টি-২০ বিশ্বকাপত ইতিহাস ৰচিলে অষ্ট্ৰেলিয়াই, পিন্ধিলে শিৰত বিজয়ৰ মুকুট…

টি-২০ বিশ্বকাপত ইতিহাস ৰচিলে অষ্ট্ৰেলিয়াই, পিন্ধিলে শিৰত বিজয়ৰ মুকুট…

ৰাজৰ্ষি চহৰীয়া

প্ৰায় এমাহৰ মূৰত ক্ৰিকেটপ্ৰেমী সকলে জানিলে কোন হ'ল টি-২০ বিশ্বকাপৰ বিজয়ী। ১৭ অক্টোবৰ, ২০২১ৰ পৰা আৰম্ভ হোৱা এই টুৰ্নামেন্টক লৈ বিশ্বৰ যিমানবোৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰে সেই প্ৰতিটো দেশৰে ক্ৰিকেট প্ৰেমীসকলে বিচাৰিছিল তেওঁলোকৰ দেশৰেই ক্ৰিকেট দল হওঁক বিজয়ী। কিন্তু জয়ৰ মুকুট কেৱল এটা ক্ৰিকেট দলৰহে নামত থাকে।

১৪ নবেম্বৰ, ২০২১। এই দিনটোত টি-২০ বিশ্বকাপৰ ফাইনেল মেচখনত আয়োজন হয়। সন্মুখসমৰত নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া। খেলপথাৰত দুয়োটা ক্ৰিকেট দলৰ অধিনায়ক আহে আৰু টছ কৰে। হেড বা টেইল! আৰু এই টছত অষ্ট্ৰেলিয়াই জয়ী হৈ প্ৰথমে নিউজিলেণ্ডক বেটিং কৰিবলৈ সুযোগ প্ৰদান কৰে।

নিউজিলেণ্ডৰ ক্ৰিকেট দলটোৱেও ফাইনেল মেচত খেলাৰ দৰেই খেলে। ভাল বেটিং, ভাল বলিং আৰু ভাল ফিল্ডিং কৰে নিউজিলেণ্ডৰ দলটোৱে। ২০ অভাৰৰ খেলা অৰ্থাৎ ১২০টা বল। এই ১২০টা বলতেই যিমান পাৰে সিমান ৰান সংগ্ৰহ কৰিব এক ডাঙৰ লক্ষ্য অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিবলৈ চেষ্টা আৰম্ভ কৰে নিউজিলেণ্ডে।

নিউজিলেণ্ড ক্ৰিকেট দলৰ অধিনায়ক গৰাকীয়ে যি ধৰণে খেলে সেয়া লেখত ল'বলগীয়া। কিয়নো ফাইনেল মেচখনত দলটোৱে ২০ অভাৰত ৪ উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। নিউজিলেণ্ড দলৰ অধিনায়ক কেনী উলিয়ামছনে সৰ্বাধিক ৰান সংগ্ৰহ কৰে। খেলুৱৈ গৰাকীয়ে ৮৫ ৰান মাত্ৰ ৪৮টা বলত সংগ্ৰহ কৰি দলটোৰ বাবে এক বিশেষ ভূমিকা পালন কৰি যায়।

নিউজিলেণ্ড দলৰ বেটিং শেষ হোৱাৰ পাছত ১০-১৫ মিনিট জিৰণিৰ পাছতেই খেলপথাৰত বেট লৈ নামে কাংগাৰু দলৰ অপেনাৰ্ছ দুজন ক্ৰমে মিচেল মাৰ্ছ আৰু ডেভিড ৱাৰ্নাৰ। ৫০টা বলত মিচেলে ৭৭ ৰান আৰু ডেভিড ৱাৰ্নাৰে ৩৮টা বলত ৫৩ ৰান আৰু ২৮ ৰান ১৮ বলত গ্লেন মেক্সৱেলে সংগ্ৰহ কৰে।

মাত্ৰ দুটা উইকেট হেৰুৱাই ১৮.৫ অভাৰতে ১৭৩ ৰান কৰি অষ্ট্ৰেলিয়াই নিজৰ নামত ২০২১ৰ টি-২০ বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। টি ২০ বিশ্বকাপৰ ফাইনেলত মহাবিজয়ী হ'ল অষ্ট্ৰেলিয়া। সঁচাকৈ অতি ভাল খেল প্ৰদৰ্শন কৰিলে কাংগাৰু বাহিনীয়ে।

