সংবাদমেলত কৰ্মচাৰীৰ সন্তানলৈ জলপানীৰ টোপ! বাস্তৱত চৰকাৰৰ গোপনে কাগজ নিগমৰ আৱাসিক এলেকা বিক্ৰীৰ প্ৰক্ৰিয়া

সংবাদমেলত কৰ্মচাৰীৰ সন্তানলৈ জলপানীৰ টোপ! বাস্তৱত চৰকাৰৰ গোপনে কাগজ নিগমৰ আৱাসিক এলেকা বিক্ৰীৰ প্ৰক্ৰিয়া

পলাশ জ্যোতি গগৈৰ এক প্ৰতিবেদন…

ফালে কাগজ কলৰ কৰ্মচাৰীক জলপানী দিয়াৰ ঘোষণা, আনফালে আৱাস খালী কৰিবলৈ কৰ্মচাৰীক নিৰ্দেশনা দিয়াৰ লগতে আৱাসিক এলেকা বিক্ৰীৰ পক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে। কিমান চতুৰালীৰে হিন্দুস্তান কাগজ নিগম আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কলৰ ২০০০ কৰ্মচাৰীসহ তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংসৰ দিশে থেলি নিছে সেইয়া স্পষ্ট হবলৈ আৰু বাকী নাই। বৃহস্পতিবাৰে হঠাৎ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাগজ কলৰ কৰ্মচাৰীৰ শিক্ষাৰত সন্তানক এক লাখৰ পৰা ১০ হাজাৰৰ লৈকে এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰিছিল। একেসময়তে ৩১ জানুৱাৰীৰ ভিতৰত আৱাস খালী কৰিবলৈ হিন্দুস্তান কাগজ নিগমে জাননী জাৰি কৰাৰ বিৰুদ্ধে কাছাৰ আৰু জাগীৰোডস্থিত নগাঁও কাগজ কলৰ কৰ্মচাৰীসকলে ধৰ্ণা কাৰ্যসূূচী ৰূপায়ন কৰি প্ৰয়োজনত ইয়াতকৈও কঠোৰ কাৰ্যসূচী গ্ৰহণৰ কথা ঘোষণা কৰিছিল।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ মাজতে চলা এই আন্দোলন অথবা কাগজ কলৰ কৰ্মচাৰীসকলৰ ভৱিষ্যতক লৈ চৰকাৰ কিমান চিন্তিত তাৰ এক ভুৱা ছবি তুলি ধৰিবলৈকে যে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰীগৰাকীয়ে জলপানী ঘোষণা কৰিছে সেই কথাও লগে লগে কৰ্মচাৰীসকলে বুজি উঠিছিল আৰু এনে আভুৱা ভৰা কৰুণাৰ টোপ আমাক নালাগে, আমাৰ প্ৰাপ্য দৰমহাৰ লগতে উদ্যোগটো চলোৱাৰ ব্যৱস্থা লওঁক বুলি বৃহস্পতিবাৰেই কৰ্মচাৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। পিছে মন্ত্ৰীৰ ঘোষণাৰ আৰত যে তাতোকৈ ভয়ংকৰ অভিসন্ধি লুকাই ৰ্আছিল সেই কথাৰ প্ৰমাণ বৃহস্পতিবাৰেই হিন্দুস্তান কাগজ নিগম বিক্ৰী তথা হস্তান্তৰ প্ৰক্ৰিয়াৰ দায়িত্বত থকা লিকুইডেটৰ কুলদীপ বাৰ্মাই জাৰি কৰা নিৰ্দেশনাই স্পষ্ট কৰি দিছিল।

