ফেচবুকত গল্প-কবিতা, নতুন চিন্তা-চৰ্চাঃ অসমীয়া ভাষালৈ আশাৰ বতৰা…

ফেচবুকত গল্প-কবিতা, নতুন চিন্তা-চৰ্চাঃ অসমীয়া ভাষালৈ আশাৰ বতৰা…

► মৃদুল কুমাৰ সন্দিকৈ

এতিয়া সোধা নহয়- শুলে নে সাৰে আছে?

এতিয়া চোৱা হয়- অনলাইন আছে নে অফলাইন আছে।

এয়াই আজিৰ সময়ৰ সৈতে হোৱা যুগৰ পৰিৱৰ্তনৰ ফল। ছ'চিয়েল মিডিয়া, ডিজিটেল মাধ্যম মানুহৰ বাবে উপকাৰত আহিছে নে অপকাৰ সাধিছে ইয়াকলৈ বিতৰ্কৰ শেষ নাই। কোনো কোনোৰ মতে, ডিজিটেল মাধ্যমে সকলো শেষ কৰি দিছে। আন কিছুৰ মতে, ডিজিটেল মাধ্যমৰ প্ৰচাৰ আৰু প্ৰসাৰে সাৰ্বজনীন এক মাধ্যম সৃষ্টি কৰিছে। কাৰো অনুমতি নোলোৱাকৈয়ে এই মাধ্যমত যিকোনো দিশ, যিকোনো বিষয় উপস্থাপন কৰাৰ লগতে সাহিত্য চৰ্চা কৰাৰ এক নতুন মঞ্চ সৃষ্টি হৈছে।

অসমীয়া ভাষাত ডিজিটেল মাধ্যমে কি প্ৰভাৱ পেলাইছে? এই মাধ্যমে সৃষ্টিশীলতাক ধ্বংসৰ দিশে আগবঢ়াই নিছে নে এচাম নতুন প্ৰজন্মক সৃষ্টিশীল হ'বলৈ অধিক দায়ৱদ্ধশীল কৰি তুলিছে? এই প্রশ্নবোৰৰ উত্তৰ বিচাৰিলে, যুক্তি সহকাৰে ইয়াক বিশ্লেষণ কৰিলে এটা কথা নিশ্চিত হ'ব পাৰি যে- অসমীয়া ভাষাক পুনৰ চৰ্চা আৰু সৃষ্টিশীল কৰ্মত নতুন প্ৰজন্মৰ মাজত আগ্ৰহ সৃষ্টি কৰাৰ এক আন্দোলন গঢ়ি তুলিছে এই  মাধ্যমে। সেই কথা বহুতে অস্বীকাৰ কৰিব পাৰে। তেওঁলোকে ক'ব পাৰে- ডিজিটেল মাধ্যমত লাভ কৰা মন্তব্য, লাইক, শ্বেয়াৰ আদিয়ে মানুহৰ সৃষ্টিশীলতাক হ্ৰাস কৰিছে। লগতে ইয়াক উপলব্ধ, লেখা সমূহৰ মান নিৰূপনৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে।

মাজতে এচোৱা সময় অসমীয়া মাধ্যমৰ প্ৰতি মানুহৰ বিৰাগ সৃষ্টি হৈছিল। অসমীয়া মাধ্যমত ল'ৰা-ছোৱালীক পঢ়াব নিবিচাৰিছিল অভিভাৱকে। সেই সময়ত ভাষা আৰু সাহিত্যৰ প্ৰতি সংকট সৃষ্টি হৈছিল। এনেদৰে আশংকা কৰা হৈছিল যে- এনে গতিত অসমীয়াই অসমীয়া ভাষা-সাহিত্যক অৱজ্ঞা কৰিলে অসমীয়া ভাষা-সাহিত্য থাকিবগৈ নে? সেই সময়ৰ পাছতেই ডিজিটেল মাধ্যমত অসমীয়া ভাষা ব্যৱহাৰৰ এক জোৱাৰ উঠিছিল। ম'বাইলত অসমীয়াত মেছেজ দিয়া, ছ'চিয়েল মিডিয়াত অসমীয়াত লেখা-মেলা কৰিবলৈ নতুন প্ৰজন্মই হাতত ম'বাইল বা কম্পিউটাৰৰ কী-বৰ্ডত আঙুলি বোলাইছিল।

