বৰ্ণিল কৃষ্টি, বহু ৰঙী ভোগালী…

বৰ্ণিল কৃষ্টি, বহু ৰঙী ভোগালী…

♦ ৰাজৰ্ষি চহৰীয়া

ভাষণ দি থাকোতেই সন্মুখৰ চিৰিৰে মঞ্চলৈ উঠি আহিছিল মানুহজন। মোৰ কাষলৈ আহি তেওঁ ক'লে- 'মই এটা প্ৰশ্ন সুধিব পাৰো নেকি?' এনে পৰিস্থিতিৰ সন্মুখীন আগেয়ে হোৱা নাই। তথাপিও, শান্তভাৱেই তেওঁৰ পৰা জানিব বিচাৰিলো- 'কি সুধিব?' মানুহজন নিজেই মাইক্ৰ'ফোনটোৰ ওচৰলৈ কাষচাপি গ'ল। মই সামান্য পিচুৱাই দিওতেই ভোগালীৰ ফুৰফুৰিয়া গোন্ধ এটা মোৰ নাকত লাগিছিলহি। মাইক্ৰ'ফোনটোত তেওঁ ক'লে- 'আপুনি যে এই ডাঙৰ ডাঙৰ কথাবোৰ কৈ আছে, সন্মুখত দেখিছেনে সেইবোৰ কথা শুনা মানুহ নাই। যিখিনি মানুহে আহিছে, তেওঁলোকৰ উদ্দেশ্য খাদ্যৰ জুঁতি লোৱা। এই কথাটোকেই ক'ব খুজিছিলো।' বুলি কৈ নামি গ'ল মানুহজন।

মই পুনৰ মাইক্ৰ'ফোনটোৰ ওচৰলৈ গৈ মোৰ আধৰুৱা ভাষণ আৰম্ভ কৰিলো। কিন্তু মোৰ মস্তিষ্কত সভাৰ পিছতো এই কথাই খুন্দিয়াই থাকিল। তেওঁ যেন এই কথাৰ মাজেৰেই বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত বহু কথাই মোক বুজাই থৈ গ'ল। কিয়নো ফেষ্টিভ মুডত থকাৰ বাবেই সম্ভৱত মানুহজনেহে মই কি কৈছো, সেয়া শুনা নাছিল বা বুজা নাছিল। সন্মুখত নাই শুনা বুলি ভবা মানুহখিনিয়ে এই কথা ঠিকেই বুজিছিল যে, মই কথাখিনি মঞ্চত বহি থকা ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ মুৰব্বী বিষয়াগৰাকীক উদ্দেশ্যিহে কয় আছিলো। সেই বাবে সম্ভৱত তেওঁলোকে মানুহজনক বাট ভেটি ধৰি মঞ্চলৈ উঠাই আনি ক্ষমাও খুজালে। মই বাধা দিছিলো যদিও, তেওঁলোকে নামানিলে। সেই মানুহজন যেন আমাৰ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰখনৰ দৰেই ফেষ্টিভ মুডত থকা অঁকৰা চৰকাৰখনৰেই প্ৰতীকি ৰূপ। যিখন চৰকাৰে সমগ্ৰ ৰাজ্যখনৰ লগতে চুবুৰীয়া ৰাজ্যৰ চৰকাৰেও নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কি কৈছে বা কেনে স্থিতি গ্ৰহণ কৰিছে সেয়া শুনা নাই বুজিবলৈ সক্ষম হোৱা নাই।

