ফিল্মফেয়াৰ অনুষ্ঠানলৈ অহা ইণ্ডিয়ান আইডল, বিগ বছ আদি জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ আঁৰৰ মানুহগৰাকীৰ মনৰ কথা…

ফিল্মফেয়াৰ অনুষ্ঠানলৈ অহা ইণ্ডিয়ান আইডল, বিগ বছ আদি জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ আঁৰৰ মানুহগৰাকীৰ মনৰ কথা…

এগৰাকী ব্যতিক্ৰমী মহিলা। ইণ্ডিয়ান আইডল, বিগ বছ, জাচ্চি জেইচি কই ন্যাহি আদি বহু জনপ্ৰিয় অনুষ্ঠানৰ আঁৰৰ মানুহ। গুৱাহাটীত অনুষ্ঠিত হ'ব লগা ফিল্মফেয়াৰ এৱাৰ্ডত যোগ দিবলৈ প্ৰথমবাৰৰ বাবে তেওঁ আহি উপস্থিত হৈছেহি গুৱাহাটীত। ২ দশক ধৰি ভাৰতীয় টেলিভিশ্যন জগতৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত হৈ সেইবোৰক দৰ্শকৰ মাজলৈ লৈ যোৱাত বিশেষ ভূমিকা আছে তেওঁৰ।

বৰ্তমান হিন্দী মাছ এন্টাৰটেইনমেন্ট এণ্ড কিডছ টিভিৰে নেটৱৰ্ক, ভায়াকম ১৮ৰমুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা এইগৰাকী মহিলাই ছনী এন্টাইটেইনমেন্ট টেলিভিশ্যনতকৰ্মৰত হৈ থকাৰ সময়ত জাচ্চি জেইচি কই ন্যাহি, ইণ্ডিয়ান আইডলকদৰ্শকৰ মাজলৈ লৈ যোৱাত পৰ্দাৰ আৰঁত থাকি দিক নিৰ্দেশনা দিছিল। ভাৰতৰ টেলিভিশ্যনজগতৰ এক উল্লেখযোগ্য নাম নিনা এলাভিয়া জয়পুৰীয়া।

নিক্লোডিয়ান, ছনীক চেনেলৰ শিশুৰ জনপ্ৰিয় ধাৰাবাহিকৰ বিষয়বস্তু আৰুসেইবোৰৰ প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ আছে বিশেষ ভূমিকা। ২০১৬ চনত তেওঁ লাভকৰিছিল এফআইচিচিআই অ'মেন অন কৰ্পৰেট ব'ৰ্ডচ মেন্টৰশ্বিপ সন্মান। ভাৰতৰ ৫০ গৰাকীমেডিয়া মাৰ্কেটিং এণ্ড এডভাৰ্টাইজিঙৰ প্ৰভাৱশালী মহিলাৰূপেও তেওঁ স্বীকৃতি লাভকৰিছে। সেইগৰাকী বিশেষ মহিলাৰ সৈতে অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ মৃদুল কুমাৰ সন্দিকৈৰ বিশেষসাক্ষাৎকাৰ।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ আপোনাক স্বাগতম।ইয়াৰ আগতে আপুনি অসমলৈ আহিছিলনে?

নীনাঃ ধন্যবাদ। অসমলৈ এইবাৰে মই প্ৰথম আহিছো।পৰিয়ালৰ সৈতে বন্ধত ফুৰিবলৈ আহিবৰ বাবে অসম অতি সুন্দৰ ঠাই।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ আপোনাৰ বিষয়ে কিছুকথা জানিব বিচাৰো। আপুনি এটি অতি গুৰুত্বপূৰ্ণ পদবীত কৰ্মৰত। হিন্দী মাছএণ্টাৰটেইনমেন্ট এণ্ড কিডছ টিভি নেটৱৰ্কৰ মুৰব্বী।

নীনাঃ হয় মই এই কামৰ সৈতে ২ দশকৰো বেছি কাল জড়িত হৈ আছো। মই 'colors'ৰ ব্যৱসায় চোৱা-চিতা কৰো। লগতে শিশুসকলৰ চেনেলবোৰৰ বিভিন্ন দিশ চাব লাগে। আমাৰ শিশুসকলৰ বাবে চাৰিটা কাৰ্টুন চেনেল আছে। ছোনিক, নিক জুনিয়াৰ, নিকলোডিয়ান আৰু নিক এইচ ডি।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ সেই কথা আমি জানো।শিশুসকলৰ বাবে উপযোগী এক অনুষ্ঠান প্ৰস্তুত কৰাৰ বাবে বিভিন্ন দিশ চাব লগা হয়। এয়াসহজ কাম নহয়। কেনেকৈ সেই কাম আপুনি ইমান নিয়াৰিকৈ কৰি গৈছে? মটু-পটলু, শিৱা, ডগী ড'ন আদি চৰিত্ৰসমূহখুবেই জনপ্ৰিয় শিশুসকলৰ মাজত।

