে- ‘জুবিনৰ বাবেহে এয়া সম্ভৱ, আজি মই সুখী, জুবিনেহে মোক সাহস দিলে…’

● পলাশ জ্যোতি গগৈ

'মৰমৰ বাবেই এদিন ৰত্নাকৰৰ পৰা বাল্মীকি হৈছিলোঁ আৰু আজি আকৌ বাল্মিকীৰ পৰা ৰত্নাকৰ হৈছোঁ।' এইয়া অসমীয়া ছবিৰ ভাল দিন। এক কথাত কবলৈ গ'লে এতিয়া সকলো লোকৰ মুখে মুখে 'ৰত্নাকৰ'ৰ সংলাপকে শুনিবলৈ পোৱা গৈছে। হিল দ'ল ভাঙি ছবিগৃহলৈ দৰ্শকৰ সোঁত বৈছে। প্ৰত্যকৰে মুখত কেৱল ৰত্নাকৰৰ নাম। জুবিন গাৰ্গৰ মিছন চাইনা, কাঞ্চনজংঘাৰ পিছত সগৌৰৱেৰে ছবিগৃহত চলিছে যতীন বৰাৰ ৰত্নাকৰ।

বাণিজ্যিকভাৱে সফল হৈছে ছবিখন। উফৰাইছে অসমীয়া ছবিক লৈ বহুলোকৰ মনত গঢ়ি উঠা কিছু ধাৰণা। অভিযোগ আছিল, 'অসমীয়া ছবি হলত নচলে। সেইবাবে অধিক টকা খৰচ কৰি কোনো নিৰ্মাতাই ছবি নিৰ্মাণ নকৰে।' প্ৰযোজক সকলো দুখোজ পিছুৱাই যোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া। তাৰ মাজতে আহিছে আশাৰ বতৰা। নতুন এক ধাৰাৰ সৃষ্টি হৈছে। ৰত্নাকৰক লৈ কোনো লোকে ধনাত্মক মন্তব্য কৰিছে, আন কোনোৱে ৰত্নাকৰ নাচাবলৈও ছ'চিয়েল মিডিয়াত অনুৰোধ জনাইছে। আন একাংশ লোকে নিৰপেক্ষভাৱে সমালোচনা কৰিছে অথবা মন্তব্য দিছে।

পিছে গৌৰৱৰ কথা, প্ৰিমিয়াৰ চাইয়ে হওঁক বা মুক্তিৰ পিছত হলত চাইয়ে হওঁক ছবিখনৰ ৰিভিউ প্ৰকাশ হোৱাৰ পূৰ্বে বিক্ৰী হৈছে কেইবাদিনৰো অগ্ৰিম টিকট। যাৰ বাবে বিনা দ্বিধাই সকলো লোকে কৈছে, 'ভাল দিন আহিছে। ভাল হৈছে অসমীয়া ছবি। জুবিন-গৰিমাৰ দৰেই কষ্ট কৰিছে যতীন-নৱনীতাই। অসমীয়া ছবি এনেদৰে আগুৱাই গ'লে ছবি নিৰ্মাণত কোনো কালে হেমাহি নকৰিব নৱ প্ৰজন্মৰ অসমীয়া ছবি নিৰ্মাতাই।'

ৰত্নাকৰৰ প্ৰচাৰৰ সময়ত জনসমুদ্ৰত।

ছবি নিৰ্মাণৰ বাবে আত্মবিশ্বাস মিছন চাইনা, কাঞ্চনজংঘা অথবা ৰত্নাকৰে দৃঢ় কৰিছে। ১৯৩৫ চনত জন্ম লাভ কৰা অসমীয়া ছবিৰ উদ্যোগটোক পুনৰ সাৰ পানী যোগাইছে এইসমূহ ছবিয়ে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তে অসমৰ ছবি উদ্যোগে আত্মপ্ৰকাশ কৰিছিল। তাৰ মাজতে নিৰ্মিত হ'ল বহু ছবি। প্ৰেম, ভালপোৱা, সমাজত সংঘটিত বিভিন্ন ঘটনাৰাজি, ইতিহাস ইত্যাদিক বিষয় হিচাপে লৈ ছবি নিৰ্মাণ কৰিলে অজস্ৰজনে।

