‘থ্ৰী ইডিয়ট’ৰ ভাইৰাছ, কাজিৰঙাৰ হিৰ’….

‘থ্ৰী ইডিয়ট’ৰ ভাইৰাছ, কাজিৰঙাৰ হিৰ’….

'অসমীয়া প্ৰতিদিন' ডিজিটেল সংস্কৰণৰ ডিম্পুল বৰগোহাঁইৰ বিশেষ প্ৰতিবেদন…

'থ্ৰী ইডিয়ট' …জীৱনটো কেৱল উপভোগ নহয়, উদযাপন কৰিবলৈ শিকোৱা বলিউদৰ এখন জনপ্ৰিয় ছবি। ২০০৯ চনৰ ২৫ ডিচেম্বৰত মুক্তি পাইছিল ছবিখন। সকলো দিশৰ পৰাই সফল আছিল থ্ৰী ইডিয়ট। ৰাজকুমাৰ হিৰানীৰ পৰিচালনাৰে নিৰ্মাণ হোৱা ছবিখনৰ প্ৰতিতো চৰিত্ৰই দৰ্শকৰ হৃদয়ত খোপনি পুতিবলৈ সক্ষম হৈছিল। সেয়া লাগিলে আমিৰ খান অভিনীত 'ৰণচৌৰ' চৰিত্ৰই হওঁক অথবা পৰীক্ষাক লৈ খুবেই সৰ্তক ৰাজু চৰিত্ৰটোৱে হওঁক। ছবিখন চালে এনে অনুভৱ হয় সকলো চৰিত্ৰই যেন সমাজৰ একো একোটা বাস্তৱ চৰিত্ৰক প্ৰতিনিধিত্ব কৰিছে। এই ছবিখনতে এটি ৰোমাঞ্চকৰ চৰিত্ৰ আছিল 'ভাইৰাছ'। এই চৰিত্ৰটো অতি নিখুঁতভাৱে ৰূপায়ন কৰিছিল অভিনেতা বমন ইৰানীয়ে। যোৱা ২৯ নৱেম্বৰত এই অভিনেতাজন আহিছিল অসমলৈ। চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহী অসমৰ বহু যুৱক-যুৱতীৰ সৈতে মত-বিনিময়ো কৰিলে অভিনেতাগৰাকীয়ে। গুৱাহাটীৰ এই অনুষ্ঠানৰ শেষত তেওঁ ক'লে- 'অসমত প্ৰতিভাৰ অভাৱ নাই।'

অসমত প্ৰতিভাৰ অভাৱ নাই। বলিউডৰ অভিজ্ঞ অভিনেতা গৰাকীয়ে এই কথাষাৰ এনেয়ে কোৱা নাই। বিগত কেইটামান বছৰৰ ভিতৰত বিশ্বৰ প্ৰেক্ষাপটত কেইবাজনো অসম সন্তানে ভিন্নক্ষেত্ৰত অৰ্জন কৰা সফলতা প্ৰত্যক্ষ কৰিয়ে অভিনেতাজনে আগবঢ়াইছিল এই মন্তব্য। ভিন্ন ক্ষেত্ৰত বিগত কেইটামান বৰ্ষত কেইবাজনো অসম সন্তানৰ ঈৰ্ষণীয় সফলতাত এতিয়া দৃষ্টিনিৱদ্ধ সমগ্ৰ বিশ্বৰ। হিমা, হৃদয়, ৰীমা, গোলাপ, লভলিনাকে ধৰি সকলো দিশতে এতিয়া অসম সন্তানৰ অপ্ৰতিৰোধ্য যাত্ৰা। যোৱা কিছুদিনে পূৰ্বে অসমৰ উদীয়মান শিল্পী ৰাজদ্বীপে আজুুৰি আনিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। তাতোতকৈ ডাঙৰ কথাটো হ'ল ৰাজদ্বীপৰ কাহিনীৰে বলিউডত নিৰ্মাণ হ'ব এখন চলচ্চিত্ৰ, আমিৰ খানে দিলে এই প্ৰতিশ্ৰুতি। এতিয়া সকলো দিশতে অসম সন্তান অদম্য,অনন্য।

বমন ইৰানী আহিছিল যষ্ঠ ব্ৰক্ষপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱলৈ। গুৱাহাটীৰ প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্প, মাছখোৱাত যোৱা ২৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰৰ লৈকে ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল এই চলচ্চিত্ৰ মহোৎসৱ। টাট'ভা ক্ৰিয়েচন আৰু ব্ৰক্ষপুত্ৰ ফাউণ্ডেচনৰ উদ্যোগত আয়োজন কৰা এই মহোৎসৱখনিত এইবাৰ প্ৰদৰ্শিত কৰা হয় ১৩খনকৈ ভিন্ন ভাষাৰ ছবি। ছবিকেইখন ক্ৰমে-