এয়া যে এক আন্দোলনৰ ৰূপ ল'ব আৰু ই ভাষা-সাহিত্যৰ বাবে আশা ব্যঞ্জক হৈ উঠিব সেই কথা কোনোৱে কল্পনা কৰা নাছিল। ফেচবুকত অসমীয়াত লেখা-মেলা কৰা, বিশেষকৈ কোনো এক জাতীয় বা সমাজ জীৱনক চুই যোৱা বিষয়ক লৈ নিজৰ মন্তব্য প্ৰকাশৰে আনৰ দৃষ্টি আকৰ্ষণ কৰা এই প্ৰক্ৰিয়াক বহুতে ল'ৰা-ধেমালি বুলি হাঁহিছিল। সময় অতিবাহিত হোৱাৰ লগে লগে এই কথা প্ৰমাণ হ'ল যে- বিশ্বৰ আটাইতকৈ শক্তিশালী মাধ্যম হিচাপে ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমত চৰ্চিত এই মন্তব্যবোৰক লৈয়ে বহু ঘটনাৰ বিৰুদ্ধে জনমত গঠন হ'ল। সেয়া মুল সূতিৰ সংবাদ মাধ্যমৰ বাবেও সম্ভৱ নাছিল।

অতি শেহতীয়াকৈ কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অভি-নীল কাণ্ড তাৰেই প্ৰমাণ। ডিজিটেল মাধ্যমৰ লগতে ছ'চিয়েল মিডিয়াত এই ঘটনাৰ বিৰুদ্ধে এনে জনমত গঠন হ'ল যে, ইয়াক কোনো কাৰণতেই সাধাৰণ ঘটনা বুলি চৰকাৰ বা আৰক্ষীয়ে আওকাণ কৰিব নোৱাৰিলে। তাৰ পূৰ্বে দিল্লীত সংঘটিত ডামিনী কাণ্ডত ছ'চিয়েল মিডিয়াই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি বলাৎকাৰৰ বিৰুদ্ধে এক গণ আন্দোলন গঢ়ি তুলিছিল।

এতিয়া বাতৰি কাকত, নিউজ চেনেলৰ বাতৰি হয় ছ'চিয়েল মিডিয়াত চৰ্চিত বিষয়বোৰ। এদিন বাতৰি কাকতৰ প্ৰতি নিউজ চেনেলবোৰ প্ৰত্যাহ্বানৰ কাৰণ হ'ব বুলি ভবা হৈছিল। কিন্তু সেইটো সময়ত হৈ নুঠিল। ৰাতিপুৱা শুই উঠি বাতৰি চেনেলত বাতৰি চোৱাৰ পাছতো বাতৰি কাকতখন পঢ়াৰ আমেজ আৰু ইয়াৰ স্থায়িত্বৰ বাবেই ই নিজৰ স্থান অক্ষুণ্ণ ৰাখিলে।

সম্প্ৰতি ডিজিটেল সংবাদ মাধ্যম বাতৰি চেনেলৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। যাৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত সংবাদ মাধ্যমসমূহে বাতৰি কাকত, চেনেলৰ লগতে ডিজিটেল মাধ্যমকো সমানে গুৰুত্ব দিবলৈ বাধ্য হৈছে। তাৰ কাৰণ হ'ল- ডিজিটেল মাধ্যমসমূহ ইমান বেছি লোকৰ সৈতে সংস্পৰ্শত থাকে যে তাক কোনো কাৰণতেই এই সংবাদ মাধ্যমসমূহে আওকাণ কৰিব নোৱাৰে। এতিয়া প্ৰতিজন লোকেই একো একোজন সাংবাদিক। বাতৰি চেনেলত, বাতৰি কাকতত বাতৰি প্ৰকাশ হোৱাৰ পূৰ্বেই সেই খবৰ আপলোড হয় ডিজিটেল মাধ্যম বা ছ'চিয়েল মিডিয়াত। ই বিশ্বব্যাপী আৰু ইয়াৰ প্ৰচাৰ অতি খৰতকীয়া। তেনেবোৰ কাৰণতেই এতিয়া বাতৰি চেনেলৰ বাবে 'ব্ৰেকিং নিউজ'ৰ ধাৰণাই অসাৰ হৈ পৰিছে।

