এছিয়ান গেমছঃ ভাগ হিমা ভাগ…

এছিয়ান গেমছঃ ভাগ হিমা ভাগ…

 ধ্ৰুৱজ্যোতি ধনন্তৰি

আকৌ স্বৰ্ণ জয় কৰিব হিমাই। আজিৰে পৰা আৰম্ভ হোৱা এছিয়ান গেমছক লৈ এয়াই আশা অসমবাসীৰ। কেৱল অসমবাসীয়েই নে? সমগ্ৰ দেশবাসীয়ে বাট চাই ৰৈছে সেই বিশেষ মুহূৰ্তটোলৈ। জাকাৰ্টাৰ পৰা খবৰ আহিব। এথলেটিকছৰ ২০০ আৰু ৪০০ মিটাৰ উভয়তে স্বৰ্ণ জয় কৰিছে অসম কন্যাই। ভাগ… ভাগ… ভাগ হিমা। ক্ৰীড়াপ্ৰেমী প্ৰতিজন অসমীয়াই এতিয়া ইয়াকে কৈছে।

হিমাৰ জন্মস্থান ধিঙতো প্ৰতিজনেই আশাবাদী। ফিনলেণ্ডৰ দৰে ইণ্ডোনেছিয়াতো উজলি উঠিব অসম কন্যা। আজুৰি আনিব পদক।

আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত হিমাই ট্ৰেকত নামিব অহা ২৫ আগষ্টতহে। এইকেইদিন ইণ্ডোনিছয়াৰ পৰিৱেশত অনুশীলন চলাবলৈকো যথেষ্ট সময় পাব হিমাই। ইতিমধ্যে চেক গণৰাজ্যৰ প্ৰাগৰ পৰা ডুবাই হৈ যোৱা ১৭ আগষ্টত দেশখনত ভৰি থৈছে ভাৰতীয় ক্ৰীড়া জগতৰ নতুন চাঞ্চল্য অসম কন্যাগৰাকীয়ে।

কেৱল হিমাই নহয়, অসমবাসীৰ আশা আৰু ৫ ক্ৰীড়াবিদক লৈ। এছিয়ান গেমছত জিলিকি উঠাৰ পূৰ্ণ সম্ভাৱনা আছে এইকেইগৰাকী অসম সন্তানৰ। ইয়াৰে এগৰাকীয়ে ইতিমধ্যে অলিম্পিকৰ দৰে প্ৰতিযোগিতাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰাৰ লগতে একাধিক আন্তৰ্জাতিক প্ৰতিযোগিতাত স্বৰ্ণ জয়ৰে সমগ্ৰ বিশ্বত অসমৰ নাম উজলাবলৈ সমৰ্থ হৈছে। এইগৰাকী অসম গৌৰৱ হৈছে শিৱ থাপা।

বিগত কিছুদিন ধৰি লাইমলাইটলৈ নাহিলেও এছিয়ান গেমছৰ জৰিয়তে বক্সাৰগৰাকীয়ে পুনৰ দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হব বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে। বহুতে ৬০ কেজি শাখাত শিৱৰ পদক নিশ্চিত বুলিয়েই ধৰি লৈছে।

এছিয়াৰ সৰ্ববৃহ প্ৰতিযোগিতাখনত অসমক জিলিকাই তোলাৰ লক্ষ্য আগত লৈ জাকাৰ্টাত উপস্থিত হোৱা আনকেইগৰাকী হৈছে আৰ্চাৰীত প্ৰমীলা দৈমাৰী, বেডমিণ্টনত অস্মিতা চলিহা, ফেন্সিঙত কবিতা দেৱী আৰু টাইকোৱানডোত ৰফালি বৰুৱা।

