জগত সভালৈ ধুনু

জগত সভালৈ ধুনু

► অচ্যুত কুমাৰ পাটোৱাৰী

সঁচা অৰ্থতে জগত সভালৈ বাট বুলিছে অসমীয়া চলচ্চিত্ৰই। সৌ সিদিনা অসমীয়া অভিনেতা আদিল হুছেইন অভিনীত নৰৱেৰ ছবি what people will say খনে সেই দেশৰ পৰা সন্মানীয় অস্কাৰৰ বাবে অফিচিয়েল এণ্ট্ৰি পোৱাৰ বতৰা পায়েই অসমবাসী উৎফুল্লিত হৈছিল। সেই আনন্দোল্লাসক নতুন মাত্ৰা প্ৰদান কৰি এইবাৰ আহিল ৮৩ বছৰীয়া অসমীয়া ছবি জগতৰ বাবে যেন এক অকল্পনীয় গৌৰৱৰ খবৰ- অস্কাৰৰ দৌৰত ৰীমা দাসৰ 'ভিলেজ ৰকষ্টাৰ্ছ'। প্ৰতিজন অসমীয়াৰ মনত আনন্দৰ জোৱাৰ তুলিব পৰা এটা খবৰ।

সম্পূৰ্ণ গ্ৰাম্য পটভূমিত অভিনয়, কলা- কৌশলৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা এদল শিল্পী কলা -কুশলী লৈ ৰীমা দাসে সীমিত সা -সুবিধাৰেই নিৰ্মাণ কৰা ছবিখনে ইতিমধ্যে দেশ-বিদেশৰ বহু সন্মান লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল, শ্ৰেষ্ঠ শিশু শিল্পী, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ লোকেচন শব্দগ্ৰহণৰ বঁটা বিজয়ো কম গৌৰৱৰ কথা নাছিল। ৰীমাৰ সাফল্য দেখি ভাৰতীয় চলচ্চিত্ৰৰ বহু ৰথী-মহাৰথীৰ চকু কপালত উঠিছিল।

আনকি অস্কাৰ বিজয়ী ৰেছুল পুকুট্টিৰ দৰে শিল্পীয়ে 'ভিলেজ ৰকষ্টাৰ্ছে' লাভ কৰা শব্দগ্ৰহণৰ বঁটাক লৈ আওপাকে প্ৰশ্নও তুলিছিল। কিন্তু পদ্মাৱত, ৰাজী, হিচকি, লাভ ছোনিয়া, অক্টোবৰ, হালকা, ১০২ নট আউটৰ দৰে ২৭ খন ছবিক অতিক্ৰমি অস্কাৰৰ বাবে ভাৰতীয় ছবিক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জনে নিশ্চয়কৈ তেনে সমালোচনাবোৰকো প্ৰতিহত কৰিলে। প্ৰণিধানযোগ্য যে ইয়াৰ পূৰ্বে 'ভিলেজ ৰকষ্টাৰ্ছে' 'গোল্ডন পীকক বঁটা'ৰ বাবেও মনোনয়ন পাইছিল। এখন ভাৰতীয় ছবিৰ বাবে সেয়াও বিৰল সাফল্যৰ বিষয়।

'ভিলেজ ৰকষ্টাৰ্ছ'ৰ শুভ সংবাদটো অহিছে সন্মানীয় টৰণ্ট' আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত পৰৱৰ্তী অসমীয়া ছবি 'বুলবুল কেন ছিং' ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ কৰি ৰীমাই ছয়গাঁৱৰ ঘৰখনলৈ ঘূৰি অহাৰ পৰত। এই গৌৰৱপূৰ্ণ মুহূৰ্তত ৰীমাই সেই আপোন ঠাই-আপোন মানুহখিনিৰ মাজত ছবিৰ সাফল্যৰ আনন্দ ভগাই ল'ব পাৰিছে। উল্লেখযোগ্য যে 'ভিলেজ ৰকষ্টাৰ্ছ' ছবিৰো ৱৰ্ল্ড প্ৰিমিয়াৰ টৰণ্ট'তে হৈছিল। ছবিখনে অহা ২৮ ছেপ্টেম্বৰত অসমৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব।

ভিলেজ ৰকষ্টাৰ্ছৰ কাহিনী গ্ৰথিত হৈছে ছয়গাঁৱৰ দগাঁও কালাৰদিয়া নামৰ অতি অনগ্ৰসৰ গাঁও এখনৰ ধুনু নামৰ গীটাৰ বজাই ভালপোৱা ১০বছৰীয়া দৰিদ্ৰ ছোৱালী এজনীয়ে ডাঙৰ বেণ্ড গঠন কৰি তাৰকা হোৱাৰ বাবে দেখা সপোন-সংঘাতক লৈ। গাঁৱৰ বোকা পানী গচকি ডাঙৰ হোৱা স্বপ্ৰশিক্ষিত ছবি নিৰ্মাতা যুৱতী ৰীমাই নিজেও যেন তেনে এক বৃহৎ সপোনেই পুহি ৰাখিছিল। তেওঁৰ সেই সপোন আজি সাৰ্থক হৈছে। অভিনন্দন ৰীমা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in