এটেনশ্যন…আন্ধাৰত আপুনিও হেৰুৱাব প্ৰাণ!

এটেনশ্যন…আন্ধাৰত আপুনিও হেৰুৱাব প্ৰাণ!

এটেনশ্যন ৰজাঘৰীয়া..গুৱাহাটী এতিয়া অন্ধকাৰ

চাকিৰ পোহৰত পঢ়ি পৰীক্ষাত ভাল ফলাফল কৰা এজন শিক্ষাৰ্থীক আমাৰ চৰকাৰে লেপটপ প্ৰদান কৰে। তাৰপিছৰ খিনি ….? এতিয়া হয়তো পুৱা পঢ়াশালিত শিক্ষাৰ্থীসকলে নেদেখাজনক নহয় ৰজাঘৰীয়াক প্ৰাৰ্থনা জনায়- আমাক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া…

ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন

অসতো মা সদ্গময় ।।
তমসো মা জ্যোতিৰ্গময় ।।
মৃত্যোৰ্মা অমৃতং গময় ।।
ঔম, শান্তি: শান্তি: শান্তি: ।।

সৰুতে স্কুলত অথবা ঘৰত পুৱা-গধূলি প্ৰাৰ্থনাৰ শেষত কোনেনো আওৰোৱা নাছিল এই বাক্য কেইশাৰী। যদিও মানুহ অমৰ নহয়, তথাপি এই বাক্যকেইশাৰীয়ে কণ কণ শিশুসকলৰ অন্তৰত এক আধ্যাত্মিক ভাৱধাৰা জগাই তুলিছিল। আধ্যাত্মিক ভাৱধাৰা মানে কেৱল হৰিৰ নামগুণ লৈ অন্য সকলো কাম এৰি ধ্যান কৰাক নুবুজায়। মনটোক স্থিৰ আৰু সবল কৰিব ৰাখিব পৰা ভাৱকেই কোৱা হয় আধ্যাত্মিক চিন্তাধাৰা। অসত্যৰ পৰা সত্যলৈ, মৃত্যুৰ পৰা অমৰত্বলৈ আৰু আন্ধাৰৰ পৰা পোহৰলৈ নিবলৈ নেদেখাজনৰ কৰা এই প্ৰাৰ্থনাই শিশুসকলক জীৱনটোৰ প্ৰতি জগাই তোলে যোগাত্মক দৃষ্টিভংগী। এই বাক্যকেইশাৰীৰ যোগদি শিশুসকলক বুজাবলৈ চেষ্টা কৰা হয় ' আন্ধাৰ ভেঁদি পোহৰৰ সন্ধান কৰাটোৱেই জীৱন' ।

মানুহৰ জীৱনলৈ পোহৰ কেনেকৈ আহিব। সেই সৰ্ম্পকে কোৱাতো সহজ নহয়। কিয়নো সকলোৰে জীৱনৰ দৃষ্টিভংগী একে নহয়। গতিকে কোন, কেনেকৈ সুখী থাকে সেয়া একান্ত ব্যক্তিগত বিষয়।

সমগ্ৰ বিশ্বৰ মানুহৰ জীৱনলৈ পোহৰ কেনেকৈ আহিব তাৰ সুত্ৰ কেৱল নেদেখা জনহে দিব পাৰিব। কিন্তু অসমৰ ৰাইজক পোহৰ কোনে যোগান ধৰে সেই কথা এল.পি স্কুলত পঢ়ি থকা এটা কণমাণিয়েও জানে। সঠিক উত্তৰটো দিব নোৱাৰিলেও কণমাণি কেইটাই কব পাৰিব যে অসমত পোহৰ যোগান ধৰিবলৈ এটা বিয়াগোম বিভাগ আছে। এই বিভাগটোৱে কি কাম কৰিছে তাৰ  এক থুলমুল আভাসো কণমাণিটোৱে দিব পাৰিব । কিয়নো বিদ্যুত বিভাগৰ কৰ্মকাণ্ডই প্ৰতিদিনেই দখল কৰে সংবাদমাধ্যমৰ শিৰোনাম।

