‘নায়ক’ৰ পাছত খলনায়ক হ’ল নেকি গায়ক…

‘নায়ক’ৰ পাছত খলনায়ক হ’ল নেকি গায়ক…

মৃদুল কুমাৰ সন্দিকৈ

ভুল তেওঁৰ নহয়!

আৱেগত উটি-ভাঁহি যোৱা অসমীয়াই এনে ভুলকেই কৰি আহিছে ইমানদিনে। সেই সুযোগ গ্ৰহণ কৰিবলৈ আমি দিয়াতো আৰু জাতিৰ নামত সকলো কথা বিশ্বাস কৰাতো আমাৰ অভ্যাসত পৰিণত হৈছে। ৰাজ্যত কৃষকসকলে আজি কি সমস্যাৰ সন্মূখীন হৈছে সেই কথা খোদ কৃষিমন্ত্ৰী গৰাকীয়ে অনুভৱ কৰিব নোৱাৰাটো আমাৰ বাবেই বিড়ম্বনা।

কৃষি বিভাগতো ব্ৰেণ্ড এম্বেছেদৰ প্ৰয়োজন হ'ল এতিয়া। কৃষি মন্ত্ৰী অতুল বৰাই ইমানদিনে সেইটোহে কৰিবলৈ বাকী আছিল। নৱ প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহিত কৰি তুলিবলৈ জুবিন গাৰ্গক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছেদৰ ৰূপে নিযুক্তি দিয়াৰ কথা বিভাগীয় ভাবে বিবৃতি দি ঘোষণাও কৰিলে।

পূৰ্বতে এগৰাকী ব্ৰেণ্ড এম্বেছেদৰে পৰ্যটন বিভাগত কি কৰিলে তাৰ হিচাপহে আজিও এই চৰকাৰে নিদিলে। মাটি থাকিলেহে জাতি থাকিব বুলি শ্ল'গান দি স্বনিৰ্ভৰশীলতাৰ পাঠ পঢ়াই দেখুওৱা এই সপোন বেয়া লগা নাই। কিন্তু ৰাজ্যৰ কৃষকসকলৰ ইয়াৰ পৰা কি পৰিৱৰ্তন হ'ব সেয়া সময়ে ক'ব।

প্ৰতিক্ৰিয়া নিশ্চিতভাৱে হ'বই। সেয়া কোনোবাই ভাল পোৱা বেয়া পোৱা প্ৰশ্ন নহয়। মুখ্যমন্ত্ৰীৰ পাছত কৃষিমন্ত্ৰী অতুল বৰাৰ কাষলৈ দৌৰা এইসকল তথাকথিত শিল্পী সঁচা অৰ্থত এটা জাতিৰ প্ৰতি কিবা এটা কৰানে এক ব্যৱসায়িক সাম্ৰাজ্য অতি কৌশলেৰে গঢ়ি নিজৰ অৰ্থনৈতিক ভেঁটি সুদৃঢ় কৰাৰ তাকলৈ প্ৰশ্ন উঠিছে।

প্ৰশ্ন উঠিছে কা আন্দোলনৰ সময়ত তেওঁ কোৱা কথাবোৰ আৰু এতিয়া তেওঁ কৰি থকা কামবোৰকলৈ। মধ্যভোগী নোহোৱাকৈয়ে কৃষকৰ বাবে বজাৰ এখন চৰকাৰে গঢ়ি তুলিব নোৱাৰিলে। এই কাম হেনু জুবিন গাৰ্গে কৰিব। কিন্তু কেনেকৈ ? কেইবিঘামান মাটি, কেইখনমান বৃন্দাবন মাৰ্টৰ জৰিয়তে জানো এয়া সম্ভৱ।

পশু আৰু কৃষি পালনেৰে নতুন প্ৰজন্মই কি কি কৰি আছে বিভিন্ন অঞ্চলত সেই খবৰ কৃষি বিভাগৰ হাততো শুদ্ধকৈ নাই। গহপুৰৰ ৰাজীৱ বৰাই গাহৰি পালনেৰে আত্ম নিৰ্ভৰশীল হৈছিল। কিন্তু তেওঁৰ আজি কি অৱস্থা। কল বিক্ৰী কৰি লকডাউনৰ সময়তে কোটি টকা উপাৰ্জন কৰা অখ্যাত খেতিয়কজনৰ কথা মুখ্যমন্ত্ৰী বা কৃষিমন্ত্ৰীৰ মুখত আপুনি শুনিবলৈ নাপায়।

বানপানীত শস্য পথাৰ চাৰখাৰ হৈ যোৱা, কুইন্টলে কুইন্টলে লকডাউনৰ বাবে শাকপাচলি পেলাই দিব লগা হোৱা খেতিয়কজনৰ দুৰ্দশা শুনিবলৈ কৃষি মন্ত্ৰীৰ সময় নাই। কৃষিক গ্লেমাৰ ৰূপত তুলি ধৰি জুবিনে খেতি কৰিলে আনে খেতি কৰিব বুলি ভৱা চিন্তা ধাৰা এক অপৈনত চিন্তাৰ বাদে আন একো হ'ব নোৱাৰে।

