কি সৌভাগ্য! খবৰ ৰাখিছেনে, অসমৰ সকলো ঘৰতে বিনামূল্য বিজুলী কানেকশ্যন দিয়া হৈ গ’ল…

কি সৌভাগ্য! খবৰ ৰাখিছেনে, অসমৰ সকলো ঘৰতে বিনামূল্য বিজুলী কানেকশ্যন দিয়া হৈ গ’ল…

 নৰেন্দ্ৰ মোডী, ৰাহুল গান্ধী এতিয়া সকলো ব্যস্ত। ক'ত, কিয়? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ এক বিশেষ প্ৰতিবেদন…

চাকিৰ পোহৰত পঢ়িও বহুলোক ডাঙৰ ডাঙৰ মানুহ হৈছে। উদাহৰণ দিবলৈ এনে ডাঙৰ মানুহৰ নাম অভাৱ নহয়। সকলোৰে গাঁও অথবা অঞ্চলত এনে এজন ব্যক্তি ওলাবই, যি লোকে অশেষ কষ্টৰ মাজেৰে সফলতা বুটলিছে। ঘোষণা হোৱা পৰীক্ষাৰ ফলাফলবোৰৰ পাছত সংবাদমাধ্যমতো এনে খবৰে শিৰোনাম দখল কৰে। এনে খবৰ প্ৰচাৰ হোৱাটোও অতিকৈ দৰকাৰী কিয়নো এনে খবৰৰ পৰা সমাজৰ আন ১০ জন দৰিদ্ৰ ছাত্ৰই প্ৰেৰণা পায়।

আমি বহুতে গাঁৱতেই পাৰ কৰিছো শৈশৱ, কৌশোৰ, যৌৱন। শিক্ষা জীৱনৰো অধিকাংশ সময় পাৰ হৈছে গাঁৱতে। যেতিয়া পঢ়া টেবুলৰ কাষত বহি থাকোতে বিজুলি লাইটো নুমাই যায়, ঘৰৰ কোনোবা এজনে টেবুল চাকি এটা দি কয়হি- পঢ়, এনেকে পঢ়িও বহুত ডাঙৰ মানুহ হৈছে। এই কথাষাৰ আচলতে নোহোৱাও নহয় কাৰণ এষাৰ কথা আছে- 'পৰিস্থিতি যিয়েই নহওক, লক্ষ্য ঠিকে থাকিলে সকলো সম্ভৱ।'

ঠিকেই, লক্ষ্য ঠিকে থাকিলে সকলো সম্ভৱ হয়। মাত্ৰ সেই লক্ষ্য পূৰণৰ বাবে লাগিব একাগ্ৰতা, নিষ্ঠা আৰু উদ্যম। কিন্তু ব্যক্তিগত কামৰ বাদে সামাজিক কামবোৰত এই সকলোবোৰ গুণ আয়ত্ব কৰি নিদিষ্ট লক্ষ্যত উপনীত হ'ব পৰা মনোভাৱ প্ৰায় সংখ্যক লোকৰে নাথাকে। আমাৰ সমাজখনৰ আশে-পাশে ইয়াৰ অলেখ উদাহৰণ আছে।