অসমৰ এই ৬ ক্ৰীড়াবিদৰ লগতে প্ৰতিযোগিতাখনৰ ৩৬টা ইভেণ্টত অংশগ্ৰহণ কৰিব ভাৰতৰ সৰ্বমুঠ ৫৭২ গৰাকী খেলুৱৈয়ে। ভাৰতৰ ধ্বজাবাহক নীৰজ চোপ্ৰাই ত্ৰিৰংগা লৈ শনিবাৰৰ উদ্বোধনী অনুষ্ঠানত আগবঢ়াৰ সময়তে সমগ্ৰ এছিয়া মহাদেশৰ দৃষ্টি নিৱদ্ধ হৈছে দলটোৰ ওপৰত। এছিয়া মহাদেশৰ দেশসমূহৰ ভিতৰত চীন, জাপান, দক্ষিণ কোৰিয়াই বিশ্ব পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত আধিপত্য বিস্তাৰ কৰি আহিছে যদিও শেহতীয়াকৈ ভাৰতো বিশ্বৰ ক্ৰীড়াক্ষেত্ৰৰ এক সম্ভাৱনা হৈ দেখা দিছে। সেই দিশৰ পৰা ভাৰতীয় দলটোক প্ৰত্যক্ষ কৰি উদ্বোধনী অনুষ্ঠানত শংকিত হৈ পৰিছে এছিয়াৰ আন দেশসমূহৰ খেলুৱৈসকল।

২০১৪ বৰ্ষত দক্ষিণ কোৰিয়াত অনুষ্ঠিত প্ৰতিযোগিতাত ভাৰতে ১১ টা স্বৰ্ণ, ৯ টা ৰূপ, ৩৭টা ব্ৰঞ্জসহ ৫৭টা পদকৰে পদক তালিকাত অষ্টম স্থানতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছিল যদিও এইবাৰ দলটোৰ প্ৰতিগৰাকী খেলুৱৈৰে লক্ষ্য প্ৰথম তিনিটা স্থানত নিৱদ্ধ হৈ আছে। বিগত এছিয়াডত ভাৰতে পদকৰ তালিকাত লাভ কৰিছিল থাইলেণ্ডতকৈয়ো তলৰ স্থান।

শেহতীয়াকৈ বিশ্বৰ ক্ৰীড়া মানচিত্ৰত ভাৰত অধিক আগবাঢ়ি গৈছে। গল্ডকোষ্টত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে দুৰ্দান্ত প্ৰদৰ্শনৰে দখল কৰিবলৈ সমৰ্থ হৈছিল পদক তালিকাৰ তৃতীয় স্থান। আগশাৰীৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত কানাডাৰ দৰে দেশকো অতিক্ৰম কৰিছিল ভাৰতে।

সেই দিশৰ পৰা ২০১৪ৰ এছিয়াডতকৈ জাকাৰ্টা আৰু পালেমবাগত হিমাসহ ভাৰতীয় দলটোৰ পদক জয়ৰ সম্ভাৱনা কেবাগুণে অধিক বুলিয়েই দাবী কৰিছে ভাৰতীয় ক্ৰীড়া বিশেষজ্ঞকলে।

কমনৱেলথ গেমছৰ সাফল্যৰ পিছত এই মুহূৰ্তত মানসিকভাৱে অধিক শক্তিশালী হৈ আছে ভাৰতীয় ক্ৰীড়া দলটো। কিছু পৰিমাণে আৱেগিকো হৈ পৰিছে কেবাগৰাকী খেলুৱৈ। দেশ আৰু জাতিৰ আৱেগৰ সৈতে ১৬ আগষ্টত সংযোগ হৈছে আন এক বিশেষ আৱেগৰ। এই বিশেষ আৱেগ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক লৈ। দেশবাসীৰ অতিকে আপোন নেতাগৰাকীৰ দেহাৱসানৰ বাতৰিয়ে চুই গৈছে এছিয়ান গেমছত ভাগ ল'বলৈ সাজু হোৱা দলটোৰ প্ৰতিগৰাকী খেলুৱৈকে। ইতিমধ্যে ভাৰতীয় দলটোৰ দায়িত্বত থকা উৰ্ধতম কৰ্তৃপক্ষই প্ৰতিযোগিতাখনত লাভ কৰা পদকসমূহ বাজপেয়ীৰ নামত উসৰ্গা কৰা হ'ব বুলি সদৰী কৰিছে। সেই লৈয়ো খেলুৱৈসকল আৱেগিক হৈ পৰিছে।

এনেকৈয়ে এতিয়া দেশবাসীক এটাৰ পিছত এটাকৈ পদক উপহাৰ দিবলৈ সাজু হৈছে এছিয়াডৰ ভাৰতীয় দলটো। এছিয়াডত সাফল্য মানেইটো অলিম্পিকৰ বাবে সাহস। এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰে প্ৰতিজন ভাৰতীয় ক্ৰীড়াবিদে।

