যদি প্ৰশ্ন কৰো মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব আৰু ৰঞ্জিত দাসক…

যদি প্ৰশ্ন কৰো মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব আৰু ৰঞ্জিত দাসক…

♦ মৃদুল কুমাৰ সন্দিকৈ

আচলতে কৰি আছে কি? এই চৰকাৰে কি কৰি আছে সেই কথা ৰাইজে দেখিছে। ৰাইজক আৰু আশ্বাস দিয়াৰ প্ৰয়োজন নাই। যিবোৰ ঘটনা ঘটিবলৈ ধৰিছে, সেই ঘটনাবোৰৰ পটভূমি কোনে ৰচনা কৰিলে তাৰ উত্তৰ সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও ৰাইজক দিব নোৱাৰে। মিছা আস্ফলন আৰু প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই বিজেপিয়ে অসমৰ ৰাইজক এবাৰ বুৰ্বক সজালে। দ্বিতীয় বাৰৰ বাবে অতি সু-পৰিকল্পিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ খিলঞ্জীয়াৰ স্বাৰ্থ আৰু জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দি বিভাজনৰ ৰাজনীতিৰে কেন্দ্ৰৰ সৈতে মিলি চৰকাৰে পুনৰবাৰ অসম আৰু অসমীয়াক বিশ্বাসঘাটক কৰিবলৈ ব্লুপ্ৰিন্ট ৰচনা কৰিছে। এই প্ৰেক্ষাপটত নলবাৰী আৰু তিনিচুকীয়াৰ দৰে কাণ্ড সংঘটিত হোৱাটোৱেই স্বাভাৱিক।

বিজেপিৰ হৈ যি সকলে ওকালতি কৰিছে, তেওঁলোকৰ প্ৰতিনিধি ৰূপে হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তথা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সুধিব লগা বহু কথা আছে। জাতি-মাটি-ভেটিৰ কথা কোৱা মুখ্যমন্ত্ৰী সোণোৱালে অসম আৰু অসমীয়াৰ স্বাৰ্থত আঘাত হনা কোনো কাম নকৰো বুলি বাৰম্বাৰ কৈ শেষ মুহূৰ্তত সাহস আছে বাবেই নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিছো বুলি দাম্ভিকতাৰে ঘোষণা কৰিলে।

মুখ্যমন্ত্ৰী সোণোৱালক সুধিব খোজো- হিন্দু বাংলাদেশীক আনিলে অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ কেনেদৰে সুৰক্ষিত হ'ব? সেই উত্তৰ সহজ-সৰলকৈ, সাধাৰণ লোকে বুজিব পৰাকৈ আপুনি দিব পাৰিবনে? ধৰ্মীয় পৰিচয়ৰে বিদেশীক স্বদেশ সজোৱাৰ এই পদক্ষেপে বিদেশী সমস্যাত ভাৰাক্ৰান্ত হৈ থকা ৰাজ্যখনৰ সামাজিক আৰু জনগাঁথনি লৈ কি পৰিৱৰ্তন আনিব সেই কথা কেতিয়াবা আপুনি বিজেপিৰ নেতা হিচাপে নহয়, এজন অসমীয়া হিচাপে নিজৰ বিবেকক সুধিছেনে? সকলোৱে কৈছে- এই বিধেয়কে আমাৰ স্বাৰ্থত বাঘ্যাত জন্মাব। আমি এজনো বিদেশীৰ দায়িত্ব আৰু ল'ব নিবিচাৰো। কিন্তু চৰকাৰী পৃষ্ঠপোষকতাত এতিয়া বিদেশীক স্বদেশী সজোৱাৰ পদক্ষেপৰ প্ৰতি যিসকলে মুকলিকৈ সমৰ্থন জনাইছে তেওঁলোক জাতিৰ বিভীষণ নহয় কি?