সামাজিক কাম-কাজত নিষ্ঠা, একগ্ৰতা অথবা সততাৰে কাম নকৰি নিদিষ্ট লক্ষ্যত উপনীত হ'ব নোৱাৰা প্ৰথমটো উদাহৰণ হ'ল- আমাৰ চৰকাৰখন । কেৱল এই বিজেপি চৰকাৰ বুলিয়ে নহয়, শাসনত বহা প্ৰতিখন চৰকাৰেই নিৰ্বাচনৰ পূৰ্বে জনসাধাৰণক প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ ৰক্ষা কৰাত ব্যৰ্থ হৈছে। তাৰ প্ৰমাণ নতুনকৈ দিয়াৰ প্ৰয়োজন নাই। সময়ে সময়ে বিভিন্ন মাধ্যমৰ যোগেদি জনসাধাৰণে দেখিছে শাসনধিষ্ঠ চৰকাৰৰ এনে বহু মিথ্যাচাৰ। নিৰ্বাচন চমু চপাৰ লগে লগেই প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই ৰাইজৰ বহুমূলীয়া ভোট আদায় কৰি শাসনৰ গাদীত বহাৰ পাছতে সকলো হয় ফুটুকাৰ ফেন। এয়াই আজিৰ ৰাজনীতি! মিছা প্ৰতিশ্ৰুতিৰে শাসন বাকজৰী খামুছি ৫ বছৰলৈ সকলো পাহৰা জনপ্ৰতিনিধি তথা চৰকাৰখনে ৫ বছৰৰ পাছতে আকৌ আৰম্ভ কৰে নাটক। এই নাটকৰ নাম – আমি কি কাম কৰিলো আৰু জয়ী হ'লে কি কি কৰিম।'

কংগ্ৰেছৰ শাসনকালৰ কথা বাদেই দিলো। আমি সকলোৱে জানো যে কংগ্ৰেছৰ ভ্ৰষ্টাচাৰ, অপশাসন, দুৰ্নীতি আদিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দেশবাসীয়ে নৰেন্দ্ৰ মোডীৰ নেতৃত্বক ভাৰতৰ শাসনভাৰ দিছিল। গণতন্ত্ৰত ৰাইজৰ শক্তি কিমান সেয়া ভাৰতৰ জনসাধাৰণে ২০১৪ ৰ নিৰ্বাচনত প্ৰমাণ কৰি দিছিল৷ কংগ্ৰেছকো দেখুৱাই দিছিল যে আৰু কিমান দিন ঠগিবা, আমি ভাৰতীয় সচেতন সাধাৰণ জনতাৰ শক্তি চাই লোৱা! ভাৰতীয় সচেতন সাধাৰণ জনতাৰ তথা সচেতন ভোটাৰসকলৰ শক্তিৰ প্ৰমাণ সমগ্ৰ বিশ্ববাসীৰ আগত দেখুৱাই দিছিল । ২০১৪ চনৰ লোকসভা নিৰ্বাচন সেইবাবেই এক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নিৰ্বাচনত পৰিগণিত হৈছিল। অসমৰ প্ৰেক্ষাপটত বিজেপিৰ এই উত্থানক বহুলোকে প্ৰতিষ্ঠান বিৰোধী ঢৌ বুলি আখ্যা দিলেও আচলতে ইয়াৰ মাজতে আছিল অসমৰ জনগণে সৰ্বানন্দ সোণোৱালৰ প্ৰতি থকা আস্থা। চৰকাৰ গঠন কৰা পাছতে সোণোৱাল চৰকাৰে দু্ৰ্নীতিবিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছিল। বিশেষকৈ এ পি এছ চিৰ কেলেংকাৰীৰ ক্ষেত্ৰত চৰকাৰে লোৱা স্থিতিৰ বাবৰ সকলোৱে স্বতিৰ নিশ্বাহ এৰিছিল যে এই চৰকাৰে অসম খনক ৰসাতলে যাব নিদিয়ে। কিন্তু দিন বাগৰাৰ লগে লগে সকলো সলনি হ'ল। জাতি, মাটি, ভেটিৰ ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে নিজৰ অস্তিত্ব, অধিকাৰৰ বাবে ৰাজপথত নামিব লগা হ'ল ৰাইজ। এনেকেই সলনি হয় সকলো, জাতীয় নায়ক গুছি হয় জাতীয় খলনায়ক।