বাৰ্মাই জাৰি কৰা এই নিৰ্দেশনাৰ জৰিয়তে দেওলীয়া ঘোষিত হিন্দুস্তান কাগজ নিগমৰ গুৱাহাটীত থকা দুটাকৈ আৱাসিক ফ্লেট বিক্ৰীৰ বাবে ৯ ফেব্ৰুৱাৰীৰ ১২ টা বজাৰ পৰা ১০ ফেব্ৰুৱাৰীৰ ১১ টা ৫৯ মিনিট লৈকে নিলামৰ সময় নিৰ্ধাৰণ কৰি ইয়াত অংশ লবৰ বাবে ইচ্ছুক ব্যক্তি বা সংস্থাক নিবিদা দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাষ্ট্ৰীয় কোম্পানী ল ট্ৰিবিউনেলৰ নিৰ্দেশানুসৰি এই জাননী জাৰি কৰা বুলি উল্লেখ কৰি আহ্বান কৰা নিবিদা মতে হিন্দুস্তান কাগজ নিগমৰ গুৱাহাটীৰ বেলতলাৰ বৰসজাইত থকা গে'ম ভিলেজৰ 'এ' ব্লকৰ ১০৩ আৰু ১০৪ নম্বৰৰ মুঠ ২৫০০ বৰ্গ ফুটৰ ২টা আৱাসিক ফ্লেট বিক্ৰীৰ নিবিদা গ্ৰহণ প্ৰক্ৰিয়া শুকুৰবাৰে সম্পূৰ্ণ কৰা হয়।

ই-অক্সন ব্যৱস্থাৰে সম্পন্ন কৰা এই প্ৰক্ৰিয়াত অংশগ্ৰহণকাৰীয়ে কিমান দামত এই আৱাসিক ঘৰ ২টা ক্ৰয় কৰিব সেইয়া অৱশ্যে জনা হোৱা নাই যদিও এই কাৰ্যৰ জৰিয়তেই চৰকাৰ তথা হিন্দুস্তান কাগজ নিগমে কাগজ কলৰ সম্পত্তি বিক্ৰীৰ প্ৰক্ৰিয়া যে আৰম্ভ কৰি আনফালে কৰ্মচাৰীৰ সন্তানক জলপানীৰ টোপ দেখুৱাই ঘৰিয়ালৰ চকুপানী টুকিছে সেই কথা স্পষ্ট হৈ পৰিছে। ইফালে এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰিছে কাগজ কলৰ কৰ্মচাৰীসকল।

এফালে মন্ত্ৰীৰ দম্ভালি মৰাৰ কথা। আনফালে এসাঁজ ভাতৰ বাবে হাহাকাৰ কাগজ কল কৰ্মচাৰীৰ। কাগজ কল কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাও কৰিছে এইসকল লোকে। কাগজ কলৰ কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ কণ কণ সন্তানসকলো ওলাই আহিছে। হাতে হাতে পাত্ৰ লৈ কাছাৰ কাগজ কল কৰ্মচাৰীৰ সন্তানে কিতাপ ক্ৰয় কৰাৰ বাবে সহায় বিচৰাও খবৰ সংবাদমাধ্যমত সম্প্ৰচাৰ হৈছিল। তাৰ মাজতে শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে প্ৰতিবাদৰ বাবেহে বোলে আগবঢ়া নাই উদ্যোগখণ্ডৰ কামকাজ। আন্দোলনমুখী প্ৰতিবাদৰ বাবেহে বোলে অসমলৈ বহিঃৰাষ্ট্ৰৰ উদ্যোগপতিসকল নহা হৈছে।

আৱাস কেইটা বিক্ৰীৰ দ্বাৰা কাগজ কলটো বিক্ৰী কৰাৰ বাবে চৰকাৰে মন মেলাৰ কথাটো প্ৰায় স্পষ্ট হৈ পৰিছে। এইসময়ত কাগজ কলৰ কৰ্মচাৰীসকলৰ বাবে প্ৰতিবাদৰ বাবে হয়তো একো নাই। কাৰণ তেওঁলোক ন্যায়ালয়ৰ কাষো চাপিছে। এতিয়া এপদ-এপদকৈ সামগ্ৰী বিক্ৰী কৰিছে, পৰৱৰ্তী সময়ত যে ৰাজ্যবাসীৰ অজ্ঞাতে কাগজ কলটো চৰকাৰে বিক্ৰী নকৰিব সেই কথাত সন্দেহ আছে। এইসময়ত জাতীয় সংগঠনো কিছু দায়িত্ব আছে। আমি কথা পাতিছিলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক পলাশ চাংমাইৰ সৈতে। জানিব বিচাৰিছিলো তেওঁৰ প্ৰতিক্ৰিয়া।