ৰাজ্যত এতিয়াও এনে বহু গ্ৰামাঞ্চল আছে যি অঞ্চললৈ বৰ্তমানৰলৈকে নাই বিদ্যুতৰ যোগান। আৰু যি বিলাক ঠাইলৈ গৈছে প্ৰয়োজনীয় আন্ত:গাথনি অবিহনেই কাঠ-বাঁহ জোৰা দি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুত। ইয়াৰ ফলত ৰাজ্যত প্ৰতিবছৰে বিদ্যুতস্পৃষ্ট হৈ মৃত্যু হয় বহুলোক। কেৱল মানুহেই নহয় বিদ্যুত বিভাগৰ গাফিলতিৰ বাবে বহু বন্যপ্ৰাণীয়েও প্ৰাণ হেৰুৱাব লগীয়া হয়। তথাপিও নিৰ্বিকাৰ বিদ্যুত বিভাগ। আন্তঃগাথনি কথা বাদ,..জোৰা-টাপলি মাৰি সকলোলৈকে বিদ্যুত যোগান ধৰিব পাৰিলেই নিৰ্বাচনৰ পূৰ্বে ডিঙিৰ শিৰ ফুলাই কব পাৰিব যে ' বিদ্যুত এতিয়া ঘৰে ঘৰে।' ঘৰে ঘৰে বিদ্যুত যোগান ধৰিলেও গ্ৰামাঞ্চলত জোৰেৰে এজাক বতাঁহ আহিলেই ২ দিনৰ বাবে বিদ্যুত যোগান বন্ধ। অপ্ৰিয় হলেও, এয়া বাস্তৱ ।

সমগ্ৰ অসমৰ কথা ইমানতে সামৰিলো। কিয়নো বিদ্যুত বিভাগে বিগত সময়ত অসমৰ ৰাইজক যি জ্বলা-কলা খোৱাইছে সেই কথা কই থাকিলেও ওৰ নপৰে। বিদ্যুতৰ লুকা-ভাকুৰ বাবে বিগত সময়ত বিভাগীয় মন্ত্ৰীজনে নাম পাইছিল 'আন্ধাৰৰ ৰজা' । বৰ্তমানৰ  জনো পূৰ্বৰ জনতকৈ এখোপ চৰাহে। বিদ্যুত বিভাগৰ বিষয়ে যিমানেই অভিযোগ নাহক তেওৰ মতে ' অল ইজ ৱেল।'

সমগ্ৰ ৰাজ্যখনৰ বিদ্যুতখণ্ডৰ দুৰৱস্থা, এতিয়া এক সুলভ বাতৰি। 'উজ্বলা' আঁচনিৰে ৰন্ধন গেছ যোগান ধৰা চৰকাৰখনে কেতিয়াবা ভাবি চাইছেনে কেৰাহীৰ তলত জুই থকাতো যিমান প্ৰয়োজনীয়,কেৰাহীৰ ওপৰত পোহৰৰ থকাতো সিমানেই প্ৰয়োজনীয়। কিন্তু এই সামান্যতম জ্ঞান নথকা আমাৰ জনপ্ৰতিনিধি সকল গদগদ হৈ শাসনৰ গাদীত বহি ঘোষণা কৰিছে ' সবকা সাথ,সবকা বিকাশ'।

গ্ৰামাঞ্চলৰ বিদ্যুতখণ্ডৰ কথা কবলৈ যোৱাতো একপ্ৰকাৰে আমাৰেই মুৰ্খামি। কিয়নো দুই এটা বছৰতে স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰিম বুলি ঘোষণা কৰা গুৱাহাটী মহানগৰীতে নাই বিদ্যুত যোগানৰ উচিত আন্ত:গাথনি। কৃত্ৰিম বানপানীৰে যেতিয়া মহানগৰৰ কেইটামান অঞ্চল বুৰাই পেলায়, সেই সময়ত বিদ্যুতস্পৃষ্ট হৈ প্ৰাণ হেৰুৱা লোকৰ খবৰবোৰেই ইয়াৰ প্ৰমাণ। কিয়নো বহলাই কোৱা দৰকাৰ নাই যে প্ৰয়োজনীয় পৰিকল্পনা আৰু আন্ত:গাথনিৰ অভাৱতেই সংঘটিত হয় এনে কৰুণ ঘটনা।