মুঠৰ ওপৰত সকলো সলনি হয়,কিন্তু একে থাকে প্ৰতিবাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া সেই শক্তিশালী প্ৰতিশ্ৰুতিবোৰ। পথৰ কাষৰ ডাঙৰ ডাঙৰ হৰ্ডিঙত চলে শাসক-বিৰোধীৰ প্ৰতিশ্ৰুতিৰ নাটক। এই নাটকৰ বিৰোধীৰ মূল সংলাপ 'কি কি কৰিম' আৰু শাসকৰ সংলাপ হৈছে ' কি কি কৰিলো'। এই 'কৰিম' আৰু 'কৰিলো'ৰ প্ৰতিযোগীতা হৰ্ডিঙতে চলে, বাস্তৱত সেয়া কোনো এটা দলেই ফলপ্ৰসু কৰিব নোৱাৰে। তাৰ জলন্ত উদাহৰণ- কংগ্ৰেছ, বিজেপি, অগপ সকলো…

এতিয়া সেই একেই বতৰ। প্ৰতিশ্ৰুতিৰ বতৰ। কাৰণ সমাগত লোকসভা নিৰ্বাচন। কি বিৰোধী, কি শাসক, সকলো ব্যস্ত হ'ব এই বতৰতে চল চাই কঠীয়া পাৰিবলৈ। সকলো দলে ৰাইজক দিব অলেখ প্ৰতিশ্ৰুতি।প্ৰতিশ্ৰুতিবোৰ ৰক্ষা কৰিব পৰা নোৱাৰা পিছৰ কথা কিন্তু প্ৰতিশ্ৰুতি দিয়াত কোনো পিছ পৰি নৰয়। সকলো বাট-পথ, সংবাদমাধ্যম আৰু ওখ ওখ অট্টালিকাৰ ওপৰত জিলিকিব প্ৰতিশ্ৰুতিৰ বিজ্ঞাপনেৰে। এয়া আচলতে বিজ্ঞাপনহে, বাস্তৱ জগতৰ সৈতে ইয়াৰ কোনো মিল নাই। যেনেকৈ সচৰাচৰ বিজ্ঞাপনবোৰৰ বেছিভাগৰে বাস্তৱৰ সৈতে মিল নাথাকে।

কিছুদিন ধৰি দেশৰ সকলো ৰাজনৈতিক দল ভীষণ ব্যস্ত। এই ব্যস্ততা আগন্তুক নিৰ্বাচনক লৈ। দেশৰ ভিন্ন ৰাজ্যত ৰাজনৈতিক দল সমূহে ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে আৰম্ভ কৰিছে বিজ্ঞাপনৰ ৰাজনীতি। আমি কোৱাৰ দৰে বিজ্ঞাপনৰ যে কোনো সত্যত্যা নাথাকে সেই কথা প্ৰমাণ কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই। নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মোডী চৰকাৰে ইমানেই অপপ্ৰচাৰত নামিল যে, অসমৰ প্ৰায়বিলাক নগৰ-চহৰত ডাঙৰ ডাঙৰ হৰ্ডিঙৰ জৰিয়তে মোডীয়ে ক'লে- ' অসমৰ বিজুলী নথকা সমগ্ৰ গাঁৱলৈ বিনামূল্যে কানেকশ্বন দিয়া হৈ গ'ল।' এয়া জানো কম অপপ্ৰচাৰ! ইয়াৰ প্ৰমাণো আমি দিম বিজেপি দল তথা মোডীক। ৰাজ্যৰ অন্য সমষ্টিৰ কথা বাদেই দিলো অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীৰ এটা উদাহৰণে আমি দাঙি ধৰিলো-

ওপৰৰ ফটোকেইখন মাজুলীৰ। মাজুলীৰ সোণাৰীবাৰী, মাজগাও, খোৰাহলা অঞ্চলত বৰ্তমানেও নাই বিদ্যুতৰ কানেকশ্বন। বহু আবেদন কৰাৰ পাছতো এই অঞ্চলৰ ৰাইজে পোৱা নাই বিদ্যুতৰ সংযোগ। খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ এই অৱস্থা। বাকীবোৰৰ হিচাপ আমি পাছলৈ থলো। তেনেস্থলত বিজেপি আৰু মোডীয়ে কেনেকৈ এনে শ্ল'গান দিব পাৰে যে সকলোতে বিদ্যুতৰ কানেকশ্বন দিয়া হৈ গ'ল। কিন্তু এই হৰ্ডিঙৰ ক্ষেত্ৰতো এটা ৰাজনীতি কৰিছে বিজেপিয়ে। হৰ্ডিঙৰ একেবাৰে তলত বিজেপিয়স সৰুকৈ লিখিছে-' যদি আপুনি পোৱা নাই, যোগাযোগ কৰক'। এয়াই ৰাজনীতি, এয়াই মোডীৰ সৌভাগ্য আচনি।