উৰুকাৰ ভোজৰ পিছতেই পুৱা জ্বলিব মেজি। কাৰোবাৰ বাবে এয়া গতানুগতিক পৰম্পৰা। কাৰোবাৰ বাবে অগ্নিক প্ৰাৰ্থনা, আন কাৰোবাৰ বাবে অগ্নিক সাক্ষী কৰি হয়তো সংকল্প লোৱাৰ সময়, আৰু একাংশৰ বাবে এয়া কেৱল ভোগ আৰু ভোগৰ বতৰ। বিচিত্ৰ সমাজ, বৰ্ণিল সংস্কৃতি আৰু ৰজাঘৰ-প্ৰজাঘৰৰ মাজৰ ছাঁ-পোহৰৰ যেন ধেমালি। উজান বজাৰত ৩২ কেজি ওজনৰ ভকুৱা মাছ কিনি ভোগালী পতা লোক যিদৰে আছে, সেইদৰেই লঘূণীয়া পেটেৰে বিলাসী ভোজৰ আলপৈচান ধৰি দুপইচা উপাৰ্জন কৰা মানুহৰো আকাল নাই অসমত। একে সময়তে আছে জাতিটোৰ সংকটৰ বাবে চিন্তা কৰি ইয়াৰ পৰিত্ৰাণ বিচাৰি অনশনত বহা অখিল গগৈ, উৰুকা পাহৰি ঘাইপথ অৱৰোধ কৰা প্ৰতিবাদী ধ্বনিৰে চহৰ কঁপোৱা কলেজীয়া তৰুণ কিম্বা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে নলবাৰীত অনশনত বহা যুৱ ছাত্ৰ।

মানুহজনে মাইক্ৰ'ফোনত কোৱা কথাবোৰৰ আঁত ধৰি আকৌ কওঁ- ভিন্ন চিন্তা, ভিন্ন পৰিস্থিতি আৰু ভিন্ন উন্মাদনাৰ মাজত চৰকাৰে যি মন যায়, তাকে কৰি গৈছে। ৰাইজৰ কথা শুনিবলৈ, ভাবিবলৈ জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰৰো যিদৰে আহৰি নাই, সেইদৰেই সমগ্ৰ ৰাজ্যখন প্ৰতিবাদমুখৰ হৈ থকা সময়তো তেনে প্ৰতিবাদক পেংলাই কৰি অসমীয়া জাতিটোকে তাচ্ছিল্য কৰা লোকো আছে এইখন সমাজতে। তেনে লোকে জানে যে, সহনশীল, বিনয়ী অসমৰ জাতি-জনগোষ্ঠীৰ বৰ্ণিল সংস্কৃতিত আছে এনে এক সৰলতা, যি সৰলতাৰ বাবেই অপকাৰীজনকো বহু সময়লৈকে নম্ৰতাৰে সহ্য কৰে। সেয়েহে চৰকাৰ অথবা তেনে লোকে বহু সময়ত পাহৰি যায় যে, মোগল খেদা অসমীয়াই ধৈৰ্য্যৰ বান্ধ ছিঙিলে মৰিবও পাৰে, লাচিতৰ দৰে জাতিৰ স্বাৰ্থত আপোন মোমায়েককো কাটিব পাৰে।

উৰুকাৰ দিনটোৰ পৰিৱেশৰ মাজেৰে এই বিচিত্ৰতাই যেন অধিক স্পষ্ট হৈ আকৌ এবাৰ আমাৰ কৃষ্টি-সংস্কৃতিৰ প্ৰতি থকা দায়ৱদ্ধতা আৰু এক শ্ৰেণীৰ উদাসহীনতাৰ বিপৰীতে নতুন প্ৰজন্মৰ লগতে পুৰণিৰো একাংশই কিদৰে ঘাই শিপা বিচাৰি নতুন ধৰণেৰে যাত্ৰা আৰম্ভ কৰিছে। য'ত ভোগৰ দিনটোত ৰাইজক ভোগালীৰ পৰম্পৰা ৰক্ষা কৰিবলৈ কৈ কৃষক নেতা অখিল গগৈয়ে অনশনত নিজে বহি ভোগালীৰ পুৱা মেজিৰ জুইত শপত লৈ জাতি ৰক্ষাৰ শেষ ৰণত নামিবলৈ সংকল্প লোৱাৰ আহ্বান জনাইছে। কেৱল অখিলৰ আহ্বানৰ ক্ৰিয়াই নহয়, নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'লে ত্ৰিপুৰাৰ দৰে অৱস্থা অসমৰো হ'ব বুলি এই ভূ-খণ্ডৰ সকলো খিলঞ্জীয়াই হয়তো উপলব্ধি কৰিবলৈ লৈছে। সেই বাবেই উৰুকাৰ হাটলৈ যোৱাৰ পৰিৱৰ্তে ৰাইজ গৈছে বাট ভেটিবলৈ। বিহুৰ পূৰ্বেই ৰাজপথত মেজি জ্বলাই জাতি ৰক্ষাৰ সংকল্প গ্ৰহণৰ সমান্তৰালভাৱে অৱৰোধ কৰিছে পথ।

