এন আৰ চিৰ শুনানিৰ বাবে গঠিত উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠ ভংগ…

এন আৰ চিৰ শুনানিৰ বাবে গঠিত উচ্চতম ন্যায়ালয়ৰ বিশেষ বিচাৰপীঠ ভংগ…
  • NRCৰ শুনানিৰ বাবে গঠিত পূৰ্বৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ আৰ এফ নাৰিমনৰে গঠিত বিশেষ বিচাৰপীঠখন ভংগ।
  • ৰঞ্জন গগৈৰ অৱসৰৰ পিছতে নতুন মুখ্য ন্যায়াধীশ এছ এ ববডেই ভংগ কৰিছে বিচাৰপীঠখন।
  • এতিয়াৰ পৰা দেশৰ মুখ্য ন্যায়াধীশৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি।
  • এই কাৰণৰ বাবেই ২৬ নৱেম্বৰৰ দিনাখন তালিকাভুক্ত হৈ থকা সত্ত্বেও নহ'ল NRCৰ শুনানি।
  • ন্যায়াধীশ ৰঞ্জন গগৈ আৰু নাৰিমনে NRCৰ গোচৰৰ শুনানি গ্ৰহণ কৰি ভালেকেইটা নিৰ্দেশ প্ৰদান কৰিছিল।
  • উল্লেখ্য যে, ২০১৩ চনৰ পৰা ন্যায়াধীশ ৰঞ্জন গগৈয়ে NRCৰ শুনানি গ্ৰহণ কৰি আছিল।
  • ৬টা বছৰে ন্যায়াধীশ গগৈয়ে ৪জন ভিন্ন ভিন্ন ন্যায়াধীশৰে বিশেষ বিচাৰপীঠত শুনানি গ্ৰহণ কৰি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in