কেঁচা সোণক লৈ কাৰ বেহা

কেঁচা সোণক লৈ কাৰ বেহা

► মৃদুল কুমাৰ সন্দিকৈ

চাহ একাপ খাই যাব। অসমীয়া সমাজত এতিয়া এয়া এক পৰম্পৰা। কাৰোবাৰ ঘৰলৈ কোনোবা গ'লে চাহ একাপ যচাটো শিষ্টাচাৰৰ ভিতৰত পৰে। কেতিয়াবা কাৰোবাক কিবা অসুবিধাত চাহ একাপ যাচিব নোৱাৰিলে আপচোচ কৰি গৃহস্থই কয়- চেহ! আপোনাক আজি চাহ একাপো খোৱাব নোৱাৰিলে। চাহৰ সৈতে আমাৰ আত্মীয়তা এনেকুৱাই।

অসমৰ মাটিতেই পৰি আছিল এই সেউজীয়া সোণ। ৰবাৰ্ট ব্ৰুছ অসমলৈ নহা হ'লে হয়তো চাহ আৱিষ্কাৰ নহ'লহেতেনে। মণিৰাম দেৱানে চাহৰ খেতি নকৰা হ'লে অসমীয়াই হয়তো চাহৰ সোৱাদ নাপালে হয়। পৰৱৰ্তী সময়ত ইংৰাজ সকলে আনুষ্ঠানিকভাৱে চাহৰ খেতিত বিশেষ গুৰুত্বসহকাৰে মনোনিবেশ কৰিলে। তেওঁলোকে গম পাইছিল চাহখেতি এদিন এক বৃহৎ উদ্যোগ হ'ব । এতিয়া সেয়ে হৈছে। ৰাজ্যত প্ৰায় ১৬৮৬খন চাহ বাগিছা আছে। ৪লাখ ১৬হাজাৰ ১৭ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। ভাৰতত উৎপাদন হোৱা চাহৰ ২৬ শতাংশ চাহ উৎপাদন কৰে এই ডাঙৰ চাহ বাগানবোৰে।

পুঁজিপতি গোষ্ঠীৰ এই চাহ বাগানৰবোৰৰ বিপৰীতে ১৯৭৮চনত তেতিয়াৰ কৃষিমন্ত্ৰী সোণেশ্বৰ বৰাৰ পৃষ্ঠপোষকতাত অসমৰ নিবনুৱা যুৱকসকলে চাহ খেতি কৰাৰ এক সুযোগ লাভ কৰিলে। আৰু এয়াই আছিল অসমত ক্ষুদ্ৰ চাহ খেতিৰ আৰম্ভণি। যাক ক্ষুদ্ৰ চাহ খেতিয়ক বুলি আমি এতিয়া জানো। বৰ্তমান ৭৮,২৮৬গৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক আছে। এই সংখ্যা কিছু ইফাল সিফাল   হ'ব পাৰে, কিয়নো উত্তৰ অসমত বিশেষকৈ কম মাটিত চাহ খেতি কৰি আত্মনিয়োজনৰ পথ যথেষ্ট সংখ্যক যুৱকে বাচি লৈছে। এই ক্ষুদ্ৰ চাহ খেতিৰ সৈতে পৰোক্ষ-প্ৰত্যক্ষভাৱে ৯ লাখ লোক জড়িত হৈ আছে।

অতি শেহতীয়া তথ্য অনুসৰি অসমত ৬২০ মিলয়ন কেজি চাহ উৎপাদন হয়। ইয়াৰে ৫০ শতাংশ চাহ এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰে। সেই হিচাপত ৩১০ মিলিয়ন কেজি চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ইয়াৰ পৰা চৰকাৰে প্ৰতি কেজি চাহত ১.৮০ টকাকৈ কৰ লাভ কৰে।

অৰ্থাৎ প্ৰায় ৬৯.৭৫ কোটি টকা কৰ চৰকাৰক আদায় দিয়ে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। চাহ উদ্যোগ এতিয়া এনে এক লাভজনক উদ্যোগ যে, ৰাজ্যখনত বছৰি উৎপাদন হোৱা চাহৰ পৰা মুঠ ৯,৩০০ কোটি টকাৰ চাহৰ বজাৰ এখন গঢ় লৈ উঠিছে। এইবোৰৰ উপৰিও চৰকাৰে জি এছ টি ৰূপে বছৰি লাভ কৰে ২৮৫কোটি টকা। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদানেই ইয়াত বেছি। কিন্তু আটাইতকৈ অৱহেলিত হয় এই ক্ষুদ্ৰ চাহ খেতিয়কসকল।

ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা চাহৰ ওপৰত ভিত্তি কৰিয়েই প্ৰতিষ্ঠিত চাহ বাগানসমূহে উন্নত আৰু গুণগত মানৰ চাহ উৎপাদন কৰে তেওঁলোকৰ ফেক্টৰীত। কিয়নো এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ চাহ প্ৰস্তুতৰ বাবে ব্যক্তিগত পৰ্যায়ত কোনো ফেক্টৰী নাই। সমূহীয়াভাৱে কেইটামান চাহ উৎপাদন কৰা ফেক্টৰী স্থাপন কৰিলেও তাত উৎপাদিত চাহৰ বজাৰৰ লগতে উৎপাদিত কেঁচা চাহৰ অনুপাতে সেইবোৰত চাহ উৎপাদন কৰাতো সম্ভৱ নহয়। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰে ৰাজ্যৰ ডাঙৰ ডাঙৰ চাহ বাগানসমূহে।

সাধাৰণতে চাহপাত ছিঙাৰ সময়চোৱাত এই ক্ষুদ্ৰ চাহ খেতিয়কসকলে উপযুক্ত মূল্য নাপায়। বজাৰত চাহপাতৰ বিক্ৰী কমিছে, আন্তঃৰাষ্ট্ৰীয় বজাৰত চাহৰ মূল্য হ্ৰাস পাইছে ইত্যাদি ধৰণৰ বিভিন্ন কৌশলপূৰ্ণ প্ৰচাৰেৰে প্ৰতি কেজি কেঁচা চাহ ১০-১২টকা লৈকে দামত ক্ৰয় কৰাৰ এক অভিসন্ধি পাতে বৃহৎ চাহ গোষ্ঠীবোৰে। ইয়াত হাত উজান দিয়ে চৰকাৰী পক্ষৰ কিছু লোকে। যাৰবাবে উৎপাদিত মূল্যতকৈও কম মূল্যত চাহ বিক্ৰী কৰিব লগা হয় ক্ষুদ্ৰ চাহ খেতিয়কসকলে। সেয়েহে ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচা চাহপাত নি ৰাজপথত চটিয়াই দিব লগা পৰিৱেশো সৃষ্টি হয় এইখন অসমতে।

অসমত camellia sinensis প্ৰজাতিৰ চাহৰ খেতি কৰা হয় অসমত। বিশ্বৰ দুটা প্ৰান্তৰ চাহ বিশেষভাৱে গুণগত মানৰ ফালৰ পৰা বিখ্যাত। তাৰ ভিতৰত অসমৰ চাহৰ আছে বিশেষ সুনাম। প্ৰথম চাহ খেতি কৰা অঞ্চল আছিল দক্ষিণ চীন। আৰু তাৰ পাছত চাহ খেতি আৰম্ভ হৈছিল অসমত। বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহ উৎপাদন কৰা দেশ হ'ল চীন। ২০১৬বৰ্ষত চীনত উৎপাদন হোৱা চাহৰ পৰিমাণ আছিল ২.৪ মিলিয়ন টন। তাৰ পাছতেই ভাৰতত ১.৩ মিলিয়ন টন, কেনিয়াত ০.৫ মিলিয়ন টন, শ্ৰীলংকাত ০.৩ মিলিয়ন টন আৰু তুৰ্কীত ০.২ মিলিয়ন টন চাহ উৎপাদন হৈছিল।

সেই উৎপাদনৰ হাৰ দিনকদিনে বৃদ্ধি পাই গৈ আছে। তাৰ সমান্তৰালকৈ চাহ বিক্ৰীও বৃদ্ধি হৈছে। বিশ্বৰ ভিতৰতে চাহ খোৱা লোকৰ সংখ্যা ভাৰতত বেছি। প্ৰতিজন ভাৰতীয়ই গড়ে এবছৰত ৭৫০গ্ৰামকৈ চাহপাতৰ দ্বাৰা প্ৰস্তুত কৰা পানীয় গ্ৰহণ কৰে। ইফালে, মুঠ উৎপাদনৰ ২০ শতাংশ ভাৰতে ২০১৬চনত ৰপ্তানি কৰিছিল। সেই পৰিমাণ আছিল ২,৫৮,৮৪১টন।