সংগ্ৰাম, জাতীয় স্বাভিমান, সাংস্কৃতিক ঐতিহ্য তথা পৰম্পৰাৰ সমান্তৰালভাৱে আগবাঢ়িছে স্বতন্ত্ৰ অৰ্থনীতিৰ পৰিকাঠামো নিৰ্মাণৰ নীৰৱ আন্দোলনো। যাৰ বাবেই যিদৰে আজি নগৰৰ বজাৰত উপচি পৰিছে ৰেডিমেড বিহুৰ সকলো সম্ভাৰ। তেনেদৰেই গাড়ীত সকলো সম্ভাৰ তুলি আপোন গাঁওখনলৈ ঢাপলি মেলিছে বৃত্তিৰ তাগিদাত নগৰীয়া জীৱন কটোৱা বহু জাতিপ্ৰেমী গঁঞাই।

নগেন ডেকাই উৰুকা বুলি মাছৰ দোকান খোলা নাই, কেৱল কাটিহে দিছেঃ উৰুকাৰ দিনটোত গধূলি একেলগে পৰিয়ালৰ সৈতে এসাজ খোৱাৰ উদ্দেশ্যৰে গাড়ীত খালী মোনাটো ভৰাই ওলাই গ'লো বজাৰৰ দিশে। সেই কেইখন অৱশ্যে চিনাকি বজাৰ। যি কেইখন বজাৰৰ সামগ্ৰীবোৰেও ছাগৈ চিনি পাই মোৰ ঘৰৰ বাচন-বৰ্তনবোৰক। প্রথমে আগবাঢ়িলো চানমাৰিৰ বজাৰখনলৈ। মাছ কিনিবলৈ আগবাঢ়ি দেখিলো দোকানখনৰ বাহিৰত দীঘলীয়া শাৰীপাতি ৰৈ আছে বহু কেইজন গ্ৰাহক। ময়ো যোগ দিলো সেই শাৰীত। নগেনৰ ঘৰ নলবাৰীত। কৰ্মসূত্ৰে গুৱাহাটীত আছেহি। তাৰ মাছৰ দোকানখনৰ পৰা প্ৰায়ে মাছ কিনি লৈ যাওঁ যদিও, আজি বেলেগৰ দোকানত মাছ কাটি থকা দেখি মই সুধিলো- উৰুকাৰ দিনটোত নিজৰ দোকান বন্ধ ৰাখি, বেলেগ দোকানত মাছ কাটি দিছা যে, কিয়? নগেনে হাঁহি ক'লে- দাদা, আজি দোকান খুলিলে ঘৰলৈ কেতিয়া গৈ পাম তাৰ কোনো ঠিকনা নাই। সেয়েহে মাছ কাটি দিছো, যাতে সময়ত ঘৰলৈও যাব পাৰো আৰু দুই এক টকা উপাৰ্জনো হওঁক। তাৰ কথাষাৰ শুনি ভাল লাগিল। অসমীয়া ডেকাই যে মহানগৰীৰ বজাৰখনত উপাৰ্জনৰ বাবে নামি পৰিছে সেইটো এই জাতিটোৰ বাবে এক ভাল খবৰ। তাৰ পাছতেই হাঁহ কিনিবলৈ আগবাঢ়িলো…