ডিজিটেল মাধ্যমৰ প্ৰভাৱ লাহে লাহে আৰু বৃদ্ধি পাবলৈ ধৰিছে। অসমত যদি ৩ কোটি মানুগ আছে বুলি ধৰা যায়। তেন্তে সেই ৩ কোটি মানুহৰ ৬০শতাংশতকৈ বেছি লোকে ম'বাইল ব্যৱহাৰ কৰে। সেই অনুসৰি প্ৰায় ১.৮০ কোটি মানুহে ব্যৱহাৰ কৰে ম'বাইল। ইয়াৰে অতি কমেও ১ কোটিৰো অধিক লোকে ছ'চিয়েল মিডিয়াৰে জড়িত। অৰ্থাৎ একেলগে ১ কোটিৰো অধিক লোকক সামৰি ল'ব পাৰে এই ডিজিটেল মাধ্যমে। এই সংখ্যা অনুমানিক যদিও পৰোক্ষ-প্ৰত্যক্ষভাৱে ডিজিটেল মাধ্যমে সামৰি লোৱা লোকৰ সংখ্যা ২ কোটিৰো কম নহ'ব। কিয়নো এজনৰ পাছত কোনো এক খবৰ অতি কমেও গড়ে দুজন লোকৰ কাণলৈ বিয়পে। যিটো কোনো বাতৰি কাকত বা বাতৰি চেনেলৰ বাবে সম্ভৱ নহয়।

সংবাদ মাধ্যমৰ দৰেই ভাষা-সাহিত্যৰ ক্ষেত্ৰতো ডিজিটেল মাধ্যমে ইতিবাচক দিশেৰে আগবাঢ়িছে। বহু প্ৰতিষ্ঠিত কবিয়ে ফেচবুকত এচামে অকবিতা লিখে বুলি আক্ষেপ কৰে। সেই আক্ষেপ আকৌ তেওঁলোকে কৰে  ফেচবুকতেই। কবিতা-অকবিতাৰ এই যুঁজখনত তেওঁলোকে প্ৰতিস্থা কৰিব খোজে ডিজিটেল মাধ্যমৰ জৰিয়তে কবিতাৰ মান নিম্নগামী হৈছে। সেই সকল তথাকথিত প্ৰতিষ্ঠিত কবিয়ে এবাৰো ভাবি নাচায়, এই ডিজিটেল মাধ্যমত কবিতাৰ চৰ্চাৰ জৰিয়তে সৃষ্টিশীলতাক এক অনুশীলনলৈ পৰিৱৰ্তন কৰা লোকসকলে কেতিয়াও তেওঁলোকৰ কবিতা উচ্চমানৰ বুলি দাবী কৰা নাই। মানুহে ভাল পালে তাত কমেন্ট, লাইক দিয়ে, বেয়া পালে সেইবোৰ অবজ্ঞা কৰি চলে।

কিন্তু তাত এইদৰে অসমীয়া কবিতাৰ চৰ্চা হোৱাটো তেওঁলোকে ৰহস্যজনকভাৱে নিবিচৰা কাৰণ হ'ল-কবিতাক কেৱল তেওঁলোকৰ দ্বাৰাই সৃষ্টি সম্ভৱ বুলি থকা অহং ভাৱ। দীৰ্ঘদিন ধৰি পাঠকক আকৰ্ষণ আৰু কবিতাৰ ভিন্ন স্বাদ দিব পৰা কবিতা সৃষ্টি কৰিব নোৱৰাৰ দুখত এইদৰে ডিজিটেল মাধ্যমত কাৰোবাৰ কবিতাক লৈ চৰ্চা হ'লে তেওঁলোক জ্বলি-পকি মৰে।

অসমীয়া সাহিত্যৰ ভঁৰাল নমস্য সাহিত্যিক সকলে কালজয়ী সৃষ্টিৰে টনকীয়াল কৰি থৈ গৈছে। কিন্তু সেই কালজয়ী সাহিত্যৰ সৃষ্টিৰ ধাৰাবাহিকতা ক'ৰবাত যেন যতি পৰিল। যোৱা ১০ বছৰত এনে কোনখন অসমীয়া গ্ৰন্থ কোনজন লিখকে সৃষ্টি কৰিছে যাক কালজয়ী বুলি ক'ব পাৰি? সাহিত্য বা সৃষ্টিশীলতাৰ সৈতে জড়িত এচাম প্ৰবীণ সাহিত্যিকৰ অহমিকাবোধ আছে, তেওঁলোকে যি লেখিব পাঠকে পঢ়িব। কিন্তু এতিয়া পাঠকে বিচাৰে- তেওঁলোকৰ চিন্তা-চৰ্চা প্ৰতিফলিত হোৱা আধুনিক জীৱনবোধক উপলব্ধি কৰিব পৰা ব্যৱহাৰিক সাহিত্য।

