ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?

ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?

বহিঃৰাজ্যলৈ নাৰী সৰবৰাহ হৈয়ে আছে। অসমৰ পৰা বিভিন্ন কৌশলেৰে বহিঃৰাজ্যলৈ নিয়া হয় যুৱতী তথা কিশোৰী। নলবাৰীৰ বড়ি ৰাজহ চক্ৰৰ চৰিয়াপাৰ চুবুৰীৰ পৰাও বহু কেইগৰাকী যুৱতী বিয়া হৈছে ৰাজস্থানলৈ। বহিঃৰাজ্যত কেনে আছে অসমৰ পৰা বিয়া হৈ যোৱা এই যুৱতীসকল? ৰাখিছেনে তেওঁলোকে পৰিয়ালৰ সৈতে সম্পৰ্ক? ক্ষেত্ৰভিত্তিক অধ্যয়নেৰে লাচিত বৰ্মনৰ এক বিশেষ প্ৰতিবেদন।

নলবাৰী জিলাৰ সদৰৰ পৰা ২২ কিলোমিটাৰ দূৰৈৰ বড়ি নামৰ ৰাজহ গাঁওখনৰ চৰিয়াপাৰ চুবুৰীত ভৰি থৈ প্ৰত্যক্ষ কৰিছিলো কেতবোৰ অস্বাভাৱিক পৰিৱেশ। অসমতো এনে এখন গাওঁ থাকিব পাৰে বুলিহয়তো নেদেখাজনৰ বাবে কল্পনাৰো অগোচৰ। মাথোঁ একঠামান ভেটি মাটিতে চাৰি-পাঁচটাকৈ পৰিয়ালৰ বসতি। সেয়ে চৰিয়াপাৰাৰ ৫৪২ নং প্ৰাথমিক বিদ্যালয়খনৰ গাতে লাগি থকা পৰীক্ষিত দাসৰ ঘৰলৈ সোমাই গ'লো। পৰীক্ষিত দাসে বৰশীটো লৈ দিনটোৰ বাবে ওলাই গৈছে। পৰিয়ালৰ বিষয়ে জানিবলৈ মন যোৱাত জোনালী দাস নামৰ মহিলাগৰাকীয়ে ক'লে যে পৰীক্ষিত দাসৰ দুগৰাকী পত্নী। তেওঁ দ্বিতীয়গৰাকী পত্নী। ওচৰৰ মানুহবোৰে কৈছিল এওঁলোকৰ এজনী ছোৱালী ৰাজস্থানত বিয়া দিছে।

এনে বিবাহ কিমান সঁচা?

স্বাভাৱিকতে জানিবলৈ মন গৈছিল ৰাজস্থানত তেওঁ এতিয়া কেনে আছে? নাম তেওঁৰ ৰিজু দাস। পৰীক্ষিত দাস আৰু প্ৰথমা পত্নী প্ৰাণেশ্বৰী দাসৰ ছোৱালী ৰিজু। কিছু বছৰ পূৰ্বে ৰিজুক বিয়া দিয়া হৈছিল ৰাজস্থানত। অৱশ্যে ঘৰখনত নিজ মাতৃ প্ৰাণেশ্বৰীও নাছিল। তেওঁ হেনো গুৱাহাটীৰে কাৰোবাৰ ঘৰত কাম কৰাকৈ থাকে। সেয়ে সৰু মা জোনালীৰ পৰাই জানিবৰ মন গ'ল। জোনালীয়ে জানিবলৈ দিয়া মতে, ৰিজুক ৰাজস্থানত বিয়া দিয়াৰ পাছত দুই-তিনি বছৰ কোনো কাৰোৰে সৈতে যোগাযোগ নাছিল। কিন্তু দুবছৰ আগতে হঠাতে এদিন অকলশৰে আহি ওলাইছি ৰিজু। ওচৰ-চুবুৰীয়াৰ মতে, ঘৰলৈ আহি ৰিজুৱে মানসিক বিকাৰগ্ৰস্ত মহিলাৰ দৰে আচৰণ কৰিবলৈ লৈছিল। এই কথাৰ সত্যতা স্বীকাৰ কৰি জোনালী দাস অৰ্থাৎ সৰুজনী মাতৃয়ে কয় যে তেওঁ হেনো আৰু ক'ৰবালৈ বিয়া হৈ গৈছে। কিন্তু সৰুজনী মাত়য়ে এইবোৰ কথা ভালদৰে নাজানিলেও কয় যে ৰিজুৱে এইবাৰ কিন্তু পূৰ্বৰজন পুৰুষৰ সৈতে বিয়া হৈ যোৱা নাই।

