মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক…

মৃত্যু নহয়! বন বিভাগে হত্যা কৰিলে কৃষ্ণক…

মৃদুল কুমাৰ সন্দিকৈ

'কৃষ্ণ' এতিয়া চৰ্চাত। লাডেন ওৰফে কৃষ্ণক লৈ প্ৰথমে চৰ্চা হৈছিল এই বনৰীয়া হাতীটোৱে গোৱালপাৰাৰ ৰংজুলি অঞ্চলত সন্ত্ৰাস চলাইছিল। স্থানীয় লোকসকলে সেই হাতীটোৰ সন্ত্ৰাসৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰিবলৈ বন বিভাগত আবেদন নিবেদন কৰিছিল।

একেদিনাই ৫জনকৈ লোকক হত্যা কৰাৰ পিছত সেই দাবী আৰু তীব্ৰতৰ হৈছিল। বন বিভাগৰ লোকে অঞ্চলটোত হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ পাছত সেই ব্যৰ্থতাৰ দায়িত্ব কেতিয়াও ল'ব খোজা নাছিল।

ৰাজ্যত হাতী-মানুহৰ সংঘাত দীৰ্ঘদিন ধৰি চলি আহিছে। দুদিনৰ পূৰ্বে আমনিত বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে আৱিৰ্ভাৱ হোৱা হাতীক লৈ সৃষ্টি হৈছিল সংশয়ৰ। শ্ৰেণীকোঠাত আবদ্ধ কৰি থব লগা হৈছিল কণ কণ ছাত্ৰ-ছাত্ৰীক।

হঠাৎ হাতী দেখি ভয়তে যোগেন্দ্ৰ ভূমিজ নামৰ এজন কিশোৰৰ মৃ্ত্যু হৈছিল। সেইদিনাই চৰ্চালৈ আহিছিল এক ভিডিঅ'। নুমলীগড়ৰ তেল শোধানাগাৰ টাউন শ্বিপত সোমাইছিল বনৰীয়া হাতী। বনৰীয়া হাতীৰ আক্ৰমণৰ ঘটনা, বনৰীয়া হাতীৰ মৃত্যু আদি খবৰবোৰৰ মাজতেই গোৱালপাৰাৰ ৰংজুলিত লাডেনক কৰায়ত্ব কৰাত অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস কাঢ়িছিল।

কাৰোবাৰ মতে লাডেন, আন কাৰোবাৰ মতে কৃষ্ণক কৰায়ত্ব কৰি ওৰাঙলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰালৈকে এই হাতীটোৰ কৰায়ত্ব কৰাত সহযোগ কৰাৰ বাবে ৰাইজে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক প্ৰশংসাৰে উপচাই পেলাইছিল। দীৰ্ঘদিন ধৰি হাতীৰ সৈতে পৰিয়ালটোৰ সম্পৰ্ক থকাৰ সূত্ৰে হাতীৰ সন্দৰ্ভত যথেষ্ট অভিজ্ঞ পদ্ম হাজৰিকাই চিকিৎসক আৰু বন বিভাগৰ বিষয়া-কৰ্মীৰ উপস্থিতিত হাতীটোক কৰায়ত্ব কৰাত সফল হৈছিল।

লাডেনক এনেদৰে স্থানান্তকৰণ কৰা হৈছিল ওৰাঙলৈ

ৰাইজৰ অনুৰোধ, বন বিভাগক পদ্ম হাজৰিকাই কৰা এই সহযোগ আৰু বনৰীয়া হাতীটোক কৰায়ত্ব কৰাত সফলতা কেৱল এক সাধাৰণ বিষয় হৈ নাথাকিল। ইয়াৰ কৃতিত্বৰ দাবী খোদ বন মন্ত্ৰীয়ে সংবাদ মেল পাতি নিজেই লোৱাৰ লগতে বন বিভাগক দিয়াৰ চেষ্টাও কৰিলে।