অসমত প্ৰতিষ্ঠিত চাহ কোম্পানী তথা চাহ বাগানসমূহে দীৰ্ঘদিন ধৰি চাহ উৎপাদন কৰি আহিছে। তেওঁলোকৰ বৃহৎ চাহ বাগানবোৰত সেই পুৰণি চাহগছৰ পৰা উৎপাদন কৰা চাহৰ গুণগত মান নিম্নগামী হৈছে। ৰাসায়নিক সাৰ ব্যৱহাৰ, কীটনাশকৰ প্ৰয়োগ আদিৰ ফলত চাহত এনেধৰণৰ ৰসায়নিক দ্ৰব্যৰ অৱস্থিতি ধৰা পৰিছে। যাৰবাবে অ'ৰ্গেনিক টিৰ ওপৰত বিশেষ গুৰুত্ব দিব লগা হৈছে এই বাগানসমূহে। লগতে তেওঁলোকে ৰপ্তানি কৰা চাহৰ মান ৰক্ষা কৰাতো প্ৰয়োজনীয় হৈ পৰিছে।

সেই ক্ষেত্ৰতেই এই বৃহৎ চাহ গোষ্ঠীবোৰে পানীৰ দামত ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচা চাহপাত ক্ৰয় কৰি সেইবোৰৰ পৰাই তেওঁলোকৰ নামত গুণগত চাহপাত উৎপাদন কৰে। এনে এক কৌশলপূৰ্ণ চাহ উৎপাদন প্ৰক্ৰিয়াটোৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় বজাৰত এই বৃহৎ গোষ্ঠীবোৰে নিজৰ চাহপাত বুলি এক সুন্দৰ ব্যৱসায় চলাই গৈছে যদিও, প্ৰকৃতাৰ্থতে চাহ উৎপাদন কৰা ক্ষুদ্ৰ খেতিয়কসকল সেই স্বীকৃতিৰ পৰা বঞ্চিত হৈছে।

অসমৰ চাহ উদ্যোগলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ভাবিব নোৱাৰা বৰঙণি আগবঢ়াইছে। কিন্তু তেওঁলোক সদায় বঞ্চিত হৈ থাকিব লগা হৈছে।কিছুদিনৰ পূৰ্বে ৰাজ্যৰ খোদ উদ্যোগমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিলে- উৎপাদন বৃদ্ধি হোৱাৰ ফলতেই চাহ বিক্ৰী হ্ৰাস পাইছে।কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলে উৎপাদন কৰা চাহৰ বিক্ৰী কেতিয়াও কমা নাই ।এইটো হ'ব পাৰে- বৃহৎ চাহ বাগানবোৰে উৎপাদন কৰা মান ৰক্ষা কৰিব নোৱাৰা চাহৰ বিক্ৰী হয়তো কিছু হ্ৰাস পাইছে।

নিজৰ এই দুখবোৰ বৃহৎ চাহগোষ্ঠীবোৰে অতি কৌশলেৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ গাত জাপি দি তেওঁলোকৰ মূৰতেই মাধমাৰ সোধায় এই ব্যৱসায় অব্যাহত ৰাখিছে। যিবোৰ প্ৰতিষ্ঠিত চাহ বাগানে চাহ উৎপাদন দীৰ্ঘদিনৰ পৰা কৰি আহিছে, তেওঁলোকে নতুনকৈ কোনো চাহ পুলি ৰূপন বা অৰ্গেনিক টি উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সলনি চৰকাৰৰ পৰা অতি কম মূল্যত লীজত লোৱা হাজাৰ হাজাৰ বিঘা মাটিত চাহ খেতিৰ সমান্তৰালকৈ আন কিছু খেতিৰে নিজৰ ব্যৱসায় ঠিকেই ৰাখিছে।