ইয়াৰ পাচত সৰু মাতৃৰে ৰিজুৱে আৰু কোনোদিনে যোগাযোগ কৰা নাই বা ফোনতো কথা পতা নাই। পিতৃ পৰীক্ষিত দাসৰ সৈতেও যোগাযোগ আছেনে তেওঁ নাজানে। ঘৰখনত থকা অইন সদস্যবোৰেও একো কথা নাজানে। এদিন ৰিজুক স্থানীয় লোক এজনৰ সৈতে ৰাজস্থানলৈ পঠিয়াই দিছিল পিতৃ পৰীক্ষিত দাসে। ঘৰৰ মানুহে জানিছিল ৰিজুৰ বিয়া হৈ সুখৰ সংসাৰ গঢ়িছিল। কিন্তু ৰিজুৱে হঠাৎ অকলশৰে ঘৰলৈ উভতি অহা আৰু পুনৰ গুচি যোৱা ঘটনাটোক লৈ চুবুৰীটোৰ শিক্ষক প্ৰফুল্ল দাসে আজিও সহজভাৱে ল'ব পৰা নাই। তেওঁৰ মতে, গোটেই ঘটনাক্ৰম সন্দেহজনক।

একেটা চুবুৰীৰে কনক দাসৰ চোতালত ভৰি থৈ আমি গৃহস্থক বিচাৰিছিলো। পত্নী অবলা দাসে জৰাজীৰ্ণ ঘৰটোৰ দুৱাৰ খুলি ওলাই আহিছিল। আমি সুধিছিলো ঘৰত কোন আছে? তেওঁ ক'লে ছোৱালী দুজনী। ডাঙৰজনী ছোৱালীৰ নাম পূৰ্ণী। পূৰ্ণীক বিয়া দিছে ৰাজস্থানলৈ। অৱলা দাসে আজিও দেখা নাই জীয়ৰীৰ স্বামীগৃহ। অৱলা দাসে আমাক কৈছিল- 'ৰাজস্থানৰ পৰা অহা দুজন মানুহে পূৰ্ণীক লৈ গৈছিল। যাৰ লগত পূৰ্ণীক বিয়া দিয়া হৈছে তেওঁ অহা নাছিল। তেওঁৰ ফটোও নাই। পূৰ্ণী কইনা সাজি লৈ যোৱাৰ সময়ত কেইহাজাৰমান টকা দি থৈ গৈছিল। মাজে মাজে অভাৱ অনাটনত পৰিলে সহায় কৰিব বুলি কৈছিল। মাজে মাজে ফোনত কথা পাতে বুলি কয় মাতৃ অৱসা দাসে।

ৰাজস্থানলৈ বিয়া হোৱা এগৰাকী যুৱতীৰ পিতৃ-মাতৃ…

তাৎপৰ্যপূৰ্ণ কথা যে ঘৰৰ মানুহে পূৰ্ণী দুবাৰ নিজ ঘৰলৈ অহা বুলি কৈছিল যদিও চুবুৰীয়াই কোনো দিনে দেখা নাই বুলি কয়। কথাটো আমাৰো সন্দেহ হোৱাত অনুসন্ধান কৰি গম পালো যে চুবুৰীটোৰ লক্ষীধৰ দাস নামৰ এজন মানুহৰ সহযোগত ৰাজস্থানলৈ পূৰ্ণীক বিয়া দিয়া হৈছিল। ইয়াৰ পূৰ্বে লক্ষীধৰৰ ছোৱালী এজনীকো 'কইনা' সাজি বিয়া দিছিল ৰাজস্থানলৈ। সেয়ে আমি সময়ৰ বিলম্ব নকৰি লক্ষীধৰ দাসৰ ঘৰলৈ গ'লো। লক্ষীধৰ দাসৰ ঘৰখনত উপস্থিত হৈ দেখিলো ঘৰখনত কোনো নাই। ওচৰৰে এজনী ছোৱালীৰ হতুৱাই আনৰ ঘৰত দিন হাজিৰা কৰি থকা লক্ষীধৰক মাতি আনিলো। লক্ষীধৰ দাসৰ পৰিয়ালৰ খা-খবৰ লোৱাৰ চলেৰে উলিয়ালো ৰাজস্থানত বিয়া দিয়া জীয়ৰীৰ কথা।

তেওঁ ক'লে- 'আজিৰ পৰা কিছুবছৰ পূৰ্বে তেওঁ গুৱাহাটীৰ পল্টন বজাৰ হোটেল এখনত কাম কৰাকৈ আছিল। সেই সময়তে ৰাজস্থানৰ দুগৰাকী যুৱকৰে চিনাকি হ'ল। যুৱক দুজনৰে ঘনিষ্ঠতাৰে সূত্ৰেই লক্ষীধৰে তেওঁৰ সংগীতা দাস নামৰ ছোৱালীজনীক ৰাজস্থানলৈ বিয়া দিয়ে। লক্ষীধৰে দাবী কৰা মতে, সংগীতাৰ এখন সুখৰ সংসাৰ আছে। ল'ৰা-ছোৱালী আছে। লক্ষীধৰে আমাক এইদৰেও কয় যে, তেওঁ যিহেতু দৰিদ্ৰ পৰিয়ালৰ লোক সেয়ে ৰাজস্থানৰ মানুহ দুজনেই টকা-পইচাৰ সহায় কৰি বিয়া পাতি কইনাৰ ৰূপত সংগীতাক লৈ যায়।