সীমিত সা-সুবিধা আৰু পৰ্যাপ্ত ক্ৰীড়াসূলভ পৰিৱেশৰ অভাৱে বহুক্ষেত্ৰত ভাৰতৰ বহু ক্ৰীড়াবিদৰে লক্ষ্যপথত হেঙাৰ হৈ থিয় দিয়ে বুলিও চৰ্চিত হৈ আহিছে। কিন্তু এনে সীমিত সা-সুবিধা বা পৰ্যাপ্ত ক্ৰীড়াসূলভ পৰিৱেশৰ অভাৱ সত্বেও অলিম্পিক তথা একাধিক আন্তৰ্জাতিক প্ৰতিযোগিতাত এটাৰ পিছত এটাকৈ পদক আজুৰি নিবলৈ সমৰ্থ হৈ আহিছে আফ্ৰিকা মহাদেশৰ কেবাখনো দৰিদ্ৰ ৰাষ্ট্ৰই।

ডিউক বিশ্ববিদ্যালয়ৰ অধ্যাপক অনিৰুদ্ধ কৃষ্ণা আৰু দেশৰ এগৰাকী আগশাৰীৰ ক্ৰীড়া বিশেষজ্ঞ বৰিয়া মজুমদাৰে কেইবছৰমান পূৰ্বে অলিম্পিকৰ পদক জয়ক লৈ ২০০৮ চনত এখন গৱেষণামূলক পত্ৰ প্ৰকাশ কৰিছিল। 'Why do some countries win more Olympic medals?' শীৰ্ষক পত্ৰখনত ক্ৰীড়া বিশেষজ্ঞ মজুমদাৰে ভাৰতত ক্ৰীড়া সংস্কৃতি বিচাৰি পাবলৈ টান বুলি স্পষ্টকৈ দাবী কৰিছে। 'ভাৰতত ক্ৰীড়াসূলভ পৰিৱেশৰ বাৰুকৈয়ে অভাৱ। ৰাজনৈতিক ব্যৱস্থাটোৱেও ইয়াত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। সেয়ে ব্যক্তিগত প্ৰচেষ্টা আৰু উদগনিয়েহে ভাৰতীয় ক্ৰীড়াৰ ক্ষেত্ৰখনক শিখৰলৈ লৈ যাবলৈ সমৰ্থ হ'ব।'-এই মন্তব্য অনিৰুদ্ধ কৃষ্ণাৰ।

ক্ৰীড়া বিশেষজ্ঞ দুগৰাকীয়ে আজিৰ পৰা কেবা বছৰ পূৰ্বে ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰখনক লৈ এনে মন্তব্য কৰিলেও বিগত সময়ছোৱাত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। ইয়াৰ উদাহৰণ অসমৰ হিমা। কোনো বিশেষ সা-সুবিধা লাভ নকৰাকৈয়ে হিমাই সমগ্ৰ বিশ্বতে ভাৰত তথা অসমৰ নাম উজলাবলৈ সমৰ্থ হৈছে। এনে ক্ষেত্ৰত ভাৰতবাসীয়ে এতিয়া ক্ৰিকেটক বাদ দি ক্ৰীড়াক্ষেত্ৰৰ আন আন ইভেণ্টক লৈয়ো গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছে।

ছানিয়া মিৰ্জা, ছাইনা নেহৱাল, অভিনৱ বিন্দ্ৰাকে আদি কৰি একাধিক খেলুৱৈয়ে ভাৰতীয় ক্ৰীড়াপ্ৰেমীক ক্ৰিকেটৰ বাদেও আন খেলো যে আছে সেয়া উপলব্ধি কৰিবলৈ শিকাইছিল। এতিয়া সমগ্ৰ দেশৰ জনতাই বুজি উঠিছে যে খেল মানেই কেৱল ক্ৰিকেট নহয়। সেয়ে হিমাক লৈ সমগ্ৰ দেশজুৰি দেখা গৈছিল আনন্দৰ লহৰ। এই আনন্দৰ লহৰ ইণ্ডোনেছিয়াৰ এছিয়ান গেমছৰ পৰা গৈ কাটাৰ অলিম্পিক পাওক। তাকেই কামনা কৰে দেশবাসীয়ে। তাকেই কামনা কৰি অসমবাসীয়ে কৈ উঠে-ভাগ হিমা ভাগ…।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in