নিৰপেক্ষভাৱে সমগ্ৰ ঘটনাৰাজি পৰ্য্যালোচনা কৰিলে দেখা যায়, লাডেন বা কৃষ্ণ নামৰ এই হাতীটোক লৈ হোৱা চৰ্চা আৰু তাৰ অন্তৰালত আন কিছু ৰাজনৈতিক দৃষ্টিকোণ লুকাই আছিল। বিশেষকৈ এই ঘটনাৰ আলম লৈ এচামে ৰাইজৰ উপকাৰ কৰিবলৈ অহা পদ্ম হাজৰিকাকে যেন বিচাৰৰ কাঠগড়াত উঠাবলৈ অপেক্ষা কৰি আছিল।

ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশিক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হাতীটোৰ্ খবৰ ল'বলৈ পৰৱৰ্তী সময়ত পদ্ম হাজৰিকা নিজেও গৈ হাতীটোৰ স্বাস্থ্য আৰু আন দিশ তদাৰক কৰিছিল। মৃত্যুৰ দুদিনৰ আগলৈকে হাতীটোৱে স্বাভাৱিকভাৱে খাদ্য গ্ৰহণ কৰিছিল বন বিভাগৰ সূত্ৰত প্ৰকাশ।

ওৰাঙলৈ স্থানান্তৰিত কৰাৰ মুহূৰ্তৰ এক দৃশ্য

গোৱালপাৰাৰ ৰংজুলিত ধৰা হাতীটোৰ গাত আঘাতৰ চিন আছিল বুলিও এক পক্ষই দাবী কৰিব খোজে। কিন্তু বন বিভাগে ১৭ নৱেম্বৰ, ২০১৯ৰ পুৱা ৫.৪০ বজাত মৃত্যু হোৱা হাতীটোৰ সন্দৰ্ভত প্ৰাথমিক তদন্তৰ যি মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ আধাৰত আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তাত হাতীটোৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ কথা কোৱা হৈছে।

মঙলদৈ বন সংমণ্ডলৰ পৰা জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে ১১ নৱেম্বৰ, ২০১৯ত কন্যাকুছি সংৰক্ষিত বনাঞ্চলৰ পৰা কৰায়ত্ব কৰা এই হাতীটোৰ দেহৰ বিভিন্ন স্থানত আঘাতৰ চিন আছিল। হাতীটোক ১৩ নৱেম্বৰ, ২০১৯ত প্ৰশিক্ষিত কৰিবলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত থকা প্ৰশিক্ষণ কেন্দ্ৰলৈ নিয়া হৈছিল।

কৃষ্ণ ওৰফে লাডেনক কৰায়ত্ব কৰাৰ পিছত চাবলৈ এনেদৰে ভিৰ লাগিছি গোৱালপাৰাত

হাতীটোৰ স্বাস্থ্য তথা আন যত্ন লোৱাত বন বিভাগৰ লোকে কোনো কৃপণালি কৰা নাছিল বুলিও এই প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰা হৈছে। হাতীটোৰ মৃত্যুৰ পাছত বিশেষজ্ঞ পশু চিকিৎসকৰে গঠিত এটা দলে ইয়াৰ মৰোণোত্তৰ পৰীক্ষাৰ অন্তত হৃদৰোগত আক্ৰান্ত হৈ হাতীটোৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে।

মৃত এই হাতীটোৰ উচ্চতা আছিল- ৩.১৫ মিটাৰ। ৩ মিটাৰ দৈৰ্ঘ্যৰ এই হাতীটোৰ ওজন আছিল ৫৫০০ কিলোগ্ৰাম। ইতিমধ্যে এই হাতীটো এই প্ৰশিক্ষণ কেন্দ্ৰৰ সমীপতে পোতাৰ ব্যৱস্থা কৰে বন বিভাগে। ইয়াৰ পূৰ্বে হাতীটোৰ মৃত্যুৰ পৰৱৰ্তী তদন্তৰ বাবে তেজ আৰু দেহৰ অন্যান্য অংগৰ নমুনা চিকিৎসকৰ দলে সংগ্ৰহ কৰে।

এই হাতীটোক কৰায়ত্ব কৰি দিয়ালৈকেহে দায়িত্ব আছিল পদ্ম হাজৰিকাৰ। ইয়াৰ পাছত হাতীটোক ক'লৈ নিয়া হ'ব, কেনেদৰে চিকিৎসা কৰা হ'ব সেই সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ দায়িত্ব বন বিভাগৰ আছিল। বন বিভাগৰ লোকে হাতীটোৰ মৃত্যুৰ পাছত এই কথা সদৰী কৰিছে যে প্ৰাপ্তবয়স্ক হাতীৰ প্ৰশিক্ষণৰ ব্যৱস্থা এই কেন্দ্ৰটোত থাকিলেও ৩৫ বছৰীয়া এটা হাতীক প্ৰশিক্ষণ কৰাৰ অভিজ্ঞতা তেওঁলোকৰ নাছিল।