গুৱাহাটীৰ বিদ্যুতখণ্ডৰ দুৰৱস্থাৰ বিষয়ে কেৱল ৰাজ্যৰ বিদ্যুত বিভাগকে দোষাৰোপ কৰাটো কৰাটো উচিত নহয়। কিয়নো মহানগৰখনক সবাংগ সুন্দৰ ভাৱে সজাই তোলাৰ দায়িত্বত আছে দুটা বিয়াগোম বিভাগ। গুৱাহাটী পৌৰ নিগম আৰু জিএমডিএ । এই বিভাগ দুটাৰ কান্ধতে আছে গুৱাহাটীৰ পানী,বিদ্যুতৰ পৰা আদি কৰি সকলোখিনিৰ ক্ষেত্ৰত সুব্যৱস্থা কৰাৰ দায়িত্ব। কিন্তু এই সকলোখিনিৰ ক্ষেত্ৰত নীৰৱ ভূমিকা পালন কৰিছে এই বিভাগ দুটাই। গা এৰা দি কাম কৰা এই বিভাগ দুটাৰ কৰ্মকাণ্ডৰ বিষয়ে 'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণত কেইবাটাও প্ৰতিবেদনো প্ৰকাশ পাইছিল। ইয়াৰ পিছতো গা নলৰিল বিভাগ দুটাৰ। সেয়া যি কি নহওক কোনো অদৃশ্য ৰাজনৈতিক প্ৰভাৱৰ বাবেই হয়তো এনে প্ৰতিবেদনে গা লৰাব নোৱাৰে এই বিভাগ দুটাক। আৰু এনে প্ৰভাৱৰ বাবেই  মহানগৰৰ খনৰ প্ৰতি থকা নুন্যতম দায়িত্বকণো পালন কৰাত মূৰ পুলুকা মাৰিছে বিভাগ দুটাই। এই দায়িত্বহীনতাৰ এটি সাধাৰণ উদাহৰণ আপোনালোকক দিব বিছাৰিছো-

ওপৰৰ ভিডিঅ'টো চালেনে? যদি চালে, আপুনি ভৱাৰ দৰে এয়া কোনো জকাঁইচুকৰ নিশাৰ দৃশ্য নহয়। মহানগৰীৰ অতিব্যস্ত চান্দমাৰী উৰণীয়া সেতুৰ সমীপতে থকা টাৰ্নিংৰ দৃশ্য এয়া। এই ক্লীপটো সন্ধিয়া ৬ বজাৰ । সন্ধিয়াতে গাড়ী-মটৰ চলি থাকোতেও পথটো ভালদৰে লক্ষ্য কৰকচোন। এক বৃহৎ টাৰ্নিংত কেনেধৰণে পোহৰৰ ব্যৱস্থা কৰিব লাগে সেই সামান্যতম জ্ঞানৰো অভাৱ প্ৰশাসনৰ।

ওপৰৰ ভিডিঅ'টো জু-ৰোড তিনিআলিৰ। অতিব্যস্ত এই তিনিআলিটোতো নাই পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা। স্মাৰ্ট চিটি হ'বলৈ আৰু কেইটামান দিন বাকী বুলি গগনচুম্বী ভাষণ দিয়া চৰকাৰ প্ৰতিনিধিসকলে এই পথটোৰেই হয়তো দিছপুৰলৈ দিনটোত ১০ বাৰ অহাযোৱা কৰে। কিন্তু বিলাসী গাড়ীত বহি অহাযোৱা কৰা মন্ত্ৰী-আমোলা সকলে হয়তো বাহিৰলৈ মুখ ঘুৰাবলৈ সময়েই নাপায়। লগতে কলা ছশমাৰ মাজেৰে বাহিৰৰ জগতখনৰ বাস্তৱ ৰূপ হয়তো দেখা নাপায় জনপ্ৰতিনিধি সকলে। কিন্তু আমি তেওলোকক জনাব বিছাৰিছো যে, বিগত ডেৰ বছৰ ধৰি এই পথটোত নাই পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা। এয়া আমি কোৱা কথা নহয়, বিগত ৭ বছৰ ধৰি পদপথত ব্যৱসায় কৰি থকা এই লোকজনে কি কলে শুনক-

