শ্ৰমিকৰ কথা ভাবে কোনে…

শ্ৰমিকৰ কথা ভাবে কোনে…

শ্ৰমিক সকল আজিও শোষিত । দীৰ্ঘ দিন ধৰি শ্ৰমিক সকলে প্ৰতিবাদ সব্যস্ত কৰি আহিছে । কোভিডৰ সময়চোৱাত শ্ৰমিক সকলৰ জীৱনলৈ আহিছে আনিশ্চিয়তা । ১ মেত সমগ্ৰ বিশ্বতে শ্ৰমিকৰ অধিকাৰৰ বাবে পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস । এই সন্দৰ্ভত দীপজ্যোতি শৰ্মাৰ বিশেষ প্ৰতিবেদন ।

অধিকাৰৰ হকে শ্ৰমিকে দীৰ্ঘ দিন ধৰি প্ৰতিবাদ সব্যস্ত কৰি আহিছে । সকলোতকৈ বেছি পৰিশ্ৰম কৰা শ্ৰমিক সকলৰে পাৰিশ্ৰমিক কম । দিনটোত কিমান সময় কাম কৰিব লাগিব ইয়াৰো কোনো নিৰ্দিষ্ট সময় নাছিল ।

শ্ৰমিক মানে যন্ত্ৰ নহয় । অধিকাৰৰ হকে শ্ৰমিক সকলে একগোট হৈ মাত মাতিছিল । দমন উৎপীড়নৰ বিৰুদ্ধে সংগঠিত হৈ শ্ৰমিক শক্তিয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ এই যুঁজৰ সূত্ৰপাত হৈছিত এক মে'ত । এতিয়াও শ্ৰমিক সকল শোষিত । তেওঁলোকৰ নিস্পেষনৰ কাহিনীৰ অন্ত পৰা নাই ।

সমগ্ৰ বিশ্বৰ শ্ৰমিক সকলে ১ মে'ত আন্তৰাষ্ট্ৰীয় শ্ৰমিক দিৱস উদযাপন কৰে । সেই কাহিনী অতি বৰ্বৰ আৰু এক পক্ষীয় আছিল । ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত শ্ৰমিকে দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল । এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিছিল ১৮৮৬ চনৰ ১ মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি লোৱা নাছিল ।

১৮৮৬ চনৰ ৪ মে'ৰ সন্ধিয়া চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিক সকলে শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খাইছিল । শ্ৰমিক সকলে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত আনন্দ প্ৰকাশ কৰিছিল ।

সেই দিনটোতে হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰতে এটা বোমাৰ বিস্ফোৰণ ঘটিছিল । এই বিস্ফোৰণৰ ফলত এজন পুলিচ নিহত হৈছিল । পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিক সকলক আক্ৰমন কৰিছিল । পিছলৈ ই এক এক গণ-হত্যাৰ ৰূপ লয় । এই ঘটনাত ১১ জন শ্ৰমিক ছহিদ হৈছিল ।

পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠ জনক অভিযুক্ত কৰাৰ লগতে এক প্ৰহসন মূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰত উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হৈছিল । লুইস লিং নামৰ এজনে ফাঁচীৰ এদিন আগতে কাৰাগাৰৰ ভিতৰতেই আত্মহত্যা কৰাৰ লগতে অন্য এজনৰ পোন্ধৰ বছৰৰ কাৰাদণ্ড হৈছিল । ফাঁচীৰ মঞ্চত উঠাৰ আগতে আগস্ট স্পীজে কৈছিল- "আজি আমাৰ এই নিঃশব্দতা, তোমালোকৰ কোলাহতকৈ অপেক্ষিক ভাবে অধিক শক্তিশালী হ'ব"।

২৬ জুন, ১৮৯৩ তাৰিখে ইলিনয়ৰ গভৰ্ণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা দিছিল আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰিছিল। শেষ পৰ্যন্তত শ্ৰমিকসকলৰ "দৈনিক আঠ ঘণ্টা কাম কৰাৰ" দাবীয়ে প্ৰশাসনিক স্বীকৃতি লাভ কৰিছিল ।

মে' মাহৰ পহিলা দিনটোত মে দিবসে প্ৰতিষ্ঠা লাভ কৰে । এই দিৱস শ্ৰমিক সকলৰ দাবী আদায়ৰ দিন । সমগ্ৰ পৃথিৱীতে এই দিৱস পালন কৰা হয় । ভাৰতবৰ্ষৰ লগতে ৰাজ্যতো মে দিৱস উদযাপন কৰা হয় ।

মে দিৱস উপলক্ষে বিভিন্ন শ্ৰমিক সংগঠন সমূহে বিভিন্ন দাবী উত্থাপন কৰাৰ লগতে দেশৰ ১০ টা ট্ৰেড ইউনিউনে শ্ৰমিক সকলৰ লগতে সকলো নাগৰিককে কোভিড ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবে ১১ দফাৰ এখন পত্ৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ লগতে কোভিড প্ৰট'কল মানি দাবী সমূহ উত্থাপন কৰে ।

ভাৰততো শ্ৰমিকৰ বহু সমস্যা আছে । সুসংগঠিত শ্ৰমিক সকলৰ বাদে অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক সকলে আজিও তেওঁলোকৰ উপযুক্ত পাৰিশ্ৰমিকৰ পৰা বঞ্চিত হৈ আহিছে । আনকি চাহ বাগানত কৰ্মৰত কৰ্মচাৰী সকলে আজিও প্ৰাপ্য মজুৰি লাভ কৰা নাই ।

শ্ৰমিক সকলৰ উন্নয়ন আৰু কল্যানৰ বাবে বিভিন্ন বিভাগ আছে । নামত এই বিভাগ সমূহে শৰ্মিক কল্যানৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ন কৰিব লাগে । কাৰ্যত সেয়া হৈ নুঠে । ইয়াৰ বাবে শ্ৰমিক সকলৰ উন্নয়ন আজিও সম্ভৱ হোৱা নাই ।

কোৰোনা মহামাৰীয়ে শ্ৰমিক সকলৰ জীৱনলৈ আৰু প্ৰত্যাহ্বান নামাই আনিছে । লকডাউন,সান্ধ্য আইন আদিৰ বাবে বহু শ্ৰমিকে কৰ্ম সংস্থাপন হেৰুৱাই জীৱন আৰু জীৱিকাক লৈ আনিশ্চিয়তাত ভুগিছে । এই জটিল সময়ত শ্ৰমিকৰ বাবে চৰকাৰৰ কৰণীয় বহু আছে । শ্ৰমিক শক্তি আৰু শ্ৰমিক সকল ঐক্যবদ্ধ হৈ নিজৰ অধিকাৰৰ বাবে যুঁজ দিৱলৈ এই দিনটোতে অংগীকাৰ কৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in