এনে অভিযোগো উঠিছে, বন বিভাগৰ গাফিলতিৰ বাবে হাতীটোক একাধিক বাৰ ট্ৰেংকুলাইজ কৰা হৈছিল। এই সন্দৰ্ভত বন বিভাগ তথা পশু চিকিৎসকৰ মতামত এয়ে যে তেনে হোৱা হ'লে হাতীটোৰ পূৰ্বতেই মৃত্যু হ'লহেঁতেন।

কৃষ্ণ বা লাডেনৰ এই মৃত্যুৰ বাবে বন বিভাগৰ লোকেই জগৰীয়া হ'ব। কিয়নো হাতীটোক কৰায়ত্ব কৰাৰ পাছত হাতীটোক স্থানান্তৰিত কৰিবলৈ বন বিভাগৰ উদ্যোগত গ্ৰহণ কৰা ব্যৱস্থাক লৈ বহু প্ৰকৃতিপ্ৰেমী সংগঠন ক্ষুণ্ণ হৈ পৰিছিল।

বন বিভাগৰ উচ্চ পদস্থ বিষয়াই মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰা চিকিৎসকৰ উদ্ধৃতিৰে এই কথা কৈছে যে হাতীটোৰ হৃদযন্ত্ৰত ৪-৫ লিটাৰ মান তেজ জমা হৈ আছিল। যিটো সাধাৰণতে থাকিব নালাগে। চিকিৎসকে সেয়ে অনুমান কৰিছে- হৃদজনিত ৰোগত মৃত্যু হোৱাৰ বাবেই হাতীটোৰ হৃদযন্ত্ৰত তেজ জমা হৈছিল।

ট্ৰেংকুলাইজ কৰাৰ পাছত এনেদৰে কৃষ্ণ ওৰফে লাডেন

বন বিভাগে বাৰে বাৰে এটা কথাই ক'ব বিচাৰে যে বন বিভাগে এই হাতীটোৰ ক্ষেত্ৰত কোনো গাফিলতি কৰা নাই। কিন্তু সংবাদ মাধ্যমক এপিচিচিএফ মহেন্দ্ৰ কুমাৰ যাদৱে কয় যে যদি সোনকালে লামডিং বা ওৰাঙলৈ হাতীটো আনিব পৰা গ'লহেঁতেন, তেনেহ'লে কাহিনী বেলেগ হ'লহেঁতেন। বন বিষয়াগৰাকীয়ে এই কথা ক'ব বিচাৰে যে হাতীটোক স্থানান্তৰিত কৰাত পলম হোৱাৰ বাবেই এনে ঘটনা হ'ব পাৰিলে। যদি সেয়াই হয়, তেনেহ'লে সেই ব্যৱস্থা কোনে কৰিব লাগিছিল?

পদ্ম হাজৰিকাই লাডেন ওৰফে কৃষ্ণৰ সন্ত্ৰাসৰ পৰা গোৱালপাৰাৰ ৰাইজক উদ্ধাৰ কৰিবলৈ যোৱাৰ এই প্ৰচেষ্টাৰ যে ব্যৱহাৰিক দিশত হাতী-মানুহৰ সংঘাতৰ সমাধানৰ যে একমাত্ৰ পথ নহয়, সেই কথা আমি পূৰ্বতে এক লেখাত উল্লেখ কৰিছিলো। সাময়িকভাৱে এই বনৰীয়া হাতীটোক কৰায়ত্ব কৰাৰ বাবে অতি আন্তৰিকতাৰে পদ্ম হাজৰিকাই গৈছিল।

