মাঘ বিহুৰ পূৰ্বে হ’ব লাগিব পঞ্চায়ত নিৰ্বাচন! ক্ষমতা নে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ?

মাঘ বিহুৰ পূৰ্বে হ’ব লাগিব পঞ্চায়ত নিৰ্বাচন! ক্ষমতা নে দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ?

► মৃদুল কুমাৰ সন্দিকৈ

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সময়ত তেওঁৰ এখন পাটি চাইকেল লৈ মানুহৰ ঘৰে ঘৰে ভোট ভিক্ষা কৰিছিল। গাঁওখনৰ মানুহৰ বাবে তেওঁ এখন চিনাকি মুখ। বিপদে-আপদে তেওঁ প্ৰায়ে উপস্থিত হয়গৈ। অঞ্চলটোত তেওঁ সৰবৰহী যুৱক হিচাপে পৰিচিত আছিল। বাটে-পথে মানুহ দেখিলে মিঠা হাঁহিটো মাৰি কুশল বাৰ্তা সুধিছিল। নিৰ্বাচনত জয়ী হোৱাৰ সূত্ৰে তেওঁৰ ব্যস্ততা বাঢ়িল। এয়া প্ৰায় ৫ বছৰৰ আগৰ কথা। এতিয়া তেওঁৰ সেই ভাবমূৰ্তি নাই। মানুহৰ ঘৰলৈ তেওঁ যাবলৈ আহৰি নাপায়। মানুহ আহে তেওঁৰ কাষলৈ।

আগৰদৰে তেওঁ হাঁহি-মাতি কথা নাপাতে। কথা পাতিলেও যেন হিচাপ কৰিহে তেওঁ কথা কয়। পৰিৱৰ্তন তেওঁৰ বহুত হৈছে। খেৰৰ ঘৰটো তেওঁ তিনিমহলীয়া কৰিলে। চাৰিওফালে পকী ৱাল। ঘৰৰ সন্মুখত ৩-৪খন গাড়ী। লগ কৰো বুলিলেই এতিয়া তেওঁক কোনেও লগ কৰিব নোৱাৰে। গাঁৱৰ সেই সহজ-সৰল মানুহবোৰৰ বাবে তেওঁ অচিনাকি হৈ পৰিল। তেওঁৰ এই পৰিৱৰ্তনৰ কাৰণ কিন্তু পঞ্চায়ত নিৰ্বাচন। জিলা পৰিষদৰ নিৰ্বাচনত তেওঁ অৱতীৰ্ণ হৈছিল। জয়ী হৈ অঞ্চলটোৰ কাম কৰিব বুলি মানুহে ভোট দিছিল। কাম তেওঁ কৰিলে। মানুহৰ নহয়, নিজৰ।

এইটো এক কাল্পনিক কাহিনী হ'লেও সত্যৰ ওপৰত আৰোপিত এখন ছবি। তেনে বহু সঁচা কাহিনী আছে। নগাঁও জিলা পৰিষদৰ প্ৰাক্তন উপ সভানেত্ৰী ৰেণুমাই টেৰনপি অলপতে আৰক্ষীৰ জালত পৰিল। ২০১৮ৰ ২৩ আগষ্টত গুৱাহাটীৰ পৰা যোৱা এটা আৰক্ষীৰ দলে ৰেণুমাই টেৰনপিৰ কামপুৰ চাইবক গাঁৱত থকা বাসগৃহত অভিযান চলাইছিল। অভিযানকাৰী দলটোৱে বাসগৃহটোৰ পৰা বৃহৎ পৰিমানৰ সূতা, কম্বল, স্কুল বেগ আদি জব্দ কৰিছিল সেইদিনা।

অকৃত্বশীলভাবে চৰকাৰী আঁচনিৰ বৃহৎ পৰিমানৰ সামগ্ৰী মজুত কৰি ৰাখিছিল তেওঁ। এই অভিযোগ টেৰনপিৰ বিৰুদ্ধে চানমাৰি আৰক্ষী থানাৰ লগতে গুৱাহাটীৰ কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছিল। আৰক্ষীয়ে অভিযান চলোৱা সময়ৰ পৰাই তেওঁ আত্মগোপন কৰিছিল। আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেৰনপিক কাৰ্বি আংলং জিলাৰ পৰা কৰায়ত্ত কৰিলে কিছুদিনৰ পূৰ্বে।