বলিউডে থিয় কৰোৱা প্ৰত্যাহ্বান নেওঁচি আগুৱাই গৈছে অসমীয়া ছবি উদ্যোগ। দৰ্শকৰ অভাৱ-চিত্ৰগৃহৰ অভাৱৰ বাবে বহু নিৰ্মাতা হতাশো হৈছে। তথাপিও নিৰ্দিষ্ট সময়ত ছবি নিৰ্মাণ হৈ আহিছে। ড° ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ দৰে লোকসকলে নিৰ্মাণ কৰা ছবিয়ে দৰ্শকৰ অন্তৰত সাঁচ বহুৱাই গৈছে। প্ৰজন্মৰ সাক্ষী হৈ ৰ'ল জ্যোতি প্ৰসাদ আগৰৱালাৰ 'জয়মতী'। ৬০,০০০ টকা বাজেটৰ আছিল জয়মতী। কিন্তু পৰিতাপৰ কথা, ছবিখনে নাপালে দৰ্শকৰ সহাৰি। তেনেদৰে চলি আছে অসমীয়া ছবি উদ্যোগটো। বহু ছবি নিৰ্মিত হৈছে। তাৰে কোনোখন সফল হৈছে। কোনো কোনো ছবি বিফল হৈছে।

https://www.facebook.com/bora.jatin/videos/388251995447944/

অসমত ৫৯ টা ছবিগৃহত দৰ্শকৰ ভিৰ। দিল্লী, মুম্বাই, বাংগালুৰু, পুনে, হায়দৰাবাদ আৰু পঞ্জাৱৰ মোহালীত ৰত্নাকৰ চাবলৈ দৰ্শকৰ হাহাকাৰ। সগৌৰৱেৰে চলা ছবিখন বহু লোকে চাইছে। ১১ অক্টোবৰত মুক্তি পোৱাৰ পাছৰে পৰা হলত সকলো ছবিকে চেৰ পেলাইছে। মাত্ৰ অসমীয়া ছবি চাবৰ বাবেহে দৰ্শক গৈছে। প্ৰথমদিনাৰ উপাৰ্জন ৪১ লাখ টকা। যি পূৰ্বে কেতিয়াও হোৱা নাছিল।

ৰত্নাকৰৰ কাহিনী…

হিমাংশু প্ৰসাৰ দাসৰ ছবি 'চাকিৰা আহিব বকুলতলৰ বিহুলৈ' মুক্তি পোৱাৰ সময়তো প্ৰথম কেইদিন দেখিবলৈ পোৱা গৈছিল দৰ্শকৰ সহাৰি। তেতিয়াৰ পৰাই বৃদ্ধি পাইছিল অসমীয়া ছবি নিৰ্মাণ কৰি জনসাধাৰণক ছবিখনৰ বিষয়ে জ্ঞাত কৰিবলৈ চলোৱা প্ৰচাৰ। সেই প্ৰচাৰত হাত উজান দিছিল সকলো লোকে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো অৱগত কৰা হৈছিল ছবিখনৰ কথা। শিক্ষাৰ্থীসকলে বুজিছিল এজন নিৰ্মাতাই মাত্ৰ ছবিখন নিৰ্মাণ কৰিলেই নহ'ব। সেই ছবিখন প্ৰচাৰো চলাব লাগিব। ৪৬টা ছবিগৃহত মুক্তি দিয়া হৈছিল হিমাংশ প্ৰসাদ দাসৰ ছবিখন। পিছে হিন্দী ছবি এখন সেই সময়তে মুক্তি পোৱাৰ বাবে বহু ছবিগৃহৰ পৰা আতৰাই দিয়া হৈছিল 'চাকিৰা আহিব বকুলতলৰ বিহুলৈ'।


'চাকিৰা আহিব বকুলতলৰ বিহুলৈ'।

পৰৱৰ্তী সময়ত 'মিছন চাইনা'ৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিল জুবিন গাৰ্গে ছবিখনক লৈ কৰা কষ্ট। দিন ৰাতি একাকাৰ কৰি কষ্ট কৰিছিল। কষ্টৰ অন্তত মুক্তি দিছিল ছবিখন। ২০১৭ চনৰ ৮ ছেপ্টেম্বৰত 'মিছন চাইনা'ই মুক্তি পাইছিল। চলচিত্ৰপ্ৰেমীৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিল 'দিন জ্বলে ৰাতি জ্বলে' শীৰ্ষক গানটো। প্ৰথম দিনা ছবিখনে উপাৰ্জন কৰিছিল ৩৯.৯৭ লাখ টকা।