ইয়াতেই অসমীয়া সাহিত্যৰ এক শূন্যতাৰ সৃষ্টি হৈছে। সেই সকলোবোৰ নেওচি সাহিত্য-সংস্কৃতি, সমাজ সচেতনতা, ৰাজনৈতিক প্ৰমূল্যবোধ, জীৱনবোধ একেলগে প্ৰতিফলিত হয় ডিজিটেল মাধ্যমত। অসমীয়া ভাষাৰ প্ৰতি অহা সংকটক কিছু পৰিমাণে হ'লেও আঁতৰ কৰাত সহায় কৰিছে এই ডিজিটেল মাধ্যমে। যাৰবাবে 'অসমীয়াত কথা পাতো আহক'ৰ দৰে গ্ৰুপ সৃষ্টি হৈছে এই মাধ্যমত। এই কাম কোনো সাহিত্য সভা, জাতীয় সংগঠন, লিখক-সাহিত্যিকৰ দ্বাৰা কৰা হোৱা নাই।

এতিয়া প্ৰায় ৭০ হাজাৰ সদস্য থকা ফেচবুকৰ এই গ্ৰুপটোৱে কেৱল অসমীয়া ভাষাকে জনমুখী কৰা নাই, ইয়াৰ লগতে সৃষ্টিশীল এখন মঞ্চ এই লোকসকলক দিছে। সমান্তৰালভাৱে জাতীয় দায়িত্ববোধক তেওঁলোকে কাৰো সহায় নোলোৱাকৈ প্ৰতিফলিত কৰিব পৰা কিছু কামো কৰি গৈছে। পৰাগ দাসৰ অবক্ষমূৰ্তি স্থাপন, তথ্যচিত্ৰ নিৰ্মাণ আদি কামৰ সৈতে তেওঁলোক জড়িত হৈ আছে। এই সৃষ্টিশীল মঞ্চক নেতৃত্ব দিছে বিশ্ববিদ্যালয়ত পঢ়া বা ৰাজ্যৰ বাহিৰত থকা একাংশ নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে।

নতুন প্ৰজন্মৰ বহুতেই ইংৰাজী মাধ্যমত পঢ়া। ঘৰ, শিক্ষানুষ্ঠান আদিত তেওঁলোকে অসমীয়া ভাষা ব্যৱহাৰেই নকৰে বা কৰাৰ সুযোগ পোৱা নাছিল। কিন্তু তেওঁলোকে ডিজিটেল মাধ্যমৰ জৰিয়তে অসমীয়া ভাষাৰ প্ৰতি একাত্মক হোৱাৰ সুযোগ লাভ কৰি ইয়াক আগবঢ়াই নিছে। যিসময়ত বহু জ্যেষ্ঠই এই ছ'চিয়েল মিডিয়াক লঘু কথা-বতৰা, আমোদ-প্ৰমোদৰ তৰল মাধ্যম ৰূপে ব্যৱহাৰ কৰিছিল, সেই একে সময়েত অসমীয়া ভাষা-সাহিত্য, সমাজ জীৱনৰ প্ৰতি সচেতনতাৰে জনমত গঠনত এই মাধ্যমক তৰুণ প্ৰজন্মই ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমক আওকাণ কৰিব বিচৰা সকলে হয়তো স্বীকাৰ কৰিব- 'মি টু' আন্দোলনৰ জৰিয়তে অভিনেতা, কেন্দ্ৰীয় মন্ত্ৰীৰ স্বৰূপ উদঙাই দিয়াই নহয়, এম জে আকবৰৰ দৰে লেখক, সাংবাদিক তথা মন্ত্ৰীক মন্ত্ৰিত্ব পদ এৰিবলৈ বাধ্য কৰাইছিল। এয়াই ডিজিটেল মাধ্যম, ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ বা ক্ষমতা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱেব মেগাজিন, ৱেব পৰ্টেল সমূহে যোৱা কিছুদিনত তেনে মুল সূতিৰ সংবাদ মাধ্যমে বিচাৰি উলিয়াব নোৱাৰা খবৰ ৰাজহুৱা কৰি ক্ষমতাশালী লোককো ৰাইজৰ ওচৰত জবাবদিহি হ'বলৈ বাধ্য কৰিছে।

