১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে…

১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে…

 মৃদুল কুমাৰ সন্দিকৈ

স্বাধীনতা। এটা ভাল লগা শব্দ। আমি স্বাধীন দেশৰ নাগৰিক, ভাবিয়েই ভাল লাগে। ১৯৪৭চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। গুচি গৈছিল স্বদেশলৈ ইংৰাজ। ভাৰতে স্বাধীনতা পালে, কিন্তু আমি সঁচাকৈ স্বাধীন হ'লোনে? স্বাধীনতা লাভ কৰা ৭২ বছৰ হ'ল। ৭টা দশকৰ স্বাধীনতাৰ সোৱাদ পালো। এখন স্বাধীন দেশৰ নাগৰিক ৰূপে আমি গৌৰৱ কৰো।

১৫আগষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই স্বাধীনতা দিৱস উদযাপনতেই আমাৰ স্বাধীনতাৰ পৰিধি সীমিত নেকি? স্বাধীনতা দিৱসৰ অৰ্থাৎ ১৫ আগষ্টৰ পূৰ্বে এসপ্তাহ মানৰ আগৰ পৰাই আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলে। যেনি-তেনি কেৱল তালাচী। আৰক্ষীৰ হুইচেলত শব্দত আপুনি ৰৈ যাওঁক। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ নিৰ্দেশত দুহাত দাঙি থিয় দিয়ক। আপোনাৰ যান-বাহন, আপোনাৰ শৰীৰত তালাচী চলাই আপোনাক যাবলৈ দিব। স্বাধীনতা দিৱস-গণৰাজ্য দিৱস আহিলেই অসমত এতিয়া তেনে পৰিস্থিতিৰ সন্মুখীন হোৱাতো সাধাৰণ ঘটনাৰূপে পৰিগণিত হৈছে।

যিটো স্বাধীনতা দিৱসক লৈ আপুনি স্বাধীন নাগৰিকৰূপে গৌৰৱ কৰে, সেই স্বাধীনতা দিৱস আহিলে আপুনি শংকিত হৈ পৰে। কিজানিবা ক'ৰবাত কিবা হৈ যায়? বাটে-পথে ওলাবলৈ ভয়। তালাচীৰ নামত আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে হাৰাশাস্তি কৰিব পাৰে। তেন্তে এয়া কিহৰ স্বাধীনতা? এনে এটা দিন অহাৰ পূৰ্বে এক প্ৰকাৰৰ শংকিত পৰিৱেশ গঢ়ি তোলা হয়।

আগতেটো স্বাধীনতা দিৱস মানে এনে নাছিল। স্বাধীনতা দিৱস আছিল এক উৎসৱ। সকলোৱে সমবেত হৈছিল। বিনামূলীয়াকৈ চলচ্চিত্ৰ প্ৰদৰ্শন হৈছিল, মাজৰাতিলৈকে মানুহে আনন্দ-ফূৰ্তি কৰিছিল। ক'ত হেৰাই গ'ল সেই দিনবোৰ? এতিয়া স্বাধীনতা দিৱসত প্ৰায়ে বাতৰি হয়, কোনে ক'ত পতাকা উত্তোলন কৰিলে। সেয়াই জানো স্বাধীনতা দিৱস তাৎপৰ্য? এখন স্বাধীন দেশ হিচাপে ভাৰতে আজিও গ্ৰামীণ অৰ্থনীতি মজবুত কৰিব নোৱাৰিলে। কৃষক আৰু দুখীয়া শ্ৰেণীৰ কথা ভাবিবলৈ চৰকাৰ তথা ৰাজনৈতিক নেতা সকলে এই দিনটোত এবাৰ অৱকাশ নাপায়।

যিটো স্বাধীনতা দিৱসক লৈ আপুনি স্বাধীন নাগৰিকৰূপে গৌৰৱ কৰে, সেই স্বাধীনতা দিৱস আহিলে আপুনি শংকিত হৈ পৰে। কিজানিবা ক'ৰবাত কিবা হৈ যায়? বাটে-পথে ওলাবলৈ ভয়। তালাচীৰ নামত আৰক্ষী-নিৰাপত্তাৰক্ষী হাৰাশাস্তি কৰিব পাৰে। তেন্তে এয়া কিহৰ স্বাধীনতা?

