কিতাপৰ বিৰুদ্ধে চৰকাৰৰ এই শত্ৰুতা কিয়?

কিতাপৰ বিৰুদ্ধে চৰকাৰৰ এই শত্ৰুতা কিয়?

► মৃদুল কুমাৰ সন্দিকৈ

ঠাণ্ডা দিনৰ সেমেকা বতাহ। নতুন কিতাপৰ পৰা ভাহি অহা গোন্ধই মন ভৰাই পেলায়। নিয়ন লাইটৰ পোহৰত কিতাপৰ সৈতে মানুহৰ আত্মীয়তা। লেখক-প্ৰকাশক, পাঠকৰ মুক্ত বিচৰণ ভূমি সেই ঠাই। মঞ্চত তেতিয়া এজন বিশিষ্ট লেখক, সন্মুখত তেওঁৰ গুণগ্ৰাহী পাঠক। ইটোৰ পিছত সিটো প্ৰশ্নৰে পাঠকে তেওঁক ধাৰাশায়ী কৰিছে। হঠাৎ এই অনুষ্ঠানৰ আঁত ধৰা সেই সময়ৰ এজন অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া তথা বিশিষ্ট লেখকে সুধিলে- আপুনি হেনো প্ৰুফ চায় শুদ্ধ কৰি দিয়াৰ পাছতো। সেইটো জানি বুজি ভুল কৰি চপা কৰিব দিছিল? কি আছিল এইটো? সমগ্ৰ বাক্যটো এটা মাত্ৰ বৰ্ণৰ বাবেই অৰ্থ বেলেগ হৈছিল। সেই ঠাইত আৰ্হি কাকত চাওঁতাই ভুল বৰ্ণ বুলি কাটি দিছিল 'ব'টো। তাৰ পাছতেই আছিল 'া'কাৰ আৰু পাছত 'ল'। প্ৰুফ ৰীডাৰে সেইটো বাৰে বাৰে কাটি 'ভ' কৰি দিয়াৰ পাছতো সেই লেখকগৰাকীয়ে পুনৰ 'ব' কৰি দিছিল। দুয়োটা বৰ্ণ ব্যৱহাৰ কৰিলে তাৰ অৰ্থ বেলেগ হয়।

এইবোৰ আছিল গ্ৰন্থমেলাৰ সেই পুৰণি দিনৰ স্মৃতি। এনে অনেক স্মৃতি আছে গ্ৰন্থমেলাৰ। লেখক, পাঠক আৰু প্ৰকাশকৰ একাত্মবোধ গঢ় লৈ উঠে এই দিনকেইটাতে। অসমত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল 'অসম প্ৰকাশন পৰিষদ'ৰ উদ্যোগত। চন্দ্ৰপ্ৰসাদ শইকীয়া আছিল এই গ্ৰন্থমেলাৰ ৰূপকাৰ। তাৰ পৰৱৰ্তী সময়ত গ্ৰন্থমেলা আন্দোলনে অসমত এক ব্যাপক ৰূপ ধাৰণ কৰিলে। গাঁৱে-ভূঞে এতিয়া গ্ৰন্থমেলা অনুষ্ঠিত হয়। গ্ৰন্থমেলাৰ জৰিয়তে সৃষ্টি হোৱা গ্ৰন্থবিপ্লৱে বৌদ্ধিক চেতনা বিকশিত কৰাৰ লগতে লেখক আৰু প্ৰকাশক সৃষ্টি কৰিছে। এয়া ৰাজ্য তথা অসমীয়া ভাষা-সংস্কৃতিৰ বাবে এক শুভলক্ষণ আছিল।

শেহতীয়াকৈ সেই গ্ৰন্থমেলাক কেন্দ্ৰ কৰি এক বিতৰ্কৰ সৃষ্টি হৈছিল। যোৱা ১৯ বছৰে অসমত গ্ৰন্থ আন্দোলনক বিশেষ মাত্ৰা দিছিল উত্তৰ-পূব গ্ৰন্থ মেলাই। সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই আয়োজন কৰা এই গ্ৰন্থমেলাৰ প্ৰতি সকলোৰে আছিল বিশেষ আগ্ৰহ আৰু টান। কিন্তু গ্ৰন্থমেলাৰ স্থান আৰু তাৰিখক লৈ মত বিৰোধ সৃষ্টি হৈছে প্ৰকাশন পৰিষদৰ সৈতে। উত্তৰ-পূব গ্ৰন্থমেলাৰ বাবে আয়োজকসকলে প্ৰথমে চানমাৰি অভিযান্ত্ৰিক খেলপথাৰ বন্দৱস্ত কৰিছিল যদিও সেই নিৰ্দিষ্ট তাৰিখত গ্ৰন্থমেলা পাতিবলৈ খেলপথাৰ দিয়াৰ ক্ষেত্ৰত বাধা দিয়াৰ অভিযোগ উঠিছে চৰকাৰী পক্ষৰ বিৰুদ্ধে।

উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকসকলৰ মতে, চৰকাৰে ৩-৪মাহ ধৰি বিভিন্ন অনুষ্ঠানৰ অজুহাতত চানমাৰি অভিযান্ত্ৰিক খেলপথাৰখন বুকিং কৰাত অনিশ্চয়তাত পৰিছে উত্তৰ-পূব গ্ৰন্থমেলা। অভিযোগ মতে, প্ৰথমবাৰৰ বাবে শিশু গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ প্ৰকাশন পৰিষদে চানমাৰি খেলপথাৰ বুক কৰিছে। যিটো সময়ত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছিল আয়োজকসকল। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তক সহজভাৱে লোৱা নাই ৰাইজে। কিয়নো এইধৰণে এখন গ্ৰন্থমেলাৰ ভৱিষ্যত ধ্বংস কৰিবলৈ চৰকাৰী পক্ষই অতি কৌশলেৰে কুচকাৱাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

বিশিষ্ট চিন্তাবিদ লক্ষ্মীনাথ তামুলীৰ মতে, গ্ৰন্থমেলা এনেধৰণে বন্ধ কৰি দিয়াৰ চৰকাৰী ষড়যন্ত্ৰ আচলতে বিজেপি চৰকাৰৰ অসমীয়া ভাষা-সংস্কৃতিৰ ওপৰত আক্ৰমণ। অসমীয়া ভাষা সংস্কৃতিক ধ্বংস কৰি তেওঁলোকে ৰাষ্ট্ৰীয়বাদ প্ৰতিষ্ঠা কৰাৰ এয়া এক পদক্ষেপ। তেওঁ লগতে কয়- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবিনেট বৈঠকত হিন্দীত কথা পাতে। মুখ্যমন্ত্ৰীৰ এনে আচৰণে আচলতে বুজাই দিয়ে, তেওঁৰ যে অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি অলপো অনুকম্পা নাই।

এই সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিশিষ্ট স্তম্ভ লেখক তথা সাংবাদিক ৰণেন কুমাৰ গোস্বামীয়ে কয় যে এই ধৰণৰ বিজেপি চৰকাৰৰ প্ৰৱণতা আচলতে স্বাধীন আৰু মুক্ত চিন্তাৰ বিৰুদ্ধে চলোৱা এক আক্ৰমণ। গ্ৰন্থমেলাৰ বিৰুদ্ধে চৰকাৰী পৃষ্ঠপোষকতাত চলা এনে কাৰ্যক তেওঁ সমালোচনা কৰে। গ্ৰন্থমেলাৰ সৈতে জড়িত কবি তথা প্ৰকাশক কমল কুমাৰ মেধিৰ মতে, উত্তৰ-পূব গ্ৰন্থমেলা যোৱা ১৯ বছৰে অনুষ্ঠিত হৈ আহিছে। আগতীয়াকৈ চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰ বুকিং কৰা হৈছে। হঠাৎ খেলপথাৰৰ দায়িত্বত থকা সংশ্লিষ্ট কৰ্তৃপক্ষই জনালে, নবেম্বৰৰ পৰা জানুৱাৰীলৈকে তেওঁলোকে খেলপথাৰখন গ্ৰন্থমেলা পাতিবলৈ দিব নোৱাৰিব। পোন প্ৰথমবাৰৰ বাবে, কিহৰ বাবে প্ৰকাশন পৰিষদে উত্তৰ-পূব গ্ৰন্থমেলা পতা বতৰত শিশু গ্ৰন্থমেলা পাতিছে তাক লৈ সন্দেহ আছে বুলি তেওঁ মন্তব্য কৰে।