অভিযোগ মতে ২০১২-১৩,২০১৩-১৪ আৰু ২০১৪-১৫ এই বিত্তীয় বৰ্ষ কেইটাত সূতা ক্ৰয়ৰ নামত ৬ কোটিৰো অধিক ধন ব্যয় কৰা হৈছিল। সেই সূতা কোনো হিতাধিকাৰীয়ে লাভ নকৰিলে। এই ধনৰ সিংহভাগ পৰিষদৰো উপাধ্যক্ষৰ দায়িত্বত থকা অৱস্থাত ৰেণুমাই টেৰনপি আৰু তেওঁৰ সহযোগী সকলে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

একেদৰে ৰংগমঞ্চ নিৰ্মাণৰ নামত প্ৰায় ৮০ লাখ টকা,ৰাজহুৱা ভবন নিৰ্মাণৰ নামত ১ কোটিৰো অধিক ধন টেৰনপিয়ে লুণ্ঠন কৰাৰ অভিযোগ উঠিছিল। সেই দুৰ্নীতিৰ পৰা ৰক্ষা পাবলৈ কংগ্ৰেছ এৰি টেৰনপিয়ে দুবছৰ পূৰ্বে বিজেপিতো যোগদান কৰিছিল।

পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে জয়ী হৈ অহা এগৰাকী প্ৰতিনিধিৰ কাণ্ড আছিল এয়া। এনে বহু কাহিনী আছে, এনে বহু দুৰ্নীতিৰ অভিযোগেৰে ৰাজ্য ভৰি আছে। ৰাইজৰ ক্ষোভ আছে বহু। ৰাইজৰ কাম কৰিম বুলি নিৰ্বাচিত হৈ অহা সকলে কেৱল দুৰ্নীতিহে কৰিলে। সেয়েহে এতিয়া থানাই থানাই পৰি আছে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এনে বহু দুৰ্নীতিৰ গোচৰ। তাৰ প্ৰমাণ এইখন এজাহাৰ।

পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দিয়া এজাহাৰ
পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে দিয়া এজাহাৰ

কোনো নিৰ্দিষ্ট ঠাইত নহয়, সৰ্বত্ৰে এই দুৰ্নীতিৰ অভিযোগ। ডিমৌৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীক আই এ ৱাই গৃহ আৱণ্টনত দুৰ্নীতি সংঘটিত কৰাৰ বাবে ২০১০চনত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ আছিল গোহাঁইপুখুৰী পঞ্চায়তৰ সভানেত্ৰী। একেদৰে বঙাইগাঁৱৰ ডাঙাইগাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধেও দুৰ্নীতিৰ অভিযোগ উঠিছিল। মাণিকপুৰ থানাত ৰুজু হোৱা ২৩২/১৮ নং গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

এদিন বিৰোধীৰ আসনত আছিল এতিয়া শাসকীয় দল বিজেপি। পঞ্চায়তে পঞ্চায়তে সংঘটিত এই দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈছিল এই দলটো। আনকি সেই দুৰ্নীতিক লৈ তৃণমূল পৰ্যায়ত ভোটাৰৰ মাজত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। যাৰ বাবে কংগ্ৰেছৰ হাতৰ পৰা শাসনৰ বাঘজৰী কাঢ়ি ল'বলৈ বিজেপিয়ে এক সুযোগ লাভ কৰিছিল। কেৱল যে তৃণমূল পৰ্যায়ৰ পঞ্চায়তৰ প্ৰতিনিধিয়ে দুৰ্নীতি কৰিছিল তেনে নহয়। সেই দুৰ্নীতি পৰ্যায়ে পৰ্যায়ে মন্ত্ৰীলৈকে বিয়পি আছিল। ক্ষমতা বিকেন্দ্ৰীকৰণৰ যোগেৰে উন্নয়নৰ সপোন দেখা এই প্ৰচেষ্টা হৈ পৰিছিল দুৰ্নীতি বিকেন্দ্ৰীকৰণ সদৃশ।

