প্ৰধানমন্ত্ৰীৰ বাবেই পণবন্দী সাধাৰণ জনতা

প্ৰধানমন্ত্ৰীৰ বাবেই পণবন্দী সাধাৰণ জনতা

তুষাৰ প্ৰতিম

অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী আহিব। বৃহস্পতিবাৰে অসমত এদিনীয় ভ্ৰমণসূচীৰে উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণক কেন্দ্ৰ কৰি ব্যস্ত হৈ আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা প্ৰতিজন মন্ত্ৰী, বিজেপি বিধায়কৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল।

মোডীৰ আগমণক কেন্দ্ৰ কৰি ৰাজ্যত সৃষ্টি হোৱা পৰিৱেশৰ প্ৰতি লক্ষ্য কৰি সাধাৰণ লোকৰ মনত প্ৰশ্নৰ উদয় হৈছে- প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ আহিছে নেকি? সন্মুখত বিধানসভা বা লোকসভাৰ নিৰ্বাচন আছে নেকি? ইয়াৰ পূৰ্বে অসমলৈ কোনো প্ৰধানমন্ত্ৰী অহা নাই নেকি?

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ডিব্ৰুগড় আৰু কাৰ্বিআংলঙৰ ডিফুত দুখনকৈ সভাত অংশগ্ৰহণ কৰিব। পুৱা ১১ বজাত কাৰ্বিআংলঙৰ ডিফুত উপস্থিত হৈ মোডীয়ে 'একতা, শান্তি আৰু উন্নয়ন ৰেলী' সম্বোধন কৰিব। ইয়াতেই তেওঁ ৫০০ কোটি টকাৰ শিক্ষা আৰু অন্যান্য় উন্নয়নমূলক আন্তঃগাঁথনিৰ আধাৰশিলাস্থাপন কৰিব।

ইয়াৰ পিছতেই মোডীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ ডিব্ৰুগড় কেঞ্চাৰ হাস্পতালখন শুভ উদ্বোধন কৰাৰ লগতে সেই স্থানৰ পৰাই ভাৰ্ছুৱেলী বৰপেটা, তেজপুৰ, যোৰহাট, লখিমপুৰ, কোকৰাঝাৰ আৰু দৰঙত নিৰ্মাণ কৰা আন ৬ খন কেঞ্চাৰ হাস্পতালো মুকলি কৰিব।

মোডীৰ এই দুই স্থানতে দুখনকৈ বিশাল জনসভা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী মোডীক সন্তুষ্ট কৰিবলৈ এই জনসভাত কেইবালাখ মানুহৰ সমাগমৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে। যাৰ বাবে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় প্ৰতিখন জিলাৰ পৰাই মানুহ কঢ়িয়াই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই দুবাৰকৈ ডিব্ৰুগড় আৰু ডিফুৰ সভাস্থলী পৰ্যবেক্ষণ কৰি প্ৰস্তুতিৰ বুজ লৈছে। আনহাতে ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীয়ে গ্ৰহণ কৰিছে বিশেষ দায়িত্ব। শাসক দলৰ প্ৰতিজন বিধায়ককে নিজ সমষ্টিৰ সমৰ্থকক সভাস্থলীলৈ কঢ়িয়াই নিয়াৰ বাবে দিয়া হৈছে নিৰ্দেশনা।

মোডীৰ সভাত লাখ লাখ মানুহৰ উপস্থিতিৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগে প্ৰতিখন জিলাত পৰিবহণ বিষয়াক বাহন অধিগ্ৰহণ কৰিবলৈ দিছিল অনানুষ্ঠানিক নিৰ্দেশনা। যি নিৰ্দেশনা কাৰ্যকৰী কৰি তুলিবৰ বাবে প্ৰতিখন জিলাৰ পৰিবহণ বিষয়াই নিজেই ৰাজপথত নামি বাহন অধিগ্ৰহণ কৰিছে।

গুৱাহাটী মহানগৰীৰ পৰাই অধিগ্ৰহণ কৰা হৈছে ৫০০ ৰো অধিক বাহন। ঠিক একেদৰে প্ৰতিখন জিলাৰ পৰা অধিগ্ৰহণ কৰা হৈছে বাহন। মোডীৰ সভাৰ বাবে এইদৰে বাহন অধিগ্ৰহণ কৰি একপ্ৰকাৰে ৰাজ্যৰ পৰিবহণ ব্যৱস্থাকে অচল কৰি দিলে শাসনাধিস্থ চৰকাৰখনে।

মঙ্গলবাৰে দিনৰ পৰাই ৰাজ্যৰ ৰাজপথত হ্ৰাস পাইছিল ৰাজহুৱা বাছ, ট্ৰেভেলাৰ আদি। পুৱা কামলৈ ওলাই আহি সন্ধিয়া ঘৰলৈ যাবলৈ বাহন লাভ নকৰি খোজেৰেই যাবলগীয়া হ'ল বহু চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ লোক। বুধবাৰৰ অৱস্থা আৰু অধিক সূচনীয়।

পুৱা স্কুল, কলেজ, কাৰ্যালয় তথা নিজ নিজ কৰ্মক্ষেত্ৰলৈ ওলাই আহি ৰাজপথত বুন্দাপৰ দিবলগীয়া হ'ল সাধাৰণ জনতা। নিজ নিজ কৰ্মক্ষেত্ৰলৈ যাবলৈ নাই কোনো ব্যৱস্থা। ৰাজহুৱা পৰিবহণত অহা-যোৱা কৰা কৰ্মচাৰী, শিক্ষাৰ্থীকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকৰ দুই নাও দুভৰি অৱস্থা। ঘৰলৈ উভতি যাব নে কৰ্মস্থলীলৈ যাব?

ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰাৰ পিছত ভগৱানৰ কৃপাত যদি এখন বাহন পাইছে তাতেই মৰণত শৰণ দি বাদুলি ওলমাৰ দৰে ওলমি আহিবলগীয়া হৈছে সাধাৰণ জনতা। জীৱনটোক হাতৰ মুঠিত লৈ এইদৰে যাত্ৰা কৰিবলগীয়া হোৱা সাধাৰণ লোকসকলৰ এটাই কথা, এইদৰে পৰিবহণ ব্যৱস্থাক অচল কৰিব নালাগিছিল।

মোডীৰ কাৰ্যসূীচ লক্ষ্যাধিক লোকৰ সমাগমৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ হাজাৰৰো অধিক বাহন অধিগ্ৰহণ কৰা হৈছে। বুধবাৰৰ পৰাই প্ৰায় সম্পূৰ্ণ খালী হৈ পৰিছে ৰাজ্যৰ ৰাজপথসমূহ। মোডী আহিব বৃহস্পতিবাৰে। অৰ্থাত বৃহস্পতিবাৰেও ৰাজ্যৰ ৰাজপথ খালী হৈ থকাটো নিশ্চিত।

ইফালে প্ৰধানমন্ত্ৰী মোডীৰ আগমণৰ বাবে ডিব্ৰুগড় আৰু কাৰ্বিআংলঙ জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবেই এইদৰে দুখনৈ জিলা সম্পূৰ্ণ ৰূপে বন্ধ ঘোষণা কৰাৰ কাৰণ কি সেইয়া অৱশ্য়ে বোধগম্য নহয়। বিশেষকৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ বাবেই দুখনৈ জিলাৰ সকলো কাম-কাজ এটা দিনৰ বাবে স্তব্ধ কৰি তোলাৰ লগতে শিক্ষানুষ্ঠানসমূহ বন্ধ দিয়া কাৰ্যক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে।

এইদৰে মোডীৰ আগমণৰ বাবে জনসাধাৰণক হাৰাশাস্তি কৰি চৰকাৰখনে প্ৰকৃততে কি বুজাব বিচাৰিছে সেইয়া সাধাৰণ লোকে নুবুজে। কিন্তুৰ ১ লাখ কোটিতকৈ অধিক ধাৰৰ বুজা গ্ৰহণ কৰি থকা ৰাজ্যখনত প্ৰধানমন্ত্ৰীৰ সভাত অভিলেখ সংখ্যক জনসমাগমৰ বাবে কেৱল বাহনৰ বাবতেই প্ৰায় ৩০ কোটি টকা ব্যয় কৰা কথাটো নিশ্চয়কৈ চিন্তনীয় কথা।

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰধানমন্ত্ৰী মোডীৰ এইয়া প্ৰথম অসম ভ্ৰমণ। কেইদিনমান পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ গৈ মোডীক অসম ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছিল। সেই অনুসৰি ৰাজ্যত নতুনকৈ নিৰ্মাণ কৰা কেঞ্চাৰ হাস্পতাল কেইখন শুভ উদ্বোধন কৰাৰ ব্যৱস্থা কৰা হৈছে।

দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁক আদৰণি নিশ্চয়কৈ জনাব লাগিব। কিন্তু তেওঁৰ সভাত কেইবালক্ষ্যাধিক লোক উপস্থিত থাকিব লাগিবই বুলি কিবা কথা আছেনেকি? ২০১৪ চনৰ পূৰ্বে মোডীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। গুৱাহাটীৰ খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱাৰ সভাত সেইবাৰ লোকে লোকাৰণ্য হৈ পৰিছিল।

মোডীৰ সেই সভাখনলৈ চৰকাৰে এইদৰে কোটি কোটি টকা খৰচ কৰি মানুহ কঢ়িয়াই আনিবলগীয়া হোৱা নাছিল। মোডীৰ জনপ্ৰিয়তাই মানুহক সেই সভালৈ আকৰ্ষণ কৰিছিল। তেওঁৰ ভাষণ শুনিবলৈ দূৰ-দূৰণিৰ পৰা নিজেই আহিছিল বহু লোক। তেতিয়া মোডী প্ৰধানমন্ত্ৰী নাছিল।

প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত নৰেন্দ্ৰ মোডীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বিপৰীতে জন বিৰোধী বহু সিদ্ধান্ত গ্ৰহণ কৰিছে। স্বাভাৱিকতে মোডীৰ প্ৰতি সাধাৰণ লোকৰ মোহ ভংগ হৈছে। অসমৰ ক্ষেত্ৰতো মোডীয়ে গ্ৰহণ কৰিলে কেইবাটাও স্ববিৰোধী সিদ্ধান্ত। বাংলাদেশী বিতাৰণৰ কথা কোৱা মোডীয়ে খেদিব নোৱাৰিলে এজনো বাংলাদেশী।

বিশেষ ৰাজ্যৰ মৰ্যাদা লাভৰ জৰিয়তে কেন্দ্ৰৰ পৰা অসমে কিছু সাহায্য লাভ কৰি আহিছিল যদিও সেই মৰ্যাদা কৰ্তন কৰাৰ বাবে অসমে সেই পুঁজিৰ পৰা বঞ্চিত হ'ল। ড'নাৰ মন্ত্ৰণালয়েও দিয়া নাই ৰাজ্যখনক পুঁজি। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে কেৱল ব্যক্তি পূজাৰ বাবেই ৰোজ কোষৰ কোটি কোটি টকা খৰছ কৰি জনসমাগমেৰে অভিলেখ সৃষ্টিৰ যি লক্ষ্য ল'লে সেইয়া কেতিয়াও সমৰ্থনযোগ্যনে? এই প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ ব্যক্তি পূজাত নিমজ্জিতসকলে দিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in