  • স্পিৰিং থাউণ্ডাৰ (হিন্দী)
  • হোৱাট উইল পিপল চে (নৰৱেগিন,উৰ্দু)
  • ডেভিল ( হিন্দী)
  • নানি তেৰী মৰনি (নাগামিজ,হিন্দী)
  • ৰালাং ৰ'ড (নেপালী)
  • ৰাকুমেনটৰী (ইংলিচ)
  • চোৰ (অসমীয়া)
  • এন্ধাৰৰ ভেঁটা ভাঙি…( অসমীয়া)
  • দৌ কাপ চায়ে ( হিন্দী)
  • আদি( ইংলিচ,হিন্দী,অসমীয়া,আদি)
  • খানিকা ( ওৰিয়া)
  • আই য়ে ( ইংলিচ,বেংগলী)
  • বৰনদী ভটিয়ায় ( অসমীয়া)

কেৱল ছবি প্ৰদৰ্শনীয়ে নহয় মহোৎসৱত প্ৰতিখন ছবি প্ৰদৰ্শনৰ পাছতে অনুষ্ঠিত কৰা হৈছিল আলোচনা চক্ৰ। ইয়াৰ উপৰিও চলচ্চিত্ৰৰ প্ৰতি ইচ্ছুক সকলোৰে বাবে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা ৱ'ৰ্কশ্বপৰো ব্যৱস্থা কৰিছিল উদ্যোক্তাই। বমন ইৰানী, চাহনাব আলম, ভাস্কৰ হাজৰিকাৰ দৰে অভিজ্ঞ ব্যক্তিয়ে এনে ৱৰ্কশ্বপত ভাগ লোৱা দেখা গৈছিল। এই মহোৎসৱখনি আয়োজন কৰা মূল উদ্দেশ্যই হ'ল উত্তৰ-পূবৰ সংস্কৃতিৰ লগতে চলচ্চিত্ৰ উদ্যোগটো প্ৰচাৰ আৰু প্ৰসাৰ কৰা। ইয়াৰ উপৰিত্ত চলচ্চিত্ৰৰ প্ৰতি আগ্ৰহী প্ৰতিজন শিকাৰুক এখন মঞ্চ প্ৰদান কৰা। এই লক্ষ্যত বহু পৰিমাণে সফল হৈছে উদ্যোক্তা মণ্ডলী ।

মহোৎসৱৰ সৈতে সংগতি ৰাখি উদ্যোক্তামণ্ডলীয়ে অনুষ্ঠিত কৰিছিল এখনি ছুটী ছবিৰ প্ৰতিযোগিতা। প্ৰায় ৩০০ৰো অধিক ভিন্ন ভাষাৰ ছুটী ছবিৰ পৰা ১৫খন ছবি এই মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচন কৰিছিল বিশেষ ৬ জনীয়া বিচাৰক মণ্ডলীয়ে। ৬ জনীয়া বিচাৰকৰ ভিতৰত আছিল ৰীমা কাগতি, ৰণী লাহিৰি, শিলাদিত্য বৰা, ভাস্কৰ হাজৰিকা, মীনা লঙজাম, ৱানফাঙ্গ ডিয়েংড দৰে অভিজ্ঞ চলচ্চিত্ৰ নিৰ্মাণৰে জড়িত কৰ্মীসকল।

এই ১৫খন ছুটীছবিৰ পৰা ৬ জনীয়া বিচাৰক মণ্ডলীয়ে ৩ খন ছবিক শ্ৰেষ্ঠ ছবি হিচাপে নিৰ্বাচন কৰে। প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় সৌৰভ দাস আৰু সিদ্ধাৰ্থ ঘোচৰ – 'The Survivors' ছবিখন। দ্বিতীয় শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় ধৃতিমান কাকতিৰ 'The man who speaks nature' আৰু তৃতীয় শ্ৰেষ্ঠ ছবি হিচাপে ইৰেল লোয়াঙৰ 'Leikashi' ছবিখনক নিৰ্বাচন কৰা হয়।

ছুটীছবিৰ প্ৰতিযোগিতাখনত প্ৰদৰ্শিত হোৱা ১৫খন ছবিয়েই দৰ্শক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ ভিতৰতে দৰ্শকৰ বিশেষ সমাদৰ লাভ কৰিছিল ধৃতিমান কাকতি আৰু ৰক্তিম হাজৰিকাই নিৰ্মাণ কৰা 'দ্য মেন হো স্পিকছ নেচাৰ' ছবিখনে। ছবিখনৰ সকলো দৃশ্য আছিল অতি স্বতঃস্ফূৰ্ত আৰু অকৃত্ৰিম। প্ৰতিটো দৃশ্যক জুখি-মাপি কেমেৰাৰ লেন্সত ধৰি ৰাখিছে ধৃতিমান আৰু ৰক্তিমে। ছবিখনৰ সকলোবোৰ দৃশ্য এই কাৰণেই স্বতঃস্ফূৰ্ত আৰু অকৃত্ৰিম কিয়নো কোনো কাল্পনিক চৰিত্ৰ লৈ ৮ মিনিট ২৯ চেকেণ্ডৰ এই ছবিখন নিৰ্মাণ কৰা নাই। এজন মানুহ যিজনে নিজক প্ৰকৃতিৰ ওচৰত উৎসৰ্গা কৰিছে। এটা বাস্তৱ চৰিত্ৰ আৰু কিছু বাস্তৱ বিষয়বস্তুক লৈ মাত্ৰ দুজন যুৱকৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে ছবিখন। ছবিখন চোৱা প্ৰায়বিলাক দৰ্শকেই ছবিখন চোৱাৰ পাছত মন্তব্য কৰিলে- 'ছবিখনক বহুখিনিলৈকে তথ্যচিত্ৰৰ মৰ্যদা দিব পাৰি।' সেয়া যি কি নহওঁক, ছবিখনত আছে যথেষ্ট নতুনত্ব। সৃষ্টিশীল মনৰ দুগৰাকী যুৱকে নিৰ্মাণ কৰা এই ছবিখনৰ শ্বুটিংৰ সময়ত লোৱা কিছু দৃশ্য-