নীনাঃ ঠিকেই কৈছে আপুনি। নিক জুনিয়ৰ চেনেলটো ৬ বছৰৰ ভিতৰৰ শিশুসকলৰ বিকাশ আৰু জ্ঞান বৃ্দ্ধিৰ সৈতে জড়িত এটা চেনেল। 'নিকলোডিয়ান' যোৱা ৬ বছৰে ভাৰতৰ চেনেলসমূহৰ ভিতৰত প্ৰথম স্থান লাভ কৰি আহিছে। মই ভাবো এয়া চৰিত্ৰসমূহৰ সফলতা আৰু চৰিত্ৰসমূহৰ সৈতে শিশুৰ যি সম্পৰ্ক গঢ়ি উঠিছে সেয়াই হৈছে ইয়াৰ সফলতাৰ কাৰণ। আমাৰ বাবে এই চৰিত্ৰসমূহৰ লগতে কাহিনীসমূহকো আগবঢ়াই নিয়াতো অতিকৈ গুৰুত্বপূৰ্ণ। এটা চৰিত্ৰ বা এটা কাহিনীৰ সফলতাৰ আৰত কেইটামান কাৰণ থাকে। প্ৰথমটো হ'ল কেনেকৈ আপুনি কাহিনীটো শিশুসকলৰ আগত উপস্থাপন কৰিছে। দৰ্শকৰ ভিতৰত শিশুসকলক আকৰ্ষণ কৰাতোৱেই আটাইতকৈ কঠিন। মই পুৰুষ, মহিলা সকলোৰে বাবে কাম কৰিছো। কিন্তু শিশুসকলৰ ক্ষেত্ৰত এয়া কঠিন হৈ পৰে। শিশুসকলে বহু সুক্ষ্ম দৃষ্টিৰে সকলোবোৰ পৰ্যবেক্ষণ কৰে। সেয়েহে আমিও অতি সাৱধানে প্ৰতিটো কাহিনী তেওঁলোকৰ আগত দাঙি ধৰিব লগা হয়। দ্বিতীয়টো হৈছে চৰিত্ৰ। আপুনি এটা চৰিত্ৰক শিশুৰ সৈতে সম্পৰ্ক গঢ়িব পৰাকৈ প্ৰস্তুত কৰিব লাগিব। আৰু তাৰপাছত শিশুটোৱেও সেই চৰিত্ৰটোক ভাল পাবলৈ আৰম্ভ কৰে। লগতে এনিমেশ্যনৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকে। এনিমেশ্যনৰ মান উচ্চ হ'ব লাগিব। লগতে ভাষা আৰু ডাবিঙৰ ক্ষেত্ৰতো সাৱধান হ'ব লাগিব। কাহিনীৰ ভিতৰত থকা সকলো চৰিত্ৰ যেনে- শিশু, বৃদ্ধ, পুৰুষ, মহিলা এই সকলোবোৰৰ ভালদৰে আগুৱাই নিলে শিশুসকলেও চাই ভাল পায় আৰু তেওঁলোকে এখন কল্পনাৰ পৃথিৱী বনাই লয় য'ত কোনো দুখ বা কষ্ট নাই। তেতিয়াহে তেওঁলোকে সেই কাল্পনিক জগতখনৰ সৈতে জড়িত হৈ পৰে।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ অসমৰ বাবেআপুনিলোকে তেনে শিশু উপযোগী চেনেল অসমীয়াত আৰম্ভ কৰাৰ কথা ভাবিছে নেকি?

