সংকটৰ সময় এতিয়া!NEET,JEE MAIN হ’ব কেতিয়া?

সংকটৰ সময় এতিয়া!NEET,JEE MAIN হ’ব কেতিয়া?

কেতিয়া অনুষ্ঠিত হ'ব NEET-2020 পৰীক্ষা? আকৌ পিছুৱাব নেকি এই পৰীক্ষা? কি প্ৰভাৱ পৰিছে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সমাজত? অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰতিবেদন।

NEET আৰু JEE MAIN তথা JEE ADVANCE পৰীক্ষাসমূহ সময়মতে অনুষ্ঠিত হ'বনে? ইয়াকে লৈ ছাত্ৰ আৰু অভিভাৱক সমাজ চিন্তিত। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ কেৰিয়াৰ দিশত অতি গুৰুত্বপূৰ্ণ এই প্ৰৱেশ পৰীক্ষাসমূহ অনুষ্ঠিত নোহোৱাত মেধাবী ছাত্ৰ-ছাত্ৰী সকলে এটা মূল্যবান বছৰ হেৰুৱাৰ উপক্ৰম হৈছে।

গুজৰাটৰ অভিভাৱকসমাজে NEET পৰীক্ষা অহা ১৩ ছেপ্ৰেম্বৰত অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়াৰ বাবে আৱেদন জনাই উচ্চতম ন্যয়ালয়ৰো কাষ চাপিছে। বাৰে বাৰে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ তাৰিখ সলনি কৰি থকাত অনিশ্চয়তাত ভুগি স্নাতক শ্ৰেণীত বহু ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিব লগা হৈছে।

নতুন সূচী অনুসৰি NEET-2020 ৰ পৰীক্ষা ১৩ ছেপ্তেম্বৰ ২০২০ত অনুস্থিত হোৱাৰ কথা। এই পৰীক্ষাৰ ফলাফল ২০২০ৰ অক্টোবৰ প্ৰথম সপ্তাহত দিয়াৰ সম্ভাৱনা আছে যদিও এতিয়ালৈকে NEET পৰীক্ষাত অৱৰ্তীণ হ'বলৈ আৱেদন কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰৱেশ পত্ৰ প্ৰদাণ কৰা নাই। আগষ্টৰ শেষ সপ্তাহত প্ৰৱেশ পত্ৰ প্ৰদাণ কৰাৰ সম্ভাৱনা আছে যদিও পৰীক্ষা সময়মতে অনুষ্ঠিত হ'বনে নাই তাক লৈ উদ্বিগ্ন ছাত্ৰ-ছাত্ৰীসকল। উল্লেখ্য যে নেছনেল টেষ্টিং এজেন্সি চমুকৈ এন টি এ অনুষ্ঠিত কৰা এই পৰীক্ষাত অৱৰ্তীৰ্ণ হ'বলৈ দেশৰ প্ৰায় ১৬.৮৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে আৱেদন জনাইছে।

লক্ষ্যনীয় যে NEET ত উত্তীৰ্ণ হৈয়েই ৮২৯২৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে MBBS ২৬৯৪৯ গৰাকীয়ে BDSপাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হয়।

কোৰোনা ভাইৰাছৰ বাবে অনুষ্ঠিত হোৱা নাই JEE MAIN পৰীক্ষাও। এই পৰীক্ষা নতুন সূচী অনুসৰি ১ ছেপ্তেম্বৰৰ পৰা ৬ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱাৰ কথা। একেদৰেই JEE ADVANCE ২৩ ছেপ্তেম্বৰ ২০২০ত অনুষ্ঠিত কৰিব বুলি সূচী প্ৰকাশ কৰিছে যদিও কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে এয়া সম্ভৱ হয় নহয় সেয়া নিশ্চিত নহয়।

এই প্ৰৱেশ পৰীক্ষা সমূহ অনুষ্ঠিত নোহোৱাৰ বাবে অসমৰো বহু ছাত্ৰ-ছাত্ৰীয়ে বিশেষকৈ বিজ্ঞান শাখাত স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰিছে। উল্লেখযোগ্য যে কটন বিশ্ব বিদ্যালয় বি এছ চি শ্ৰেণীৰ পাঠ্যক্ৰমত জৈৱ প্ৰযুক্তি বিদ্যাত ৪৫ খন, উদ্ভিদ বিজ্ঞানত ৫০ খন, ৰসায়ন বিজ্ঞানত ৬৫ খন, গণিতত ৮০ খন পদাৰ্থ বিজ্ঞানত ৬৫ খন আৰু জীৱ বিজ্ঞানত ৬০খন আসন আছে।

সীমিত সংখ্যক আসনত এই মেধাবী ছাত্ৰ-ছাত্ৰীসকলে নাম ভৰ্তি কৰাৰ বাবে বহু ভাল শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত আন একাংশ মেধাবী ছাত্ৰ-ছাত্ৰী বঞ্চিত হ'ব লগা হৈছে। কেৱল কলেজ বা মহাবিদ্যালয়তে নহয় আন বৃত্তিগত শিক্ষাপ্ৰতিষ্ঠানসমূহতো কাট অৱ মাৰ্ক এইবাৰ যথেষ্ট বাঢ়িছে।

NEET বা JEE উত্তীৰ্ণ হৈ এইসকল ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰা শিক্ষানুষ্ঠানসমূহৰ পৰা ইঞ্জিনিয়াৰিং নতুবা মে়ডিকেল কলেজত নামভৰ্তি কৰিলে পূৰ্বতে তেওঁলোকে নামভৰ্তি কৰা প্ৰতিষ্ঠানসমূহত এইবোৰ আসন বেছি পলম হ'লে খালী হৈয়েই ৰ'ব। এইদৰেই এতিয়া কোৰোনা ভাইৰাছৰ পৰিৱেশৰ মাজত অনিশ্চিত ভৱিষ্যতৰ কথা চিন্তা কৰি শংকিত হৈ পৰিছে মেধাবী ছাত্ৰ-ছাত্ৰীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in