উল্লেখ কৰাৰ প্ৰয়োজন যে টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ বিজয়ী হ'ল অষ্ট্ৰেলিয়া। এয়া সঁচাকৈ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ বাবে অতি সুখৰ সময়। ২০০৭চনৰ পৰা আৰম্ভ হোৱা টি-২০ ক্ৰিকেট বিশ্বকাপত প্রথম বৰ্ষত বিজয়ী আছিল ভাৰতীয় ক্ৰিকেট দল।

ভাৰতে ২০০৭চনৰ টি ২০ বিশ্বকাপৰ ফাইনেল মেচখনত জয়ী হৈ প্রথম বাৰলৈ নিজৰ নামত এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তাৰপাছত ক্ৰমে ২০০৯চনত পাকিস্তান, ২০১০চনত ইংলেণ্ড, ২০১২চনত ৱেষ্ট ইণ্ডিছ, ২০১৪চনত শ্ৰীলংকা, ২০১৬চনত পুনৰ ৱেষ্ট ইণ্ডিছ আৰু অৱশেষত ২০২১চনত বিজয়ী হ'ল অষ্ট্ৰেলিয়া।

ভাৰতৰ ক্ৰিকেট প্ৰেমীসকলৰ ভিতৰত বহুতৰে আশা আছিল যে আজিৰ এই ফাইনেল মেচখনত নিউজিলেণ্ড বিজয়ী হ'ব। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। কিয়নো অষ্ট্ৰেলিয়াই সঁচাকৈ বহু ভাল খেল প্ৰদৰ্শন কৰি নিজৰ নামত টি-২০ বিশ্বকাপ ২০২১ৰ বিজয়ীৰ খিতাপ দাখিল কৰি থৈ গ'ল।

উল্লেখ্য যে, এইবাৰৰ টি-২০ বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা ভাৰতীয় ক্ৰিকেট প্ৰেমীসকলৰ ভিতৰত বহু আশা আছিল। ভাবিছিল ভাৰতীয় ক্ৰিকেট দলটোৱে এইবাৰ পুনৰ টি-২০ বিশ্বকাপত জয়ী হ'ব। গৌৰৱাম্বিত কৰিব প্ৰতিগৰাকী ভাৰতীয়ক। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। কিয়নো প্রথমখন মেচৰ পৰাই ভাৰতে বৰ বিশেষ ভাল খেল প্ৰদৰ্শন কৰিব পৰা নাছিল।

কিন্তু তাৰ পৰিৱৰ্তে পাকিস্তানে ভাল খেল পৰিদৰ্শন কৰি নিজক প্ৰমান কৰি গৈ আছিল। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে নিউজিলেণ্ড আৰু পাকিস্তানৰ বিৰুদ্ধে খেলপথাৰত নামিছিল অষ্ট্ৰেলিয়া।

প্ৰথমখন ছেমি ফাইনেল মেচত ইংলেণ্ডে বান্ধি দিয়া ১৬৬ ৰানৰ লক্ষ্য ভেদি নিউজিলেণ্ড জয়ী হয় আৰু দ্বিতীয় খন ছেমি ফাইনেলত পাকিস্তানে বান্ধি দিয়া ১৭৬ ৰানৰ লক্ষ্য ভেদি জয়ী হয় অষ্ট্ৰেলিয়া। মেচখন দুয়োখনৰ পাছত মাজত মাত্ৰ ৩টা দিন বাকী থাকে ফাইনেলৰ বাবে।

নিউজিলেণ্ড বনাম অষ্ট্ৰেলিয়া। দুয়োখন দেশৰ ক্ৰিকেট প্ৰেমীসকলে নিজৰ নিজৰ ক্ৰিকেট দলক সমৰ্থন জনাই ষ্টেডিয়ামত চিঞৰিলে। কিন্তু অৱশেষত ওলাল ফলাফল। দুয়োটা দলে বহু কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰে ফাইনেল মেচখনত নিজৰ ১০০ শতাংশ চেষ্টা চলালে। কিন্তু বিজয়ৰ মুকুট কেৱল এটা দলৰ শিৰতহে দিয়া হ'ব। সেয়া সত্য। আৰু অৱশেষত অষ্ট্ৰেলিয়াই অতি ভাল খেল প্ৰদৰ্শন কৰি এই খিতাপ নিজৰ নামত কৰিলে। আৰু ইতিহাত ৰচি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত জয়ী হ'ল অষ্ট্ৰেলিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in