নীনাঃ প্ৰথমে নিকলোডিয়ান কেৱল এটা ভাষাত চাব পৰা হৈছিল সেইটো হৈছে হিন্দী। কিন্তু দক্ষিণ ভাৰতৰ লোকে হিন্দী ভালদৰে বুজি নাপায়। এটা সৰু কথা কওঁ- আজি অসমলৈ আহোতে বিমানবন্দৰত সকলোৱে মোৰ সৈতে হিন্দীতেই কথা পাতিছে। 'কাকতি' উপাধিধাৰী মোৰ গাড়ী চালকজনেও মোৰ সৈতে হিন্দীতেই কথা পাতিছে। তেওঁলোকে বলিউডৰ ছবি চাই ভাল পায়। হিন্দী বুজি পোৱা অঞ্চলত কিছু সুবিধা হয়। কিন্তু দক্ষিণ ভাৰতৰ লোকে হিন্দী ভালদৰে বুজি নাপায়। সেয়েহে আমি নিকলোডিয়াত তামিল, তেলেগু, কানাড়া আদি ভাষাক সংযোগ কৰিলো। এতিয়া আমি বুজিব পাৰিছো যে, আঞ্চলিক ভাষাবোৰো গুৰুত্বপূৰ্ণ। আৰু আঞ্চলিক ভাষাত ব্যৱসায় কৰিবলৈ হ'লে সেই দৰ্শকসকলে যি ভাষা বুজিবলৈ সহজ পাই সেই ভাষাতেই আপুনি ব্যৱসায় কৰিব পাৰিব। আমি ইতিমধ্যে কেইবাটাও আঞ্চলিক ভাষাত এনে চেনেল মুকলি কৰাৰ চিন্তা-চৰ্চা কৰিছো। চাওঁ সেইবোৰৰ সফলতা কিধৰণৰ হয়।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ অসমত তেনে বহুচৰিত্ৰ আছে। যিবোৰ চৰিত্ৰই ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। ধৰক-শংকৰদেৱৰ শিশু কালটো এইধৰণে শিশুসকলৰ মাজলৈ লৈ যাব পাৰি। লাচিত বৰফুকন, চিলাৰায়, কনকলতা আদিৰকাহিনীবোৰো শিশু উপযোগীকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব পৰা নাযায়নে?

নীনাঃ চাওঁক তেনে লোকৰ এনিমেশ্যন চৰিত্ৰ আপুনি ল'ব পাৰো। কিন্তু এটা অঞ্চলৰ এজন লোকৰ চৰিত্ৰক আমি যেতিয়া সমগ্ৰ বিশ্ব বা ৰাষ্ট্ৰীয় স্তৰত যেতিয়া দাঙি ধৰো তেতিয়া সেই চৰিত্ৰটোক কেনেদৰে দৰ্শকে গ্ৰহণ কৰে সেই চাব লাগিব।চৰিত্ৰ বা কাহিনী এটাক সকলো ভাৰতৰ শিশুৱে গ্ৰহণ কৰিব পৰাকৈ উপস্থাপন কৰিলে সেয়া সফল হয়। কিন্তু তাৰ মাজতে আৰু এটা কওঁ- শিশুসকলে কোনো এটা চৰিত্ৰক ভাল পাবলৈ পূৰ্বৰে পৰা সেই চৰিত্ৰটোৰ বিষয়া জানিব লাগিব বুলি কোনো কথা নাই। ধৰি লওঁক 'ড'ৰা' চৰিত্ৰটো আমেৰিকাৰ হয়। কিন্তু ভাৰতৰো বহু শিশুৱে সেই চৰিত্ৰটোক ভাল পায়। বা 'নিনজা হাতোৰী' চৰিত্ৰটোকেই লওঁক। নিনজা হাতোৰীটো জাপানৰ এটা চৰিত্ৰ। শিশুসকলে কিন্তু সেইবোৰ বিশেষ গুৰুত্ব নিদিয়ে। ভাল ডাবিং কৰা হ'লে, মনোৰঞ্জন পালে শিশুসকলে সেয়া ভাল পায়। চৰিত্ৰ ক'ৰ পৰা লোৱা বা কোন সেইটো বিশেষ গুৰুত্বপূৰ্ণ নহয়। গুৰুত্বপূৰ্ণ কথাটো হৈছে কাহিনী আৰু চৰিত্ৰটোক সঠিক দিশত আগবঢ়াই নিয়াতো। যদি আপুনি শংকৰদেৱ বা আপুনি কোৱা বীৰ পুৰুষসকলৰ কাহিনী এনে চৰিত্ৰৰ মাজেৰে তুলি ধৰা উপযোগী হয় আমি সেয়া নিশ্চয় গ্ৰহণ কৰিম। তেওঁলোকৰ বিষয়ে লিখি আমালৈ পঠিয়াওক, আমি পঢ়ি চাম আৰু বুজিবলৈ চেষ্টা কৰিম ।

সাক্ষাৎকাৰ গ্ৰহণৰ সময়ত নিনা এলাভিয়া জয়পুৰীয়াৰ সৈতে…

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ আপুনি দীৰ্ঘদিনধৰি টেলিভিছন উদ্যোগটোৰ সৈতে জড়িত। এতিয়া ছ'চিয়েল মিডিয়াৰযোগ। টেলিভিছনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে নেকি ছ'চিয়েল মিডিয়াই?

