মূল্যবৃদ্ধিৰ পাখি গজি মৰণ মিলিব নেকি পেট্ৰ’ল-ডিজেলৰ?

মূল্যবৃদ্ধিৰ পাখি গজি মৰণ মিলিব নেকি পেট্ৰ’ল-ডিজেলৰ?

► ডি জে ধনন্তৰি

২০১৩ চনৰ ১৬ ছেপ্তেম্বৰত সকলো ধৰণৰ কৰ অবিহনে ১ লিটাৰ পেট্ৰ'লৰ দাম আছিল ৫২.১৫ টকা। ৫ বছৰ পিছত আজিৰ তাৰিখত কৰ বিহীন ১ লিটাৰ পেট্ৰ'লৰ দাম ৩৮.৪৭ টকা। ২০১৩ চনত ১ লিটাৰ পেট্ৰ'লৰ পেট্ৰ'ল পাম্পত দাম আছিল প্ৰায় ৭৬ টকা। এতিয়া ১ লিটাৰ পেট্ৰ'ল ভৰাবলৈ গুৱাহাটীত গ্ৰাহকে ভৰিব লাগে ৮৩.২০ টকা।

৫ বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য আছিল প্ৰতি বেৰেলত ৯৫ মাৰ্কিন ডলাৰ। ২০১৮ বৰ্ষত সেই মূল্য হ্ৰাস পাই হৈছেগৈ ৬৯ মাৰ্কিন ডলাৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে ভাৰততো ইয়াৰ প্ৰভাৱ দেখা গৈছে। অৱশ্যে এই প্ৰভাৱ তেলৰ মূল্যৰ বিশ্লেষণ কৰিলেহে স্পষ্ট হৈ পৰে। বাহিৰৰ পৰা চালে তাৰ কোনো উমান পোৱা নাযায়।

আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ৯৫ মাৰ্কিন ডলাৰ হৈ থকা অৱস্থাত ভাৰতত কৰবিহীন ১ লিটাৰ পেট্ৰ'লৰ দাম আৰম্ভণিতে উল্লেখ কৰা ধৰণে প্ৰায় ৫০ টকাৰ ওচৰা-ওচৰি আছিল। চলিত বৰ্ষত আন্তঃৰাষ্ট্ৰীয় বজাৰ প্ৰতি বেৰেলৰ মূল্য প্ৰায় ৩০ ডলাৰ হ্ৰাস পোৱাত কৰবিহীন প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য হয়গৈ ৩৮.৪৭ টকা। এয়াই হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ মূল্য হ্ৰাস-বৃদ্ধিৰ ভাৰতৰ বজাৰত পৰা প্ৰভাৱ।

পিছে সেই প্ৰভাৱৰ ফল ভোগ কৰিবলৈ সমৰ্থ হোৱা নাই দেশৰ সাধাৰণ জনতা। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ২০১৬ চনত ৪০ ডলাৰলৈ হ্ৰাস পোৱাৰ পিছতো ভাৰতত প্ৰতি লিটাৰ পেট্ৰ'ল গ্ৰাহকে ক্ৰয় কৰিবলগীয়া হৈছিল ৭০-৭২টকাৰ ভিতৰত। এতিয়া প্ৰতি বেৰেলত কিছু বৃদ্ধি পায় সেয়া ৬৮ ডলাৰ হোৱাত ভাৰতীয় গ্ৰাহকে প্ৰতি লিটাৰ পেট্ৰ'লত ভৰিবলগীয়া হৈছে ৮০-৯০ টকা পৰ্যন্ত। ইতিমধ্যে মহাৰাষ্ট্ৰৰ পাৰভানিত ১১ ছেপ্তেম্বৰত ১ লিটাৰ পেট্ৰ'লৰ দামে স্পৰ্শ কৰিছে ৮৯.৯৭ টকা।

