কোভিড ১৯ : কোন ৰাজ্যই কিমান লাভ কৰিলে মাস্ক-পিপিই কীট- ভেন্টিলেটৰ…

কোভিড ১৯ : কোন ৰাজ্যই কিমান লাভ কৰিলে মাস্ক-পিপিই কীট- ভেন্টিলেটৰ…

কোভিডৰ বিৰুদ্ধে দেশে যুঁজ অব্যাহত ৰাখিছে । কোভিডৰ বিৰুদ্ধে যুদ্ধৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই বিভিন্ন ধৰনে মাস্ক,পিপিই কীট,ভেন্টিলেটৰ আদি প্ৰদানেৰে সহায় কৰিছে । এই সন্দৰ্ভত দীপজ্যোতি শৰ্মাৰ এক বিশেষ প্ৰতিবেদন ।

দেশত কোৰোনা মহামাৰীয়ে বিভিষিকাৰ সৃষ্টি কৰিছে । কোৰোনাৰ সংক্ৰমন ৰোধ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তত লকডাউনৰ লগতে কঠোৰ নীতি নিয়ম বান্ধি দিছে ৰাজ্য চৰকাৰ সমূহে । দিল্লী, মহাৰাষ্টকে ধৰি দেশৰ বহু কেইখন ৰাজ্যত অক্সিজেনৰ নাটনিয়ে ভয়াবহ ৰূপ ধাৰন কৰিছিল ।

কোভিডৰ এই পৰিস্থিতি সন্দৰ্ভত প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেইবালানিও বৈঠকৰ আয়োজন কৰাৰ লগতে দেশবাসীক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে । দেশত যাতে অক্সিজেনৰ নাটনি নহয় তাৰ বাবে অক্সিজেন এক্সপ্ৰেছৰ জৰিয়তে অক্সিজেনৰ যোগানৰো ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহক কোভিডৰ বিৰুদ্ধে যুঁজত বিভিন্ন ধৰনে সহায় কৰিছে ।বিভিন্ন ৰাজ্যত ভেন্টিলেটৰ,মাস্ক,পিপিইকীট আদিৰ সমস্যাই যাতে দেখা নিদিয়ে তাৰ বাবে কেন্দ্ৰই এন ৯৫ মাস্ক,পিপিই কীট,ৰেমডেচিভিৰ ভেকচিনৰ লগতে ভেন্টিলেটৰো যোগান ধৰিছে ৰাজ্য সমূহক ।

১২ মে'লৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য সমূহত ৪২২.৭৯ লাখ এন ৯৫ মাস্ক,১৭৬.৯১ পিপিইকীট যোগান ধৰাৰ লগতে কেন্দ্ৰই ৰেমডিচিভিৰ ইনজেকচন ৫৩ লাখ ৭০ হাজাৰ আৱন্টন কৰে আৰু ৰাজ্য সমূহক ৩৮,০৫,১২১ লাখ ৰেমডিচিভিৰ ইনজেকচন যোগান ধৰে ইনজেকন নিৰ্মাটা কোম্পানীয়ে ।

আনহাতে কেন্দ্ৰই ৰাজ্য সমূহক কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ ৪৬,৩৮৬ ভেন্টিলেটৰ আৱন্টন কৰে । ৰাজ্য সমূহে লাভ কৰে ৪৩,৯৭৯ টা ভেন্টিলেটৰ লাভ কৰে আৰু ৩৮,৯৫৮ টা ভেন্টিলেটৰ কাৰ্যক্ষম কৰি তোলা হয় ।

কেন্দ্ৰই অসমক ১১.৯৬ লাখ,অৰুনাছল প্ৰদেশক ২.৭৬ লাখ, অন্ধ্ৰ প্ৰদেশক ১৫.৬৩ লাখ,বিহাৰক ১৪.৩২ লাখ,চণ্ডিগড় ৪.০৩ লাখ,দিল্লী ২১.১৭ লাখ,গুজৰাট ২৮.৪২ লাখ, হাৰিয়ানা ১২.৫০ লাখ, কৰ্ণাটক ২০.৩১ লাখ,মধ্য প্ৰদেশ ১৫.৫৪ লাখ,মহাৰাষ্ট্ৰ ৩২.০১ লাখ ,নাগালেণ্ড ১.৯৫ লাখ, মনিপুৰ ২.৯৭ লাখ, মিজোৰাম ১.৯৬ লাখ,উৰিষ্যা ৯.৫৫ লাখ, পাঞ্জাৱ ৭.০২ লাখ ৰ লগতে কেন্দ্ৰীয় প্ৰতিষ্ঠান সমূহত ৫৯.৭৯ লাখ এন ৯৫ মাস্ক প্ৰদান কৰে ।

ঠিক একেদৰে কেন্দ্ৰই অসমক ৪.১১ লাখ,অৰুনাছল প্ৰদেশক১.৩৬ লাখ, অন্ধ্ৰ প্ৰদেশক ৩.১৯ লাখ, বিহাৰক ৬.০৪ লাখ,চণ্ডিগড় ২.৩২ লাখ,দিল্লী ৯.৩৬ লাখ, গুজৰাট ১৬.০৮ লাখ, হাৰিয়ানা৩.১৬ লাখ, কৰ্ণাটক ৮.৫৪ লাখ,মধ্য প্ৰদেশ ৯.০২ লাখ,মহাৰাষ্ট্ৰ ১৪.৮৩ লাখ ,নাগালেণ্ড .৩০ লাখ, মনিপুৰ .৮৪ লাখ, মিজোৰাম .৩৬ লাখ, উৰিষ্যা ২.৯৮ লাখ, পাঞ্জাৱ ৩.৭৩ লাখ,উত্তৰ প্ৰদেশত ১৪.৭২ লাখ ৰ লগতে কেন্দ্ৰীয় প্ৰতিষ্ঠান সমূহত ২৬.৪১ লাখ পিপিই কীট যোগান কৰে ।