অতি শেহতীয়াকৈ বহু প্ৰতিষ্ঠিত চাহ গোষ্ঠীয়ে চাহৰ লগতে জালুকৰ খেতি, পৰি থকা মাটিত ধানৰ খেতি বা আন বজাৰ থকা শস্যৰ খেতি কৰি চাহৰ সমান্তৰালকৈ উপাৰ্জনৰ পথ মুকলি কৰি লৈছে। এই সকল বৃহৎ চাহ গোষ্ঠীক চৰকাৰেও সকলো ধৰণৰ সুবিধা প্ৰদান কৰি আহিছে। অসমৰ চাহ উদ্যোগৰ সৈতে প্ৰায় ৬০ লাখ চাহ জনগোষ্ঠীয় লোকৰ জীৱন জীৱিকাৰ কথা জড়িত হৈ আছে। এইসকল লোককো বৃহৎ চাহ খেতিয়কে লুণ্ঠন কৰাই শুনা যায়।

বৃহৎ চাহ গোষ্ঠীক সুবিধা কৰি দিয়াৰ বিপৰীতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আৰ্থিক, চাহ খেতিৰ বাবে প্ৰশিক্ষণ, বনুৱা, ধন, প্ৰাকৃতিক দুৰ্যোগ আদি বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ নাম লৈ ৰাজ্যৰ লক্ষাধিক ক্ষুদ্ৰ চাহ বাগিচাৰ  কেচা চাহৰ প্ৰকৃত মূল্য প্ৰদানৰ ক্ষেত্ৰত বৃহৎ চাহ গোষ্ঠীসমূহেই  প্ৰতিবদ্ধকতাৰ সৃষ্টি কৰিছে। এইধৰণৰ প্ৰবঞ্চনাৰ অভিযানত সাৰপানী যোগায় পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ক্ষুদ্ৰ চাহ খেতিয়কসকলে ধাৰাবাহিক আন্দোলন আৰু ৰাজপথত চাহপাত পেলাই কেঁচাপাতৰ মূল্য কেজিয়ে প্ৰতি ১৫টকাকৈ নিৰ্ধাৰিত কৰিবলৈ চৰকাৰক বাধ্য কৰাইছিল।

কিন্তু চৰকাৰে এক অধিসূচনা জাৰি কৰি সেই  দাবী কাৰ্যকৰী কৰিবলৈ দিয়াৰ পাছতো উপায়ুক্তসকলে এই নিয়ম কাৰ্যকৰী কৰিব নোৱাৰিলে। বিভিন্ন স্থানত কেঁচা চাহপাতৰ মূল্য বিভিন্ন। গোলাঘাটত ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতত ১৮-২০ টকা লাভ কৰাৰ বিপৰীতে ডিব্ৰুগড়, তিনিচুকীয়াত খেতিয়কসকলে প্ৰতি কেজি কেঁচা চাহপাতত ১২-১৪টকাকৈহে লাভ কৰি আহিছে।

বিগত দশকত সমগ্ৰ বিশ্বজুৰি চাহৰ উৎপাদন বৃদ্ধিৰ হাৰ ৪.৪ শতাংশ হোৱাৰ বিপৰীতে চাহৰ বিক্ৰীৰ হাৰ ৪.৫ শতাংশলৈ বৃদ্ধি পাইছে। ২০১৭-১৮ বৰ্ষত ভাৰতত মুঠ চাহ উৎপাদনৰ পৰিমাণ আছিল ১৩২৫.০৫ মিলিয়ন কেজি। ২০১৬-১৭ বৰ্ষত সেই পৰিমাণ আছিল ১২৫০.৪৯ মিলিয়ন কেজি। চাহ উৎপাদনৰ এই বৃদ্ধিৰ সমান্তৰালভাৱে ২০১৬-১৭ বৰ্ষত ভাৰতে বিদেশলৈ ৰপ্তানি কৰা চাহৰ পৰিমাণ আছিল ২২২.৪৫ মিলিয়ন কেজি আৰু ২০১৭-১৮ বৰ্ষত ৰপ্তানি কৰা চাহৰ পৰিমাণ ২৫১.৯১ মিলিয়ন কেজি। অৰ্থাৎ ৰপ্তানি বৃদ্ধিৰ হাৰ আছিল ১৩.২৪ শতাংশ। বিগত দশকটোত চাহৰ ব্যৱহাৰ বৃদ্ধি ২৬.৮ শতাংশ হৈছে। এনে প্ৰেক্ষাপটত এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে চাহৰ বিক্ৰী হ্ৰাস হোৱাৰ বাবেই বা চাহপাতৰ উৎপাদন ৰাজ্যত বৃদ্ধি হোৱাৰ বাবেই কেঁচা চাহপাতৰ মূল্য হ্ৰাস পোৱা বুলি কৰা মন্তব্য হাস্যকৰ।