কিন্তু ইয়াৰ কাৰণ কি? কিয় আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ২০১৩ৰ তুলনাত কেবাগুণে হ্ৰাস পোৱাৰ পিছতো ভাৰতৰ পেট্ৰ'ল পাম্পত দিনে দিনে উৰ্ধগামী হৈছে ইন্ধনৰ মূল্য? ইয়াৰ উত্তৰ এটাই। সেয়া হৈছে কৰ। চৰকাৰে তেলৰ ওপৰত কৰৰ বোজা ইমান বৃদ্ধি কৰিছে যে দিনে দিনে পেট্ৰ'ল-ডিজেলৰ মূল্য আকাশলংঘী হৈ গৈ আছে।

২০১৩ চনত প্ৰতি লিটাৰ পেট্ৰ'লত কেন্দ্ৰীয় উৎপাদন শুল্ক আছিল ৯.৪৮ টকা। ৰাজ্যসমূহৰ ভেট আছিল ১০-১২ টকাৰ ভিতৰত আৰু ডিলাৰৰ কমিছন আছিল ১.৭৯ টকা। ২০১৮ত এই প্ৰতিবিধ কৰ তথা ডিলাৰৰ কমিছন বৃদ্ধি পাইছে ১০০ শতাংশৰো অধিক। চলিত বৰ্ষত প্ৰতি লিটাৰ পেট্ৰ'লত কেন্দ্ৰীয় উৎপাদন শুল্ক ২০.৭২ টকা। ভেটৰ পৰিমাণ হৈছেগৈ প্ৰায় ২৭-২৮ টকা। ডিলাৰৰ কমিছন বৃদ্ধি কৰা হৈছে ৩.৮৪ টকালৈ। এনেদৰে প্ৰতি লিটাৰ পেট্ৰ'ল গ্ৰাহকে দেশৰ ভিন্নস্থানত ক্ৰয় কৰিবলগীয়া হৈছে ৮০-৯০টকাৰ ভিতৰত।

অনুৰূপ ধৰণে সৰ্বসাধাৰণে বব নোৱৰা এনে কৰৰ বোজাৰ ফলত ডিজেলৰ দামো পেট্ৰ'লৰ প্ৰায় সমান হৈ পৰিছে। ৫ বছৰ পূৰ্বে পেট্ৰ'ল আৰু ডিজেলৰ দামৰ পাৰ্থক্য আছিল প্ৰায় ২০-২৫ টকা। পিছে পৰিৱৰ্তনৰ ধুমুহাই সেই পাৰ্থক্যৰ পৰিমাণ হ্ৰাস কৰাত এতিয়া সেয়া হৈ পৰিছে মাত্ৰ ৫-৬ টকা।

পেট্ৰ'ল-ডিজেলৰ দামৰ হ্ৰাস-বৃদ্ধিয়ে চৰকাৰৰ বৰঘৰ তছনছ কৰাৰ সম্ভাৱনালৈ চাইয়ে ইয়াৰ ওপৰত প্ৰত্যক্ষ নিয়ন্ত্ৰণ উঠাই বজাৰৰ ওপৰতে দায়িত্ব এৰি দিছিল যদিও কৰৰ জৰিয়তে আওপকীয়াকৈ সকলোখিনি নিজৰ হাততে ধৰি ৰাখিছে। কিয়নো এই কৰৰ ওপৰতে নিৰ্ভৰ কৰে চৰকাৰৰ ৰাজ ভৰালৰ অৱস্থা। সেয়ে কৰ হ্ৰাস কৰি জনাসাধাৰণক সকাহ দিবলৈ মুঠেই প্ৰস্তুত নহয় কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ। কৰ হ্ৰাসে চৰকাৰক আৰ্থিক সংকটৰ দিশে ঠেলি দিয়াৰ সম্ভাৱনাও যথেষ্ট বুলি মন্তব্য কৰিছে চৰকাৰী সূত্ৰই।

তুৰস্ক, ইৰানকে আদি কৰি কেবাখনো দেশৰ সৈতে মাৰ্কিন কূটনৈতিক সম্পৰ্কৰ জটিলতাৰ প্ৰভাৱত আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাবলৈ লোৱাত অতি শীঘ্ৰে পেট্ৰ'ল-ডিজেলৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিব পাৰে বুলিও ভৱিষ্যতবাণী কৰিছে বজাৰ বিশেষজ্ঞসকলে। মুঠৰ ওপৰত হাজাৰ আন্দোলন, ধৰ্মঘট, ভাৰত বন্ধৰ আহ্বান জনালেও পেট্ৰ'ল-ডিজেলৰ মূল্য যে সতকাই হ্ৰাস নহ'ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে।