ইফালে কেন্দ্ৰই অসমৰ বাবে ৰেমডিচিভিৰ ইনজেকচন ৩১ হাজাৰ আৱন্টন কৰে আৰু ১৭.২৩৩ হাজাৰ ইনজেকচন যোগান ধৰা হয় চিকিৎসালয় সমূহত । ইপিনে দিল্লীত ২২০ হাজাৰ,বিহাৰত ১৫০ হাজাৰ, গুজৰাটত ৪১৯ হাজাৰ, হাৰিয়ানাত ১৪৯ হাজাৰ,কৰ্ণাটকত ৫৭৫ হাজাৰ,মহাৰাষ্ট্ৰত ১১৫৭ হাজাৰ,পাঞ্জাৱত ৮৫ হাজাৰ, ৰাজস্থানত ২৪৮ হাজাৰ পশ্চিমবংগত ১৬০ হাজাৰ,উত্তৰ প্ৰদেশত ৪৯৫ হাজাৰ আৰু কেন্দ্ৰীয় প্ৰতিষ্ঠান সমূহত ৭০ হাজাৰ ৰেমডিচেভিৰ ইনজেকচন আৱন্টন দিয়া হয় ।

কোভিৰ সংক্ৰমনৰ লগে লগে বিভিন্ন ৰাজ্যত ভেন্টিলেটৰ সমস্যাই দেখা দিছিল । কোভিডৰ বিৰুদ্ধে মোকামিলাৰ বাবে ৰাজ্য চৰকাৰ সমূহক ভেন্টিলেটৰ যোগান ধৰিছিল কেন্দ্ৰই । তথ্য অনুসৰি কেন্দ্ৰই অসমৰ বাবে ভেন্টিলেটৰ আৱন্টন কৰিছিল এহেজাৰ আৰু ইনষ্টল কৰা হৈছে ৮০২ টা ।

ৰাজ্য সমূহৰ ভিতৰত গুজৰাটে লাভ কৰে ৫৬০০ টা ভেন্টিলেটৰ,ইনষ্টল কৰা হয় ৪৯০৬ টা । বিহাৰত আৱন্টন হোৱা ৫০০ টা ভেন্টিলেটৰ ইনষ্টল কৰা হয় আৰু হাৰিয়ানাত ৪২৩ টা ভেন্টিলেটৰ আৱন্টন কৰা হয় আৰু ইনষ্টল কৰা হয় ৪২১ টা । কেৰেলাত আৱন্টন হোৱা ৪৮১ টা ভেন্টিলেটৰ সকলো ইনষ্টল কৰা হয় ।

উৰিষ্যাত ৫৬৭ টা ভেন্টিলেটৰ অৱন্টন কৰে কেন্দ্ৰই তাৰ ভিতৰত ৪৭৯ টা ভেন্টিলেটৰ ইনষ্টল কৰা হয়। ৰাজস্থানত ১৯০০ ভেন্টিলেটৰ আৱন্টন কৰা হয় আৰু ১৮৭১ টা ইনষ্টল কৰা হয় । আনহাতে কেন্দ্ৰীয় প্ৰতিষ্ঠান সমূহত ৩৮১৯ টা ভেন্টিলেটৰ আৱন্টন কৰা হয় আৰু ইনষ্টল কৰা হয় ৩১০১ টা ।

ৰাজ্যত ১২ মে'ত প্ৰকাশ হোৱা তথ্য অনুসৰি লাভ কৰা ৰেমডিচিভিৰ ইনজেকচন ৩১ হেজাৰৰ পৰিবৰ্তে ১৭ হেজাৰহে লাভ কৰিছে লগতে ৰাজ্যই লাভ কৰা এহেজাৰ ভেন্টিলেটৰৰ ভিতৰত ৮০২ ইনষ্টল হৈছে । প্ৰায় ২০০ ভেন্টিলেটৰ বৰ্তমানেও পৰি আছে । কোভিডৰ এই ভয়াবহতাৰ সময়তো এনে ধৰনৰ যদি ইনজেকচনৰ যদি যোগান কম হয় আৰু ভেন্টিলেটৰ ইনষ্টেলেছন যদি কম হয় তেনেহ'লে কোভিডৰ বিৰুদ্ধে যুদ্ধৰ ক্ষেত্ৰত ই কিদৰে সহায় কৰিব সেয়া এক প্ৰশ্ন ।

ইফালে দেশৰ ১৩০ কোটিতকৈ অধিক জনসাধৰনৰ বাবে যদি মাত্ৰ ৪২২.৭৯ লাখ এন ৯৫ মাস্ক যোগান ধৰা হয় । তেনেহ'লে জনসংখ্যা অনুপাতত ৰাজ্য সমূহত মাস্কৰ নাটনি হ'ব আৰু জনসাধাৰণ অসুবিধাত পৰিব ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যদি যোগানৰ ক্ষেত্ৰত এক উল্লেখ যোগ্য ভুমিকা লয় তেনেহ'লে ৰাজ্য সমূহত হোৱা অক্সিজেনৰ নাটনি আদি হ্ৰাস হোৱাৰ লগতে কোভিড বিৰোধী যুঁজত জনসাধাৰণৰো সহায় হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in