মোডীৰ এই অভিলাষী আচনি খন ২০১৮ চনৰ ২৩ জানুৱাৰিত গুৱাহাটী মহানগৰীৰ সোণাৰাম উচ্চতম মাধ্যমিক বিদ্যালয় খেলপথাৰত  'প্ৰধান মন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা'ৰ অধীনত শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক শক্তি মন্ত্ৰী (স্বতন্ত্ৰ) আৰ কে সিঙে। অনুষ্ঠানটোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ শক্তি মন্ত্ৰী পল্লৱলোচন দাসকে ধৰি কেইবাগৰাকীও বিধায়কো উপস্থিত আছিল। অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সিঙে কৈছিল যে সমগ্ৰ ভাৰতৰ ১৯ হাজাৰখন গাঁৱৰ ১৭ হাজাৰ গাঁৱত ইতিপূৰ্বে বিজুলী সংযোগ সম্পূৰ্ণ হৈছে। এতিয়া বাকী যি দুহেজাৰখন গাঁও আছে তাত ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহৰ ভিতৰতে বিজুলী সংযোগৰ কাম সম্পূৰ্ণ হ'ব।

২০১৮, ২৩ জানুৱাৰী<br />সৌভাগ্য আচনি মুকলি অনুষ্ঠান
২০১৮, ২৩ জানুৱাৰী
সৌভাগ্য আচনি মুকলি অনুষ্ঠান

এতিয়া ২০১৯ৰ মাৰ্চলৈ মাত্ৰ কেইটামান দিন বাকী, গতিকে মিছা প্ৰচাৰৰ জৰিয়তে এই আচনি কাৰ্যকৰী হৈছে বুলি ফটাঢোল কোবাৱাটোহে আচল কথা। সেয়েহে চহৰত মূল মূল স্থানত আৰি দিয়া হৈছে মিছা প্ৰতিশ্ৰুতিৰ অনেক হৰ্ডিঙ। গুৱাহাটীৰ চুকে কোণেও দেখা গৈছে এনে মিছা কথাৰে ভৰপূৰ অনেক হৰ্ডিঙ।

ইফালে কংগ্ৰেছেও আৰম্ভ কৰিছে এই হৰ্ডিঙ ৰাজনীতি। কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ প্ৰতিছব্বি সম্বলিত ডাঙৰ ডাঙৰ হৰ্ডিঙ আৰি দিয়া হৈছে ৰাজ্যৰ চুকে-কোণে। কংগ্ৰেছে লিখিছে- 'ৰাহুল গান্ধীক আদৰিবলৈ সাজু অসম।' হৰ্ডিঙত ৰাহুল গান্ধীয় কৈছে 'আমি কথা দি কথা ৰাখিলো, কৃষকৰ ঋণ মাফ কৰিলো।' গুৱাহাটীত অৰা কংগ্ৰেছৰ এই হৰ্ডিঙ-

কেৱল এয়াই নহয়। বিগত লোকসভা নিৰ্বাচনত 'অব কী বাৰ মোডী চৰকাৰ', 'হৰ হৰ মোডী, ঘৰ ঘৰ মোডী' আদি পৰিৱৰ্তনৰ শ্ল'গান দি জনতাক প্ৰলোভিত কৰিবলৈ সক্ষম হোৱা মোডীৰ পিছতে এইবাৰ নিৰ্বাচনী প্ৰচাৰ কিছু পৃথক। বিগত ৫ টা বছৰত তেওঁৰ চৰকাৰে কি কাম কৰিলে সেয়া ইতিমধ্যে জনতাই প্ৰত্যক্ষ কৰিছে। যাৰ বাবে এইবাৰ যে তেওঁৰ পৰিৱৰ্তনৰ শ্ল'গানে ভোটাৰক আকৃষ্ট কৰিব নোৱাৰিব, তাৰ আশংকা কৰি নিৰ্বাচনী প্ৰচাৰৰ ৰূপেই সলনি কৰিলে মোডীয়ে।