এইখিনিতে এটা কথা উনুকিয়াই থব পাৰি। সেয়া হৈছে শাসক-বিৰোধীৰ দ্বন্দ। যেতিয়া কংগ্ৰেছ শাসনত আছিল তেতিয়া বিৰোধীৰ আসনত থকা বিজেপিয়ে পেট্ৰ'লৰ দাম আন্তঃৰ্জাতিক বজাৰত যথেষ্ট বৃদ্ধি পোৱাত ৭০ৰ ঘৰ অতিক্ৰম কৰাত সমগ্ৰ দেশতে প্ৰতিবাদত নামিছিল। ইন্ধনৰ দাম হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়ে পৰৱৰ্তী সময়ত কংগ্ৰেছক গাদীচ্যুত কৰি দিল্লীৰ বৰঘৰত বহিবলৈ সমৰ্থ হোৱা দলটোৱে পিছে সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। এতিয়া বিৰোধীৰ আসনত থকা কংগ্ৰেছে ৰাইজৰ পক্ষত থকা দেখুৱাই সৰৱ হৈ পৰিছে ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে।

শাসক-বিৰোধীৰ এই ওলট-পালটৰ এই দ্বন্দ প্ৰত্যক্ষ কৰি সৰ্বসাধাৰণৰ মনত প্ৰশ্ন জাগিছে যে প্ৰকৃততে কোনটো দলে ইন্ধনৰ মূল্য হ্ৰাস কৰি ৰাইজক সকাহ দিব পাৰিব? সেই উত্তৰো অৱশ্যে বজাৰ বিশেষজ্ঞ তথা ভৱিষ্যতদ্ৰষ্টাসকলে দিয়া দেখা গৈছে। বজাৰ বিশেষজ্ঞ আৰু ভৱিষ্যতদ্ৰষ্টাসকলৰ মতে কেৱল ভাৰতেই নহয় পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশতে অনাগত সময়ছোৱাত হোৰাহোৰে বৃদ্ধি পাব পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। বৰ্তমান ভাৰতৰ তুলনাত চুবুৰীয়া প্ৰতিখন দেশতে ইন্ধনৰ মূল্য কম যদিও সেইবোৰ দেশতো ক্ৰমাৎ দাম উৰ্ধগামী হৈ পৰিছে।

ভূগৰ্ভত থকা খাৰুৱা তেলৰ পৰিমাণ ক্ৰমাৎ হ্ৰাস পাই অহাৰ বিপৰীতে জৈৱ ইন্ধন চালিত বাহনৰ সংখ্যা সমগ্ৰ বিশ্বতে বৃদ্ধি পোৱাৰ ফলতে এই সম্ভাৱনাই দেখা দিছে বুলি মন্তব্য কৰিছে ভৱিষ্যতদ্ৰষ্টাসকলে। অৱশ্যে ইয়াক লৈ ভৱিষ্যতদ্ৰষ্টাসকলে বিশ্ববাসীক উদ্বিগ্ন নহ'বলৈকো আহ্বান জনাইছে। ইতিমধ্যে উন্নত দেশসমূহে জৈৱ ইন্ধনৰ নাটনিৰ মোকাবিলা কৰিব পৰাকৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কেৱল প্ৰস্তুতি সম্পূৰ্ণ কৰাই নহয়, ইন্ধনৰ নাটনি নঘটিলেও প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰিয়ে পেট্ৰ'ল-ডিজেল চালিত বাহনৰ চলাচল বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে উন্নত দেশসমূহ।