তেওঁ আৰু কয়, 'গ্ৰন্থমেলা মানে কিতাপৰ বজাৰ নহয়। জাতিৰ বৌদ্ধিক স্পন্দন। সেই বৌদ্ধিক চৰ্চাৰ পৰিৱেশক ক্ষমতা মূৰত থকা চৰকাৰে টেটুত চেপি ধৰিছে। চৰকাৰে জানে প্ৰগতিশীল চিন্তা চৰ্চা কৰিবলৈ সুযোগ পালে তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বাট বন্ধ হ'ব।'

ইফালে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিশিষ্ট লেখক-সমালোচক ইছমাইল হুছেইনে। তেওঁ কয়- যি চৰকাৰে গ্ৰন্থমেলা বন্ধ কৰিব পাৰে, সেই চৰকাৰে যিকোনো নেতিবাচক কাম কৰিব পাৰে। ১০খন গ্ৰন্থমেলা আয়োজন কৰাত আপত্তি নাই। কিন্তু নিৰ্দিষ্ট সময়ত উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত হ'বলৈ দিব লাগে। এয়া আমাৰ দাবী, অসমৰ ৰাইজৰ, অসমৰ জনসাধাৰণৰ দাবী।

মূলতঃ প্ৰকাশন পৰিষদৰ সৈতে সৃষ্টি হোৱা এই সংঘাতৰ বাবে উত্তৰ-পূবক লৈ অনিশ্চয়তা নামি আহিছে। এই সন্দৰ্ভত প্ৰকাশন পৰিষদৰ স্থিতি কি? পৰিষদৰ সচিব প্ৰমোদ কলিতাক সোধা হৈছিল কি এনে সংঘাত হৈছে? প্ৰকাশন পৰিষদৰ সচিবগৰাকীৰ মতে, এই সপ্তাহতে বিষয়টো নিষ্পত্তিৰ বাবে শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ-পূব গ্ৰন্থমেলা আয়োজকসকলৰ সৈতে বৈঠকত মিলিত হ'ব।

তেওঁ লগতে কয় যে, ৩-৪ মাহ ধৰি অভিযান্ত্ৰিক খেলপথাৰ চৰকাৰে বুক কৰি থোৱা কথাতো মিছা। তেওঁ প্ৰত্যাহ্বান জনাই কয়- ১১ নবেম্বৰৰ পৰা ১৪ নবেম্বৰলৈ প্ৰকাশন পৰিষদৰ শিশুগ্ৰন্থমেলা আয়োজিত হ'ব। ইয়াৰ আগৰ ৪ দিন খেলপথাৰখন প্ৰস্তুতিৰ বাবে প্ৰয়োজন হ'ব। তাৰ পাছত ২২ ডিচেম্বৰৰ পৰা ২ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব গুৱাহাটী বুক ফেয়াৰ। এই সময়খিনিৰ বাবেহে প্ৰকাশন পৰিষদে খেলপথাৰখন বুক কৰি থৈছে। তাৰ মাজৰ সময়খিনি উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে খালী আছে যদিও, সেই সময়ত বুক ফেয়াৰ পতাৰ পক্ষত নাই উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকসকল।

গ্ৰন্থমেলা মানেই ব্যৱসায় নহয়। গ্ৰন্থমেলা মানেই কোনো চৰকাৰী পক্ষৰ উৎসৱ নহয়। গ্ৰন্থমেলা এক জাতীয় স্পন্দন আৰু বৌদ্ধিক বিকাশৰ এক ক্ষেত্ৰ। ইয়াক লৈ কোনো পক্ষই সস্তীয়া ৰাজনীতি কৰাতো উচিত নহয়। চৰকাৰী পক্ষই পূৰ্বতেও গ্ৰন্থমেলাৰ নামত বহুত ষড়যন্ত্ৰ কৰিছিল। তাৰ প্ৰমাণ জৰ্জ ফিল্ডৰ পৰা গ্ৰন্থমেলা নি মণিৰাম দেৱান আন্তৰ্জাতিক বাণিজ্যিক কেন্দ্ৰ পোৱাইছিল। সেই সময়ত ইয়াৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল অসমৰ বৌদ্ধিক সমাজ। সেই আন্দোলনৰ পাছতহে উত্তৰ-পূব গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ এক পৰিৱেশ ৰচনা হৈছিল।

চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা বা সাহিত্য উৎসৱবোৰত সাধাৰণ পাঠকে পাবলগীয়া গ্ৰন্থমেলাৰ সোৱাদ নাপায়। গ্ৰন্থপ্ৰেমী বা লেখক-সাহিত্যিকতকৈ তাত ৰাজনৈতিক নেতা আৰু এচাম ৰজাঘৰীয়াৰ গুণানুকীৰ্তন কৰা তথাকথিত লেখকৰ আড্ডা চলে। বহু সময়ত লেখকসকল বাদ পৰি যায়। ভি ভি আই পি বা উচ্চপদস্থ বিষয়া বা তৈলমৰ্দনকাৰী লোকৰ সমাহাৰৰ বাবে সেইদিনবোৰ গ্ৰন্থমেলা সদৃশ হৈ নাথাকে।

তেনে ক্ষেত্ৰত ৰাজ্যৰ প্ৰধান গ্ৰন্থমেলা হিচাপে উত্তৰ-পূব গ্ৰন্থমেলাৰ প্ৰতি সকলোৰে আগ্ৰহ অতি বেছি। ২০১৭বৰ্ষত অনুষ্ঠিত প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত চমক দিয়া হৈছিল। চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল- কোটি টকাৰ কিতাপ কিনিব চৰকাৰে। মহাবিদ্যালয়সমূহকো নিৰ্দেশ দিয়া হৈছিল গ্ৰন্থ ক্ৰয়ৰ বাবে। যি ধন যোগান ধৰাৰ কথা আছিল ৰাজ্যৰ শিক্ষা বিভাগে। সেই লোভত পৰি মহাবিদ্যালয়সমূহে লাখ টকাকৈ কিতাপ কিনিলে। সেইদিনকেইটাত গুৱাহাটী গ্ৰন্থমেলাত গ্ৰন্থমেলাৰ পৰিৱেশ নাছিল। কিতাপৰ ষ্টলসমূহত বান্দিলে বান্দিলে বান্ধি থোৱা কিতাপৰ টোপোলাৰে ভৰি আছিল। এনে পৰিৱেশ কেতিয়াও গ্ৰন্থমেলাৰ ভিতৰত হোৱা নাছিল।

গ্ৰন্থমেলাক গ্ৰন্থমেলা হৈয়ে থাকিবলৈ দিয়ক। গ্ৰন্থমেলাৰ নামত ৰাজনীতি কিয়? অসমৰ প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই ২০১৭বৰ্ষত অংশ লোৱা নাছিল। তেওঁলোকে অসহযোগ কৰিছিল এই গ্ৰন্থমেলাত। তাৰেই ফল নেকি এয়া? এই কথাও ৰাইজে আলোচনা কৰিছে।

চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ উত্তৰ-পূব গ্ৰন্থমেলা পতাৰ সুবিধা কৰি নিদিলে কাললৈ সেই গ্লানি বহন কৰিব লাগিব। এইখন ৰাইজৰ গ্ৰন্থমেলা। অৱশ্যে এৰা-ধৰাৰ মাজেৰে আকোৰগোজ নোহোৱাকৈ উত্তৰ-পূব গ্ৰন্থমেলাৰ আয়োজকসকলে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ বাবে সুচিন্তাৰে আগবাঢ়িব লাগিব। এতিয়া কোনো কথাই লুকাই নাথাকে। গ্ৰন্থমেলাৰ প্ৰতি ৰাইজৰ আস্থা নাথাকিলে গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ কোনো লাভ নহ'ব।

সেই আস্থা আৰু পৰিৱেশ ৰচনা কৰাৰ দায়িত্ব চৰকাৰ তথা আয়োজকসকলৰ। কোনো পক্ষই গ্ৰন্থমেলাক কেৱল নিজৰ ঢাল হিচাপে ব্যৱহাৰ কৰিব নালাগে। গ্ৰন্থমেলা সদায় গ্ৰন্থমেলাই। কিতাপ-প্ৰকাশক, লেখক-পাঠকৰ মাজৰ সেতু গঢ়ে গ্ৰন্থমেলাই। এতিয়া এই পৰিবেশ পৰিস্থিতি দেখি চৰকাৰী পক্ষক সকলোৱে এটাই প্ৰশ্ন সুধিব খোজে- কিতাপৰ সৈতে আপোনালোকৰ এই শত্ৰুতা কিয়?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in