মিছন চাইনা।
  • তাৰ পিছতে সপ্তাহটোৰ উপাৰ্জন এনেধৰণৰঃ
  • ১ম দিনঃ ৩৯.৯৭ লাখ।
  • ২য় দিনঃ ৩৯.৫ লাখ।
  • ৩য় দিনঃ ৪৯ লাখ।
  • ৪থ দিনঃ ৩১ লাখ।
  • ৫ম দিনঃ ২৮ লাখ।
  • ষষ্ঠ দিনঃ ৩২ লাখ।
  • সপ্তম দিনঃ ২৫ লাখ।

তাৰ পিছতে আহিল 'কাঞ্চনজংঘা'ৰ সময়। ছবিখন দিন ৰাতি একাকাৰ কৰি জুবিন গাৰ্গে প্ৰচাৰ চলালে। অসমৰ প্ৰতিখন জিলালৈকে গ'ল। 'কাঞ্চনজংঘা'ত কি আছে সকলোকে ক'লে। ছবিখন চাবৰ বাবে অনুৰোধো কৰিলে লাখ লাখ লোকক। এইবৰ্ষৰে ৬ ছেপ্টেম্বৰত মুক্তি দিয়া হ'ল জুবিনৰ 'কাঞ্চনজংঘা'। প্ৰথম দিনাই উপাৰ্জন কৰিলে ৪০ লাখ। যাৰ দ্বাৰা জুবিন গাৰ্গে নিজৰে ছবি 'মিছন চাইনা'ক চেৰ পেলাই উপাৰ্জন কৰিলে অসমীয়া ছবিয়ে পূৰ্বে এদিনত অৰ্জন কৰিব নোৱাৰা ধন।


কাঞ্চনজংঘা…
  • কাঞ্চনজংঘাৰ এসপ্তাহৰ উপাৰ্জন এনেধৰণৰঃ
  • প্ৰথম দিনঃ ৪০ লাখ।
  • দ্বিতীয় দিনঃ ৩৮.৫ লাখ।
  • তৃতীয় দিনঃ ৫৯.১ লাখ।
  • চতুৰ্থ দিনঃ ৩৯.৮ লাখ।
  • পঞ্চম দিনঃ ৪৪.৫ লাখ।
  • ষষ্ঠ দিনঃ ৩৫.৫ লাখ।
  • সপ্তম দিনঃ ৩১.৪ লাখ।

তাৰ মাজতে ২০১৮ৰ ২৮ ছেপ্তেম্বৰত হলত মুক্তি পালে ৰীমা দাসৰ অস্কাৰৰ বিদেশী ভাষাৰ শিতানত মনোনয়ন লাভ কৰা ছবি 'ভিলেজ ৰকষ্টাৰ্ছে'। ধুনু নামৰ এগৰাকী কিশোৰী আৰু তাইৰ সপোনৰ আধাৰত নিৰ্মিত হৈছে ছবিখন। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কুৰিটামান বঁটা লাভ কৰিছিল ছবিখনে। কিন্তু হলত লাভ নকৰিলে দৰ্শকৰ সহাৰি। মাত্ৰ কেইদিনমানহে ছবিখন চলিলে। তাৰ পিছতে আহিল 'বুল বুল কেন চিং'। ৰীমা দাসৰ এইখন ছবি মুক্তি পাইছিল জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা' মুক্তি পোৱাৰ কেইদিনমানৰ পিছতে। প্ৰথম দুই এদিন হললৈ দৰ্শক গৈছিল যদিও দেশে- বিদেশে অজস্ৰ লোকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ছবিখন চাবৰ বাবে দৰ্শকৰ সংখ্যা একেবাৰে সেৰেঙা দেখিবলৈ পোৱা গৈছিল। পৰিতাপৰ কথা কাঞ্চনজংঘা আৰু বুল বুল কেন চিঙে মুক্তি পোৱাৰ দিনকেইটাত কোনো সংগঠনে আহ্বান জনাইছিল অসম বন্ধৰ। যাৰ বাবে অসুবিধাত পৰিছিল বহুতো চলচিত্ৰপ্ৰেমী।


