এছিয়ান গেমছত ভাৰতৰ সম্ভাৱনা

এছিয়ান গেমছত ভাৰতৰ সম্ভাৱনা

✍ বিদ্যুৎ কলিতা

✿ কিছুবছৰ আগলৈ ক্ৰিকেটেই আছিল ভাৰতীয়সকলৰ অৱসৰ বিনোদনৰ একমাত্ৰ আহিলা। ক্ৰিকেটৰ এভাৰেষ্ট সদৃশ জনপ্ৰিয়তাৰ তুলনাত বাকী খেলসমূহ ভাৰতীয় অনুৰাগীৰ হৃদয়ৰ পৰা ক্ৰমাৎ হেৰাই গৈছিল। ক্ৰিকেটাৰসকল ভাৰতীয়ৰ বাবে ঈশ্বৰ সদৃশ। তেওঁলোকে যি কয় সেয়াই শিলৰ ৰেখা, যি পিন্ধে সেয়াই ফেশ্যন। সেয়া আছিল স্বাভাৱিক। কাৰণ ক্ৰিকেটেই ভাৰতীয় ক্ৰীড়াক্ষেত্ৰক দিছে এটি সুকীয়া পৰিচয়। ক্ৰিকেটে জয় কৰিছে দুবাৰকৈ বিশ্বকাপ খিতাপ।

বিশাল অৰ্থই দেশৰ যুৱ সমাজক ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত কৰাটো অস্বাভাৱিক নহয়। কিন্তু সকলো বিষয়ৰে অতিমাত্ৰা ক্ষতিকাৰক। ক্ৰিকেটৰ ক্ষেত্ৰতো সেয়াই ঘটিল। অতিমাত্ৰা ক্ৰিকেটৰ উপৰ নিত্য নতুন কলংকিত ঘটনাই খেলবিধৰ প্ৰতি ভাৰতীয়সকলক বিতুষ্ট কৰি তুলিলে। ক্ৰিকেট এতিয়া আৰু ভদ্ৰলোকৰ খেল হৈ থকা নাই। টকাই সৰ্বোচ্চ নহয়। যেতিয়ালৈ বাকী খেলসমূহে বিশ্বজয় কৰি পৰা নাছিল তেতিয়ালৈ ক্ৰিকেটেই আছিল দেশৰ ১ নম্বৰ খেল। দেশত ক্ৰিকেটৰ জনপ্ৰিয়তা যদিও আছে কিন্তু নাই আগৰ উন্মাদনা।

টেলিভিচনৰ জৰিয়তে দেশৰ মাটিৰ গোন্ধ থকা খেল কাবাডীও এতিয়া দেশৰ প্ৰতিটো পৰিয়ালৰ ড্ৰয়িং ৰূমত বিদ্যমান। অলিম্পিকত অভিনৱ বিন্দ্ৰা, ৰাজ্যবৰ্ধন সিং ৰাথোড়, সুনীল কুমাৰ, বীৰেন্দৰ সিং, ছাইনা নেহৱাল, পি ভি সিন্ধু, সাক্ষী মালিকৰ পদকজয়ী প্ৰদৰ্শন, জিমনাষ্টিকছত দীপা কৰ্মকাৰৰ চতুৰ্থ স্থান আদি ঘটনাই ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ পৰিৱেশ সলনি কৰিলে। ২০১৭চনত ফিফা ১৭ অনূৰ্ধ্ব বিশ্বকাপ ফুটবলৰ আয়োজন, বিশ্বৰ শীৰ্ষ বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ দপদপনি, মেৰী কমৰ দৰে ৫বাৰৰ বিশ্ব চেম্পিয়ন তথা অলিম্পিকৰ পদকধাৰীসকল আজি ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ মুখ্য তাৰকা। ধনেৰে নহ'লেও সন্মানেৰে এইসকল এম এছ ধোনী কিংবা বিৰাট কোহলিৰ জনপ্ৰিয়তাতকৈ বহু ওপৰত।

এইসকলে খেলিবলৈ নামিলে সমগ্ৰ দেশে সাফল্য বিচাৰি প্ৰাৰ্থনা কৰে। মাত্ৰ তিনিটা মাহ আগলৈ কোনেও চিনি নোপোৱা হিমা দাস আজি দেশৰ এক নম্বৰ তাৰকা। হিমাক লৈ দেশবাসী আজি গৌৰাৱান্বিত। ভাৰতৰ জুনিয়ৰ ফুটবলৰ দুটা দলে একেদিনাই দুখন পৃথক প্ৰতিযোগিতাত আৰ্জেণ্টিনা আৰু ইৰাকৰ দৰে দুখন শক্তিশালী দেশক হৰুৱাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ফুটবল বিশ্বই ভাৰতৰ এই বিজয়ক যথেষ্ট গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