অৱশ্যে কেইজনমান মানুহে এই বুলিও কয় যে সংগীতাক ৰাজস্থানৰ মানুহে বিয়া পাতি লৈ যাবলৈ অহাৰ দিনাখন হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। সংগীতাই কোনো পধ্যেই যাব নোখোজে। কিন্তু পিতৃ পৰীক্ষিতে এক প্ৰকাৰ বলপূৰ্বকভাৱেই জোৰ কৰি গাড়ীত উঠাই পঠিয়াইছিল সংগীতাক। ওচৰ-চুবুৰীয়াৰ মতে, চুবুৰীটোৰ বাকীবোৰ ছোৱালীক ৰাজস্থানলৈ বিয়া দিয়াত এই লক্ষীধৰে প্ৰত্যক্ষ-পৰোক্ষ হাত আছে। দুখীয়া-দৰিত্ৰ পৰিয়ালৰ ছোৱালীক বিয়া দিয়াৰ নামত তথাকথিত যৌতুক আৰু যাৱতীয় কোনো খৰচ কৰিব লগা হোৱা নাছিল এনেবোৰ বিয়াত।

কেৱল পৰীক্ষিত অথবা কনক দাসৰ ছোৱালীয়ে নহয়, একেই পৰিস্থিতিত দুই-তিনি মাহৰ ব্যৱধানত কান্দুৰা দাস, ভঠো দাসৰ ছোৱালীকো বিয়া দিয়া হৈছিল ৰাজস্থানলৈ। আমি ওচৰ চাপিছিলো ভঠো দাসৰ। পৰিয়ালটো ডাঙৰ। ল'ৰা-ছোৱালীৰে পৰিপূৰ্ণ ঘৰখনৰ কোনো এজনৰে শিক্ষা-দিক্ষা নাই। বিলত মাছ মাৰি, বিক্ৰী কৰি কোনোমতে পৰিয়ালটো চলি আছে। তেওঁলোকৰে জীয়ৰী কৰো দাস। বিয়া দিয়া হৈছে ৰাজস্থানত। বিবাহ হোৱাৰ এখন ফটোগ্ৰাফ আছে ঘৰখনত। ফটোখনৰ মতে, ৰাজস্থানত কৰো দাস ৰাজস্থানী যুৱকজনৰ সৈতে আনুষ্ঠানিক(সামাজিক) বিবাহ হৈ গৈছে। কিন্তু কৰো দাসৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা পুৰুষজন আজিলৈ অহা নাই শাহুৰেকৰ ঘৰলৈ। কৰো দাসৰ পিতৃ-মাতৃয়ে নিজ জীয়ৰীজনী ভালে-কুশলে থকা বুলি জানিবলৈ দিছে আমাক।

ঠিক একেদৰেই বৰী নামৰ এই গাওঁখনৰ পৰা কিছু বছৰ পূৰ্বে কৈলাশ দাসৰ জীয়ৰী ববিতা দাসৰো বিয়া হৈ গৈছে ৰাজস্থানত। ববিতা হেনো মাজে মাজে পিতৃ গৃহলৈ আহে। একেদৰেই ৰাজস্থানী যুৱকৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল বিলাস দাসৰ ছোৱালীজনী। একে সময়তে কান্দুৰা দাসৰ ছোৱালীজনীকো বিয়া দিয়া হৈছিল ৰাজস্থানলৈ। দুবছৰ মান পাচতে কোনো আনাকাংক্ষিত পৰিস্থিতিত পৰি কান্দুৰা দাসৰ জীয়েকজনী গাঁৱলৈ উভতি আহে। এতিয়া গাঁৱৰে এজন যুৱকৰ সৈতে তেওঁ পুনৰ বিবাহপাশত আৱদ্ধ হৈ সংসাৰ চলাই আছে।

