সীমা সমস্যা আৰু সমাধান…

সীমা সমস্যা আৰু সমাধান…

ৰাজৰ্ষি চহৰীয়া

অসম আৰু মেঘালয় সীমা সমস্যা বহু পুৰণি। এই সমস্যা সমাধান কৰাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰ অৰ্থাৎ ২০ জানুৱাৰী, ২০২২ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা এই বৈঠকখনত উপস্থিত হয় বৃহস্পতিবাৰে বিয়লি ভাগত।

বৈঠকখনৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সাংবাদিকৰ আগত কয় যে- কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে আজি (২০ জানুৱাৰী, ২০২২) সীমা সমস্যা সন্দৰ্ভত আলোচনা কৰা হৈছে। গৃহ মন্ত্ৰণালয়ে এই সন্দৰ্ভত পুনৰ ২৬ জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱসৰ পাছত আমাৰ সৈতে এক বৈঠকত বহিব বুলি জনাইছে, যাতে এই আলোচনা আগবঢ়াব পৰা যায়।

ইফালে, বৈঠকত উপস্থিত থকা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সাংবাদিকৰ আগত কয় যে- অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁ সাক্ষাৎ কৰি ক্ষেত্ৰ ভিত্তিক যি সমিতি আছিল সেই সমিতিৰ এক প্ৰতিবেদন দাখিল কৰিছে। লগতে তেওঁ দুয়োখন ৰাজ্যৰ তৰফৰ পৰা এই সমস্যা সমাধানৰ বাবে যি ধৰণে আগুৱাই অহা হৈছে তাক প্ৰশংসা কৰে।

দৰাচলতে, অসম আৰু মেঘালয় দুয়োখন ৰাজ্যৰ মাজত সীমা সমস্যা প্ৰায় ৫ দশক পুৰণি। এই সীমা সমস্যা সমাধানৰ বাবে গিভ এণ্ড টেক (Give-and-take) ফৰ্মুলাক মঞ্জুৰি প্ৰদান কৰা হৈছে। প্রথম স্তৰত ১২ টা স্থানৰ ৬টা স্থানৰ সমাধান কৰা হ'ব। আৰু এই ৬ স্থান ক্ৰমে- তাৰাবাৰী, গিজাং, বকলাপাৰা, পিলিকাটা, ৰাতাচাৰা আৰু হাহিম।

উল্লেখ্য যে, ১৮ জানুৱাৰী, ২০২২ত দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ কইনাধৰাৰ ১ নং অতিথিশালাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকতে বিবদমান ১২টা স্থানৰ ৬ স্থানৰ সমস্যা সমাধানক লৈ আলোচনা কৰা হয়। এই বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি পিলিংকাটা, লাম্পী, পশ্চিম গুৱাহাটীৰ সৰু অংশ মেঘালয়ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠক সম্পন্ন হোৱাৰ পাছতে বিধায়ক আমিনুল ইছলামে কয় যে- অসমে ১৮.৫১ বৰ্গ কিলোমিটাৰ ভূমি লাভ কৰিব। আৰু মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ ভূমি। ইয়াৰ ফলত ভৱিষ্যতে কেতিয়াও এই স্থানসমূহ মেঘালয়ে দাবী কৰিব নোৱাৰিব। অৱশ্যে এই বৈঠকৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই। আৰু তেওঁ দুয়োখন ৰাজ্যৰ সীমা সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় সৰ্বদলীয় বৈঠকৰ পৰিৱৰ্তে বিধানসভাত আলোচনা কৰাৰ আহ্বান জনায়।

উল্লেখ কৰাৰ প্ৰয়োজন যে, নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাৎ ২০২২চনৰ ৩ জানুৱাৰীত শ্বিলঙত সীমা সমস্যাৰ বিষয়ত অনুষ্ঠিত এক বৈঠকত উপস্থিত হৈছিল অসমৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ উপস্থিতিত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং আৰু দুয়োখন ৰাজ্যৰ বিষয়াৰ সৈতে এই সীমা সমস্যাৰ বিষয়ত বৈঠকত মিলিত হৈছিল মন্ত্ৰী হাজৰিকা।

এই বৈঠকতে দুয়োখন ৰাজ্যৰ কামৰূপ মেট্ৰ আৰু ৰি' ভ'ই জিলাৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিৰ প্ৰতিনিধিসকলে চৰজমিন তদন্ত কৰি প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰা হয়। দুয়োখন ৰাজ্যৰ প্ৰতিনিধিসকলে প্ৰস্তুত কৰা এই প্ৰতিবেদন মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী টিনচঙৰ মাজত কৰা হয় বিনিময়। এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অঞ্চল কেইটাৰ স্থানীয় লোকৰ মতামতক বিশেষ গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ে শান্তিপূৰ্ণভাৱে সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰে।

এই বৈঠকত মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে গঠন কৰা সমিতিসমূহৰ প্ৰতিবেদন দাখিল সমাপ্ত হোৱাৰ লগে লগে সোনকালেই ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত সীমা সমস্যা সমাধানৰ বাবে চূড়ান্ত সিদ্ধান্ত ল'ব পৰা যাব বুলি কৈছিল। আৰু ২০ জানুৱাৰী, ২০২২ত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰে বৈঠকত মিলিত হৈ এই দুয়োখন ৰাজ্যৰ সমিতিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন দাখিল কৰে।

উল্লেখ্য যে, ১৯৭২ চনৰ ২১ জানুৱাৰীত সেই সময়ৰ অসমৰ খাচী হিলছ আৰু জয়ন্তীয়া হিলছ আৰু গাৰো হিলছ এই দুখন জিলা কেন্দ্ৰ কৰি মেঘালয় ৰাজ্য গঠন কৰা হয়। পূৰ্ণ ৰাজ্য হিচাপে মৰ্য্যাদা পোৱাৰ আগতে ১৯৭০ চনত মেঘালয় স্বায়ত্ত্ব শাসিত অঞ্চল আছিল। দুয়োখন ৰাজ্যই ৭৩৩ কিলোমিটাৰ সীমান্তত লাগি আছে। যোৱা কেইবা বছৰৰ পৰা প্ৰায়ে দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী এলেকাসমূহত হিংসাত্মক ঘটনা সংঘটিত হৈ অহা খবৰ হৈ আহিছে।

পিছে এতিয়া এই সীমা সমস্যা সমাধান হোৱাৰ দিশে আগবঢ়া যেন বোধ হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ ওচৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিবেদন জমা দিয়া, দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে অতি সক্ৰিয়ভাৱে আগবাঢ়ি অহা প্ৰতি লক্ষ্য ৰাখি এই সমস্যা শীঘ্ৰেই সমাধান হ'ব বুলি আশা কৰিব পাৰি। কিন্তু তাৰ মাজতে সাধাৰণ ৰাইজৰ এই সীমা সমস্যাৰ সমাধান অতি শীঘ্ৰেই সমাধান হোৱাৰ আশা কৰাৰ লগতে প্ৰশ্ন কৰিছে যে- সমস্যা সমাধান হ'ব কেতিয়া?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in