স্বাধীনতা সংগ্ৰামত প্ৰাণ আহুতি দিয়া বীৰ-ছহিদসকলৰ পৰিয়ালক স্বাধীনতা দিৱসৰ অনুষ্ঠানত অতিথি কৰি নিমন্ত্ৰণ কৰাতেই চৰকাৰৰ আনুষ্ঠানিকতা সম্পন্ন হয়। ইয়াৰ বিপৰীতে এই স্বাধীনতা দিৱসত কৃষক তথা দৰিদ্ৰ শ্ৰেণীৰ কল্যাণৰ অৰ্থে আঁচনি বা বিশেষ কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা ভাবিব নোৱাৰেনে? বিজেপি চৰকাৰে গণসংযোগ আঁচনিৰ জৰিয়তে সমাজৰ বিশেষ ব্যক্তিসকলৰ ঘৰলৈ গৈ তেওঁলোকক সাক্ষাৎ কৰে।

অনুৰূপ ধৰণৰ আগষ্ট মাহটোত দেশ-জাতিৰ হকে ত্যাগ স্বীকাৰ কৰা লোকসকলৰ ঘৰলৈওচোন যাব পাৰে জনপ্ৰতিনিধি বা চৰকাৰৰ বিয়াগোম বিষয়াসকল। এই গণ সচেতনতাই এফালে মানুহৰ প্ৰকৃত সমস্যাক উপলব্ধি কৰাত সহায় কৰিব। আনফালে, স্বাধীনতাৰ প্ৰকৃত উপলব্ধিৰে যোগ্যজনক মৰ্যাদা প্ৰদান কৰা হ'ব। গ্ৰামীণ অৰ্থনীতি মূলতঃ কৃষকৰ ওপৰত নিৰ্ভৰশীল। স্বাধীনতা দিৱসত চৰকাৰে শিল্পী, সাহিত্যিক, লিখক, সাংবাদিক, খেলুৱৈৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু আঁৰতে থাকি যায় মূৰৰ ঘাম মাটিত পেলাই দেশৰ অৰ্থনীতি বুনিয়াদ গঢ়া কৃষকসকল। তেনে কিয় হয়? মলিয়ন চোলা, সাধাৰণ জীৱনবোধ আৰু সঁচা সংগ্ৰামেৰে দেশৰ বাবে নীৰৱে মাটিত সোণোৱালী সপোন ৰচা কৃষকসকলক কিয় ইমান দিনে বঞ্চিত কৰা হৈছে। তেওঁলোকৰ বাবে স্বাধীনতা দিৱসৰ পূৰ্বে চৰকাৰে কিবা আঁচনি ঘোষণা কৰেনে? গ্ৰামীণ অৰ্থনীতি পৰিকাথামো উন্নতকৰণৰ বাবে সমষ্টি তথা অঞ্চল বিশেষে বহু কাম কৰিব পৰা স্থল আছে। সেই সুযোগ প্ৰশাসনে এৰি যায়।

স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস এতিয়া এটা ভয়ংকৰ দিন ৰূপে তেওঁলোক কুচকাৱাজত ফুটি উঠে। বাটে পথে আৰক্ষী-মিলিটাৰী ঘূৰি থাকে। তেনে আতংকময় পৰিৱেশ সৃষ্টি নকৰাকৈও সুন্দৰ নিৰীক্ষণ ব্যৱস্থাৰে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিব পাৰি। সেয়া আজিও আমাৰ ইয়াত হোৱা নাই। প্ৰশাসনৰ তৎপৰতাই সৃষ্টি কৰা আতংকময় পৰিৱেশে স্বাধীনতাৰ পৰা আমাক ক্ৰমাৎ আঁতৰাই লৈ গৈছে। পথৰুঘাট, ফুলগুৰি আদি স্বাধীনতা সংগ্ৰামৰ সেই কাহিনীবোৰ হেঁৰাই গৈছে। সেয়েহে এতিয়া স্বাধীনতাৰ সেই আৱেগ আমি স্বতস্ফূৰ্তভাৱে বিচাৰিলে নাপাওঁ। কিবা এটা ভয়তহে যেন আমি স্বাধীনতাক কোনো মতে আঁকোৱালি ধৰি আছো।