মুখ্যমন্ত্ৰীৰ সভালৈ যোৱা লোকৰ ক'লা কাপোৰ খুলি প্ৰতিবাদৰ পৰা মুখ্যমন্ত্ৰীক ৰক্ষা কৰিবলৈ আৰক্ষী বাহিনী জঁপিয়াই পৰিছে। সেই অত্যাচাৰৰ বলি হৈছে ডেৰ বছৰীয়া দেৱশিশু। ইয়াতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে? এটা ডেৰ বছৰীয়া শিশুলৈও মুখ্যমন্ত্ৰীৰ ইমান ভয় যে, তেওঁৰ ক'লা জেকেট খুলিও মুখ্যমন্ত্ৰীয়ে নিজৰ সন্মান ৰক্ষা কৰিব চেষ্টা চলাইছে। ইয়াত তেওঁ আৰক্ষী আৰু নিৰাপত্তাবাহিনীক প্ৰত্যক্ষভাৱে হ'লেও ব্যৱহাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ ভ্ৰমণস্থলীত যাতে কোনেও প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে তাৰ প্ৰতি সচেতন হ'বলৈ সংশ্লিষ্ট প্ৰশাসনক দিছপুৰৰ পৰাই নিৰ্দেশ দিয়া নাইনে? প্ৰশাসনৰ কেন্দ্ৰবিন্দু দিছপুৰ কোনে পৰিচালিত কৰে? ইয়াৰ বাবে প্ৰশাসনৰ মুৰব্বী হিচাপে মুখ্যমন্ত্ৰী সোণোৱাল দায়ী নহয় হ'ব কোন? গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে সকলো কথা সাধাৰণভাৱে লৈছে। যাৰবাবে তেওঁ প্ৰতিবাদৰ ৰূপ দেখিও নেদেখাৰ ভাও ধৰি এই পৰিস্থিতিৰ পৰা আঁতৰি থকাৰ চেষ্টা চলাইছে।

মুখ্যমন্ত্ৰী সোণোৱাল ৫ বছৰৰ বাবে নিৰ্বাচিত হৈ অহা জনপ্ৰতিনিধিহে। এই ক্ষমতা তেওঁ আজীৱন ভোগ কৰিব নাপায়। অসমৰ মুখ্যমন্ত্ৰী হিচাপে এদিন তেওঁ দায়িত্বৰ পৰা আঁতৰিব। তেতিয়া তেওঁৰ কাষত চিপাহী-চন্তৰী বা তেওঁৰ চাৰিওফালে বেৰি থকা সুবিধাবাদীসকল আঁতৰি পৰিব। ৰাইজৰ সৈতে তেওঁৰ প্ৰত্যক্ষ সংযোগ হ'ব। ক'লা কাপোৰ খুলিবলৈ আৰক্ষী-নিৰাপত্তাৰক্ষীৰ তৎপৰতা নাথাকিব। ৰাইজৰ বুকুত থকা ক'লা দাগ তেওঁ দেখা পাব। সেই দিনা কি পৰিস্থিতি হ'ব পাৰে? মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাইজে সুধিব- আপুনি ইমান বিশ্বাসঘাটক কৰিলে কিয়? ক'ত হেৰাল আপোনাৰ জাতীয়তাবাদ। নাগপুৰ, দিল্লীৰ আশীৰ্বাদ লৈ কেনেকৈ আপুনি অসম আৰু অসমীয়াৰ স্বাৰ্থলৈ পিঠি দিব পাৰিলে? আপোনাৰ নিজস্বতা বোলা একো নাছিল নেকি? জাতিৰ হৈ মাত মাতিবলৈ আপোনাক কোনে বাধা দিছিল? ক্ষমতাৰ মোহত নে আন কিছু কাৰণ আপুনি এনে আচৰণ কৰিলে? কালৰ বাবে কুখ্যাতি আছিলে। তেতিয়া সৰ্বানন্দ সোণোৱালে গণবিচ্ছিন্ন হৈ এই দোষৰ বাবে অনুশোচনাৰ জুইত দগ্ধ হৈ জ্বলি পুৰি মৰিলেও তেওঁৰ কাষত সহমৰ্মিতা প্ৰদৰ্শন কৰিবলৈও এজন অসমীয়া নাথাকিব।