পলাশ চাংমাইয়ে কৈছিল, যিখন চৰকাৰে নমামী ব্ৰহ্মপুত্ৰ পাতোতে ৮০ কোটি টকা খৰচ কৰিছিল, ব্ৰহ্মপুত্ৰ পূজন পাতোতেও বহু কোটি টকা খৰচ কৰিলে, ফিল্মফেয়াৰ পাতিবলৈ ৩০ কোটি টকা খৰচ কৰিবলৈ সিদ্ধান্ত লৈছে সেইখন চৰকাৰে অসমবাসীৰ আহ্বানৰ প্ৰতি গুৰুত্বৱ দিয়া নাই। কেন্দ্ৰীয় চৰকাৰেও ৩০০০ কোটি টকা খৰচ কৰি চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত মূৰ্তি নিৰ্মাণ কৰিছে। সেই মূৰ্তিৰ ২৫ কোটি টকা অইল ইণ্ডিয়া লিমিটেডৰ পৰা লোৱা হৈছে। অইল ইণ্ডিয়া লিমিটেড অসমৰ ওপৰত নিৰ্ভৰশীল এটা প্ৰতিষ্ঠান। গতিকে সেই টকা কেৱল অসমৰে পৰা লোৱা বুলি ক'ব পাৰি। অএনজিচিৰ পৰাও কেন্দ্ৰই এই মূৰ্তি নিৰ্মাণ কৰাৰ বাবে আঢ়ৈ শ কোটি টকা লৈছিল।

এনেদৰে সামাজিক দায়বদ্ধ আঁচনিৰ ধন নি মূৰ্তি নিৰ্মাণ কৰা হৈছে। আমি তাত আপত্তি কৰা নাই। কাৰণ আমি ভাৰতৰ মানুহে চৰ্দাৰ বল্লভ ভাই পেটেলৰ অৰিহণা নস্যাৎ কৰিব নোৱাৰো। কিন্তু যিখন দেশত মূৰ্তি নিৰ্মাণৰ নামত ৩০০০ কোটি, ফিল্ম ফেয়াৰৰ নামত ৩০ টকা খৰচ কৰা হয়, সেইখন দেশত উদ্যোগ এটা থাকিলেও বন্ধ হৈ যায়। উদ্যোগ-প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীক ৩৬ মাহে দৰমহা দিব পৰা নাই। সন্তানে আহি মুখ্যমন্ত্ৰীৰ এচৰত কান্দিবলগীয়া হৈছে। ক্ষোভ প্ৰকাশ কৰি নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰাৰ কথা ক'ব লগা হৈছে দৰমহা বঞ্চিত কৰ্মচাৰীৰ সন্তানে। তাৰ পিছতো কিন্তু চৰকাৰে প্ৰকৃত যি মূল বিষয় সেই বিষয় হৃদয়ংগম কৰিব পৰা নাই। উৎসৱৰ নামত ইমান ধন খৰচ কৰি থকা চৰকাৰে সামান্য কেইকোটিমান টকা বিনিয়োগ কৰাহেতেন কাগজ কল পুনৰুজ্জিৱীত হ'লহেতেন। পুনৰ প্ৰাণ পাই উঠিলে হেতেন উদ্যোগটোৱে।

