সততাই পালে স্বীকৃতিঃ বৰসিং বে’লৈ অসম চৰকাৰৰ উপহাৰ

সততাই পালে স্বীকৃতিঃ বৰসিং বে’লৈ অসম চৰকাৰৰ উপহাৰ

সৎ পথেৰে জীৱনৰ বাট বুলিলে কৰ'বাত নহয় কৰ'বাত সেই সততাই স্বীকৃতি লাভ কৰিবই। ইয়াৰ এক জ্বলন্ত উদাহৰণ গৃহৰক্ষী বাহিনীৰ জোৱান বৰসিং বে'। ১২ কোটি টকাৰ মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰি উপঢৌকন হিচাপে আগবঢ়োৱা টকাৰ বাণ্ডিল গ্ৰহণ নকৰি হিৰ' হৈ পৰা বৰসিং বে'ক বৃহস্পতিবাৰে অসম চৰকাৰৰ কেবিনেটে কনিষ্টবলৰ পদত নিযুক্তি দিলে। সৎ গৃহৰক্ষী জোৱানজনে অসসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ লগত হোৱা একা সাক্ষাৎকাৰৰ সময়ত নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা উল্লেখ কৰিছিল। ইয়াৰ পাছতে গৃহৰক্ষী জোৱানজনক এটা চৰকাৰী চাকৰি প্ৰদান কৰিব লাগে বুলি অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে ৰাজহুৱাভাৱে চৰ্চালৈ আনিছিল। সেই চৰ্চাই এতিয়া বাস্তবায়িত হ'ল। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

গৃহৰক্ষী জোৱান নহয়, এতিয়াৰে পৰা আৰক্ষী কনিষ্টবল হিচাপে এক নতুন পৰিচয় লাভ কৰিলে বৰসিং বে'ই।নিজৰ সততাৰ বাবে ইতিমধ্যে চৰ্চাৰ শীৰ্ষত উপনীত হোৱা বৰসিং বে'ৰ নাম নুশুনা লোক এই মুহূৰ্তত হয়তো খুব কমেই ওলাব। টকাৰ ওচৰত নিজৰ সততাক বিক্ৰী নকৰা এইগৰাকী গৃহৰক্ষী জোৱানৰ সততাক উচিত মূল্য প্ৰদান কৰিলে অসম চৰকাৰে। গৃহৰক্ষী জোৱানৰ পৰা আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰিলে বৰসিং বে'ই। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এই ক্ষেত্ৰত লোৱা হ'ল চূড়ান্ত সিদ্ধান্ত।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণ সৈতে হোৱা সাক্ষাৎকাৰত গৃহৰক্ষী জোৱান বৰসিং বে'ই কৈছিল মনৰ কথা। তেওঁক প্ৰয়োজন এটা স্থায়ী চাকৰিৰ।কৈছিল তেওঁৰ অভাৱে জুৰুলা কৰা ঘৰখনৰ কথা, আৰ্থিক দিনতাৰ কথা। ইয়াৰ পাছতেই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে বৰসিং বে'ক আৰক্ষী কনিষ্টবলৰ চাকৰি প্ৰদান কৰিবলৈ এক জনমত গঠন কৰিবলৈ চেষ্টা কৰিছিল। বৰসিংক এটা স্থায়ী চাকৰি প্ৰদান কৰাৰ বিষয়টো চৰ্চালৈ আনিছিল।

বৰসিংৰ সততা, নিষ্ঠা আৰু কৰ্তব্যপৰায়নতাৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰি ২৩ জুনত বৰসিঙক ১ লাখ টকাসহ এক প্ৰশস্তি পত্ৰ প্ৰদান কৰিছিল। একেসময়তে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তয়ো অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণে চৰ্চালৈ অনা বৰসিঙক স্থায়ী চাকৰি প্ৰদান কৰা বিষয়টোক গুৰুত্বসহকাৰে লৈ চিন্তা চৰ্চা অব্যাহত ৰাখিছিল।

নামমাত্ৰ বেতনেৰে গৃহৰক্ষী জোৱান হিচাপে কৰ্তব্য পালন কৰা বৰসিঙক টকাৰ প্ৰয়োজন নিশ্চয় আছে। আৰ্থিকভাৱে সৱল হ'বলৈ বৰসিঙক নিশ্চয় ইচ্ছা আছে। কিন্তু আৰ্থিকভাৱে সৱল হবলৈয়ে অসৎ পথৰ অনুসৰণ কৰিবলৈ ইচ্ছুক নহয় ডিলাই থানাত কৰ্মৰত বৰসিং বে'। প্ৰতিমাহে লাভ কৰা নামমাত্ৰ বেতনেৰেই নিজৰ অভাৱৰ জোৰা টাপলি মাৰিবলৈ চেষ্টা কৰি আহিছে। তথাপিও অসৎ পথত ভৰি দিয়া নাই এইগৰাকী গৃহৰক্ষী জোৱানে। ইয়াৰ জলন্ত উদাহৰণ ৫০০ টকাৰ বাণ্ডিলৰ উপঢৌকণ হেলাৰঙে প্ৰত্যাখ্যান কৰাটো।