পঞ্চায়তত সংঘটিত হৈছে ইটোৰ পাছত সিটো দুৰ্নীতি, অভিযোগ বিজেপিৰ
পঞ্চায়তত সংঘটিত হৈছে ইটোৰ পাছত সিটো দুৰ্নীতি, অভিযোগ বিজেপিৰ

এই দুৰ্নীতিৰ বিৰুদ্ধে শাসনলৈ অহাৰ পাছতেই অধিক সৰৱ হৈছিল বিজেপি। কংগ্ৰেছৰ ১০ বছৰীয়া শাসনকালত পঞ্চায়ত পৰ্যায়ত বিভিন্ন আঁচনি ৰূপায়নৰ বাবে যোৱা ধনৰ সিংহভাগ কামৰ অবিহনেই আত্মসাৎ কৰাৰ অভিযোগ নতুন বা মিছা নহয় বুলি ইতিমধ্যে প্ৰমাণিত হৈছে বহু ক্ষেত্ৰত।

পঞ্চায়তীৰাজ, এক সপোন আছিল ভাৰতবৰ্ষৰ জনতাৰ বাবে। গ্ৰাম্যাঞ্চলত বাস কৰা লোকসকলৰ উন্নয়নৰ কাম প্ৰত্যক্ষভাৱে কৰাৰ লক্ষ্যৰে এই শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। মহাত্মা গান্ধীয়ে পঞ্চায়তীৰাজৰ পৰামৰ্শ দিছিল। সকলো গাঁৱৰ ৰাইজে যাতে এই শাসন ব্যৱস্থাৰ জৰিয়তে যাতে সমান সুবিধা লাভ কৰে তাৰ বাবে গ্ৰাম স্বৰাজ অভিযান আৰম্ভ কৰিছিল। ১৯৯২চনত নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তে এই গাঁও পঞ্চায়ত গঠন আৰু পৰ্যায়ক্ৰমে তিনি স্তৰীয় শাসন ব্যৱস্থাৰ দ্বাৰা গাঁৱৰ লোকসকলকৰ দ্বাৰা পৰিচালিত এক ব্যৱস্থাৰ জৰিয়তে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সংবিধানৰ ৭৩ সংখ্যক সংশোধন কৰা হৈছিল।

ভাৰতত প্ৰথম পঞ্চায়তীৰাজ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজস্থানে। নাগৌৰ জিলাত ১৯৫৯চনৰ ২ অক্টোবৰত এই ব্যৱস্থা প্ৰচলন কৰা হৈছিল। পৰ্যায়ক্ৰমে এই শাসন ব্যৱস্থা অন্ধ্ৰপ্ৰদেশ,মহাৰাষ্ট্ৰ আদি ৰাজ্যই গ্ৰহণ কৰিছিল। 'দ্য কনষ্টিচুৱেন'ল (৭৩ এমেন্ডমেন্ট) এক্ট, ১৯৯২ গ্ৰহণ হোৱাৰ পাছতেই দেশজুৰি এই শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

অসমতো তেনেদৰেই পঞ্চায়তীৰাজৰ আগমন ঘটিছিল। গাঁৱৰ ৰাইজে ভাবিছিল তেওঁলোকৰ হাতলৈ তেওঁলোকৰ শাসন ঘূৰি আহিছে। অসমত প্ৰথম পঞ্চায়তীৰাজ আইন ১৯৮৬ চনতেই গ্ৰহণ কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে সংবিধান সংশোধনৰ জৰিয়তে ১৯৯২চনত প্ৰতিষ্ঠা কৰা পঞ্চায়তীৰাজ ব্যৱস্থাৰ আধাৰত এই আইন ১৯৯৪চনত পুনৰ নতুনকৈ সংশোধিত ৰূপত গ্ৰহণ কৰা হয়। তাৰ পাছৰ পৰাই ৰাজ্যত পঞ্চায়তীৰাজৰ শুভাৰম্ভ হৈছিল। এই শাসন ব্যৱস্থাৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সৎ।