কাজিৰঙাৰ কোনো অঞ্চলত যদি কোনো সাপ বা চৰাই উদ্ধাৰ হয় বহুলোকে প্ৰথম ফোনটো তেওঁলৈকে কৰে। ফোনটো ৰিচিভ কৰি মাত্ৰ কেইমিনিটমান সময় বিচাৰে মানুহজনে। তাৰপিছতে যাৱতীয় সা-সৰঞ্জাম লৈ তেওঁ সেই ঠাই পায়গৈ। মানুহজনৰ নাম মনোজ গগৈ। বন্যপ্ৰাণী উদ্ধাৰৰ বাবে তেওঁ জীৱন উৎসৰ্গিত। বিশেষকৈ চৰাই আৰু ভিন্ন প্ৰজাতিৰ সৰীসৃপ ধৰাৰ ক্ষেত্ৰত পাকৈত গগৈ। নিজৰ ঘৰতে আঘাতপ্ৰাপ্ত বহু চৰাই আৰু সাপ শুশ্ৰূষা কৰি সুস্থ কৰিছে মনোজ গগৈয়ে। মনোজে সেৱাৰ মনোভাৱেৰে এই সকলোবোৰ কাম নীৰৱে কৰি গৈছে। এই মনোজ গগৈয়ে হৈছে ধৃতিমান আৰু ৰক্তিমৰ ছবিখনৰ নায়ক ।

বাস্তৱৰ এজন নায়কৰ কাৰ্যকলাপক কেমেৰাৰ লেন্সত ধৰি ৰাখি দৰ্শকৰ বাবে আগবঢ়াই দিছে যুৱকদ্বয়ে। ছবিখনৰ কামবোৰ চাই কোনোৱে ভাবিব নোৱাৰে যে, ১৯ বছৰীয়া সাংবাদিকতা আৰু গণসংযোগৰ এজন ছাত্ৰই এই ছবিখনৰ পৰিচালনা কৰিছে। কম সময়ৰ ভিতৰতে প্ৰকৃতিপ্ৰেমী মনোজ গগৈৰ কাম-কাজৰ সম্পূৰ্ণ এক আভাস দিবলৈ চেষ্টা কৰিছে যুৱ পৰিচালকজনে। বৰ্তমান ছিমলাত অধ্যয়নৰত ধৃতিমান। আনহাতে, ছবিখনৰ কনচেপ্ট, সম্পাদনা আৰু ভিডিঅ'গ্ৰাফী ৰক্তিম হাজৰিকাৰ। কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা ৰক্তিমৰ কেমেৰাৰে ধৰি ৰখা প্ৰতিটো জীৱন্ত দৃশ্যই ছবিখনক অনন্য মাত্ৰা প্ৰদান কৰিছে।

https://youtu.be/Fd7oF96kyP8

মহোৎসৱৰ সকলো ছবিয়েই আছিল উপভোগ্য ছবি, ভিন্ন ভাষাৰ ভিন্ন বাৰ্তাবাহী ছবিবোৰৰ মাজত অসমীয়া কেইবাখনো ছবি প্ৰদৰ্শিত কৰা হ'ল। মহোৎসৱৰ শেষৰখন ছবি হিচাপে প্ৰদৰ্শিত কৰা হ'ল অনুপম কৌশিক বৰা 'বৰনদী ভটিয়ায়' ছবিখন। খবৰ অনুসৰি ২০১৯ৰ মাৰ্চত ৰাজ্যৰ ছবিগৃহত মুক্তি দিয়া হ'ব ছবিখনক। ছবিখনৰ প্ৰদৰ্শনৰ পাছতে অন্ত পৰে ষষ্ঠ ব্ৰক্ষপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱ। বিগত ৫টা বছৰত উত্তৰ-পূবৰ চলচ্চিত্ৰ ক্ষেত্ৰখনক বিশ্ব দৰবাৰত চিনাকি কৰি দিয়াত এই মহোৎসৱৰ বহুখিনি অৱদান আছে। ৪টা দিন ধৰি মাছখোৱাৰ প্ৰাগজ্যোতিষ প্ৰকল্পত ছবি প্ৰদৰ্শনৰ লগতে চলচ্চিত্ৰ বিষয়ৰ ভিন্ন আলোচনাই বহু চলচ্চিত্ৰপ্ৰেমীক দি গ'ল অৰ্পূব স্বাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in