এগৰাকী ৰাজনীতিবিদ হিচাপে পদ্ম হাজৰিকাই জীৱনক বাজীত লগাই এই কাম কৰিছিল কেৱল সৰ্বসাধাৰণৰ স্বাৰ্থত। বৃক্কৰ সংৰোপন, দেহৰ ভিতৰত গুলী লৈও বনৰীয়া হাতী ধৰাৰ এই অভিযানত অংশ ল'বলৈ পদ্ম হাজৰিকাই যাওতে তেওঁক সহযোগ কৰিছিল বন বিভাগে। আন্তৰিকতা আৰু দায়বদ্ধতা নাথাকিলে কোনো এজন লোকে কেৱল ৰাজনৈতিক মাইলেজ লোৱাৰ স্বাৰ্থত এনে কাম নকৰে। সেই কথাও অনুধাৱন কৰা উচিত। অসুস্থ গাৰে পদ্ম হাজৰিকাই এই অভিযানত কেৱল নামিছিল মানুহৰ প্ৰতি থকা আন্তৰিকতা আৰু দায়বদ্ধতাৰ বাবে।

এতিয়া বনৰীয়া হাতীটোৰ মৃত্যুৰ পাছত কেৱল তেওঁক কাঠগড়াত উঠাইছে একাংশই। কিন্তু ইয়াৰ বাবে সামগ্ৰিকভাৱে জগৰীয়া ৰাজ্যৰ বন বিভাগ আৰু বন মন্ত্ৰী। বন মন্ত্ৰীয়ে হাতীটো কৰায়ত্ব কৰাৰ পাছত হাতীটো নিয়ন্ত্ৰণ কৰিবলৈ পদ্ম হাজৰিকাক মাতি নিয়া বুলি ৰাজহুৱা ভাৱে ঘোষণা কৰিছিল। যদি এয়াই সত্য, তেনেহ'লে বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত হাতীটোক কৰায়ত্ব কৰিবলৈ পদ্ম হাজৰিকাক অনুমতি দিয়াৰ সময়ত সেই সংশ্লিষ্ট দিশবোৰ বন বিভাগে চোৱা-চিতা কৰিব।

যদি অভিযোগ উঠাৰ দৰে তেনে কোনো নিয়ম ভংগ হৈছে, তেন্তে ইয়াৰ বাবে জবাবদিহী হ'ব লাগিব ৰাজ্যৰ বন বিভাগ। বনৰীয়া হাতীটোৰ প্ৰতি অতি সুক্ষ্মভাৱে প্ৰতিটো দিশ চালিজাৰি চাই পদ্ম হাজৰিকাই আনকি হাতীটোক কৰায়ত্ব কৰাৰ পাছত বান্ধিবলৈ মৰাপাতৰ ৰচী পৰ্যন্ত যোগাৰ কৰিছিল। আগতীয়াকৈ তেওঁ সেইবোৰ ব্যবস্থা কৰাৰ পাছতহে হাতীটো কৰায়ত্ব কৰিবলৈ গৈছিল।

লাডেনৰ সন্ধানত অভিযানৰ আৰম্ভণি আছিল এইদৰে

হাতীটো কৰায়ত্ব কৰাৰ পাছত হাতীটো কি কৰিব সেই সিদ্ধান্ত পদ্ম হাজৰিকাই ল'ব কেনেকৈ? সেই সিদ্ধান্ত আৰু পৰিকল্পনা বন বিভাগে লৈছিল। এতিয়া হাতীটোৰ মৃত্যুৰ পাছত ইয়াৰ বাবে পদ্ম হাজৰিকাক একাংশই জগৰীয়া কৰা দৃষ্টিগোচৰ হৈছে। কিন্তু ইয়াৰ সফলতা বা বিফলতাৰ দায়িত্ব বন বিভাগৰহে।

ৰাজনৈতিক কাৰণত এই কৃষ্ণ নামৰ হাতীটোৰ মৃত্যুক লৈ নানা চৰ্চা চলিছে। হাতীটোৰ মৃত্যুৰ পাছত বন বিভাগৰ লোকে কিহৰ বাবে হাতীটোক শেষ দৰ্শন কৰিবলৈ সংবাদ মাধ্যমক অনুমতি প্ৰদান নকৰিলে, সেয়াও এক ৰহস্যৰ বিষয়। চৰ্চাত থকা এই হাতীটোৰ মৃ্ত্যু হোৱা স্থানলৈ কোনো সংবাদ মাধ্যমৰ লোককে যাবলৈ দিয়া নহ'ল। আনকি বন বিভাগৰ উচ্চ পদস্থ বিষয়াক সংবাদ মাধ্যমে এই বিষয়ে প্ৰশ্ন কৰাত হাতযোৰ কৰি সেই প্ৰশ্ন এৰাই চলিলে।