তালাচীৰ নামত সাধাৰণ লোকক গাড়ীৰ পৰা নমাই, বাইকত যোৱা যাত্ৰীক বাইক ৰখাই তালাচী কৰা হয়। কিন্তু বহু ভি ভি আই পি বা দামী গাড়ীত যোৱা লোকক বিনা তালাচীৰে স-সন্মানে যাবলৈ দিয়া হয়। যেন দামী গাড়ীত কোনো লোকে গুলী বা বোমা-বাৰুদ নিব নোৱাৰে। সেইবোৰ দেখি সাধাৰণ লোকৰ মনত তিক্ততাপূৰ্ণ মনোভাৱ জন্ম হয়। তেনেবোৰ সৰু ঘটনাই আমাৰ মনত ক'ব নোৱাৰাকৈ সৰু-ডাঙৰ মানুহৰ শ্ৰেণী বিভাজন আনি দিয়ে।

স্বাধীনতা দিৱসত চৰকাৰে শিল্পী, সাহিত্যিক, লিখক, সাংবাদিক, খেলুৱৈৰ বাবে পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু আঁৰতে থাকি যায় মূৰৰ ঘাম মাটিত পেলাই দেশৰ অৰ্থনীতি বুনিয়াদ গঢ়া কৃষকসকল। তেনে কিয় হয়? মলিয়ন চোলা, সাধাৰণ জীৱনবোধ আৰু সঁচা সংগ্ৰামেৰে দেশৰ বাবে নীৰৱে মাটিত সোণোৱালী সপোন ৰচা কৃষকসকলক কিয় ইমান দিনে বঞ্চিত কৰা হৈছে।

এতিয়া স্বাধীনতা দিৱস আহিলে বাটে-পথে, গুৰুত্বপূৰ্ণ ক্ষণত স্নিফাৰ ড'গ দেখিবলৈ পোৱা যায়। বোমাৰ সন্ধানত আৰক্ষীয়ে তালাচী চলায়। সেইবোৰ দৃশ্যই স্বাধীনতা দিৱসক আদৰণি জনায়। এদিন অসমক সংঘৰ্ষ জৰ্জৰ অঞ্চলৰূপে ঘোষণা কৰা হৈছিল। সেই পৰিৱেশ নাই বুলিও চৰকাৰে কয়। কিন্তু চৰকাৰী বাহিনীয়ে তেনে আচৰণ এতিয়াও কৰে।

শেহতীয়াকৈ খবৰ আহিছে, ভাৰতীয় নোট হেনো চীনৰ ছপাশালত ছপা হয়। চীনৰ প্ৰতিষ্ঠিত কাকতত সেই খবৰ প্ৰকাশ হৈছে। অথচ একেখন চৰকাৰে সাধাৰণ টিপ-টপকৈ জ্বলি থকা বিজুলী বাতি কেইটাও সাধাৰণ মানুহে ব্যৱহাৰ কৰিলে, তেনে নকৰিবলৈ আহ্বান জনায়। কাৰণ সেইবোৰ হেনো চীনত নিৰ্মিত। অথচ ভাৰতৰ অৰ্থনীতিকেই চীনৰ হাতত বন্ধকত থয় অতি গোপনে। লিবিয়াৰ শাসক গাড্ডাফিয়েও এদিন ইংলেণ্ডত ধন ছপা কৰিছিল। যেতিয়া বিপদত পৰিছিল, তেতিয়া গাড্ডাফিক আৰ্থিকভাৱে আৰু অধিক দুৰ্বল কৰিবলৈ ইংলেণ্ডে তেওঁলোকৰ দেশত ছপা হোৱা লিবিয়াৰ বহু নোট জব্দ কৰিছিল। ভাৰত-চীনৰ সৈতে কুটনৈতিক সম্পৰ্ক আজিও উন্নত নহ'ল। ভাল চুবুৰীয়া হ'ব নোৱাৰিলে পৰস্পৰে পৰস্পৰৰ। খবৰ আহিছে লাডাখত পুনৰ ভাৰত-চীনৰ সংঘাত হৈছে। সেয়া স্বাধীনতা দিৱসৰ দুদিনৰ আগৰ খবৰ। আশা কৰো, গাড্ডাফীৰ দশা নহওঁক ভাৰতৰ।

