প্ৰত্যাহ্বানৰ মুখত ছ’চিয়েল মিডিয়া, কোন দিশেৰে সমাধান…

প্ৰত্যাহ্বানৰ মুখত ছ’চিয়েল মিডিয়া, কোন দিশেৰে সমাধান…
✍ ধ্ৰুৱজ্যোতি ধনন্তৰি

আহক এবাৰ অতীতলৈ উভতি যাও। ধৰি লওক, আপুনি বৰ্তমান সময়ৰ বাসিন্দা নহয়। এই মুহূৰ্তত আপুনি সেইখন পৃথিৱীৰ বাসিন্দা, যিখন পৃথিৱী আপোনাৰ আজোককা আৰু আজোআইতাৰ তেনেই চিনাকি আছিল।

এই পৃথিৱীত গৰমে দহি নিলেও আপুনি বিজুলী পাংখা বা এচিৰ শীতল বতাহ নাপাব। মন গ'লেও শুনিব নোৱাৰিব আপোনাৰ প্ৰিয় গান। শুনিবই বা কেনেকৈ? আপোনাৰ আজোককাহঁতৰ দিনত গান শুনিব পৰাকৈ আজিৰ দৰে মোবাইল, কম্পিউটাৰ একোৱেই নাছিল।

যি নহওক, এতিয়া আপুনি সেইখন অচিন পৃথিৱীত নৈপৰীয়া এখন গাঁৱত এজোপা গছৰ তলত বহি আছে। ঘৰলৈ যাবলৈ আপোনাৰ কোনো বাইক বা কাৰ নাই। আচৰিত কথাটো কি জানেনে? আপোনাৰ বৰ্তমানৰ একান্ত সংগী মোবাইল ফোনটোও হাতত নাই। আছে কেৱল এখন নীলা আকাশ, কুলুকুলু সুৰেৰে বৈ যোৱা এখন নৈ আৰু জাক জাক চৰাই।

ঠিক সেই মুহূৰ্ততে বতাহত ভাহি আহিছে এটা বিশেষ প্ৰশ্ন। ভয় নাখাব। সেই প্ৰশ্নটো আপোনাক উদ্দেশ্যিয়ে কৰা হৈছে। ভালকৈ কাণ উনালেই শুনিবলৈ পাব সেই প্ৰশ্নঃ 'দিনটোত আপুনি কিমান সময় ফেচবুক আৰু হোৱাটছএপত ব্যস্ত থাকে?'

এই প্ৰশ্নৰ উত্তৰ ভাবি থাকোতেই আপোনাৰ কাণত পৰিব দ্বিতীয়টো প্ৰশ্নঃ 'দিনটোত আপুনি কিমান সময় মোবাইলৰ স্ক্ৰীণখনলৈ চাই?'

শুনিবলৈ পাব তৃতীয় প্ৰশ্নঃ 'ইউটিউব, গুগল, ইনষ্টাগ্ৰাম চাওতে দিনটোত আপোনাৰ কিমান সময় খৰচ হয়?'

এতিয়া আপোনাৰ উত্তৰ দিয়াৰ পাল। ইচ্ছা কৰিলে আপুনি আপোনাৰ আজোককাৰ দিনৰ সেই নিৰ্জন প্ৰাচীন পৃথিৱীখনৰ পৰা আকৌ হাই-উৰুমি, প্ৰদূষণ, যান্ত্ৰিকতাৰে ভৰা প্ৰযুক্তিৰ পৃথিৱীখনলৈ উভতি আহিও উত্তৰ দিব পাৰে।

পিছে আচৰিত কথাটো কি জানেনে? তাহানিৰ পৃথিৱীখনলৈ উভতি যাওতে বতাহত ভাহি অহা যিকেইটা প্ৰশ্ন শুনিবলৈ পাইছিল সেই আটাইকেইটা প্ৰশ্নৰ এটাৰো উত্তৰ আপুনি দিব নোৱাৰে। দিয়াতো অসম্ভৱ। এয়াই বাস্তৱ। আপুনি এবাৰ কিয়, এশবাৰ ভাবক, আপুনি এখন নোটবহী পকেটত লৈ ফুৰি প্ৰতিবাৰ ফেচবুক-হোৱাটছএপ চাওতে সময় টুকিবলৈ আৰম্ভ কৰক, তেতিয়াও কিন্তু আপুনি সেই প্ৰশ্নৰ উত্তৰ নাপাব।

প্ৰশ্নকেইটাৰ যে উত্তৰ পোৱা নাই, তাতেই সমস্যাৰ শেষ নহয়। এইখিনিতে সৃষ্টি হৈছে আৰু একাধিক সমস্যাৰ। এনে সমস্যাসমূহৰ অন্যতম হৈছে আপোনাৰ মানসিক স্বাস্থ্য আৰু সামাজিক আচৰণ। এই যে আপুনি বা মই দিনটোত কিমানবাৰ মোবাইলৰ স্ক্ৰীণখন চাইছো, কিমানবাৰ ফেচবুক-হোৱাটছএপ ব্যৱহাৰ কৰিছো সেয়া হিচাপ কৰি উলিয়াব নোৱাৰো, ঠিক সেইদৰে ইয়াৰ ফলত আমাৰ জীৱন-ধাৰণ তথা স্বাস্থ্যৰ ওপৰত কিমান প্ৰভাৱ পৰে সেয়াও নিৰ্দিষ্টকৈ ক'ব পৰা নাযায়।