দেশৰ ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিটো বিভাগেই এতিয়া বিশ্বৰ শক্তিশালী দেশসমূহৰ লগত সমানে ফেৰ মাৰিব পাৰে। কেৱল অংশগ্ৰহণতে সীমাৱদ্ধ নাথাকি ভাৰতে এতিয়া প্ৰতিখন প্ৰতিযোগিতাৰ পৰাই পদক বুটলি আনিছে। বিশ্ব ক্ৰীড়াক্ষেত্ৰৰ প্ৰতিখন শক্তিশালী দেশেই ভাৰতক সন্মান কৰে। এয়া ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ উত্থানৰ ইংগিত।

অহা ২৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাং চহৰত আৰম্ভ হ'ব ১৮ সংখ্যক এছিয়ান গেমছ। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰৰ বাবে এই গেমছৰ গুৰুত্ব অপৰিসীম। আগতে কেৱল হকী-কাবাডীৰ সাফল্যতে সীমাৱদ্ধ থকা ভাৰতে এইবাৰ যথেষ্ট শক্তিশালী দল প্ৰেৰণ কৰিব। এইবাৰ প্ৰতিটো বিভাগতে ভাৰতে পদক লাভ কৰাৰ সম্ভাৱনা আছে। সৰ্বাধিক পদকৰ আশা কৰা হৈছে এথলেকিটকছ আৰু শ্বুটিঙত। এথলেটিকছত সৰ্বাধিক ১৮টা আৰু শ্বুটিঙত ১০টা।

এথলেটিকছত সকলোৰে আশা অসম কন্যা হিমা দাসৰ ওপৰত। হিমা নামিব ২০০ আৰু ৪০০ মিটাৰ ইভেণ্টত। সাম্প্ৰতিক প্ৰদৰ্শনৰ ভিত্তিত হিমাৰ পদক লাভৰ সম্ভাৱনা এশ শতাংশ। সম্প্ৰতি চেক গণৰাজ্যৰ প্ৰাগত প্ৰস্তুতি চলাই থকা হিমা নিজেও আত্মবিশ্বাসী। হিমাৰ উপৰি এইবাৰ অভিলেখসংখ্যক ৬গৰাকী অসমীয়াই এছিয়ান গেমছত দেশক প্ৰতিনিধিত্ব কৰিব। মুঠ ৭গৰাকী আছিল যদিও অন্তিম মুহূৰ্তত আঘাতৰ বাবে বাদ পৰিছে জোনালী দত্ত।

দুবাৰৰ অলিম্পিয়ান শিৱ থাপাই এইবাৰ দেশবাসীক নিৰাশ নকৰাটো নিশ্চিত। আৰ্চাৰীত প্ৰমীলা দৈমাৰী যথেষ্ট অভিজ্ঞ। প্ৰমীলাই চমক দেখুৱালে আচৰিত হ'ব লগা নাই। বেডমিণ্টনত অস্মিতা চলিহা অত্যন্ত প্ৰতিভাবান যদিও তাৰকাসমৃদ্ধ বাকী সকলৰ তুলনাত অনভিজ্ঞ। অস্মিতাৰ প্ৰতিভাক কিন্তু কোনোৱেই অস্বীকাৰ কৰিব নোৱাৰে। ফেন্সিঙত কবিতা দেবীয়ে বিশ্ব চেম্পিয়নশ্বিপত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে। এই ধাৰা অব্যাহত ৰাখিব পাৰিলে কবিতাৰ পদক নিশ্চিত। টাইকোৱাণ্ডোত ৰ'দালি বৰুৱাই যোৱা দুই তিনিবছৰত প্ৰায় প্ৰতিখন আন্তৰ্জাতিক প্ৰতিযোগিতাৰ পৰাই পদক আনিছে। ৰ'দালি শক্তিশালী প্ৰতিদ্বন্দ্বী।

বিশেষজ্ঞসকলৰ মতে ভাৰতে এইবাৰ ৮০ৰ পৰা ৮৫টাৰ ভিতৰত পদক লাভ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in