ৰেপিড’ চালকৰ ৰূপত এগৰাকী অসমীয়া ছবিৰ পৰিচালক, VIDEO

ৰেপিড’ চালকৰ ৰূপত এগৰাকী অসমীয়া ছবিৰ পৰিচালক, VIDEO

এজন ছবিৰ পৰিচালক। বহুকেইখন জনপ্ৰিয় ছবিৰ আঁৰৰ মানুহ তেওঁ। ৰেপিড'ৰ বাইক চালক ৰূপত তেওঁ মহানগৰীৰ ৰাজপথত কিয়? মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

এক মিনিটমানৰ পিছতে মানুহজনে ফোন কৰিলে। সুধিলে ক'ত আছে? যাব ক'লৈ? ক'ত আছো মানুহজনক বুজাই দিলো। স্কুটিখনেৰে মানুহজন আহি সন্মুখত ৰ'লহি। এএছ-০১-ইবি-৬৫৮৯ চিলভাৰ ৰঙৰ স্কুটিখনৰ সন্মুখত লাগি থকা মোবাইল ষ্টেণ্ডৰ পৰা মোবাইলটো হাতত লৈ ক'লে অ'টিপি টিপক।

এজন আদহীয়া ব্যক্তি। তাৰ পাছত মানুহজনে ক'লে বহক। গন্তব্য স্থানলৈ কিছু দূৰ। মানুহজনৰ লগত দুই-এটা কথা বিনিময় কৰিলো। যোৱা এসপ্তাহ ধৰি ১০জনৰো অধিক ৰেপিড' চালকৰ যাত্ৰী হৈছো। তেওঁলোকৰ সৈতে ভাব বিনিময় কৰি এই কথা বুজি উঠিছো যে, এখন বাইকেৰে কেনেদৰে তেওঁলোকে আয় কৰাৰ লগতে কৰ্ম সংস্কৃতিৰ এক পৰিৱেশ গঢ়ি তুলিছে।

২ দিনৰ পূৰ্বে এজন ৰেপিড'ৰ চালকে কৈছিল তেওঁৰ ঘৰ গহপুৰত। গুৱাহাটী কলেজত তেওঁ পঢ়ে। কলেজৰ পৰা অহাৰ পিছত ৰেপিড' বাইক চলায়। উপাৰ্জনো বেয়া নহয়। এই সময়খিনিতে লগ পাইছিলো তামুলপুৰৰ আন এজন যুৱকক। ব্যক্তিগত কোম্পানী এটাত কাম কৰিছিল। কষ্ট যথেষ্ট হয়, সেয়ে তেওঁ এতিয়া ৰেপিড'ত বাইক চলায়।

সংস্পৰ্শলৈ আহিছিলো আন এজন যুৱকৰ সৈতে। কাহিলীপাৰাত তেওঁ থাকে। গুৱাহাটী মেডিকেল কলেজত তেওঁ কাম কৰে। ডিউটি নথকা সময়ত তেওঁ ৰেপিড' চলায়। দৈনিক ১১০০-১২০০ টকা আয় কৰে। দৰমহাৰ পইচা কেইটা থাকিয়ে যায়।

ৰেপিড'ৰ বাইক চালকৰ ৰূপত এজন অসমীয়া ছবিৰ পৰিচালক।

ৰেপিড'ত বুক কৰা বাইক বা স্কুটিখনৰ পিছফালে উঠি মানুহজনৰ বিষয়ে জানিব বিচৰাতো যোৱা কিছুদিনৰ পৰা নিচা হৈ পৰিছে। সেয়েহে এই আদহীয়া ব্যক্তিজনকো সুধিছিলো, কেনেকুৱা উপাৰ্জন হয় ইয়াত? মানুহজনে উত্তৰ দিলে, ৫ মাৰ্চৰ পৰাহে মই নতুনকৈ আৰম্ভ কৰিছো। এনেই ঘৰত বহি থকাতকৈ ব্যস্ত হৈ আছো। উপাৰ্জন বেয়া নহয়। এতিয়ালৈকে ৬০০-৭০০ টকামান আহিছে।

১২ টা ট্ৰীপ মোৰ হৈছে। আৰু ৩ টা ট্ৰীপ হ'লে ৯০ টকা ইন্সেনটিভ পাম। তাৰ পাছত মানুহজনে ৰেপিড'ত কেনেদৰে বাইক চলে সেই সন্দৰ্ভত কিছু কথা ক'লে। এইয়া তেওঁৰ পেচা বা নিচা নহয় কিন্তু অবাবত তেওঁ সময়খিনি খৰচ কৰিব নুখুজে।

'এনেই কি কাম কৰে আপুনি', মানুহজনক সুধিলো। মধ্যমিয়া গতিত স্কুটিখন আগবাঢ়ি গৈছিল। মানুহজনে কৈ গ'ল তেওঁৰ জীৱন কাহিনী। ফুল মাস্ক হেলমেট পৰিধান কৰা মানুহজনৰ ২-১ টা কথা নুশুনিলো কিন্তু মানুহজনৰ বিষয়ে আভাস এটা পালো।