কেবাটাও আগশাৰীৰ মটৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানে এই অনুযায়ী হাতত লৈছে বৈদ্যুতিক বাহন সকলোৰে বাবে সহজলভ্য কৰি তোলাৰ আঁচনি। 'ফাইনেন্সিয়েল টাইমছ'ত প্ৰকাশিত বাতৰি মতে ২০৩০ চনৰ ভিতৰত ইউৰোপ মহাদেশৰ প্ৰতিখন দেশতে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব জৈৱ ইন্ধন চালিত বাহন আৰু ইয়াৰ স্থান ল'ব বৈদ্যুতিক বাহনে। এইক্ষেত্ৰত পিছপৰি থকা নাই ভাৰতো। বৈদ্যুতিক বাহন নিৰ্মাণৰ ক্ষেত্ৰত বাটকটীয়া স্বৰূপ টেছলাৰ সহঃ প্ৰতিষ্ঠাপক তথা চিইঅ' ইলন মাস্কে ভাৰত ভ্ৰমণ কৰি ২০১৯ চনৰ ভিতৰত দেশখনত তেনে বাহন নিৰ্মাণৰ কাৰখানা স্থাপনক লৈয়ো চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে।

ইমানেই নহয়, পশ্চিমীয়া উন্নত দেশসমূহৰ সৈতে ফেৰ মাৰি ২০৩০ চনৰ ভিতৰত ভাৰতেও পেট্ৰল-ডিজেল চালিত বাহনৰ স্থানত ১০০ শতাংশ বৈদ্যুতিক বাহন চলোৱাৰ পৰিকল্পনা হাতত লৈছে। গুৰু উদ্যোগ মন্ত্ৰণালয় আৰু নীতি আয়োগে বৈদ্যুতিক বাহনক লৈ নীতি-নিৰ্ধাৰণৰ কামো আৰম্ভ কৰিছে। এক তথ্য অনুযায়ী ২০১৬ চনৰ এপ্ৰিলৰ পৰা ২০১৭ৰ মাৰ্চ পৰ্যন্ত দেশখনত ২৫,০০০ দুচকীয়া বিদ্যুৎ চালিত বাহন বিক্ৰী হৈছে।

আনহাতে, চীনে দেশখনত পেট্ৰ'ল-ডিজেল চালিত বাহনৰ বিক্ৰী ২০২৫ চনৰ ভিতৰত বন্ধ কৰাৰ লক্ষ্য হাতত লৈ বৈদ্যুতিক বাহন নিৰ্মাণৰ উদ্যোগ স্থাপনত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে। দেশখনে টেছলাকে আদি কৰি মটৰ গাড়ী নিৰ্মাতা প্ৰতিটো প্ৰতিষ্ঠানকে বৈদ্যুতিক বাহন নিৰ্মাণৰ প্লাণ্ট স্থাপনত বিশেষ সহযোগিতা আগবঢ়োৱাৰ বাতৰিও প্ৰকাশ পাইছে।

মুঠৰ ওপৰত সম্প্ৰতি হোৰা-হোৰে মূল্য বৃদ্ধিৰে সৰ্বসাধাৰণক জুৰুলা কৰা পেট্ৰ'ল-ডিজেল যে অহা ৫-১০ বছৰৰ ভিতৰত নিজেই মূল্যহীন হৈ পৰিব সেয়া নিশ্চিত। পৰুৱাৰ পাখি গজিলে মৰণ, এই কথাষাৰি পেট্ৰ'ল-ডিজেলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'বলৈ বেছি দিন নাই। এতিয়া অপেক্ষা মাথো সময়ৰ। এই সময়ছোৱাত প্ৰযুক্তিৰ যি দ্ৰুতহাৰত বিকাশ ঘটিছে তালৈ চাই ২-৩ বছৰৰ ভিতৰতে পৰিবহণ ক্ষেত্ৰত অকল্পনীয় পৰিৱৰ্তনে দেখা দিয়াৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। যিহেতু পৰিবহণ বিভাগৰ কৃপাত বিদ্যুৎচালিত অত্যাধুনিক বাছ আহি অসম পাইছে তালৈ চাই পেট্ৰ'ল-ডিজেল বিহীন ভাৰতৰ কল্পনা বাস্তৱ হ'বলৈ বেছিদিনৰ প্ৰয়োজন নহ'ব বুলিও নিৰ্ভয়ে আশা কৰিব পাৰি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in