প্ৰথম অৱস্থাত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিশেষ প্ৰভাৱ পৰা নাছিল। কিন্তু যেতিয়া ইয়াৰ জৰিয়তে চৰকাৰী আঁচনিসমূহ ৰূপায়নেৰে গ্ৰামোন্নয়নৰ শিতানত ধন আৱণ্টন হ'ল, তাৰপাছৰ পৰাই পঞ্চায়তীৰাজ সোণৰ কণী পৰা হাঁহ হ'ল বহুতৰ বাবে। অগপৰ শাসনকালত বিভিন্ন কাৰণত এই আইন অনুসৰি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল। ১৯৯৭চনৰ পাছত ১৯৯৮চনত বান আৰু আইন শৃংখলাৰ সমস্যাৰ দোহাই দি নিৰ্বাচন অনুষ্ঠিত নকৰিলে অগপই। ২০০০চনত লোকপিয়লৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাতো সম্ভৱ হোৱা নাছিল।  তাৰ পৰৱৰ্তী সময়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ল। অন্তিম বাৰৰ বাবে ২০১৩চনত ৩টা পৰ্যায়ত ক্ৰমে ৩০জানুৱাৰী, ৬ ফেব্ৰুৱাৰী আৰু ১২ ফেব্ৰুৱাৰীত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৪২০খন জিলা পৰিষদ, ২২০২খন আঞ্চলিক পৰিষদৰ লগতে ২২,০২০খন গাঁও পঞ্চায়তৰ সভাপতি তথা গাঁও পঞ্চায়তৰ সদস্যৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল।

২০১৮চনত এই গাঁও পঞ্চায়তৰ কাৰ্যকাল অন্ত পৰে। কিন্তু তাৰ পাছত নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। মাজে মাজে খবৰ আহে- গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু সেই প্ৰক্ৰিয়া সম্ভৱ হৈ নুঠিল। তাৰ মাজতে কাৰ্যকাল শেষ হোৱাৰ পাছত পঞ্চায়তৰ প্ৰতিনিধিসকলৰ সময়সীমা বৃদ্ধিৰ বাবে আদালতৰ কাষ চপা হৈছিল যদিও, সেয়া নাকচ কৰি ২০১৮ৰ ১৭ ছেপ্টেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়ে চৰকাৰক নিৰ্দেশ দিছিল। সেই সময়ত দুখন পৃথক পৃথক শপতনামাযোগে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ক্ৰমে ৩ মাহ আৰু ৪ মাহ সময় বিচাৰিছিল।

এই সময়সীমা উকলি যোৱাৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বনে? সেই প্ৰশ্ন উত্থাপন হোৱাৰ সময়তে ৯ অক্টোবৰ, ২০১৮ত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ নিৰ্দেশ দিলে। সেই অনুসৰি ৰাজ্য চৰকাৰে ২০১৯চনৰ ১৫ জানুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। অৰ্থাৎ মাঘ বিহুৰ আগে আগে সম্পূৰ্ণ হ'ব লাগিব পঞ্চায়ত নিৰ্বাচন।

গ্ৰামোন্নয়নৰ বাবে চৰকাৰে কোটি কোটি টকাৰ আঁচনি ঘোষণা কৰে। সেই আঁচনিবোৰ ৰূপায়ন হয় পঞ্চায়তৰ প্ৰতিনিধি তথা চৰকাৰৰ প্ৰতিনিধিৰ জৰিয়তে। কিন্তু এতিয়া কাৰ্যকাল শেষ হোৱাৰ পাছত এই আঁচনি সমূহ ৰূপায়নৰ ক্ষেত্ৰত যথেষ্ট সমস্যাই দেখা দিছে। এনে পৰ্যায় পাইছেগৈ যে, আঁচনিৰ বাবে দিয়া ধন পৰি আছে, কিন্তু ইয়াক ৰূপায়ন কৰিব পৰা হোৱা নাই। কংগ্ৰেছৰ আমোলত এই ধনৰ অপব্যৱহাৰ এনেদৰে হৈছিল যে- বহু কামৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট পৰ্যন্ত দিব পৰা নাই আজিও। যাৰ বাবে বহু আঁচনিৰ ধন কেন্দ্ৰই মুকলি কৰি নিদিয়া খবৰে বাতৰিৰ শিৰোনাম দখল কৰে।