কেইদিন মানৰ পূৰ্বে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অসমৰে মানসম্পন্ন ১ কেজি চাহ বিক্ৰী হৈছিল ৪০ হাজাৰ টকাত। যিটো এক অভিলেখ। চাহ উদ্যোগৰ সৈতে জড়িত এক সূত্ৰৰ মতে বিশ্বৰ আগবঢ়া দেশসমূহ ব্ৰিটেইন, আমেৰিক, চীন, ৰাছিয়া  আদি দেশৰ লগেত ভাৰততো গুণগত চাহৰ চাহিদা বৃদ্ধি পাইছে। ৰাসায়নিক সাৰ আৰু কীটনাশক বৰ্জনেৰে যিবোৰ চাহ উৎপাদন কৰা হয়, তাৰ মূল্য দিবলৈ গ্ৰাহক সদায় প্ৰস্তুত।

তাকেই নকৰি বৃহৎ চাহগোষ্ঠীসমূহে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক শিখণ্ডিৰূপে লৈ তেওঁলোকৰ গুণগত চাহেৰে নিজৰ অস্তিত্ব জাহিৰ কৰি আছে। গুণগত চাহ উৎপাদন কৰা বৃহৎ গোষ্ঠীসমূহৰ ভিতৰত মেকলয়ড ৰাছেল, এমালগেমেটেড টি প্লেণ্টেশ্যন, ধনশিৰি, ৱাৰেন, পেৰী এগ্ৰ', মাজবাট টি কোম্পানী, দলৌজান, আঠাবাৰী আদি অসমীয়া মালিকানাধীন চাহ বাগান তথা বটেলিক ফেক্টৰীসমূহত উন্নত চাহহে বিশ্ববজাৰত গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আছে। অসমত অতি সাধাৰণভাৱে চলিত বৰ্ষত ৬০-৪০০ টকা কিলোত চাহপাত বিক্ৰী হৈছে।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ এই সমস্যাৰ প্ৰতি সদায় উদাস ৰাজ্য চৰকাৰ। গৰিষ্ঠ সংখ্যক চাহখেতিয়কে আজিও তেওঁলোকৰ চাহ খেতি কৰা মাটিসমূহ আনুষ্ঠানিকভাৱে চৰকাৰে লীজত দিয়া নাই। যাৰবাবে এই খেতিয়কসকলে বেংকৰ ঋণ বা চাহ বৰ্ডৰ পৰা পাব লগা উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। বৃহৎ সম্ভাৱনা থকাৰ পাছতো থলুৱা অসমীয়া যুৱকসকল জড়িত হৈ পৰা এই ক্ষুদ্ৰ চাহ খেতিয়কসকলক ৰহস্যজনকভাৱে উপেক্ষা কৰে প্ৰতিখন চৰকাৰে।

অথচ আজিৰ তাৰিখত এই ক্ষুদ্ৰ চাহ খেতিয়কসকলেই বিশ্বৰ বজাৰত চাহৰ জড়িয়তে অসমৰ নাম ৰক্ষা কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। এওঁলোকৰ প্ৰতি চৰকাৰে কেতিয়াবা সুদৃষ্টি দিব নে? নে বৃহৎ চাহ গোষ্ঠীবোৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলক লুণ্ঠন চলাবলৈ চলোৱা অপপ্ৰচাৰৰ দৰেই চৰকাৰেও সুৰ মিলাই মিছাকৈয়ে বজাৰত চাহৰ চাহিদা হ্ৰাস পাইছে বা মূল্য কমিছে বুলি মন্তব্য কৰি এই খেতিয়কসকলক প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিয়েই ৰাখিব?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in