নিতুল সেনচোৱাৰ হাঁহৰ হাইটেক দোকানখনঃ ৰেলৱে কলনীৰ আৰু এখন দোকান মোৰ চিনাকি। হাঁহ কিনিবলৈ গ'লে নিতুলৰ তাতেই যাওঁ প্ৰায়ভাগ। নিতুলো এজন অসমীয়া ডেকাই। উচ্চশিক্ষা গ্ৰহণৰ পাছত চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰিছিল নে নাই বিশেষ নাজানো, কিন্তু চাকৰিৰ বাবে যে বাট চাই ৰৈ নাথাকি মহানগৰীত আহি স্বাৱলম্বী হৈছে সেইটো বুজিব পাৰি। নগেনৰ এইখনৰ বাহিৰেও আন দুই-তিনিখন মান হাঁহৰ দোকান আছে। কিন্তু উৎসৱৰ সময়ত নিতুল এই দোকানখনতেই থাকে। দোকানখনত হাঁহৰ পাখিবোৰ আঁতৰোৱাৰ বাবে এটা মেচিন আছে। মাত্ৰ ২ মিনিটৰ ভিতৰতেই হাঁহটোৰ সকলো পাখিবোৰ মেচিনটোৱে আঁতৰাই পেলায়। শিক্ষিত এই অসমীয়া ডেকাজনেও পুৰণি সময়ত প্ৰায়ে শুনিবলৈ পোৱা 'হাঁহ, কুকুৰা, মাছ অ-অসমীয়া মানুহেহে কৰে' কথাষাৰৰ যেন বিপৰীতে ছবি দাঙি ধৰে। উৰুকাৰ দিনটোত প্ৰায় ৬০টা হাঁহ বিক্ৰি কৰিব নিতুলে। লাভ হয়তো ৬হাজাৰ মান টকা হ'ব। তাৰ পাছতেই আৱেলি ঘৰমূৱা হৈ পৰিয়ালৰ সৈতে এসাজ খাব উৰুকা বুলি। তাৰ পাছতেই গাড়ীত উঠি আগবাঢ়িলো গাড়ীখন লৈ, আৰু দেখিলো মহানগৰীৰ পথৰ কাষত ৰেডিমেড ভোগালী বিহু…

মহানগৰীৰ কেইটা স্থানত ৰেডিমেড মেজি আৰু গ্ৰাহকঃ গণেশগুৰি, চানমাৰি, মালিগাঁও আদি ঠাইত উপলব্ধ ৰেডিমেড মেজি। ৬-৭ ফুটৰ পৰা ৮-১০ ফুট দৈৰ্ঘ্যৰ মেজি ফুটপাথৰ কাষতেই বিক্ৰি কৰিছে একাংশ অসমীয়া যুৱকেই। মেজি কেইটা অৱশ্যে কিনাৰ কোনো পৰিকল্পনা নাছিল। কিন্তু জানিবলৈ মন গৈছিল এই মেজি কেইটাৰ দাম। ৬০০ টকাৰ পৰা ১২০০ টকালৈ দীঘল অনুযায়ী দাম মেজি কেইটাৰ। অসমীয়া যুৱকে মহানগৰীৰ বজাৰখনত যেন লাহে লাহে প্ৰৱেশ কৰিবলৈ লৈছে। দুই এজনে মেজি ক্ৰয়ো কৰিছে। ঠিক সেই সময়তে ৰাস্তাটোৰ সিপাৰৰ পৰা সম্ভৱত উজনিমুৱা হৈছে এখন গাড়ী। পৰিয়ালটোৰ আটাইকেইজন ছাগৈ ওলাইছে গাঁৱৰ ঘৰখনলৈ। কিন্তু গাড়ীখনৰ ওপৰতেই দেখিলো এটা ৰেডিমেড মেজি। এই দৃশ্যই যেন বুজাই গ'ল যে, ভোগালী এতিয়া নগৰমুৱা হৈছে। আৰু নগৰত বসবাস কৰা অসমীয়া সকলে নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ টানৰ বাবে এৰিব পৰা নাই গাঁওখনক। ভোগালীৰ বজাৰখন যদিও নগৰমুৱা, কিন্তু অসমীয়াসকল গাঁৱৰ সেই পুৰণি পৰিৱেশৰ প্ৰতি থকা টানৰ পৰা বিমুখ হ'ব পৰা নাই। এইবোৰো জাতিটোৰ বাবে ভাল খবৰ।