বুল বুল কেন চিং…

এতিয়া ৰত্নাকৰৰ সময়। শদিয়াৰ পৰা ধুবুৰীৰ লৈকে সকলো লোকে মুখে মুখে লৈছে ৰত্নাকৰৰ নাম। ৰাজ্যৰ প্ৰায় সংখ্যক বিদ্যালয়-মহাবিদ্যালয়ৰ লৈকে প্ৰচাৰৰ বাবে টীম ৰত্নাকৰ গ'ল। অভিনেতা তথা প্ৰযোজক যতীন বৰা, প্ৰযোজিকা নৱনীতা শৰ্মা বৰা, অভিনেত্ৰী বৰষাৰাণী বিষয়া, নিশিতা গোস্বামী আৰু শিশু শিল্পী নৱাগত আশ্ৰমীকা শইকীয়াৰ অভিনয়ে সকলোকে মুহিছে। প্ৰচাৰ চলাবলৈকো আটাইকেইজন অভিনেতা তথা কলা-কুশলী গ'ল। কণমানি শিল্পী হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠৰ 'এটা কথা কোৱানা' গীতটোৱেও লাভ কৰিছে বিশেষ সহাৰি।

ৰত্নাকৰত একে সময়তে দুটাকৈ পেচাত ব্যস্ত হ'ব লগা হৈছে যতীন বৰা। অভিনেতা হোৱাৰ লগতে তেৱেই পৰিচালকো। 'অধিনায়ক' ছবিখনৰ পাছতে 'ৰত্নাকৰ' যতীন বৰাৰ দ্বিতীয়খন ছবি। প্ৰায় দুটা দশকৰ কোনো যদি সফল অসমৰ অভিনেতাৰ নাম সোধা হয় অধিকাংশ লোকৰ বাবেই তেওঁ যতীন বৰাৰ বাদে আন কোনো নহয়। বিভিন্ন ছবিত অভিনয় কৰিছে যতীন বৰাই। অভিনয়েৰে তেওঁ এক সুকীয়া স্থান লাভ কৰিছে সকলোৰে হৃদয়ত।

হলত ৰত্নাকৰ।

প্ৰথমবাৰৰ বাবে অসমীয়া ছবিজগতত যতীন বৰাই ভুমুকি মাৰিছিল ১৯৮৯ চনত। আব্দুল মজিদ পৰিচালিত ছবি "উত্তৰকাল"ৰ যোগেদি প্ৰথমবাৰৰ বাবে তেওঁ ভুমুকি মাৰিছিল। ২০০০চনত মুনীন বৰুৱাৰ দ্বাৰা পৰিচালিত ছবি "হিয়া দিয়া নিয়া"ৰ যোগেদি বিশেষ এক পৰিচিতি লাভ কৰিছিল শিল্পীগৰাকীয়ে। ইফালে তেওঁ প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ১৯৯৫ চনত। প্ৰদীপ গগৈ পৰিচালিত "আই কিল হিম ছাৰ" নামৰ ছবিখনত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তাৰ পিছত যতীন বৰা অভিনয়ৰ ক্ষেত্ৰত হৈ পৰিছিল এক অপ্ৰতিৰোধ্য চৰিত্ৰ।

যতীন বৰাই অভিনয় কৰা ছবিসমূহ হৈছেঃ উত্তৰকাল, আই কিল্ড হিম ছাৰ, কালসন্ধ্যা (হিন্দী), হিয়া দিয়া নিয়া, অহংকাৰ, তুমি মোৰ মাথোঁ মোৰ, দাগ, শেষ উপহাৰ, অন্য এক যাত্ৰা, কইনা মোৰ ধুনীয়া, এই মৰম তোমাৰ বাবে, নায়ক, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ দুটি পাৰ, কন্যাদান, প্ৰিয়া অ' প্ৰিয়া, ত্যাগ, মিঠা মিঠা লগনত, প্ৰেমগীত, অগ্নিসাক্ষী, প্ৰিয়া মিলন, বিধাতা, এয়াই জোনাকবিহীন জীৱন, জুমন সুমন, উজনীৰ দুজনী গাভৰু, হেঁপাহ, মা তুমি অনন্যা, জুয়ে পোৰা সোন, হৃদয় কঁপোৱা গান, বাৰুদ, কাদম্বৰী, ৰং, দীনবন্ধু, চুৰেন চোৰৰ পুতেক, চেনাই মোৰ ঢুলীয়া, অঘৰী আত্মা, অধিনায়ক, দেউতা দিয়া বিদায়, ধুনীয়া তিৰোতাবোৰ, ৰামধেনু, জানমণি, বান্ধোন, হিয়া দিবা কাক, জিলমিল জোনাক, দূৰদৰ্শন এটি যন্ত্ৰ, বহ্নিমান, নিজানৰ গান আৰু ৰত্নাকৰ ইত্যাদি।