শেহতীয়াকৈ নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰৰ এক অংশ হিচাপে মুক্তি লাভ কৰিছে এটা ৰেপ চং। ২ মিনিট ৩৮ চেকেণ্ড দৈৰ্ঘ্যৰ এই ৰেপ চংটোৰে এইবাৰ প্ৰধানমন্ত্ৰী মোডীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে। 'বন্দা অপনা চহী হ্যেই' শীৰ্ষক এই ৰেপ চংটোত মোডীৰ পাঁচ বছৰীয়া কাৰ্যকালৰ থুলমুল আভাষ দাঙি ধৰা হৈছে। মোডীৰ প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ বিতৰণ কৰা, অনাময় শৌচাগাৰ নিৰ্মাণ, মোডীৰ ডিজিটেল ইণ্ডিয়াৰ আৰ্হি আদিৰ খাতিয়ান দাঙি ধৰা হৈছে ৰেপ চংটোত। গীতটোৰ ভিডিঅ'টো-

ছচিয়েল মিডিয়াৰ এই যুঁজত পিছ পৰি ৰোৱা নাই বিৰোধী দল কংগ্ৰেছো। ইউ টিউবত ১১ মাহৰ পূৰ্বে মুক্তি দিয়া এটা ভিডিঅ'ত কোৱা হৈছে- এইবাৰ কংগ্ৰেছ। কংগ্ৰেছৰ সেই ভিডিঅ'টো-

ইয়াৰ বাহিৰেও ছচিয়েল মিডিয়া যোগে দেশৰ সকলো ৰাজনৈতিক দলে আৰম্ভ কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। সকলোৱে জানে যে, ২০১৪ চনত বিজেপিৰ এই জয়ত বিশেষ ভূমিকা পালন কৰিছিল ছচিয়েল মিডিয়াই। সেই সময়ত নৰেন্দ্ৰ মোডীয়েও ছচিয়েল মিডিয়াক প্ৰধান অস্ত্ৰ হিচাপ ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছিল। আৰু বিজেপিৰ সেই ৰণকৌশলেই এইবাৰ প্ৰয়োগ কৰিব কংগ্ৰেছেও। ইতিমধ্যে কংগ্ৰেছে প্ৰস্তুত কৰি উলিয়াইছে এক বিশেষ এপ। যি এপৰ জৰিয়তে ছচিয়েল মিডিয়াত ব্যস্ত থকা নৱপ্ৰজন্মক সহজে আকৰ্ষিত কৰিব পৰা যাব।

এতিয়া এনেকৈয়ে আগন্তুক নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে ৰাজনৈতিক দল সমূহে। আকৌ হ'ব নতুন চৰকাৰ। সমস্যাবোৰ কেতিয়াও সম্পূৰ্ণকৈ সমাধান নহয়, কিয়নো এই সমস্যাবোৰেই ৰাজনৈতিক দলসমূহৰ ৰাজনীতিৰ ফচল। এয়াই পলিটিক্স। কিন্তু গণতন্ত্ৰত ৰাইজৰ মতক ভেঙুচালি কৰি কোনো দলেই তিষ্ঠিব নোৱাৰে বেছিদিন। ইতিহাস ইয়াৰ সাক্ষী, কিয়নো ৰাইজে ভাঙিবও পাৰে, পাতিবও পাৰে। মিছা কথাৰে ৰাইজৰ মন জয় কৰিবলৈ চেষ্টা কৰা সকলে জনা উচিত যে -গণতন্তত ৰাইজেই ৰজা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in