কথা ক'ব পাৰিলেই সকলো কথা সঁচা হৈ নাযায়। প্ৰতিশ্ৰুতি দিয়াটো ৰাজনৈতিক নেতাৰ অভ্যাস। সঁচাক মিছা কৰাৰ যুক্তিৰে, মিছাক সঁচা কৰাৰ শব্দৰ জালেৰে ৰাইজক দীৰ্ঘ সময় মোহচন্ন কৰি ৰাখিব নোৱাৰি। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শিৰ ফুলাই ভাষণৰ ফুলজাৰি মৰা মুখ্যমন্ত্ৰীৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাক লৈও ৰাইজৰ প্ৰশ্ন আছে। তেওঁ কোন মঞ্চৰ পৰা এই কথা কৈছে তাৰ ওপৰতেই তেওঁৰ বক্তব্য নিৰ্ভৰ কৰে। এদিন তেওঁ কংগ্ৰেছী আছিল। তেতিয়া বিজেপিৰ দৰে সাম্প্ৰদায়িক দল নাছিল বুলি মুকলিকৈ কৈছিল। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক চোকা ভাষাৰে সমালোচনা কৰি গুজৰাটৰ পাইপেৰে পানী নহয়, মুছলমানৰ তেজ বয় বুলি ঠাট্টা কৰিছিল। সেই একেজন মন্ত্ৰীয়ে এতিয়া গেৰুৱা বসন পিন্ধি মোডীক পূজা কৰে। অমিত শ্বাহৰ নাম লৈ অসমৰ ৰাইজক বিজেপিৰ গুণ-গান গায় হিন্দু বাংলাদেশী আহিলেহে অসমীয়া জাতি ৰক্ষা পৰিব বুলি ভাষণ দিয়ে।

এইজন হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ শাসন কালত বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল। শিক্ষা বিভাগৰ মন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই বিজেপি চৰকাৰৰ কাৰ্যকালতো দায়িত্ব চম্ভালিছিল। অৰ্ণমাই বৰাৰ বলাৎকাৰ আৰু হত্যাকাণ্ডৰ কাহিনী কৈ অসমৰ ৰাইজক অতি চতুৰতাৰে আৱেগিক কৰাৰ চেষ্টাৰে মোৰ আই অৰ্ণমাই বৰাৰ হত্যাৰ সময়ত তেওঁৰ ঘৰত কেইজনে খবৰ লৈছিল বুলি প্ৰশ্ন কৰিছিল। ৰাইজে ভাবিছিল আনে খবৰ নল'লেও শিক্ষামন্ত্ৰী হিচাপে সেই সময়ৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ খবৰ লৈছিল। পৰিয়ালটোৰ প্ৰতি তেওঁ নিশ্চয় কিবা এটা কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সকলৰ চৈধ্য পুৰুষ উজাৰি গালি দি, উপলুঙা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ভাষণ দিয়াৰ পাছতেই পোহৰলৈ আহিছিল এটা ভিডিঅ'। য'ত অৰ্ণমাই বৰাৰ কনিষ্ঠ কন্যা ভাগ্যশ্ৰীয়ে অতি দুখেৰে কিছু কথা কৈছিল। অৰ্ণমাই বৰাৰ কন্যাৰ সেই ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে। অৰ্ণমাই বৰাৰ কন্যাই শিক্ষামন্ত্ৰী ৰূপে তেওঁক সাক্ষাৎ কৰিবলৈ যোৱাৰ অভিজ্ঞতাৰ কথা কৈছিল এই ভিডিঅ'টোত।

অৰ্ণমাই বৰাৰ কনিষ্ঠ কন্যাৰ এই স্বীকাৰোক্তি হিমন্ত বিশ্ব শৰ্মাৰ কাণত পৰিছে। তাৰ প্ৰতিক্ৰিয়াও তেওঁ ব্যক্ত কৰিছে। কৈছে- অসম চৰকাৰে কোনো চাকৰিয়ালৰ মৃত্যু হ'লে পূৰ্বতে থকাৰ দৰে তেওঁৰ পৰিয়ালৰ সদস্যক অনুকম্পামূলক নিযুক্তি দিয়াৰ সেই নীতি বন্ধ কৰিছে। সেয়েহে অৰ্ণমাই বৰাৰ কন্যাক নিযুক্তি দিয়াটো সম্ভৱ হোৱা নাই।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা জানে। তাৰ পাছতো দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকীৰ কন্যা ভাগ্যশ্ৰীয়ে দিয়া এই আৱেদন পত্ৰখনত তেওঁ এটা টোকা লিখি কিহৰ বাবে শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰাৰ নাটক কৰিছিল। ৩১ মে' ২০১৭ৰ ইলাচী দেউৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক অৰ্ণমাই বৰাক দুৰ্বৃত্তই বলাৎকাৰ কৰি হত্যা কৰিছিল।