যতীন বৰা।

ছবি নিৰ্মাতা হিচাপে সফল হৈ ৰাজ্যবাসীক ধন্যবাদ জনাইছে তেওঁ। পাহৰা নাই পুনৰ বিগ বাজেটৰ ছবি নিৰ্মাণৰ বাবে জুবিন গাৰ্গৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ কথা কবলৈ। 'মিছন চাইনা' আৰু 'কাঞ্চনজংঘা'ৰ পৰা সাহস পোৱাৰ কথা কৈ যতীন বৰাই কৈছে, 'নতুনকৈ আকৌ যতীন বৰাৰ জন্ম হোৱা যেন লাগিছে। একো ভবাই নাছিলো। হঠাৎ এনেকৈয়ে সকলো হৈ গৈছে। কষ্ট কৰিছিলো। ৰাইজৰ ওপৰত আস্থা ৰাখিছিলো। ৰাইজে আমাৰ আস্থাক সঁচাত পৰিণত কৰিলে। এইখিনি আমাৰ বাবে মৰমৰ বাদে আন একোৱে নহয়। মৰম আৰু সাহস দিছে ৰাইজে। আমি চিৰকৃতজ্ঞ, আমি প্ৰতিশ্ৰুতিবদ্ধ।' এইয়াই আজি যতীন বৰাৰ অনুভৱ। কথাবোৰ কওঁতে আৱেগিক হৈ পৰিছিল। চকুলোৰে আনন্দৰ বন্যা বৈ আহিছিল।

ৰত্নাকৰ…

পত্নী তথা প্ৰযোজিকা নৱনীতা শৰ্মা বৰাইয়ো কৈছিল ছবিখনৰ বাবে পোৱা মনৰ আনন্দৰ কথা। লগতে কৈছিল ৰাইজ ওলাই আহিছে। 'অসমীয়া ছবিৰ উদ্যোগটোক উদ্ধাৰ কৰাৰ বাবে ৰাইজে হাত উজান দিছে। যোৱা বছৰৰ ২২ অক্টোবৰত কাম আৰম্ভ হৈছিল ৰত্নাকৰৰ। দুৰ্গাপূজাৰ দুদিন পিছত কাম আৰম্ভ হৈছিল ছবিখনৰ। আৰু মুক্তিও দিয়া হৈছে দুৰ্গাপূজা শেষ হোৱাৰ দুদিন পিছত।' এনেকৈয়ে মিলি যায় কিছু কথা, যিদৰে 'মিছন চাইনা' আৰু 'কাঞ্চনজংঘা'ৰ দৰে ৰাইজে আদৰি লৈছে 'ৰত্মাকৰ'ক। যতীন বৰা ছবি নিৰ্মাতা হিচাপে সফল হৈছে। নৱনীতা শৰ্মা বৰাৰ মতে, 'মা দু্ৰ্গাৰ আশীৰ্বাদৰ বাবেই এইয়া সম্ভৱ হৈছে। প্ৰথম দিনা ঠেঙাল মেনৰত আৰম্ভ হৈছিল দৃশ্যগ্ৰহণ। আৰু তেনেকৈয়ে কাম আগবাঢ়িছিল। আজি সফল হ'ল সপোন।'


