উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব আপোনাৰ সন্তানঃ চাকৰিমুখী শিক্ষাব্যৱস্থাৰ পৰা কেতিয়া পাব পৰিত্ৰাণ…

উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব আপোনাৰ সন্তানঃ চাকৰিমুখী শিক্ষাব্যৱস্থাৰ পৰা কেতিয়া পাব পৰিত্ৰাণ…

৩০ আৰু ৩১ জুলাইত ঘোষণা কৰিলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফলাফল। পৰীক্ষাবিহীন বিকল্প মাধ্যমেৰে ঘোষণা কৰা এই ফলাফলে অভিলেখ সৃষ্টি কৰিছে। কিন্তু এই সময়চোৱাত শিক্ষাৰ্থীসকলৰ পৰৱৰ্তী শিক্ষাকলৈ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ শিক্ষাৰ্থীৰ অনুপাতে নাই আসন। প্ৰচলিত চাকৰিমুখী শিক্ষাৰ পৰিৱৰ্তে এতিয়াও গঢ়লৈ উঠা নাই বৃত্তিমুখী শিক্ষা ব্যৱস্থা। ৰাজ্যত নাই বৃত্তিমুখী বা কাৰিকৰী শিক্ষাৰ পৰ্যাপ্ত শিক্ষানুষ্ঠান। এনে সময়ত ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব? কিদৰে আগবাঢ়িব ৰাজ্যৰ শিক্ষা বিভাগ? শিক্ষাৰ্থীসকল পৰৱৰ্তী শিক্ষাকলৈ সৃষ্টি হৈছে নেকি অনিশ্চয়তা? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেস ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

যোৱা ৩০ আৰু ৩১ জুলাইত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বিকল্প পদ্ধতিৰে ঘোষণা কৰিলে পৰীক্ষাবিহীন ফলাফল। কোৰোনা কেন্দ্ৰীক পৰিস্থিতিত শিক্ষা বিভাগৰ লগতে শিক্ষামন্ত্ৰী ৰণুজ পেগুৱে শিক্ষাৰ্থীসকলক পৰীক্ষা অনুষ্ঠিত কৰা-নকৰাৰ দুমোজাত ৰাখি অৱশেষত পৰীক্ষা অনুষ্ঠিত নকৰাৰ সিদ্ধান্তই গ্ৰহণ কৰিলে। পৰীক্ষা অবিহনেই বিকল্প মাধ্যমেৰে ৰাজ্যৰ প্ৰায় ৭ লাখ শিক্ষাৰ্থীক প্ৰদান কৰিলে ফলাফল। এই ফলাফলক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

বিকল্প মাধ্যমেৰে ফলাফল ঘোষণা কৰাৰ পাছতে ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰে অভিলেখ সৃষ্টি কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বাৰ উত্তীৰ্ণ হৈছে ৯৩. ১০ শতাংশ শিক্ষাৰ্থী। আনহাতে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈছে ৯৮.৯৮ শতাংশ শিক্ষাৰ্থী। এইদৰে ৯০ শতাংশৰো অধিক শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ ঘটনা ৰাজ্যত এয়াই প্ৰথম। অৱশ্যে পৰম্পৰাগত পৰীক্ষা পদ্ধতিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা হ'লে উত্তীৰ্ণৰ হাৰে যে ৯০ শতাংশৰ অতিক্ৰম কৰিলে হয় সেই বিষয়ত সন্দেহ নিশ্চয় থাকিব।

২০১২ চনৰ পৰা ২০২০ চনলৈ হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ আছিল ক্ৰমে ৬৯.৬৩, ৭০.৭১, ৬১.৪২, ৬২.২০, ৬২.৭৯, ৪৭.৯৪, ৫৬.০৪, ৬০.২৩ আৰু ৬৪.৮০ শতাংশ। ২০২১ বৰ্ষত উত্তীৰ্ণৰ হাৰে অভিলেখ সৃষ্টি কৰি হয়গৈ ৯৩.১০ শতাংশ। পূৰ্বে উত্তীৰ্ণৰ হাৰ ৭০ শতাংশও স্পৰ্শ নকৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিকল্প পদ্ধতিৰে ঘোষণা কৰা ফলাফলে ২০২১ চনত ৯৩ শতাংশৰো অধিক শিক্ষাৰ্থীক উত্তীৰ্ণ কৰালে।