শিক্ষামন্ত্ৰীলৈ দিয়া সেই আৱেদন পত্ৰখন…
শিক্ষামন্ত্ৰীলৈ দিয়া সেই আৱেদন পত্ৰখন…

এই আৱেদনপত্ৰখনত উল্লেখ কৰা আছিল ক'ত পদ খালী আছিল। আত্মীয়ৰ পৰামৰ্শ আৰু খোদ শিক্ষামন্ত্ৰীগৰাকীয়ে চাকৰি কৰিবা নেকি বুলি জানিব বিচৰাতহে এই আৱেদন পত্ৰ দিছিল অৰ্ণমাই বৰাৰ কন্যাই। কিন্তু সেই আশ্বাস আৰু সহমৰ্মিতা যে ক্ষন্তেকীয়া আছিল, সেয়া তেওঁলোকৰ বুজিবলৈ পলম হোৱা নাছিল। পৰৱৰ্তী সময়ত এই চাকৰিটোৰ বাবে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ফুৰোতে অৰ্ণমাই বৰাৰ কন্যা ভাগ্যশ্ৰী ইমান তুচ্ছ-তাচ্ছিল্যৰ সন্মুখীন হৈছিল যে, তেওঁ সেই চাকৰিৰ আশা বাদ দি তাৰ পাছত কোনো দিনেই ইয়াৰ খবৰ লোৱা নাছিল। এই কথা অৰ্ণমাই বৰাৰ কন্যা ভাগ্যশ্ৰীয়ে নিজ মুখে কৈছে। তেওঁলোকে নাজানে ৰাজনীতি কি? শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ ডাঙৰজনী ছোৱালী ইংৰাজী বিষয়ত স্নাতক। তেওঁ বিয়া হৈ গৈছে। মাজুজনী ছোৱালীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত ট্ৰাইবেল অট'নমী বিষয়ত পি এইচ ডি কৰি আছে। সৰুজনী ছোৱালী ভাগ্যশ্ৰী স্নাতকোত্তৰৰ ছাত্ৰী।

মাতৃক হেৰুওৱাৰ দুখ-যান্ত্ৰনাৰ মাজতেই খেতিয়ক পিতৃৰ আশ্বাসতে তেওঁলোকে নিজৰ পঢ়া-শুনা কৰি গৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অৰ্ণমাই বৰাৰ প্ৰশংগ টানি অনা হিমন্ত বিশ্ব শৰ্মাই আনক প্ৰশ্ন কৰিছিল- খবৰ ৰাখিছেনে কোনোবাই অৰ্ণমাই বৰাৰ পৰিয়ালৰ? কিন্তু তেওঁক যেতিয়া এই কথাখিনি সোধা হৈছিল, তেতিয়া একালৰ শিক্ষামন্ত্ৰীগৰাকীয়ে তেওঁৰ পৰিয়ালে সম্পূৰ্ণ দৰমহা পাই আছে, বাকী খিনি চাব লাগিব বুলি কৈ গা এৰা দিছিল।

এয়াই নেকি আনক প্ৰশ্ন কৰা এজন দায়িত্বশীল মন্ত্ৰীৰ দায়িত্ববোধ? এতিয়া তেওঁক সুধিব পাৰি- আপুনি কিমান খবৰ ৰাখিছে অৰ্ণমাই বৰাৰ পৰিয়ালৰ? কি হ'ল অৰ্ণমাই বৰাৰ সৰু কন্যাই দিয়া আৱেদনৰ ফলাফল? আপুনিটো মাতৃ অৰ্ণমাই বুলি সম্বোধন কৰিছিল। সেই মাতৃৰ সৰু কন্যা ভাগ্যশ্ৰীৰ খবৰ আপুনি ৰখা নাই কিয়? আপুনি শিক্ষামন্ত্ৰী হৈ থকা সময়তে এই কাণ্ড সংঘটিত হৈছিল।