ৰত্নাকৰৰ প্ৰথম সপ্তাহৰ সময়সূচী।

ছবিখন চাই বহুলোকে ভাল মন্তব্য কৰিছে যদিও কোনো কোনো লোকে সমালোচনাও কৰিছে। ছবিখনৰ কাহিনী লিখিছে সকলোৰে পৰিচিত নাট্যকাৰ অভিজিত ভট্টাচাৰ্যই। বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে কাহিনী সুবহু আন ছবিৰ পৰা নকল কৰাৰ অভিযোগ উঠি আহিছে। সেই সুৰতে সুৰ মিলাই কিছু লোকে কৈছে 'ৰত্নাকৰ'ৰ কাহিনী 'থেৰী' নামৰ দক্ষিণৰ ছবিখনৰ পৰা নকল কৰা হৈছে। সেয়া অৱশ্যে যতীন বৰাই নস্যাৎ কৰিছে। তাৰ মাজতে কোনো লোকে কৈছে যতীন বৰাই নস্যাৎ কৰিলেও ছবিখনত দেখা পোৱা গৈছে 'থেৰী'ৰ কেইবাটাও দৃশ্য নকল কৰা। সেয়া যি কি নহওঁক পুনৰ থন ধৰি উঠিছে অসমীয়া ছবিজগত। বিতৰ্কৰ সূচনা কৰি উদ্যোগটোক শেষ কৰিবলৈ হ'লে দ্বিতীয়জন যতীন বৰা অথবা জুবিন গাৰ্গৰ হয়তো জন্ম নহবও পাৰে। গতিকে বিতৰ্কৰ সলনি সকলো লোকে আগবাঢ়ি অহাৰ প্ৰয়োজন আছে।

ছবিৰ লোকেশ্যন, কেমেৰাৰ কাম অথবা সম্পাদনা ইত্যাদি সমূহো উন্নত হোৱা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বাহিৰৰ বিভিন্ন স্থানত দৃশ্য গ্ৰহণ কৰা হৈছে। গীতত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গে। যাৰ সৈতে যতীন বৰাৰ কামৰ আছে সাদৃশ্য। ২০০০ চনৰ ঠিক পাছৰে পৰা মুক্তি পোৱা অধিকাংশ ছবিতে দেখিবলৈ পোৱা গৈছিল জুবিনৰ কণ্ঠৰ গীতত যতীন বৰাই অভিনয় কৰা। সেই সময়তে অসমীয়া ছবিজগতলৈ নামি আহিছিল ভাল দিন।

২০১১চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল ছবি 'ৰামধেনু'ৱে। সফল হৈছিল ছবিখন। তাৰ পিছতে 'জানমণি' নামৰ চলচিত্ৰখনেও লাভ কৰিছিল দৰ্শকৰ সহাৰি। 'কাঞ্চনজংঘা', 'মিছন চাইনা'ৰ পৰা যতীন বৰাৰ 'ৰত্নাকৰ' মুক্তি পোৱাৰ লৈকে অৱশ্যে একাংশ যুৱকক দেখিবলৈ পোৱা গৈছে উশৃংখল ৰূপত। কাৰণ তিনিওখন ছবিয়ে হলত চাই ভিডিঅ' কৰি আটক হৈছে কেইবাজনো যুৱক। এইয়াই দিন। অভিনেতাগৰাকীৰ প্ৰতি ভালপোৱাৰ বাবেই হওক বা আন কাৰণতে হওক চাইবাৰ অপৰাধ কৰি ৰঙাচকুৰ সন্মুখীন হৈছে এইসকল যুৱক। এনে দুই এক ঘটনা সংঘটিত হ'লেও অসমীয়া ছবিজগতলৈ যে ভালদিন আহিছে সেই কথা সকলোৱে একেমুখে স্বীকাৰ কৰিছে।

https://www.facebook.com/bora.jatin/videos/514817826007645/

ছবিখনৰ প্ৰিমিয়াৰৰ দিনাও সকলো লোককে বিশেষকৈ আকৰ্ষণ কৰিছিল মাদাৰ বৃদ্ধাৱাসৰ আইতাসকলে। কাৰণ যতীন বৰাই কাহানিও ছবি চাবৰ বাবে সুযোগ লাভ নকৰা বৃদ্ধাৱাসৰ আইতাসকলক তেওঁৰ ছবি 'ৰত্নাকৰ' চাবৰ বাবে সুযোগ দিছিল। ছবিৰ লগতে ১০খনৰো অধিক থিয়েটাৰতো যতীন বৰাই অভিনয় কৰিছে। গতিকে যতীন বৰাৰ ৰত্নাকৰে আনক অসমীয়া ছবিজগতৰ বাবে সুখৰ বতৰা। পুনৰ লগ হওক যতীন-জুবিনৰ যুটি। ৰাইজক উপহাৰ দিয়ক ইখনৰ পিছত সিখন ছবি। আকৌ হ'ব আমাৰ ছবি উদ্যোগ নদন-বদন। এসপ্তাহ অথবা ৩ দিন নহয়, এমাহৰ বাবে অগ্ৰিম বিক্ৰী হওঁক প্ৰত্যেকখন অসমীয়া ছবিৰ টিকট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in