যদি বনৰীয়া হাতী এটা কৰায়ত্ব কৰাৰ দৃশ্য বন বিভাগে সংবাদ মাধ্যমক মুকলিকৈ দিব পাৰে, তেন্তে মৃত হাতীটোৰ খবৰ সংগ্ৰহ কৰিবলৈ কিয় দিয়া নহ'ল? তাতোকৈ ডাঙৰ কথা, হাতীটোৰ মৃত্যুৰ পাছত ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ পশু চিকিৎসকৰ দ্বাৰা ইয়াৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ দাবী উত্থাপন হৈছিল।

হাতীটোৰ মৃত্যু সন্দৰ্ভত বন বিভাগে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তি

কিন্তু সেই দাবীক গুৰুত্ব দিয়াৰ বিপৰীতে সংবাদ মাধ্যম তথা সাধাৰণ লোকৰ পৰা আতৰত ৰাখি খৰখেদাকৈ হাতীটো পুতি থোৱাৰ ব্যৱস্থা কৰা হ'ল। বন বিভাগে যিমান নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰাৰ চেষ্টা নকৰক কিয়, এই কৃষ্ণ বা লাডেন নামৰ বনৰীয়া হাতীটোৰ দায়িত্ব প্ৰথমে বন বিভাগে ল'ব লাগিব।

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ভূমিকাও সমালোচনাৰ উৰ্ধ্বত নহয়। এই হাতীটোৰ মৃত্যুৰ পাছত সমষ্টিত সভা সমিতিত ব্যস্ত থকা বন মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰাত সভাত ব্যস্ত আছে বুলি সংবাদ মাধ্যমৰ পৰা আঁতৰত থকাৰ কাৰণ কি?

পদ্ম হাজৰিকাক হাতীটো কৰায়ত্ব কৰিবলৈ দায়িত্ব দিয়া বুলি প্ৰকাশ কৰা বন মন্ত্ৰীজনে এতিয়া হাতীটোৰ মৃত্যুৰ পাছত সেই দায়িত্বও স্বীকাৰ কৰি লোৱা উচিত। বৰ্তমান ৰাজ্যত বন বিভাগ এটা অকৰ্মণ্য বিভাগলৈ পৰিণত হৈছে। আনকি বন আৰু আবকাৰী বিভাগৰ দায়িত্বত থকা এইগৰাকী মন্ত্ৰীয়ে কোনো এটা বিভাগকে সুচাৰুৰূপে পৰিচালনা কৰাত সফল হোৱা যেন বোধ নহয়।

মহানগৰীত কৰ্মৰত বিষয়া-কৰ্মচাৰীক আন কোনো নেতাৰ ফৰমাইচ অনুসৰি নিযুক্তি দিয়াতহে তেওঁৰ দায়িত্ব শেষ হৈছে বুলিহে অভিযোগ উঠিছে। পদ্ম হাজৰিকাৰ ওপৰত দোষ জাপি দি বন বিভাগ এতিয়া ধুৱা তুলসীৰ পাত হ'বলৈ চেষ্টা কৰিলে নহ'ব।

ৰাজ্যত এফালৰ পৰা বন ধ্বংস অভিযান চলি আছে। হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হৈছে। তেনে পৰিস্থিতিত নিয়ম মাফিক বন মন্ত্ৰীৰ প্ৰয়োজন নাই ৰাজ্যত। কাৰ্যতঃ এই সমস্যাবোৰ উপলব্ধি কৰিব পৰা আৰু ব্যৱহাৰিকভাৱে বিভাগক লৈ তৎপৰ হ'ব পৰা মন্ত্ৰীৰ হে প্ৰয়োজন এতিয়া।