অভাৱে জুৰুলা কৰি থোৱা বৰসিঙৰ হাতলৈ টকা আহৰণৰ সুৱৰ্ণ সুযোগ আহিছিল। এটা নিশাতেই বৰসিঙে আহৰণ কৰিব পাৰিলে হয় হিচাপ বিহীন টকা। ২১ জনুৰ নিশা ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত অকলেই তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল এইগাৰকী গৃহৰক্ষী জোৱান। ইয়াৰ পাছত বাছখনত ড্ৰাগছ কঢ়িয়াই অনা চালকজনে বৰসিঙক আগবঢ়াইছিল ৫০০ টকীয়া নোটৰ বাণ্ডিল। কিন্তু টকাৰ ওচৰত নিজৰ সততা বিক্ৰী নকৰা বৰসিঙে একে নিশাই প্ৰচুৰ পৰিমাণৰ ধন আহৰণৰ সহজ পথত ভৰি নিদি আটক কৰিলে চালকজনৰ সৈতে আন দুগৰাকী মহিলাক।

বৰসিঙৰ এই সততা, নিষ্ঠা আৰু সাহসিক পদক্ষেপৰ খবৰ চৌদিশে বিয়পি পৰিল। হিৰ' হৈ পৰিল বৰসিং। একে সময়তে বৰসিঙৰ জৰিয়তে অসম আৰক্ষীৰ ভাৱমূৰ্তিও সমগ্ৰ দেশত উজলি উঠিল। অসম আৰক্ষীক এইদৰে গৌৰৱান্বিত কৰি তোলা বৰসিঙৰ সৈতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে এক সাক্ষৎকাৰ গ্ৰহণ কৰিছিল। এই সাক্ষৎকাৰতে বৰসিঙে নিজৰ আৰ্থিক দুৰৱস্থাৰ কথা উল্লেখ কৰিছিল। বৰসিঙৰ আৰ্থিক দুৰৱস্থাৰ কথা উপলব্ধি কৰিয়েই অসমীয়া প্ৰতিদিন ডিজিটেল সংস্কৰণে এটা স্থায়ী চাকৰি প্ৰদান কৰিব লাগে বুলি এক জনমত গঠনত আগভাগ লৈছিল। সমান্তৰালভাৱে বৰসিঙৰ সততাক স্বীকৃতি দিবলৈয়ে আৰক্ষী সঞ্চালক প্ৰধানজনে এটা স্থায়ী চাকৰিৰ ব্যৱস্থা কৰিবলৈ পদক্ষেপ হাতত ল'লে।

এই সাহসী আৰু সৎ গৃহৰক্ষী বাহিনীৰ জোৱান গৰাকীক এটা স্থায়ী চাকৰি প্ৰদান কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই পদক্ষেপ গ্ৰহণ কৰিলে। তেওঁৰ তৎপৰতাতে এতিয়া বৰসিঙে লাভ কৰিলে আৰক্ষী কনিষ্টবলৰ চাকৰি। অসম চৰকাৰে সততা, নিষ্ঠা আৰু কৰ্তব্য পৰায়নতাক উচিত স্বীকৃতি প্ৰদান কৰি বৰসিঙক কেবিনেট বৈঠকত আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্তক অনুমোদন জনালে। ইয়াৰ লগে লগে বৰসিং বে' গৃহৰক্ষী জোৱানৰ পৰা হৈ পৰিল আৰক্ষী কনিষ্টবল।

উল্লেখ্য যোগ্য যে বিগত দিন কেইটাত বহু কেইজন আৰক্ষীৰ উচ্চপদস্থ বিষয়াই টকাৰ লুভত পৰি কেইবাটাও অপৰাধমূলক কামত জড়িত হৈ পৰাৰ ঘটনা পোহৰলৈ আহিছে। কোনোবাই যদি সোণৰ চোৰাং বেহাৰ লগত জড়িত হৈ কুখ্যাতি অৰ্জন কৰিছে আন কোনোবাই আকৌ কয়লা ব্যৱসায়ীৰ পৰা ধন দাবী কৰি কুখ্যাতি অৰ্জন কৰিছে। ইয়াৰ উপৰিও আন কেইবাজনো আৰক্ষী বিষয়া তথা অৱসৰ গ্ৰহণ কৰা আৰক্ষী বিষয়াইও অসত পথেৰে ধন আহৰণ কৰাৰ অপৰাধত কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে। আনহাতে প্ৰায় প্ৰতিদিনেই সংবাদ মাধ্যমত আৰক্ষীৰ বিভিন্ন কুকৰ্ম প্ৰচাৰ হৈ আহিছে। তাৰ মাজতে নামমাত্ৰ বেতন লাভ কৰিও অসত উপায়েৰে ধন লাভৰ পক্ষপাতী নোহোৱা বৰসিং বে'ৰ দৰে সত গৃহৰক্ষী জোৱানৰ কাহিনীয়ে জনসাধাৰণৰ মনত আশাৰ বতৰা কঢ়িয়াই আনে। সকলো আৰক্ষীয়েই যদি বৰসিঙৰ দৰেই নিজৰ সততা ধৰি ৰাখে তেনেহ'লে আৰক্ষীৰ প্ৰতি মানুহৰ যি বিয়োগাত্মক ধাৰণা আছে সেয়া নিশ্চয় সলনি হ'ব।

নিজৰ সততাৰ জৰিয়তে গৃহৰক্ষী জোৱানৰ পৰা আৰক্ষী কনিষ্টবল হিচাপে নিযুক্তি লাভ কৰা বৰসিং বে'লৈ আমাৰ ফালৰ পৰা থাকিল শুভেচ্ছা। আমি আশা কৰিম আগন্তক সময়তো বৰসিং বে'ই এইদৰেই সত পথত থাকি নিজৰ কৰ্তব্য পালন কৰিব যাব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in