উল্লেখ্য যে, আহিব পৰা দুবছৰমান পূৰ্বে একে গাঁৱৰেএজনী ছোৱালীক ৰাজস্থানৰ এটা চক্ৰই কইনা সাজি লৈ যোৱাৰ চক্ৰান্ত কৰিছিল। ছোৱালীজনীকনলবাৰী চহৰৰ হৰি মন্দিৰত বিবাহ কৰা লৈ যোৱাৰ প্ৰস্তুতি চলাওতেই গাঁৱৰে কেইজনমানযুৱকৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে 'কইনা'জনীক। ৰহস্যজনকভাৱেই নলবাৰী আৰক্ষীয়ে এইসন্দৰ্ভত কোনো গোচৰ ৰুজু নকৰিলে। অৱশ্যে তেতিয়াৰ পৰা এই বড়ি গাঁৱলৈ ৰাজস্থানীযুৱকে ছোৱালী নিবলৈ অহা নাই। এতিয়া প্রশ্ন উঠিছে, ৰাজস্থানত বিয়া দিয়া এই সকল 'কইনা' সুৰক্ষিতৰূপত আছেনে? তেওঁলোকএতিয়া কেনে আছে?

এই প্রশ্নৰ উত্তৰ বড়ি গাঁওখনৰ অথবা চুবুৰীয়া তাৰা গাঁওখনৰ বহুতৰে ওচৰত নাই। এটা সময়ত প্ৰশাসন-আৰক্ষীৰ অগোচৰে স্থানীয় এটা চক্ৰৰ সহযোগত অঞ্চলটোৰ যুৱতীক 'কইনা' সাজি তুলি দিয়া হৈছিল ৰাজস্থানী লোকৰ হাৰত। কেৱল ইয়াৰ বিনিময়ত দৰিদ্ৰ পৰিয়ালটোৱে লাভ কৰিছিল কেই হাজাৰ মান টকা। নানাটা প্ৰলোভনেৰে 'কইনা' সাজি লৈ যোৱা হৈছিল ৰাজস্থানলৈ । এই প্ৰতিবেদকে বড়ি আৰু তাপা নামৰ ৰাজহ গাওঁ দুখলৈ গৈ প্ৰত্যক্ষ কৰিছিলো দৰিদ্ৰতাত ককবকাই থকা মানুহবোৰক। শিক্ষা-দীক্ষাহীন বুলিয়েই ক'ব পাৰি ৮০ শতাংশ লোক। চৰকাৰৰ কোনো কল্যাণকামী বা উন্নয়নমূলক আঁচনিয়ে স্পৰ্শ কৰা নাই অঞ্চলটোত। গাঁও দুখনৰ প্ৰায় প্ৰতি ঘৰে ঘৰেই দিব্যাংগ, মহিলাবোৰ-শিশুবোৰ পুষ্টিহীনতাত ভোগা। মুঠতে দুখ-দুৰ্দশা বৰ্ণাই শেষ কৰিব নোৱাৰা গাঁৱৰ নাম বড়ি-তাপা।

আন এগৰাকী যুৱতীৰ পিতৃ…

ইফালে, চৰকাৰী তথ্য মতে, জনা যায় যে, ৰাজস্থান-হাৰিয়ানা আদিবোৰ ৰাজ্যত কন্যা শিশুৰ জন্মতকৈ পুত্ৰৰ জন্মৰ হাৰ বেছি। ২০১১চনৰ লোকপিয়লৰ তথ্য মতে, ৰাজস্থানত ৩৫,৫৫০,৯৯৭ জন পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্যা ৩২,৯৯৭,৪৪০ জনী। আনহাতে, অসমত সঘনাই বাতৰি প্ৰকাশ পাই থাকে যে বিয়াৰ প্ৰলোভনেৰে ৰাজস্থানত বিক্ৰী হৈ আহিছে অসমৰ কিশোৰী-যুৱতী। বেছি দূৰলৈ নগৈ যোৱা ২৩ জুলাইৰ এটা ঘটনা উল্লেখ কৰিব বিচাৰিছো। বৰপেটা ৰোডৰ গামাৰিগুৰি অঞ্চলৰ দুজনী যুৱতীয়ে দেহ ব্যৱসায়ী চক্ৰৰ কৱলৰ পৰা মুক্ত হৈ ৰাজস্থানৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল।

তেনেদৰে, কামৰূপ জিলাৰ ৰামদিয়া আৰক্ষী চকীৰ অন্তৰ্গত তাপা-বড়ি এগৰাকী যুৱতীক একে গাঁৱৰে তিনিজন যুৱকে বিয়াৰ প্ৰলোভনেৰে ফুচুলাই নি হাৰিয়ানাত দেহ ব্যৱসায়ীৰ ওচৰত বিক্ৰী কৰাৰ পাছত যোৱা ৯ মে'ত ৰামদিয়া আৰক্ষীয়ে হাৰিয়ানাৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। বিগত বৰ্ষৰ নৱেম্বৰ মাহতো একেই ঘটনা ঘটিছিল এইখন গাঁৱত। সেয়ে এয়া উদাহৰণহে মাথো। এনে অজস্ৰ ঘটনা ঘটিয়েই আছে অসমত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in