অসমীয়া থলুৱা মানুহে বনোৱা পিঠা-লাড়ুৰ দোকান কেইখনঃ মহানগৰীৰ ভোগালীৰ বজাৰত পিঠা-পনা, লাড়ুৰ দোকানবোৰেও বেছ ভালেই ব্যৱসায় কৰিছে। গঁঞা ৰাইজে বনোৱা সেই পিঠা-লাড়ুৰ সোৱাদ ল'বলৈ যিসকল অসমীয়াই গাঁৱৰ ঘৰখনলৈ ঢাপলি মেলিব পৰা নাই, তেওঁলোকেও ভোগালীৰ বজাৰখনত লাভ কৰিছে পিঠা-লাড়ুৰ সোৱাদ। মহানগৰীৰ ব্যস্ততাৰে ভৰা জীৱনত বহুতেই হয়তো ঘৰত বনাবলৈ সময় পোৱা নাই পিঠা-লাড়ু বনাবলৈ। কিন্তু ভোগালীত যে এইবোৰেই অতি গুৰুত্বপূৰ্ণ। ভোগালীৰ বজাৰত অসমীয়া ডেকাই প্ৰৱেশ কৰিছে, যাৰ বাবে মহানগৰীৰ অসমীয়া লোকসকলৰ বাবে সুবিধা হোৱাটো হয়তো বহুতে নুই কৰিবও নোৱাৰে। গাঁৱৰ ঘৰখনৰ পৰা দূৰৈত থাকিও, ভোগালীৰ পিঠা-লাড়ুৰ পৰা দূৰ হ'বলগীয়া হোৱা নাই। ইয়াৰ দ্বাৰা মহানগৰবাসীৰ লগতে এই দোকানৰ পৰা উপাৰ্জনৰে অসমীয়া যুৱকসকলো স্বাৱলম্বী হোৱাৰ এটা পথ বিচাৰি পাইছে।

যোৱা বৰ্ষৰ ২২ কেজিৰ চিতলক হৰুৱাই এইবাৰৰ ভোগালীৰ বজাৰত ৩২ কেজি ওজনৰ ভকুৱাঃ 

প্ৰতিবছৰেই ভোগালী বিহুত এক অঘোষিত প্ৰতিযোগিতা দেখিবলৈ পোৱা যায়। কোনখন বজাৰত কিমান ওজনৰ মাছ এইবাৰ বিক্ৰী হৈছে। মাছ অবিহনে উৰুকাৰ নিশাৰ ভোজ অসম্পূৰ্ণ বুলিয়ে জনা যায়। এইবাৰৰ ভোগালী বিহুতো অৱশ্যে এটা ভকুৱাই যেন লাভ কৰিলে এই অঘোষিত প্ৰতিযোগিতাত 'ফাৰ্ষ্ট প্ৰাইজ'। যোৱা বৰ্ষ ২২ কেজিৰ চিতল আছিল শীৰ্ষত। কিন্তু ২২ কেজিৰ চিতলক পিছ পেলাই এইবাৰ বজাৰত বিক্ৰী হৈছে ৩২ কেজি ওজনৰ ভকুৱা। এই ভকুৱাটো কোনে ক্ৰয় কৰিলে সেইটো জানিব পৰা নহ'ল যদিও, এটা কথা জানিব পৰা যায় যে, ভোগালীত এক বিলাসিতা জীৱন নিৰ্বাহ কৰা লোকো আছে। কোনো কোনো অসমীয়া দৰিদ্ৰ পৰিয়ালে হয়তো উৰুকাৰ নিশা এসাজ খাবলৈ চাউলৰ অভাৱৰো সন্মুখীন হৈছে। কিন্তু তাৰ সমান্তৰালভাৱে ৩২ কেজি ওজনৰ যে মাছ কিনি লৈ যোৱা মানুহৰো অভাৱ নাই সেইটোও ঠিক। হয়তো এই বিলাসী পৰিয়ালটোৰ বাবে অসমত চলি থকা প্ৰতিবাদৰ মাজতো চলিছে 'হেপ্পী ভোগালী বিহু'।