নীনাঃ টেলিভিছনৰ ভৱিষ্যৎ আছে আৰু আগন্তুক ৫-১০ বছৰলৈ মানুহে টিভি চাবই। টেলিভিছন ভাৰতৰ এক শক্তিশালী মাধ্যম। হয় আপুনি কোৱাৰ দৰে আমাৰ অনলাইন বহু মনোৰঞ্জনৰ মঞ্চও আছে। ভাৰতৰ প্ৰায় ৯৩-৯৫ শতাংশ পৰিয়ালৰ বাসগৃহত এটাই টিভি থাকে। য'ত তেওঁলোকে একেলগে বহি টিভি চাই। পৰিয়ালৰ সকলো সদস্যই একেলগে প্ৰায় টিভিয়ে চাই। কিন্তু তাৰ লগতে শিশুসকলে অনলাইন মাধ্যমৰ জৰিয়তেও সেইবোৰ চায়। এতিয়া কেৱল 'colors'চেনেলটো বহু আঞ্চলিক ভাষাৰ দৰ্শক আছে। টিভি এক বৃহৎ মাধ্যম য'ত দিয়া বিজ্ঞাপনবোৰে অধিক সংখ্যক দৰ্শকক লক্ষ্য কৰি লয়। টিভি ইণ্ড্ৰাষ্টিৰ আটাইকৈ ভাল কথাটো হৈছে যে, আমি নতুন নতুন কাহিনী, চৰিত্ৰক লৈ পৰীক্ষা কৰিব পাৰো।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ গুৱাহাটীউত্তৰ-পূবৰ দুৱাৰ স্বৰূপ। দক্ষিণ পূব এছিয়াৰ সৈতেও ইয়াৰ সংযোগ আছে। এই উদ্যোগটোৰআৰু অসমৰ সন্দৰ্ভত গুৱাহাটীক কেন্দ্ৰ কৰি আপোনাৰ ধাৰণা কেনে?

নীনাঃ টেলিভিছন ব্যৱসায় ক্ষেত্ৰখনতউত্তৰ-পূৰ্বাঞ্চলটোৰ এক বিশেষ স্থান আছে। ই ভাৰতৰ এক বৃহৎ অংশ। আপুনি যদি মন দিয়েতেন্তে দেখিব যে বিভিন্ন ৰিয়েলিটী শ্ব'ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিভাৱানপ্ৰাৰ্থীয়ে অংশ লয়। ইয়াত বহু প্ৰতিভা আছে। আৰু মই সুখী যেউত্তৰ-পূৰ্বাঞ্চলবাসীয়ে এই সুযোগ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। উত্তৰ-পূবৰ সংগীত,বিভিন্ন উৎসৱৰ কথা শুনি আহিছো। মোক এজন চিনাকি ব্যক্তিয়ে কৈছে যে, মুম্বাইতকৈ আগতঅসমত গীতৰ এলবাম বনোৱা হৈছিল। আৰু ইয়াৰে যুৱ প্ৰজন্মই সংগীত বহুতেই ভাল পায়।

অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কঃ দেশত ডিজিপি হ্ৰাসপাইছে। ব্যৱসায়ৰ মন্দাৱস্থা চলিছে। তাৰ প্ৰভাৱ টেলিভিছন উদ্যোগত কেনেদৰে পৰিছে?

নীনাঃ হয়, এতিয়া সমগ্ৰ পৰিস্থিতি সলনি হৈ পৰিছে। এতিয়া ব্যৱসায়ৰ সন্দৰ্ভত অধিক প্ৰত্যাহ্বান আহে। মই বহু বছৰ ধৰি এই ক্ষেত্ৰৰে জড়িত হৈ আহিছো। বিমুদ্ৰাকৰণৰ সময়তো একেই পৰিস্থিতিৰ সন্মুখীন হৈছিলো। কিন্তু মই বিশ্বাস কৰো যে, যিমান প্ৰত্যাহ্বান আহিলেও নিজৰ কাম কৰি যাব লাগে। নিজৰ ব্যৱসায়ক আগবঢ়াই নিব লাগে। তেতিয়াহে দেশবাসীয়েও ইয়াৰ সৈতে জড়িত হৈ থাকিব। আমি সদায় উচ্চমানৰ মনোৰঞ্জন দৰ্শকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰো। এটা কোম্পানীয়ে যিমানেই প্ৰত্যাহ্বানৰ সন্মুখীন নহওঁক কিয়, নিৰ্ধাৰিত লক্ষ্যৰ পৰা আতৰিব নালাগে। যি আমি কৰি আহিছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ আপোনাৰ বিষয়ে কিছুকথা জানিব বিচাৰো। কেনেকৈ আপুনি এই যাত্ৰা আৰম্ভ কৰিছিল? আৰু কিদৰে আজিভাৰতৰ শীৰ্ষ স্থানত থকা চেনেলৰ নেটৱৰ্ক নিকলোডিয়ানৰ সৈতে জড়িত হৈ পৰিল?