এইবোৰৰ উত্তৰ চতুৰ ৰাজনৈতিক নেতাসকলে চালে-বেৰে কোবাই নিশ্চয় দিব। এক ধূসৰ পৰিৱেশ সৃষ্টি কৰি নতুন প্ৰসংগ টানি মূল বিষয়ক তল পেলাব। কিন্তু সঁচা কথাটো হ'ল- আপোনালোকে কেৱল প্ৰতিশ্ৰুতি দিব জানে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ ৰাইজক যে এনে আভোৱাভাৰা প্ৰতিশ্ৰুতি যে দিয়া নাই তাৰ কি প্ৰমাণ আছে? কিয়নো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনো কথাই বিশ্বাসযোগ্য নহয়। তেওঁ চতুৰতাৰে সাময়িকভাৱে প্ৰসংগটোক তল পেলাব জানে। তাত বাস্তৱ আৰু ভৱিষ্যতৰ বাবে কোনো বিশ্বাসযোগ্য উত্তৰ নাথাকে। খোদ নৰেন্দ্ৰ মোডীয়ে তাৰ প্ৰমাণ। এদিন নৰেন্দ্ৰ মোডী ৰক্তপিপাসু আছিল তেওঁৰ বাবে। আৰু এতিয়া সেইজন মোডী তেওঁৰ বাবে দেৱতাতকৈ অধিক পূজনীয়। তৰুণ গগৈ, হীতেশ্বৰ শইকীয়াক তেওঁ নন্দ-বাসুদেৱৰ লগত তুলনা কৰিছিল। এতিয়া সেই তৰুণ গগৈ তেওঁৰ বাবে শত্ৰু। ৰাজনীতিত বহু হয়, কিন্তু এনে কেতিয়াও নহয়।

নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰিবলৈ বিজেপি সমৰ্থকক তথা দলটোৰ আন ভগ্নী সংগঠনসমূহৰ সমৰ্থকক ওলাই আহিবলৈ আহ্বান জনাই সংঘাতময় পৰিৱেশ ৰচনা কৰাৰ বাবে কাৰ ভাষণ দায়ী? কোনে এইদৰে প্ৰৰোচিত মন্তব্যৰে আজিৰ পৰিৱেশ-পৰিস্থিতিৰ পটভূমি ৰচনা কৰিবলৈ চেষ্টা চলাইছে। কোন ধৰ্মৰ লোকে পতাকা উৰুৱালে বুলি সংবাদমাধ্যমৰ সমুখত মন্তব্য কৰি সেই সম্প্ৰদায়ৰ বিৰুদ্ধে মানুহক প্ৰৰোচিত কৰাৰ ষড়যন্ত্ৰ ৰঙিয়াত প্ৰথমে কোনে কৰিছিল? এইবোৰ কথা ৰাইজক খুলি ক'ব নালাগে। বিধানসভাৰ মজিয়াত ৬৫ শতাংশ, ৭৫ শতাংশৰ হিচাপ দি সাম্প্ৰদায়িক মন্তব্য দিব পৰা এনে নেতাই কি বুজিব ধৰ্ম নিৰপেক্ষৰ মূল্য।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ মন্ত্ৰী নে কোনো বিশেষ সম্প্ৰদায়ৰ মন্ত্ৰী? সদনত তেওঁৰ মুখত এনে কথা শোভা পাইনে? ক'লা পতাকা প্ৰদৰ্শন কৰা আৰু সংঘাতময় পৰিৱেশ সূচনা হোৱাৰ পাছত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে ২৯ লাখ বিজেপি কৰ্মকৰ্তা ওলাই আহিলে জাতীয় দল-সংগঠনৰ সমৰ্থকসকলে পৰিত্ৰাণ নাপাব বুলি প্ৰত্যক্ষ ভাবুকি প্ৰদান কৰিছে। এই ভাবুকি কাৰ প্ৰতি? ৩ কোটি অসমবাসীৰ প্ৰতি নে কি? কিয়নো সেই জাতীয় দল-সংগঠন সমূহে অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰিছে।

ইতিমধ্যে এই মন্তব্যক লৈ জাতীয় দল-সংগঠনসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰঞ্জিত দাসৰ মন্তব্যৰ পাছতেই যোৰহাটত ৩১ জানুৱাৰী, ২০১৯ত এক সংবাদমেল পাতি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনালে- যদি পাৰে ২৯ লাখ নহয়, ২৯ শ মানুহ গোটাই দেখুৱাক ৰঞ্জিত দাসে। এই প্ৰৱণতাৰ পৰা আমি মুক্ত হ'ব লাগিব। আমাক এনে প্ৰত্যাহ্বান বা হুংকাৰ নালাগে। ৰাইজক লাগে ৰাইজে বিচৰা কথাবোৰ চৰকাৰে শুনক।