সামাজিক জনমত গঠন, সচেতনতা বৃদ্ধি, দ্ৰুতগতিত কোনো খবৰ ৰাইজৰ মাজলৈ লৈ যোৱা আদি কামৰ বাবে এতিয়া ছ'চিয়েল মিডিয়া বা ডিজিটেল মাধ্যমৰ বিকল্প নাই। সাহিত্যৰ ক্ষেত্ৰতো সেয়াই হৈছে। অসমীয়া ভাষাৰ বহু পঠিত কিতাপ এখনৰ কিমান কপী বিক্ৰী হয়? এতিয়াও অসমত ৫হাজাৰ কপী কিতাপ বিক্ৰী হ'লে সেয়া এখন অভিলেখ সংখ্যক বিক্ৰী হোৱা কিতাপ হয়। এজন প্ৰতিষ্ঠিত কবিৰ কবিতা এখন আলোচনীত কিমানজনে পঢ়ে? কিন্তু ডিজিটেল মাধ্যমত সেই সংখ্যা ২০-৩০হাজাৰলৈকে হয়। অৰ্থাৎ সাহিত্য-আলোচনী এখনৰ ৫-৬ হাজাৰ পাঠকৰ বিপৰীতে ডিজিটেল মাধ্যমত প্ৰকাশিত লেখাৰ পাঠকৰ সংখ্যা ৪-৫গুণ বেছি হয়। এই সংখ্যা বৃদ্ধি হৈ গৈ থাকিব।

ইয়াৰ পৰাই বুজিব পাৰি- অসমীয়া ভাষা-সাহিত্যৰ পাঠক ডিজিটেল মাধ্যমৰ জৰিয়তে কেনেদৰে বৃদ্ধি হৈছে। এইবোৰ কাৰণতেই ইংৰাজী সাহিত্যৰ মাজত বুৰ গৈ থকা, মুখত কেতিয়াও অসমীয়া ভাষা নোলোৱা বহু অভিজাত লেখক-সাহিত্যিকে শেহতীয়াকৈ ফেচবুক বা আন ছ'চিয়েল মাধ্যমত নিজৰ সৃষ্টিশীলতাক বিলাই দিবলৈ কৃপণালি কৰা নাই।

অসমীয়া সাহিত্যৰ ইতিহাস অতি প্ৰাচীন। ৮-১২শ শতিকাতেই সৃষ্টি কৰা চৰ্যাপদসমূহেই আছিল অসমীয়া লিখিত সাহিত্য। তাৰপাছত ১৪শ শতিকাত হেম সবস্বতীয়ে ৰচনা কৰিছিল 'প্ৰহ্লাদ চৰিত'। এইখনে আছিল অসমৰ প্রথমখন লিখিত সাহিত্য। মাধৱ কন্দলীয়ে 'বাল্মীকিৰ ৰামায়ণ' আৰু 'দ্ৰোণ পৰ্ব' অসমীয়ালৈ অনুবাদ কৰিছিল ৰুদ্ৰ কন্দলীয়ে। পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সাহিত্যক ন-ৰূপে আগুৱাই লৈ গৈছিল। আহোম যুগত ৰচনা কৰা হৈছিল আহোম বুৰঞ্জী। এইবোৰ সাহিত্যৰে অংশ।

১৮৪৬ চনত মাথান ব্ৰাউন আৰু মাইল্চ ব্ৰনচনৰ প্ৰচেষ্টাত 'অৰুণোদয়' প্ৰকাশ হয়। আৰম্ভ হৈছিল 'অৰুণোদয় যুগ'ৰ। সেই ধাৰাৰ মাজেৰে আগবাঢ়ি আত্মাৰাম শৰ্মাই 'বাইবেল' অসমীয়ালৈ অনুবাদ কৰিছিল। সেইখনে আছিল প্ৰথম অসমীয়া ছপা গ্ৰন্থ। হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাক নতুন মাত্ৰা দি ১৮৬১ চনত 'কানীয়া কীৰ্তন', ১৮৯৫ চনত 'অসমীয়া ব্যাকৰণ' আৰু ১৯০০ চনত 'হেমকোষ' ৰচনা কৰে।

লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, আনন্দৰাম আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মধৰ চলিহা, কলমাকান্ত ভট্টাচাৰ্য, পদ্মনাথ গোঁহাই বৰুৱা আদি মহীৰূহসকলৰ সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য সমৃদ্ধি হোৱাৰ পাছত জ্যোতি-বিষ্ণুৱে ভাষা-সংস্কৃতি লৈ আগবঢ়াইছিল প্ৰভূত বৰঙণী।

সেই সকলৰ পাছত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱকান্ত বৰুৱা, নৱকান্ত বৰুৱা, হোমেন বৰগোঁহাই, হীৰেণ ভট্টাচাৰ্য, নিৰুপমা বৰগোঁহাই আদি উত্তৰাসুৰীসকলে অসমীয়া সাহিত্যক আগবঢ়াই লৈ গৈছিল। সাহিত্যৰ এই ধাৰা পৰৱৰ্তী সময়ত আন এচাম অসমীয়া সাহিত্যিকে আগুৱাই নিলে। কিন্তু শেহতীয়াকৈ সাহিত্য-সাধনাৰে জড়িত লিখক-সাহিত্যিকৰ কলমৰ পৰা পাঠকক মোহিত কৰি ৰাখিব পৰা বা পাঠকে উবুৰি খাই পৰাকৈ কোনো সাহিত্য সৃষ্টি হৈছে বুলি ক'ব নোৱাৰি। সেয়া গল্প, উপন্যাস, প্ৰবন্ধ, নাটক আদি সকলো ক্ষেত্ৰতেই বুলিব পাৰি।

এদিন চৰ্যাপদসমূহ লিখিছিল শিল, তাম বা সোণ-ৰূপৰ ফলিত। আচলতে সেইবোৰ খোদিত কৰা হৈছিল। তাৰপাছত সাঁচি পাতত লিখা হৈছিল সাহিত্য। ১৮৬৮চনত ছপাশালৰ আৱিষ্কাৰ হয়। ছপা আখৰত গ্ৰন্থ প্ৰকাশ পায়। পৰৱৰ্তী সময়ত আৱিষ্কাৰ হ'ল কম্পিউটাৰ। তাৰপাছত আহিল ইণ্টাৰনেট, ফেচবুক, হোৱাটছএপ আদি। লাহে লাহে সাহিত্য সৃষ্টি বা সৃষ্টিশীল কৰ্মৰ মাধ্যম সলনি হ'ল। এয়া প্ৰযুক্তি আৰু সময়ৰ পৰিৱৰ্তনৰ ফল।

চিন্তা-চেতনাৰ কচৰৎ কৰাৰ থলী হিচাপেও ডিজিটেল মাধ্যমক ব্যৱহাৰ কৰিবলৈ ধৰিলে। সেই পৰিবৰ্তনক কোনোবাই নেতিবাচক দৃষ্টিৰে আলোচনা কৰিলেও ইয়াক নুই কৰিব নোৱাৰে। 'ই-সাহিত্য'ৰ যুগ এতিয়া। বিশ্বৰ সকলো ভাষা, জাতিয়ে ই-সাহিত্যক আকোৱালি লৈছে। কিন্তু অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত দীৰ্ঘদিনৰ প্ৰত্যাহ্বান আজিও আঁতৰ হোৱা নাই। অসমীয়া লিখিব পৰা কিছু লিখন সজুলি বিকাশ হ'লেও, সেইবোৰকলৈ আৰু চিন্তা-চৰ্চা কৰাৰ অৱকাশ আছে।

'ইউনিকডে' এতিয়াও অসমীয়া ভাষাক স্বীকৃতি দিয়া নাই। এই দিশত আজি সমস্যা নহ'লেও এদিন ইয়াৰ ফল অসমীয়াই ভোগ কৰিব লাগিব। এতিয়া সেইবোৰ কথা চিন্তা কৰাৰ সময়। তাৰ সলনি ডিজিটেল মাধ্যমক গালি পাৰি, এই মাধ্যমত সাহিত্য চৰ্চা কৰা সকলক এলাগি বুলি ভবা বা এই মাধ্যমৰ জৰিয়তে নতুন চিন্তাৰ উন্মেষ ঘটা সকলক তুচ্ছ্য-তাচ্ছিল্য কৰা সকলে এতিয়াও সেই পুৰণি সময়তেই নিজক আৱদ্ধ কৰি থৈছে।