নাম তেওঁৰ…

মানুহজন অত্যন্ত ভদ্ৰ। এটা শব্দত 'ৰিয়েল জেন্টলমেন'। ফটো ষ্টুডিঅ' এটা আছিল তেওঁৰ। সেয়া ১৯৯৫ চনৰ মানৰে কথা। জু-ৰোড তিনিআলিত তেওঁ ষ্টুডিঅ' খুলিছিল। সেইটো ভায়েকক দি ৰুক্মিনী গাঁৱত আন এটা ষ্টুডিঅ' তেওঁ আপম্ভ কৰিলে। লাহে লাহে মোবাইলৰ আগমনৰ লগে লগে ষ্টুডিঅ'ৰ ব্যৱসায় বেয়া হ'ল। মোবাইল কোম্পানীৰ গ্ৰাহক সেৱা কেন্দ্ৰত আৰম্ভ কৰিলে ষ্টুডিঅ'ৰ এটা অংশ। কিন্তু সেয়াও ব'ৰ ফলপ্ৰসু নহ'ল।

মানুহজনে ব'ৰ আন্তৰিকতাৰে কথাবোৰ কৈ গ'ল। টাটা ইণ্ডিকম, এয়াৰটেল আদিৰ ব্যৱসায় পৰি আহিল। সেয়েহে বন্ধু এজনৰ লগত থকা সম্পৰ্কৰ সূত্ৰে ষ্টুডিঅ'টোতে খুলিলে ভিভিআইপিৰ বেগৰ এটা শ্ব' ৰুম। ব্যৱসায় ঠিকে চলিল। কম মূলধনেৰে চলোৱা ব্যৱসায়। এইবোৰ ব্যৱসায়ত যথেষ্ট ধনৰ প্ৰয়োজন হয়।

এদিন সেই ব্যৱসায়ো পৰি আহিল। সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি তেওঁৰ আছিল বিৰাট টান। কলেজত পঢ়ি থকাৰ সময়তে তেওঁৰ ইচ্ছা আছিল অভিনেতা হোৱাৰ। সেয়েহে তেওঁ এদিন গৈ ওলাইছিল জ্যোতি চিত্ৰবন। সেয়াই আৰম্ভণি। ১৯৯২ চনত 'ঘৰসংসাৰ' ছবিৰ শ্বুটিং হৈছিল শিৱসাগৰৰ নাজিৰাৰ শিমলুগুৰিত। বিজু ফুকন, বিদ্যা ৰাও আদি অভিনেতা-অভিনেত্ৰী অভিনয় কৰিবলৈ তালৈ গৈছিল। তেতিয়াই সেই শ্বুটিং স্থানবোৰত তেওঁলোকৰ পিছে-পিছে দৌৰি ফুৰিছিল হাফ পেন্ট পিন্ধি।

বহু জনপ্ৰিয় ছবিৰ আঁৰৰ মানুহ তেওঁ।

সেয়া শৈশৱৰ কথা। তেতিয়াই তেওঁৰ মনত শিপাইছিল অভিনয়ৰ বীজ। সেই সময়ত প্ৰকাশ পোৱা ৰূপকাৰ আলোচনী তেওঁ পঢ়িছিল। তাতে হেনো বিজু ফুকনৰ ঠিকনা পাই তেওঁলৈ চিঠি লিখিছিল। সেই সৰু লৰাটোৱে শিৱসাগৰ এৰি গুচি আহিছিল গুৱাহাটীৰ কমাৰ্চ কলেজলৈ।

অসমীয়া চিনেমাৰ তেতিয়া সোণালী যুগ। গুৱাহাটী কমাৰ্চ কলেজৰ হুষ্টেলত থাকে তেওঁ। দুপৰীয়াৰ সময় তেতিয়া। তাৰে এটা সম্পাদনা কক্ষৰ কাষত ৰৈ আছিল কিছু সময়। এটা সময়ত ভিতৰত কাম কৰি থকা মানুহজনে তেওঁক সুধিছিল, কিয় অহা বুলি। ভিতৰলৈ মাতি নি পৰিচয় দিছিল। তেওঁ অভিনয়ৰ প্ৰতি থকা আগ্ৰহৰ কথা কোৱাত সেই ব্যক্তিজনে তেওঁক অভিনয়তকৈ পৰিচালনাৰ দিশত গুৰুত্ব দিবলৈ ক'লে। লগতে প্ৰতিশ্ৰুতি দিলে যি পাৰে তেওঁ সহায় কৰিব।

এনেদৰেই সংযোগ ঘটিল ছবিৰ সৈতে। এদিন তেওঁ অসমীয়া ছবিৰ বিশিষ্ট পৰিচালক তৌহিদুৰ ৰহমানৰ প্ৰিয় হৈ পৰিল। সেইদিনা তৌহিদুৰ ৰহমান ব্যস্ত আছিল দীনেশ গগৈৰ 'অগ্নি' নামৰ ছবিখনৰ সম্পাদনাৰ কামত।