কংগ্ৰেছৰ আমোলত ক্ষমতা বিকেন্দ্ৰীকৰণৰ নামত পঞ্চায়তৰ জৰিয়তে যি দুৰ্নীতি সংঘটিত হৈছিল সেই দুৰ্নীতি প্ৰতিৰোধ কৰিবলৈ হ'লে কেৱল পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰিলেই নহ'ব। ইয়াৰ লগতে এই শাসন ব্যৱস্থাৰ এক সামুহিক সংস্কাৰৰ প্ৰয়োজন আছে। এই দিশবোৰৰ প্ৰতি কিন্তু আজিও চৰকাৰ উদাস।

কোন পঞ্চায়তত কি হৈছে সেয়া কোনেও নাজানে। তদন্ত কৰিলে কম-বেছি পৰিমাণে প্ৰতিখন পঞ্চায়ততে দুৰ্নীতিৰ প্ৰমাণ পোৱা যাব। কংগ্ৰেছৰ পৃষ্ঠপোষকতাত হোৱা সেই দুৰ্নীতি প্ৰতিৰোধ কৰিব নোৱাৰিলে গ্ৰামোন্নয়নৰ সপোন সপোন হৈয়ে ৰ'ব এই চৰকাৰৰ বাবেও।

ইফালে, ৰাজনীতিৰ দিশতো পঞ্চায়ত নিৰ্বাচনৰ এক গুৰুত্ব আছে। গ্ৰামাঞ্চলৰ ভোটাৰসকলে সামুহিকভাৱে চৰকাৰখনৰ প্ৰতি থকা আস্থা আৰু সমৰ্থন প্ৰতিফলিত কৰিব এই নিৰ্বাচনৰ জৰিয়তে। শেহতীয়াকৈ এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক তথা আন কিছু প্ৰসংগক লৈ চৰকাৰৰ প্ৰতি গ্ৰামাঞ্চলৰ লোকসকলৰ ভাল ভাব নথকা কথাতো শাসকীয় দলটোৱেও অনুভৱ কৰে। সেয়েহে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই অগ্নি পৰীক্ষাত নামিবলৈ তেওঁলোকে বিচৰা নাছিল। বিজেপিৰ সৈতে শাসনত থকা বিপিএফে ইতিমধ্যে ঘোষণা কৰিছে- পঞ্চায়ত নিৰ্বাচনত তেওঁলোক শাসকীয় দলটোৰ পক্ষত নাই। অগপই অকলেই পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত প্ৰায় লৈছে।

এই প্ৰেক্ষাপটত পঞ্চায়ত নিৰ্বাচন বিজেপিৰ বাবে এক পৰীক্ষা সদৃশ। সমান্তৰালভাৱে গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে পঞ্চায়ত নিৰ্বাচনে কি পৰিৱৰ্তন সাধিব সেয়াও চিন্তনীয় বিষয় হৈ পৰিছে। কিন্তু সাংবিধানিক নিয়ম অনুসৰি সময়মতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাতো চৰকাৰৰ দায়িত্ব। সেই দায়িত্বৰ কথা ন্যায়ালয়ে আঙুলিয়াই দিছে ইতিমধ্যে। অৱশ্যে ক্ষমতা বিকেন্দ্ৰীকৰণৰ নামত এয়া দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ নহওঁক তাৰ প্ৰতিও লক্ষ্য ৰখাৰ দায়িত্বও নিশ্চয় চৰকাৰৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in