লাহে লাহে এই মাধ্যমৰ বিকাশ হৈছে। ই-সাহিত্য সম্ভাৰ ইণ্টাৰনেটত এতিয়াও বৰ বিশেষ আছে বুলি ক'ব নোৱাৰি যদিও সেই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অসমীয়া ই-সাহিত্যৰ উল্লেখযোগ্য নাম ডাঃ যুগল কলিতা। অসমীয়াত ই-পত্ৰখন প্ৰথম এইজন ব্যক্তিয়ে লিখা বুলি চৰ্চা হয়।

ইফালে ড০ প্ৰিয়াংকু শৰ্মাই ইণ্টাৰনেটত প্ৰথম ব্ল'গ সৃষ্টি কৰিছিল। ইয়াৰ পৰৱৰ্তীকালত আন বহুতো অসমীয়া ব্ল'গ সৃষ্টি কৰা হ'ল। এইবোৰে অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধি কৰাৰ লগতে সাংস্কৃতিক দিশতো পৰিৱৰ্তন সাধিছে। ডিজিটেল মাধ্যমত সাহিত্য বা আন সৃষ্টিশীল কামত পৃথকে পৃথকে ঘৰতেই বহি মানুহ সংগঠিত হৈছে।

ভাষা-সাহিত্যৰ প্ৰতি সেই দায়ৱদ্ধশীল আন্দোলনক নেতৃত্ব দিছে তৰুণ প্ৰজন্মই। ওলাই আহিছে এচাম সৃষ্টিশীল তৰুণ। তেনে ক্ষেত্ৰত নিজৰ অস্তিত্বহীনতাৰ বাবেই ডিজিটেল মাধ্যমক নেতিবাচক ৰূপত উপস্থাপন কৰাৰ যুক্তি নাই। মাধ্যম সদায় সলনি হ'ব। এদিন আছিল সাঁচিপাত তাৰপাছত হ'ল ছপা গ্ৰন্থ। এতিয়া সেয়া পাঠকৰ মাজলৈ লৈ যোৱাৰ বাবে চিন্তা-চেতনাৰ চৰ্চাৰ জনমত গঠনৰ মাধ্যমৰূপে ডিজিটেল মাধ্যমক আকোৱালি লৈছে। সেই বাস্তৱমুখী পৰিৱৰ্তনক কেতিয়াও নুই কৰিব নোৱাৰি। অসমীয়া ভাষা-সাহিত্যৰ ধাৰাবাহিকতা সেইদিনলৈহে ৰক্ষা হ'ব, যিদিনালৈকে পাঠক থাকিব।

ইয়াৰ বাবে ডিজিটেল বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ দ্বাৰাই সৃষ্টিশীল প্ৰৱণতাৰ এক গণমুখী আন্দোলন গঢ় লৈ উঠিছে। ইয়াৰ প্ৰয়োজনীয়তাক ব্যক্তিগতভাৱে কোনোবাই অস্বীকাৰ কৰিলেও, গ্ৰহণযোগ্যতাক প্ৰত্যাহ্বান জনালেও ফেচবুক বা ডিজিটেল মাধ্যমৰ গল্প, কবিতা বা সৃষ্টি সাধনাই অসমীয়া ভাষা-সাহিত্যলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।

ডিজিটেল মাধ্যমৰ এই প্ৰসাৰে অসমীয়া ভাষাক কেতিয়াও প্ৰত্যাহ্বান নজনায়। ডিজিটেল মাধ্যমে প্ৰসাৰ বা বিস্তাৰ লাভ কৰাৰ লগে লগে কেতিয়াও ৰামায়ণ বা মহাভাৰতৰ প্ৰাসংগিকতা শেষ হৈ নাযায়। বৰং কোনো এখন ভাল উপন্যাস বা কিতাপৰ প্ৰয়োজনীয়তা, প্ৰচাৰ-প্ৰসাৰত ই সহায়ক হ'ব। সেয়েহে এই মাধ্যমৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তাই অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in