অসমত এতিয়া ৮৩ৰ পুণৰাবৃত্তি ঘটিছে। প্ৰতিবাদকাৰীক ধৰি নি থানাৰ ভিতৰত সোমোৱাৰ সময়তো অত্যাচাৰ কৰিছে বুলি অভিযোগ উঠিছে। সেই অত্যাচাৰ কৰিছে বিজেপি তথা তেওঁলোকৰ ভগ্নী সংগঠনৰ নেতা-সমৰ্থকে। দেশত কি আইন বোলা একো নাই নেকি? নলবাৰীত যি কাণ্ড সংঘটিত হৈছিল, সেই কাণ্ডৰ বিচাৰ হ'লনে? তিনিচুকীয়া-নলবাৰী ক'তোৱেই এনে ঘটনা হ'ব নালাগে। অসমৰ ৰাইজে শান্তিত থাকিব খোজে। তিনিচুকীয়াত যিজন ব্যক্তিক মাটিত পেলাই প্ৰহাৰ কৰা হ'ল, সেয়া নিন্দনীয় আৰু গৰিহণা যোগ্য। তেওঁ এজন অসমীয়া। বঙহৰ সৈতে বঙহৰ এই যুঁজে জাতি আৰু ৰাজ্যক কোনো সহায় নকৰে। বৰঞ্চ ই শান্তি-সম্প্ৰীতি বিনষ্ট কৰি পৰস্পৰৰ মাজত এক ভুল বুজা-বুজিৰ সৃষ্টি কৰিব। ইয়াৰ সুযোগ ল'ব সেই সকল সুযোগ বিচাৰি থকা লোকে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদে গণআন্দোলনৰ ৰূপ লৈছে। সেই আন্দোলনৰ তীব্ৰতা দেখি উত্তৰ-পূবৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে বৈঠক আয়োজন কৰিবলগা হৈছে। ১ ফেব্ৰুৱাৰী, ২০১৯ত অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত মেঘালয়, মিজোৰাম, নগালেণ্ড আদি ৰাজ্যসমূহে এই বিধেয়কৰ বিৰুদ্ধে নিজৰ স্থিতি ব্যক্ত কৰিব। ইতিমধ্যে ৰাজনৈতিক ভেদা-ভেদ পাহৰি উত্তৰ-পূবৰ ১০টাকৈ আঞ্চলিক দল একত্ৰিত হৈছে। সেই বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক'ব পাৰিবনে অসমৰ থলুৱা আৰু খিলঞ্জীয়া ৰাইজে কি বিচাৰে আৰু কিহৰ বাবে এই প্ৰতিবাদ কৰি আছে, সেই কথা।

নে মুখ্যমন্ত্ৰী সোণোৱালে এই বৈঠকতো মিছা মাতিব? হিমন্ত বিশ্ব শৰ্মাৰ দৰে আন্দোলন ক'ত হৈ আছে দেখা নাই বুলি কোৱাৰ দৰে তেওঁ ক'ব নেকি এই বিধেয়কখন অসমৰ ৰাইজে বিচাৰেহে বুলি? লোকসভাত গৃহীত হোৱাৰ পাছত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰাজ্যসভাত কি হয় তাৰ বাবে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে অসমৰ ৰাইজে। কংগ্ৰেছ দলৰ ভূমিকাৰ ওপৰতো ৰাইজে দৃষ্টি ৰাখিছে।

বাংলাদেশী অসমৰ বাবে এটুকুৰা ঘাঁ। দীৰ্ঘদিন ধৰি এই অবৈধ বাংলাদেশীক লৈ অসমৰ ৰাজনীতি হৈছে। আন্দোলন চলিছে চাৰি-পাঁচ দশক ধৰি। কিন্তু এই সমস্যা সমাধান কৰাৰ সলনি কোনোবাই যদি মুছলমান বাংলাদশীক লৈ ৰাজনীতি কৰিছে, আন কোনোবাই হিন্দু বাংলাদেশীক লৈ অনুৰূপ ৰাজনীতিত নামিছে। সেয়েহে অসমৰ ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস তথা বিধেয়কখনক সমৰ্থন কৰা সকলক প্ৰশ্ন কৰিব খোজে- তেওঁলোকৰ সৈতে আপোনালোকৰ পাৰ্থক্য ক'ত?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in