ইয়াৰ মাজতে স্বাস্থ্য বিশেষজ্ঞসকলে একাধিক গৱেষণাৰ পৰা নিশ্চিত হৈছে যে হাতৰ মুঠিত থকা মোবাইল আৰু ইয়াত সোমাই থকা সময় হত্যাকাৰী চিত্তাকৰ্ষক এপছবোৰে আমাৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়।

এটা ব্লগপোষ্টৰ বিষয়ে জানি হয়তো আচৰিত হ'ব। আপুনি-মই দৈনন্দিন ভাবি অহা কথাবোৰকে দাঙি ধৰা এই ব্লগপোষ্টটোৱে ২০১৭ বৰ্ষৰ শেষৰ ফালে নিদ্ৰা হৰণ কৰিছিল ফেচবুক, গুগলৰ দৰে তথ্য-প্ৰযুক্তিৰ বাঘা বাঘা প্ৰতিষ্ঠানক। ব্লগপোষ্টটোত আছিল এটা বিশেষ প্ৰশ্ন, 'ছ'চিয়েল মিডিয়াত অধিক সময় কটোৱাতো আমাৰ পক্ষে ক্ষতিকাৰক নহয় জানো?'

হয়, এয়া নিসন্দেহে ক্ষতিকাৰক! ব্লগপোষ্টটো যিসকলে পঢ়িছিল সেইসকলৰ অধিকাংশৰে উত্তৰ আছিল এয়া।

অধ্যয়ন আৰু গৱেষণাৰ অন্তত দেখা গৈছে যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বন্ধু আৰু পৰিয়ালৰ সৈতে কৰা বাৰ্তালাপ বা যোগাযোগে প্ৰফুল্লিত কৰি তুলিলেও নিউজফিডবোৰে গম নোপোৱাকৈয়ে আমাক উদ্বিগ্ন আৰু বিষাদকাতৰ কৰি তোলে। কিয়নো শেষ মুহূৰ্তত বন্ধুমহলৰ নিউজফিডবোৰ প্ৰত্যক্ষ কৰি আমি আমাৰ অজ্ঞাতেই নিজকে অইনৰ সফলতাৰ সৈতেহে তুলনা কৰো।

আন এক অধ্যয়নত আকৌ হতাশা আৰু উদ্বিগ্নতাৰ সৈতে মোবাইল, তথা ছ'চিয়েল মিডিয়া আসক্তিৰ কি কি সম্পৰ্ক আছে সেয়া তথ্যসহ দাঙি ধৰিছে বিশেষজ্ঞসকলে। Deloitte নামৰ সংস্থা এটাই ২০১৭ চনত চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে একাধিক উদ্বেগজনক তথ্য। সমীক্ষাটোত দেখা গৈছিল যে স্মাৰ্টফোন ব্যৱহাৰকাৰীসকলৰ ৪৭ শতাংশই এটা সময়ত ফোনৰ ব্যৱহাৰ কমাই এক নতুন লাইফষ্টাইল ল'বলৈ যত্নপৰ হৈ উঠে। কিন্তু আচৰিত ধৰণে সেইখিনি লোকেই এই মন্তব্যও কৰিছে যে স্মাৰ্টফোন নোহোৱাকৈ জীৱনৰ বাকীখিনি সময় কটোৱাতো তেওঁলোকৰ পক্ষে কোনোপধ্যে সম্ভৱ নহয়।

এনেদৰেই এতিয়া আমি এক প্ৰকাৰৰ চক্ৰবেহুত সোমাই পৰিবলগীয়া হৈছে। আমি বুজি উঠিছো যে স্মাৰ্টফোনৰ অত্যাধিক ব্যৱহাৰৰ ফলত আমাৰ যথেষ্ট ক্ষতি হ'ব, অথচ একে সময়তে এই কথাও জানিব পাৰিছো যে স্মাৰ্টফোন অবিহনেও আমি থাকিব নোৱাৰো।

আশাৰ কথা এয়ে যে আমাক সেইসমূহ প্ৰতিষ্ঠানেই এনে জটিলতাৰ পৰা মুক্ত কৰিবলৈ আগবাঢ়ি আহিছে যিসমূহ প্ৰতিষ্ঠানৰ বাবে আমি এনে জটিলতাত সোমাই পৰিবলৈ বাধ্য হৈ পৰিছিলো। এই অনুযায়ী জনপ্ৰিয় ছ'চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকে মুকলি কৰিছে এটা বিশেষ টুল।