গুৱাহাটীৰ জুৰোডত চেট্ৰেল মাৰ্কেট হ'ল। সাজ-পাৰৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ৫ মহলীয়া বিল্ডিংটো পলকতে থিয় হৈ উঠিল। বিল্ডিংটো কেনেকৈ গঢ়ি উঠিল তাক লৈও বিৰ্তকৰ অন্ত নাই। ২০১৫ ৰ পৰা ৩ মহলীয়া বিল্ডিং নিৰ্মাণৰ বাবে জিএমডিএয়ে অনুমোদন নজনোৱাকৈয়ে কেনেকৈ এই বিল্ডিংটো পলকতে থিয় হৈ উঠিল সেয়াও এক ৰহস্যৰ বিষয়। কিন্তু প্ৰশাসনে খবৰ ৰাখিছেনে এই পথচোৱাতো নাই পৰ্যাপ্ত পোহৰ। যদি এই কথা মন কৰা নাই চাওক এই ভিডিঅ'টো-

এনে অলেখ উদাহৰণ আমি দিব পাৰো। চান্দমাৰী তিনিআলিৰ পৰা বেলতলালৈ, শিলপুখুৰীৰ পৰা জালুকবাৰীলৈ ব্যস্ত বহু অঞ্চলত নাই পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা। এই ক্ষেত্ৰত মন দিয়ক প্ৰশাসনে। আমি কেৱল মহানগৰীৰৰ কেইটামান স্থানৰহে দৃশ্য দেখুৱাইছো,মহানগৰীৰ উপপথ সমূহৰ পোহৰৰ ব্যৱস্থাৰ কথা কবলৈ নাযাওৱে। নিশাৰ আন্ধাৰত পথ নে গুহা ধৰিব নোৱাৰা এটা উপপথৰ চমু ভিডিঅ'-

এটেনশ্যনজিএমডিএ, পৌৰ নিগম আৰু মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী মহোদয় । ৰাজনৈতিক ব্যস্ততাৰ মাজতো এই জণগণৰ এই সাধাৰণ অসুবিধাৰ প্ৰতি লক্ষ্য কৰিব । কিয়নো গুৱাহাটীৰ সকলোৰে আপোনালোকৰ নিচিনাকৈ বিলাসী বাহন লৈ চলাফুৰা নকৰে। জীৱিকা সন্ধানতেই হওক অথবা শিক্ষা আহৰণৰ বাবেই হওক অসমৰ প্ৰতিতো প্ৰান্তৰ পৰা আহি মহানগৰীত বহুলোক আছেহি। তেওলোকৰ জীৱনৰ নিৰাপত্তাৰ বিষয়ে ভাৱক। পৰ্যাপ্ত পোহৰ নোহোৱাৰ বাবেই গুৱাহাটীত কিমানটা দুৰ্ঘটনা সংঘটিত হৈছে,সেই কথা আপোনালোকেও হয়তো নজনা নহয়। উন্নয়ণৰ ভেল্কীবাজীৰে কেৱল পুঁজিপতি সকলক চমক দিবলৈ পথত আৰি দিয়া ৰঙচঙীয়া লাইটবোৰ নহলেও নুন্যতম পোহৰকণৰ ব্যৱস্থা কৰক।কাৰণ আমিও হিচাপ নৰখা নহয়, হকে বিহকে গুৱাহাটীত ৰঙচঙীয়া লাইট অঁৰা কেইদিন মানৰ পাছতে আপোনালোকে বৃদ্ধি কৰিছিল বিদ্যুতৰ মাছুল ।

চাকিৰ পোহৰত পঢ়ি পৰীক্ষাত ভাল ফলাফল কৰা এজন শিক্ষাৰ্থীক আমাৰ চৰকাৰে লেপটপ প্ৰদান কৰে। তাৰপিছৰ খিনি ….? এতিয়া হয়তো পঢ়াশালিত শিক্ষাৰ্থীসকলে নেদেখাজনক নহয় ৰজাঘৰীয়াক প্ৰাৰ্থনা জনায়- আমাক আন্ধাৰৰ পৰা পোহৰলৈ নিয়া…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in