নীনাঃ সৰুৰে পৰা মই দেখি আহিছো যে মোৰ মাই বহু কষ্ট কৰা এগৰাকী কৰ্মৰত মহিলা আছিল। মোৰ আইতাও ৰিজাৰ্ভ বেংকত কাম কৰিছিল। আমাৰ পৰিয়ালৰ সকলো মহিলাই কাম কৰিছিল। ময়ো প্ৰায় ১৯৯২চনৰ পৰাই কাম কৰি আহিছো। মই এম বি এ পঢ়িলো। তাৰপাছত এডভেৰ্টাইজমেন্টত মোৰ কেৰিয়াৰ আৰম্ভ হয়। মই প্ৰথমটো চাকৰি কৰিছিলো 'লিন্টাক্স'ত। তাৰপাছত মই ভাবিলো যে এডভেৰ্টাইজমেন্ট বহুত কৰিলো। গতিকে এতিয়া প্ৰডাক্টৰ ব্যৱসায়ৰে জড়িত হ'ব লাগে। তাৰপাছত মই 'কলগেট'ত কাম কৰিলো। কলগেটত যোগদান কৰাৰ পাছত মই বিবাহপাশত আৱদ্ধ হ'লো। বিয়াৰ পাছত মই বাংগালুৰুলৈ গুচি গ'লো। বাংগালুৰুত বিপিএল টেলিকমত কাম কৰিলো। মোৰ এগৰাকী কন্যা সন্তানো আছে। তাই বৰ্তমান ১৯ বছৰ বয়স।কিন্তু মাজতে মই ৩ বছৰ তাইৰ পৰা দূৰত থাকিলো কৰ্মসূত্ৰে। তাৰপাছত মই তাইৰ কাষলৈ ঘূৰি আহিলো আৰু প্রথমটো মিডিয়াৰ কামত জড়িত হ'লো। ছোনিৰ লগত যাত্ৰা আৰম্ভ হৈছিল জচ্চী যেচী কয়ী নহীৰ সৈতে। সেয়া মোৰ প্ৰথম লিডাৰশ্বীপ আছিল।তাৰ পাছত মই ইণ্ডিয়ান আইডলৰ সৈতে জড়িত হৈ পৰিলো।ইয়াৰ পাছত ঝলক দিখলা জা, খটৰো কে খিলাড়ী কৰিলো। বিগ বছৰো প্ৰথমটো ছিজন তেতিয়াই কৰিলো। আৰু তাৰপাছত ভিয়াকম ১৮ নিৰ্মাণ কৰিলো। আৰু এটা চেনেলৰ পৰা চাৰিটা চেনেল হ'ল। আমাৰ দলটোৰ সকলোৱে আগবাঢ়ি সফলতা অৰ্জনা কৰিছো।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ অসমলৈ প্ৰথমআহিছে। অসমত ভৰি দি প্ৰথম কি অনুভৱ হ'ল?

নীনাঃ অলপ আগতে অৱশ্যে মই যান-জঁটত আছিলো।কিন্তু হঠাৎ মই ঘড়ীটো চালো দেখিলো যে ৫টাহে বাজিছে কিন্তু এনে লাগিল যেন নিশা৮টাহে বাজিছে। কিন্তু কিছু মান বস্তু মই চাব বিচাৰো। ইয়াৰে থলুৱা খাদ্য খাবলাগিব। কিয়নো বহু কথা শুনি আহিছো থলুৱা খাদ্যৰ বিষয়ে। সেয়েহে মই 'পেৰেডাইছ','নাগা কিটছেন'লৈ যাম। তাৰপাছত মই ছিল্ক ক্ৰয় কৰিবলৈ যাম। বহুত শুনিছোইয়াৰে ছিল্কৰ বিষয়ে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হৈছে কামাখ্যালৈ যাম।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কঃ ধন্যবাদ।

নীনাঃ ধন্যবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in