পতাকা উত্তোলন নকৰিলে চৰকাৰী শাস্তিৰ ভয়ত বহু বছৰ চকীদাৰ বা বিষয়া-কৰ্মচাৰীয়ে নিয়ম মাফিক পতাকা উত্তোলন কৰি স্বাধীনতা ধৰি ৰাখিছিল। তাত কোনো স্বাধীনতাৰ প্ৰতি আৱেগ বা আন্তৰিকতা নাই। এইবোৰ স্বাধীনতাৰ মূল্য কিমান? যি স্বাধীনতাই আমাক আস্বস্ত কৰিব নোৱাৰে, তেনে স্বাধীনতাই আমাক দিব পাৰিব কি? স্বাধীনতা দিৱস মানে কেৱল এটা বন্ধৰ দিন নহয়। স্বাধীনতা দিৱস এখন স্বাধীন দেশৰ নাগৰিকৰ বাবে মৰ্যাদাৰ দিন। আহে জানো তেনে মৰ্যাদা লৈ স্বাধীনতা দিৱস। তাৰ বিচাৰ আপুনি নিজেই কৰক। প্ৰতি বছৰে স্বাধীনতা দিৱস আহিব আৰু যাব। কিন্তু স্বাধীনতা দিৱসে আমাক কি অভিজ্ঞতা দি যায়? সেই পৰিৱেশ-পৰিস্থিতিৰ বাবে দায়ী কোন? ভাবেনে কোনোবাই এইবোৰ কথা।

ইচ্ছা কৰিলে স্বাধীনতা দিৱসত স্বাধীন দেশৰ নাগৰিক হিচাপে প্ৰতিজন নাগৰিকে স্বাধীন মনেৰে নিজক বুজিব পৰাকৈ, দেশৰ প্ৰতি অনুগত্যশীল হ'ব পৰা কৈ প্ৰবোদ্ধ হ'ব পৰা পৰিৱেশ শাসকসকলে সৃষ্টি কৰিব পাৰে। কিন্তু এনে নকৰে। মেৰু বিভাজনৰ ৰাজনীতি, উদ্দেশ্য প্ৰণোদিত লক্ষ্য, ঢাক-ঢোল বজোৱা নীতি, কৃষক-শ্ৰমিকৰ প্ৰতি অৱহেলা আদিৰে ক্ষমতাৰ বাঘজৰী তেওঁলোকে দীৰ্ঘসময়ৰ বাবে নিজৰ হাতত ৰাখিব খোজে। প্ৰদৰ্শনধৰ্মী প্ৰচাৰ, জাকজমকতাৰ মাজেৰে ভাষণৰ ফুলজাৰীৰে উদযাপিত হয় স্বাধীনতা দিৱস। তেওঁলোকৰ সেই সংকীৰ্ণতাৰ মাজতেই লাহে লাহে ম্লান পৰি গৈছে স্বাধীনতা দিৱসৰ তাৎপৰ্য আৰু উদ্দেশ্য।

তাৰ পিছতো আমি কোন সতে কওঁ-' আমি স্বাধীন'। ইংৰাজ হয়তো গ'ল, থাকি গ'ল স্বদেশী শোষক। ১৫ আগষ্ট, ২৬ জানুৱাৰী আহিলে এতিয়া শংকিত জীৱনবোধৰ মাজত স্বাধীনতা বিচাৰি হাহাকাৰ কৰা সাধাৰণ মানুহবোৰে প্ৰশ্ন কৰে- স্বাধীনতা ক'ত আমাৰ বাবে? স্বাধীনতা সংগ্ৰামৰ ইতিহাসত পাত মেলি বিচাৰি ফুৰে সঁচা স্বাধীনতা। তথাপিও আশা কৰে সঁচা অৰ্থৎ এদিন স্বাধীনতা আহিব। সাধাৰণ মানুহৰ মনত স্বাধীন দেশৰ নাগৰিকৰ মৰ্যাদা বিয়পাই দিব। সেই দিন কেতিয়া আহিব? কোন বাটে আহিব সেই স্বাধীনতা? সেই পথ কৰ্ষণ কৰিব লাগিব শাসক শ্ৰেণীয়ে। নহ'লে স্বাধীনতা দিৱস মানে এটা বন্ধৰ দিন হৈয়ে থাকিব। প্ৰকৃত স্বাধীনতা সুদূৰ পৰাহত ৰৈ যাব। ১৫ আগষ্ট আহিয়েই থাকিব। কিন্তু সঁচা অৰ্থৎ স্বাধীনতা দিৱস আহিবনে আমাৰ মাজলৈ?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in