কিন্তু চৰকাৰৰ পৰিকল্পনা আৰু দুৰদৰ্শিতাৰ অভাৱৰ বাবে এনেধৰণেৰে সাধাৰণ মানুহে হাৰাশাস্তি খাব লগা হৈছে। আনহাতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই আজি এখন সংবাদমেল সম্বোধন কৰি আন্দোলনৰ বাবেহে কাগজ কলৰ কৰ্মচাৰীসকল প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে বুলি পাকে প্ৰকাৰান্তেৰে ক'ব বিচাৰিছে। কাগজ কল ৩৬ মাহ ধৰি বন্ধ হৈ আছে। সেইটো কাগজ কলৰ কৰ্মচাৰীয়ে আজি এমাহৰ পূৰ্বে হোৱা কা বিৰোধী আন্দোলনৰ বাবে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি তেওঁ কোৱাতো অতি হাস্যকৰ কথা। কা বিৰোধী আন্দোলন এমাহৰ পৰাহে বেছি হৈছে। এজন মন্ত্ৰীৰ এনে কথা হাস্যকৰ। কাগজ কলৰ সম্পত্তি নিলামৰ দ্বাৰা ইয়াৰ সমস্যা সমাধান নহয়। সমস্যা সমাধান কৰিবলৈ হ'লে কাগজ কল পুনৰুজ্জিৱীত কৰাৰ বাবে প্ৰয়োজনীয় কাৰ্যব্যৱস্থা লোৱাৰহে প্ৰয়োজন।

লুৰিণজ্যোতি গগৈ, সদৌ অসম ছাত্ৰ সন্থাঃ কাগজ কলটো চৰকাৰে জীয়াই ৰাখিব নোৱাৰাটো হাস্যকৰ কথা। এতিয়া আন্দোলন দেখি ভয় খাইছে চৰকাৰে। যাৰ বাবে চৰকাৰে বিভিন্ন প্ৰলোভন দিবলৈ আৰম্ভ কৰিছে। বিভিন্ন চাকৰি, জনজাতীয় লোকক এককালীন ধন দিয়াৰ কথা চৰকাৰে ঘোষণা কৰিছে। নতুন প্ৰজন্মৰো দৃষ্টি হৰণ কৰাৰ বাবে চৰকাৰে চেষ্টা চলাইছে। চৰকাৰে বিভিন্নজনক মোহিত কৰিবলৈও হ'লেও এইসমূহ দিয়াটো বেলেগ কথা। চৰকাৰে যিসমূহ আঁচনি ঘোষণা কৰি আছে সেইবোৰ ভাল কথা। কিন্তু যিসকল কাগজ কলৰ কৰ্মচাৰী আছে সেইসকলক কাগজ কলটো পুনৰ আৰম্ভ কৰি ন্যায় দিব পৰা নাই চৰকাৰে।

নতুন নতুন নিবিদা তেওঁলোকে আৰম্ভ কৰিছে। চৰকাৰে আৰম্ভ কৰা কামে ৰাজহুৱা উদ্যোগক ধ্বংসৰ দিশেৰে থেলি দিছে। ই চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা। অতি সোনকালে নগাঁও কাগজ কলটো পুনৰুজ্জিৱীত কৰি আৰম্ভ কৰিবলৈ আমি দাবী জনাইছো। আজি উদ্যোগমন্ত্ৰী গৰাকীয়ে সংবাদমেল দি কৈছে আন্দোলনৰ বাবে বোলে বিদেশী কোম্পানীয়ে ইনভেষ্টমেন্ট উঠাই লৈছে। এইটো এটা কৌতুক। ইয়াতকৈ ডাঙৰ কৌতুক একো থাকিব নোৱাৰে। এইবোৰ আভুৱা ভৰা কথা কোৱাতকৈ চৰকাৰে ৰাজহুৱা উদ্যোগসমূহ ৰক্ষা কৰিবলৈ গুৰুত্ব দিব লাগে।

ভূপেন বৰা, কৰ্মচাৰী, নগাঁও কাগজ কলঃ আমাক প্ৰাপ্যবোৰ লাগে। চৰকাৰে বাৰে বাৰে আমাক প্ৰাপ্যখিনি দিয়াৰ কথা কয়। কিন্তু একো হোৱা নাই। জাতীয় সংগঠন বুলি কোৱা সংগঠনবোৰে একো মাত নামাতে। তেওঁলোকে আমাৰ সৈতে থাকি সহায় কৰাৰ সলনি একোকে নহয়। বহু বছৰ বছৰ ধৰি কাগজকলত কাম কৰিছো।