বিশেষ এই টুলৰ জৰিয়তে ইউজাৰসকলে ফেচবুকৰ লগতে ইনষ্টাগ্ৰামত কিমান সময় কটাইছে সেয়া জানিব পাৰিব। যোৱা ৭ মাহ ধৰি ইউজাৰসকলক স্বাস্থ্য সম্পৰ্কে বিভিন্নধৰণে সতৰ্ক কৰি অহাৰ পিছত শেহতীয়াকৈ মুকলি কৰা এই টুলবিধৰ নাম হৈছে 'wellness dashboard'।

ফেচবুক আৰু ইনষ্টাগ্ৰামৰ স্মাৰ্টফোনৰ এপত উপলব্ধ হোৱা এই টুলবিধত সংযোজন কৰা হৈছে উক্ত এপত কটোৱা সময় প্ৰদৰ্শন কৰা ডেছব'ৰ্ড। লগতে আছে, এপকেইটাৰ ব্যৱহাৰ সীমাৱদ্ধ কৰি ৰখাত সহায়ক হোৱা টাইমাৰ আৰু নটিফিকেশ্যন লিমিট কৰি ৰাখিব পৰা অপশ্যন।

'মানসিক স্বাস্থ্য বিশেষজ্ঞ আৰু এই ক্ষেত্ৰত বিশ্বজুৰি কাম কৰি অহা সংস্থাৰ লগতে নিজা গৱেষণা আৰু আমাৰ কমিউনিটিৰ ফিডবেকৰ ওপৰত নিৰ্ভৰ কৰি আমি এই টুল ডেভলপ কৰিছো। এই টুলবিধৰ জৰিয়তে ইউজাৰসকলে এক নতুন অভিজ্ঞতা লাভ কৰিবলৈ সমৰ্থ হ'ব।'- টুলবিধ মুকলি কৰাৰ পিছতে এক বিবৃতিযোগে এনেদৰে আশা প্ৰকাশ কৰিছে ফেচবুকে। অৱশ্যে ডেস্কটপত এই টুলবিধে কাম নকৰিব বুলিও বিবৃতিটোত স্পষ্ট কৰি দিছে মাৰ্ক জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৱে।

বিশেষজ্ঞসকলেও এই নতুন টুলক লৈ উৎসাহী হৈ পৰিছে। তেওঁলোকৰ মতে এনে প্ৰচেষ্টাই ছ'চিয়েল মিডিয়াৰ প্ৰতি আসক্ত লোকসকলক নিজকে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে বহু লোকে সময়ৰ সদব্যৱহাৰ কৰিবলৈ সমৰ্থ হ'ব বুলি প্ৰযুক্তি বিশেষজ্ঞসকলে দৃঢ় মত পোষণ কৰা দেখা গৈছে।

ফেচবুকে ইউজাৰসকলক এক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিবলৈ হাতত লোৱা এই পদক্ষেপক লৈ বিশ্বৰ ভিন্ন প্ৰান্তৰ ইউজাৰসকলৰ লগতে আমি ভাৰতীয় তথা অসমৰ ইউজাৰসকলেও যে এক নতুন অভিজ্ঞতা অৰ্জন কৰিবলৈ সমৰ্থ হ'ম সেয়া নিশ্চিত।

বিশেষকৈ সময়ৰ সদব্যৱহাৰ কৰিম কৰিম বুলি ভাবিও কৰিব নোৱৰা আমিবোৰক ফেচবুকে সামান্যকৈ হ'লেও এই সম্পৰ্কে সচেতন কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যদিহে আশা কৰা ধৰণেই জুকাৰবাৰ্গৰ প্ৰতিষ্ঠানটোৰ এই প্ৰচেষ্টা সফল হয় তেন্তে বিগত সময়ছোৱাত ফেচবুকত ক্ৰমাত বৃদ্ধি পোৱা অসহিষ্ণুতাৰ পৰিৱেশ, অনাহক বিতৰ্ক তথা উৰা বাতৰি আদিও হ্ৰাস পাব বুলি আশা কৰিব পাৰি।

সকলোতকৈ ডাঙৰ কথাটো হৈছে, এই টুলৰ জৰিয়তে এতিয়া আমি মোবাইল, ইণ্টাৰনেটবিহীন আমাৰ আজোককাৰ দিনৰ পৃথিৱীলৈ উভতি নোযোৱাকৈও সঠিকভাৱেই দিব পাৰিম এই লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা বতাহত ভাহি থকা আটাইকেইটা প্ৰশ্নৰে উত্তৰ।

শেষত ইয়াকে ক'ব পাৰি যে যদিহে ফেচবুক, হোৱাটছএপ ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়াই আমি সতৰ্ক হ'বলৈ চেষ্টা নকৰো তেন্তে অনাগত দিনত বিপদ অৱশ্যাম্ভাৱী। আৰু সেই বিপদ হ'ব ডিজিটেল বিপদ। ডিজিটেল বিপদক ফেচবুকে মুকলি কৰা Digital Wellness Dashboardৰ সহায়ত ডিজিটেলি সমাধান কৰাৰ বাদে যে গত্যন্তৰ নাই সেয়া কিন্তু নিশ্চিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in