এনেকৈয়ে তেওঁ অসমীয়া ছবিজগতৰ সৈতে জড়িত হৈ পৰিছিল। মুখ্য সহকাৰী পৰিচালকৰূপে সৰু 'বোৱাৰী'ৰ পৰা আৰম্ভ কৰি কেবাখনো জনপ্ৰিয় ছবিৰ আৰৰ মানুহ জনছ মহলিয়াক তেওঁ গুৰু হিচাপে জ্ঞান কৰে। তাৰ উপৰিও আন কেবাগৰাকীও প্ৰতিষ্ঠিত পৰিচালকৰ মূল মানুহ আছিল এইগৰাকী ব্যক্তি। প্ৰসংগক্ৰমে ওলাইছিল সেইবোৰ কথা। কোনোবাই কল্পনা কৰিব পাৰেনে। ৰেপিড'ৰ চালকৰ ৰূপত যিজন বাইক চালকৰ পিছত বহি আহিছিলো সেইজন যে এদিন বহু অসমীয়া জনপ্ৰিয় ছবিৰ পৰিচালনাৰ সৈতে জড়িত আছিল।

তেওঁৰ মুখেৰেই শুনিলো তেওঁ পৰিচালনাৰ সৈতে জড়িত হৈ থকা চিনেমাসমূহৰ নাম। 'পলে পলে উৰে মন', 'তোমাৰ খবৰ', 'হিয়া দিবা কাক', 'প্ৰেম আৰু প্ৰেম', 'প্ৰেম ভৰা চকুলো', 'সৰু বোৱাৰী', 'যুগান্তৰৰ তেজাল ঘোৰা' আদি ছবিৰ সহকাৰী পৰিচালক অথকা মুখ্য সহকাৰী পৰিচালকৰূপে তেওঁ কাম কৰিছিল।

আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তৰ প্ৰথমখন অসমীয়া ছবিতো তেওঁ আছিল সহকাৰী পৰিচালক। এইবোৰৰ উপৰিও পৰৱৰ্তী সময়ত ভালেকেইখন চুটি ছবি নিৰ্মাণ কৰাৰ লগতে বহুকেইখন ধাৰাবাহিকৰ পৰিচালকৰূপে কাম কৰিছে। দূৰদৰ্শনৰ কৃষি বিষয়ক অনুষ্ঠানৰো পৰিচালনাৰ দায়িত্ব তেওঁ নিয়াৰিকৈ পালন কৰিছে।

কম সময়ৰ ভিতৰতে তেওঁৰ বিষয়ে এইখিনি কথা জানি আহি অসমীয়া চলচিত্ৰৰ সৈতে জড়িত দুই-একক তেওঁৰ বিষয়ে সুধিলো। সকলোৱে ক'লে, তেওঁ সততা আৰু নিষ্ঠাৰে অসমীয়া ছবি তথা সাংস্কৃতিক ক্ষেত্ৰত প্ৰায় ২২ বছৰ কাল তেওঁ কাম কৰি আহিছে। ব্যৱসায় তেওঁ সামৰিলে।

লাইট, কেমেৰা, একশ্যন…

এদিন তেওঁৰ ঠিকনা আছিল দোকানখন কিন্তু বিভিন্ন কাৰণত সেই ব্যৱসায় এৰিব লগা হ'ল। জিএছটি, বিমুদ্ৰাকৰণৰ প্ৰভাৱ পৰিল তেওঁৰ ব্যৱসায়ত। সেয়েহে তেওঁ ব্যৱসায় এৰি নিজাকৈ সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰাৰ কথা চিন্তা কৰিলে। এই সময়খিনিত তেনে কোনো প্ৰজেক্ট তেওঁৰ হাতত নাই সেয়েহে ঘৰতে বহি অবাবত সময় নষ্ট কৰাৰ কথা নাভাবিলে। নতুনকৈ কিনা স্কুটিখনে তেওঁ এতিয়া যোৱা কিছু দিন ধৰি ৰেপিড'ৰ চালকৰূপে আত্মপ্ৰকাশ কৰিছে।

কামৰ কি সৰু-ডাঙৰ আছে। কথা নপতা হ'লে তেওঁৰ বিষয়ে গ'মেই নাপালোহেতেন। প্ৰসংগক্ৰমে ওলোৱা কথাবোৰৰ আত ধৰি নিজৰ বিষয়ে কিছু কথা কওঁতেহে ৰেপিড'ৰ চালকৰূপত আৱিস্কাৰ কৰা হ'ল এইগৰাকী বিশিষ্ট পৰিচালক তথা সাংস্কৃতিক কৰ্মীক। হয়তো তেওঁক অসমীয়া ছবিজগতত সকলো মানুহে চিনি পাব। নাম তেওঁৰ প্ৰণৱ হাজৰিকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in