গভীৰ বনাঞ্চলত আশ্ৰয় লৈ থকা মুহূৰ্তত বন্যহস্তীটো

কাজিৰঙাত গঁড় হত্যা হ'লে কাজিৰঙাত গৈ উপস্থিত হোৱা পূৰ্বৰ বন মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ বন মন্ত্ৰীৰূপে সফলতা বা বিফলতা পিছৰ কথা, কিন্তু তেওঁ বিভাগটোৰ কাম-কাজক লৈ সক্ৰিয় আছিল। কিন্তু এতিয়াৰ বন মন্ত্ৰীয়ে সেই সক্ৰিয়তাৰ প্ৰমাণ দিবলৈ নোৱাৰাৰ বাবেই বন বিভাগটোৱেই এতিয়া নেতৃত্বহীন এটা বিভাগলৈ পৰিণত হৈছে।

হাতীটোক কৰায়ত্ব কৰোতে কৃতিত্বৰ ভাগ লোৱা বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কিয় কি পৰিস্থিতিত হাতীটোৰ মৃত্যু হ'ল, সেই খবৰ ল'বলৈ এবাৰ যাবলৈ আজৰি নাপালে। নে এইবোৰ বিষয়ৰ প্ৰতি তেওঁৰ উদাসীনতাই প্ৰমাণ কৰে যে এই বিভাগটোৰ চৰ্দাৰৰ ৰূপত তেওঁ কেৱল চকু মুদা কুলি হৈ বিষয়া-কৰ্মচাৰীয়ে যি কয় তাকে শুনি কোনোমতে বিভাগটো চলাই গৈছে।

কৃষ্ণৰ মৃত্যু হ'ল! যদি ইয়াৰ বাবে প্ৰাথমিক পৰ্যায়ত কাৰোবাক দায়ী কৰিব লাগে, তেন্তে সেয়া বন বিভাগ তথা বন মন্ত্ৰীক। বন ধ্বংসৰ অভিযান চলি আছে। বন বিভাগে এইবোৰ প্ৰতিৰোধ কৰিব পৰা নাই। হাতীৰ বাবে খাদ্যৰ অভাৱ। পাহাৰ বা আন বনাঞ্চলসমূহত হাতীৰ বাবে পৰ্যাপ্ত খাদ্যৰ আঁচনি গ্ৰহণ কৰাত ব্যৰ্থ হৈছে এই বিভাগটো।

কৃষ্ণ বা লাডেনক লৈ সফলতাৰ জয়গান গাব খোজা সকলে এতিয়া ইয়াৰ মৃত্যুৰ দায়িত্বও স্বীকাৰ কৰি লওক। এটা বিয়াগোম বিভাগে কোনো এজন লোকৰ মূৰত শিল ভাঙিলে নহ'ব। প্ৰথমে বন বিভাগে উত্তৰ দিয়ক, এই বনৰীয়া হাতীটোৰ স্থানান্তৰনত কিয় পলম হ'ল? এই হাতীটোৱে কিয় উপযুক্ত চিকিৎসা নাপালে? মৃত্যুৰ পাছত এই হাতীটোক কিয় সংবাদ মাধ্যমৰ লোকক চাবলৈ দিয়া নহ'ল? প্ৰশিক্ষণৰ নামত হাতীটোক অত্যাচাৰ কৰিছিল নেকি বন বিভাগৰ লোকে? কিয়নো বন বিভাগৰ উচ্চ পদস্থ বিষয়াই ক'ব খোজে- হাতীটোৰ গাত বহু আঘাতৰ চিন আছিল। সেইবোৰ কথা লুকুৱাবলৈ চেষ্টা কৰা বন বিভাগে এতিয়া ৰাইজৰ দৃষ্টিত প্ৰকৃত আচামী।অৱশ্যে পদ্ম হাজৰিকাও এগৰাকী জন প্ৰতিনিধি তেৱোঁ বন্যপ্ৰাণী আইন সম্পৰ্কীয় খুটি নাটি সকলো জানে বুলি আমাৰ ধাৰণা। কিন্তু ৰংজুলিৰ বন্যহস্তী কৃষ্ণক বশ কৰিবলৈ অভিযানত নমা হাজৰিকাই ইয়াৰ স্থানান্তৰকৰণ আৰু চিকিৎসাৰ সকলো দিশ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা উচিত আছিল। সেয়ে এনে প্ৰশ্ন বা ৰাইজৰ মাজত উত্থাপিত অভিযোগৰ পৰা পদ্ম হাজৰিকাইও নিশ্চয় গা এৰা দিব নোৱাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in