একেদৰে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ হাৰ এইবাৰ ৯৮.৯৮ শতাংশ হ'লগৈ। কলাশাখাত এইবাৰ ৯৮.৯৩, বাণিজ্য শাখাত ৯৯.৫৭ শতাংশ আৰু বিজ্ঞান শাখাত ৯৯.০৬ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। বিগত ১০ বছৰত কলা শাখাৰ উত্তীৰ্ণৰ হাৰে ৮০ শতাংশৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাছিল। একেদৰে বাণিজ্য শাখাত বিগত ১০ বছৰৰ ভিতৰত সৰ্বাধিক উত্তীৰ্ণৰ হাৰ আছিল ২০২০ বৰ্ষত। সেইবাৰ বাণিজ্য বিভাগত সৰ্বাধিক ৮৮.১৮ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছিল।

আনহাতে বিজ্ঞান শাখাত এইবাৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ হাৰ ৯৯.০৬ শতাংশ বিগত ১০ বছৰত এই বিভাগত সৰ্বাধিক উত্তীৰ্ণ হৈছিল ২০১৬ বৰ্ষত। সেইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৯০.৯৬ শতাংশ শিক্ষাৰ্থী। ইয়াৰ পৰিৱৰ্তে বাকী ৯ টা বছৰৰ কোনো এটা বছৰতেই উত্তীৰ্ণৰ হাৰ ৯০ শতাংশ নাছিল।

কোৰোনাৰ মাজতে পৰীক্ষা বিহীনভাৱে বিকল্প পদ্ধতিৰে ঘোষণা কৰা এই ফলাফলে এতিয়া ৰাজ্যত এক জটিল সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনাই দেখা দিছে। উত্তীৰ্ণৰ হাৰ অনুসৰি ৰাজ্যত এতিয়া নাই শিক্ষাৰ্থীৰ বাবে উচ্চ শিক্ষাৰ আসন। সমান্তৰালভাৱে বহিঃৰাজ্যত অধ্যয়নৰ বাবে প্ৰতিবছৰে যোৱা এক বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীও কোৰোনা কেন্দ্ৰীক পৰিস্থিতিৰ বাবে এইবাৰ বহিঃৰাজ্যত অধ্যয়নৰ বাবে যোৱাৰ সম্ভাৱনা ক্ষীণ।

তথ্য অনুসৰি ৰাজ্যত বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ব বিদ্যালয়ত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ পাছত শিক্ষাৰ্থীৰ অধ্যয়নৰ বাবে আসন আছে ১.৭৩ লাখ। কিন্তু এইবাৰ উচ্চতৰ মাধ্যমিকৰ ২,৪৯,৮০৯ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ২,৪৭,২৭৮ গৰাকী শিক্ষাৰ্থীয়েই উত্তীৰ্ণ হৈছে। ইফালে ৩০ জুলাইতে ঘোষণা কৰা হৈছে চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল। সেই ফলাফল অনুসৰি অসমৰ ২৪ হাজাৰ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ লগত চি বি এছ ইৰ উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ সংখ্যা যোগ দিলে হয়গৈ ২২৩২৭৮ গৰাকী শিক্ষাৰ্থী।

প্ৰায় ২২৩০০০ গৰাকী উত্তীৰ্ণ শিক্ষাৰ্থীৰ বিপৰীতে অসমত আছে ১.৭৩ লাখ আসন। সেই অনুসৰি এইবাৰ উচ্চ শিক্ষাৰ বাবে আসন সংখ্যা নাটনি হ'ব প্ৰায় ৯৮ হাজাৰ। ইমান বৃহৎ সংখ্যক আসনৰ নাটনিৰ ফলত যে অসমত উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী শিক্ষাৰ্থীসকল বিপদত পৰিব সেয়া নিশ্চিত।

আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে মুঠ ৪২৬৫৫৩ গৰাকী শিক্ষাৰ্থী। এই শিক্ষাৰ্থীসকলৰ বিপৰীতে প্ৰায় ৬২ হাজাৰ আসনৰ নাটনি হ'ব। ইফালে এতিয়াও চি বি এছ ইয়ে দশম শ্ৰেণীৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে। চি বি এছ ইয়ে এই ফলাফল ঘোষণা কৰাৰ পাছত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰিবলগীয়া শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব। গতিকে এনে এক পৰিস্থিতিত শিক্ষা বিভাগে কিদৰে মোকাবিলা কৰিব শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।

ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্ত কাঠফুলাৰ দৰে গঢ়ি উঠিছে বহু ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান।চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত আসনৰ নাটনিৰ পৰিপ্ৰেক্ষিতত এই ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহলৈ ঢাপলি মেলিব লাগিব শিক্ষাৰ্থীসকলে। কিন্তু শিক্ষাৰ্থীসকলৰ অভিভাৱকে এই শিক্ষানুষ্ঠানসমূহত অতি উচ্চহাৰৰ নামভৰ্তিৰ মাচুল, প্ৰতি মাহৰ মাচুল আদি কিদৰে পৰিশোধ কৰিব সেয়াও চিন্তাৰ বিষয়।

অতি পৰিতাপৰ বিষয়, ৰাজ্যত এতিয়াও গঢ়লৈ উঠা নাই পৰ্যাপ্ত কাৰিকৰী শিক্ষানুষ্ঠান। বৃত্তিমুখী শিক্ষাৰ ব্যৱস্থা এতিয়াও গঢ়লৈ উঠা নাই ৰাজ্যত। যাৰ বাবে শিক্ষাৰ্থীসকলে কেৱল চৰকাৰী চাকৰিৰ আশাতে শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে আৰু পৰৱৰ্তী সময়ত চাকৰিৰ অভাৱত নিবনুৱা হৈ থাকিবলগীয়া হৈছে। এইদৰেই বছৰে বাছৰে বঢ়ি গৈছে নিবনুৱাৰ সংখ্যা। প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা সমাপ্ত কৰিছে যদিও চৰকাৰে সেই অনুপাতে পদ সৃষ্টি কৰিব পৰা নাই। আৰু তেনেদৰে পদ তৈয়াৰ কৰাটোও সম্ভৱ নহয়।

ইফালে বৃত্তিমুখী শিক্ষাৰ বাবে শিক্ষাৰ্থীসকল আগ্ৰহী হ'লেও ৰাজ্যত নাই পৰ্যাপ্ত পৰিমাণে বৃ্ত্তিমুখী শিক্ষাৰ প্ৰতিষ্ঠান। পৰ্যাপ্ত পৰিমাণে এনেধৰণৰ শিক্ষানুষ্ঠান গঢ়লৈ উঠা হ'লে উচ্চ শিক্ষাৰ বাবে এইদৰে আসনৰ নাটনি কিছু পৰিমাণে হ্ৰাস হ'ল হয়। আৰু চাকৰি চাকৰি বুলি অপেক্ষা কৰি থকাৰ পৰিৱৰ্তে নিজেই সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হ'ল হয়। প্ৰচলিত শিক্ষা ব্যৱস্থাৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠানৰ অভাৱৰ লগতে কাৰিকৰী আৰু বৃত্তিমুখী শিক্ষানুষ্ঠানৰ অভাৱে এই সময়চোৱাত শিক্ষাৰ্থীৰ পৰৱৰ্তী শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত শিক্ষা আহৰণৰ বাট কিদৰে মুকলি কৰিব সেয়াও হ'ব লক্ষ্যণীয়। ৰাজ্যৰ শিক্ষা বিভাগ আৰু শিক্ষা মন্ত্ৰীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰিব ৰাজ্যৰ সচেতন মহলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in