এনেদৰেই তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে। চৰকাৰৰ মিথ্যাচাৰ প্ৰকাশ পাইছে কিছু কাৰ্যত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো সংবাদমেল সম্বোধন কৰি ক'লে কাগজ কলৰ কৰ্মচাৰীৰ সন্তানলৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা। পিছে তেওঁলোকৰ মুখত নাই কাগজ কল পুনৰুজ্জিৱীত কৰাৰ কথা। এনেদৰেই প্ৰমাণ হৈছে চৰকাৰৰ অভিসন্ধি। মুম্বাইৰ এটা ফ্লেটৰ লগতে গুৱাহাটীত থকা ২টাকৈ ফ্লেট বিক্ৰীৰ বাবে নিবিদা বিচৰাৰ সময়ত সৃষ্টি হ'ব পৰা প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখিয়ে নিশ্চয় চতুৰ মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে কাগজ কল কৰ্মচাৰীৰ সন্তানৰ প্ৰতি আৰ্থিক সহায়ৰ আঁচনি।

মন্ত্ৰীগৰাকীয়ে মেডিকেল, ইঞ্জিনিয়াৰিং বা একেই বৃত্তিগত ক'ৰ্চ কৰিলে তেওঁলোকক এককালীন ১ লাখ টকা দিয়াৰ বাবে ব্যৱস্থা কৰাৰ কথা সংবাদমেল সম্বোধন কৰি ক'লে। তেখেতে লগতে কলে, স্নাতকোত্তৰত অধ্যয়ন বা গৱেষণা কৰি থাকিলে এককালীন ৭৫ হাজাৰ টকা, গ্ৰেজুৱেচন বাবে পলিটেকনিক পঢ়া সকলক ৫০ হাজাৰ এককালীন সাহায্য, উচ্চতৰ মাধ্যমিক বা সমকালীন ক'ৰ্চ কৰি থাকিলে ২৫ হাজাৰ টকা, ক ৰ পৰা ১০ম শ্ৰেণী লৈকে ১০ হাজাৰ টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। ইফালে এই কাৰ্যৰ বাবে প্ৰায় ৫ কোটি টকা ৰাজ্য চৰকাৰৰ খৰচ হ'ব বুলিও তেওঁ ক'লে।

হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ ফ্লেট কেইটা বিক্ৰীৰ পৰা আৰম্ভ কৰি এদিন কাগজ কলটো বিক্ৰীৰ বাবে চৰকাৰে চেষ্টা চলাব। লাহে লাহে এই কাৰ্যৰ বাবেই চৰকাৰ আগবাঢ়িছে। তাত কোনো সন্দেহ নাই। এইসমূহ ঘোষণা কৰোতে তেওঁ হয়তো পূৰ্বানুমান কৰিছিল ফ্লেট কেইটা বিক্ৰী কৰিলে কেনে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ৰাইজৰ মাজত কাগজ কলৰ সম্পত্তি বিক্ৰীক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ ভয়তে তেওঁ কাগজ কল কৰ্মচাৰীৰ সন্তানক আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ক'লে।

'এদেও দুদেও লুটনিয়াৰ চেও।' এই কথাকে পুনৰবাৰ প্ৰমাণ কৰিলে বিজপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে। ইটোৰ পিছত সিটো ৰাজহুৱা সম্পত্তি বিক্ৰীৰে ৰাজকোষ টনকীয়াল কৰাৰ চেষ্টা কৰা বিজেপি চৰকাৰে পুনৰবাৰ প্ৰমাণ কৰিলে নিজৰ স্থিতি। তৈলক্ষেত্ৰ, বিমানবন্দৰ কাৰ্যকৰী কৰাৰ বাবে চেষ্টা চলোৱা চৰকাৰে এইবাদ সিদ্ধান্ত লৈছে ১৫০ খন ৰে'ল ব্যক্তিগতকৰণৰ বাবে। তাৰ মাজতে আহিল এই নিৰ্দেশ, এতিয়া হেৰাব কাগজ কলো। বাস্তৱ এয়াই। লংকালে গ'লে সকলো ৰাৱণ হয়। পৰিৱৰ্তনৰ কথা কোৱা বিজেপি একোপ চৰাহে…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in