উৰুকাৰ ভোজ-ভাত এৰি, দুপৰীয়া ২ বজাৰ পৰা অনশনত বহিছে কৃষক নেতা অখিল গগৈ। তেওঁক চচলৰ প্ৰতিবাদস্থলীত আহি সংগ দিব নোৱাৰিলেও অসমৰ ভিন্ন স্থানত উৰুকাৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ ছাত্ৰ-ছাত্ৰী আৰু সংগঠনে। শিৱসাগৰৰ ৰাজ পথত জিলাখনৰ মহাবিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ এক প্ৰতিবাদী সমদল বাহিৰ কৰে। নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জিলাখনৰ আটাইকেইখন মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সমদল বাহিৰ কৰি আহি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি নগৰৰ দ'লমুখ চাৰিআলিত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ইফালে, জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিয়েও দুপৰীয়া ১২ বজাৰ পৰা ২৪ ঘণ্টীয়া অনশন কার্যসূচী আৰম্ভ কৰে। পৰিষদৰ জিলা সমিতিয়ে এক বিবৃতিত উল্লেখ কৰে যে জাতি-মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা জাতীয় নায়ক খ্যাত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে দিল্লী আৰু নাগপুৰৰ শ্ৰুতলিপি মতে দ্বিতীয় বদনৰ ৰূপ লৈ যি জাতিধ্বংসী কাৰ্যত সহযোগ কৰিছে সেয়া অসম আৰু অসমৰ খিলঞ্জীয়া জনগণৰ বাবে অপমান জনক, লজ্জাজনক আৰু ধিক্কাৰজনক।

এইবোৰ জাতিধ্বংসী বিধেয়ক, চৰকাৰ আৰু জাতীয় নায়কগৰাকীৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াসকলে প্ৰকাশ কৰা ক্ষোভ। কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা দল-সংগঠনসমূহৰ নেতা-কৰ্মীসকলে এই বিধেয়কখনে যে অসমীয়া জাতিটো নিঃশেষ কৰিব সেই কথা বুজিছে। অৱশ্যে ইয়াৰ উমান একাংশ শীৰ্ষ নেতায়ো নোপোৱা নহয়। বিধানসভাৰ অধ্যক্ষ, বিধায়ক অতুল বৰা, পদ্ম হাজৰিকাৰ পৰা চুবুৰীয়া ৰাজ্য চৰকাৰেও বিৰোধিতা কৰিছে এই বিধেয়কখনৰ। কাৰণ তেওঁলোকে বুজে অসমীয়াৰ আৱেগক আঘাত কৰাৰ পৰিণতি। পূৰ্বেও অসম আৰু অসমীয়া জাতিক ক্ষতি কৰিবলৈ চেষ্টা কৰা বহু কেইজন নেতা-মন্ত্ৰী এতিয়া পাহৰণি গৰ্ভত। হয়তো অসমৰ জাতীয় নায়কগৰাকীয়েহে এই বিধায়কখন যে আইনত পৰিণত কৰিলে অসমীয়াৰ আৱেগক আঘাত কৰা হ'ব সেই কথা বুজিব বা উপলব্ধি কৰিব পৰা নাই। অসমীয়া জাতিটোৰ বিৰুদ্ধে থিয় হোৱা মোগল আৰু ব্ৰিটিছক পূৰ্বতেই খেদা হৈছিল, তাৰ সাক্ষী ইতিহাস।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in