ৰাজ্যত কৃষি বিপ্লৱ হৈয়েই আছে। নতুন প্ৰজন্মৰ বহুতে মন্ত্ৰীৰ ঘৰে ঘৰে দৌৰি খেতি কৰিম বুলি, কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ আগবাঢ়িছো বুলি ঢাকঢোল বজাই চিঞৰি ফুৰা নাই। তেওঁলোকে নীৰৱে আৰু নিৰন্তৰে এই কাম কৰি আহিছে। চৰকাৰে কিছু পৃষ্ঠপোষকতা আৰু উদগনি দিলে সেয়া নিজেই নিজেই এক বিপ্লৱলৈ সলনি হ'ব।

ইয়াকে নকৰি কোনো ব্যক্তিৰ স্বাৰ্থৰ পূৰণ আৰু ইয়াক জাতীয় আৰ্থিক বিপ্লৱলৈ সলনি কৰাৰ প্ৰয়াস কেৱল যে ভেকোভাওঁনা সেয়াও বহুতে বুজিছে। আমাক এতিয়া এই জটিল সন্ধিক্ষণত কৃষি ক্ষেত্ৰখনক বিকশিত কৰিবলৈ ব্ৰেণ্ড এম্বেছেদৰ লাগে নে কৃষকক উপকৃত কৰিব পৰা কাৰ্যক্ষম আঁচনি লাগে সেই কথা কৃষি মন্ত্ৰী গৰাকীয়ে বুজি নাপালে যদিও অন্তত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বুজিব লাগিছিল।

জুবিন গাৰ্গ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ, চৰকাৰী বিবৃতি…

অতীতৰ প্ৰায় অসমৰ মানুহে খেতি কৰি আহিছে। খেতি কৰিবলৈ ক'ৰবাত ব্ৰেণ্ড এম্বেছেদৰ নিযুক্তি দিয়া হৈছে যদিও ৰাইজে নাজানে। এই খিনিলৈকে চিন্তা কৰিব পৰা চৰকাৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃকৰ কি অৱস্থা হৈছে, মূলধনৰ অভাৱত কৃষকে কি সমস্যাত পৰিছে, বজাৰৰ সমস্যা, উত্পাদিত সামগ্ৰী সংৰক্ষণৰ বাবে শীতল গৃহৰ নাটনি, ভূমি সমস্যা, খাজনাৰ বৃদ্ধি, উন্নত কৃষি পদ্ধতিৰ বাবে সা-সঁজুলিৰ অভাৱ আদি বিষয়বোৰ কিয় হৃদয়ঙ্গম কৰিব পৰা নাই।

কৃষকৰ বাবে সাৰ যোগানৰ নামত সংঘটিত হৈছে কেলংকাৰী। ৰাজ সাহাৰ্যৰ পাছতো অধিক দৰত সেই সাৰ বিক্ৰী হৈ আছে। তথ্য সহকাৰে কাকতে পত্ৰই এই খবৰ প্ৰকাশ হৈছে। কিন্তু নিৰ্বাক কৃষি মন্ত্ৰী, ৰাজ্য চৰকাৰ। কেইজন কৃষকে ইচ্ছা কৰিলেই মুখ্যমন্ত্ৰী বা কৃষিমন্ত্ৰীক সাক্ষাত্ কৰি মনৰ কথা ক'ব পাৰে। সেই সুযোগ ৰাজ্যৰ কৃষকে পাইনে ?

এজন ব্ৰেণ্ড এম্বেছেদৰ নিযুক্তি দিলেই সেই সমস্যাবোৰৰ সমাধান হ'ব নেকি? কোনোবাই কৃষি কৰ্মৰ সৈতে জড়িত হ'ব খুজিছে তাত কাৰো ক'ব লগা নাথাকে। কিন্তু এইদৰে চৰকাৰৰ কাষচপা সকলক ৰাইজে যেন এতিয়া চিনিছে। পূৰ্বতে তেওঁলোকে কৰা তৰ্জন-গৰ্জনৰ প্ৰতিদানৰ দৰদাম এতিয়া চলিছে নেকি বুলি মুকলি আলোচনা হৈছে। ৰাইজৰ মুখত, ৰাইজৰ বিচাৰত বাধা দিব পাৰে কোনে?

কেইটামান মাহৰ ভিতৰতেই চৰকাৰী পক্ষৰ কাষ চাপি কৃষি নিৰ্ভৰশীল অৰ্থনীতি, নতুন কৃষি বিপ্লৱৰ কথা কোৱা সকলক ৰাইজে বিশ্বাস কেনেদৰে কৰে ? এইসকলেই জানো কোৱা নাছিল এই চৰকাৰে আমাক বিশ্বাসঘাটক কৰা বুলি। তেওঁলোকেই জানো পৃষ্ঠা ভৰাই মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি লিখি এই আৱেগিক ৰাইজক আশাৰ পোহৰ দেখুওৱা নাছিল। এতিয়া সেই চৰকাৰৰ সৈতে মিলি কিহৰ বজাৰ বা কৃষি বিপ্লৱৰ কথা কৈছে ৰাইজে জানিব বিচাৰিবই।

কৃষি মন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছত সংবাদমেল সম্বোধন কৰা সময়ত…

বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন জনে। যদি যাদৱ পায়েঙে কোনো চৰকাৰী পক্ষৰ সহায় নোলোৱাকৈ সেউজ বিপ্লৱ গঢ়ি তুলিব পাৰে তেনেহ'লে এনে কৃষি বিপ্লৱৰ সূচনা কৰিব বিচৰা সকলে কিয় চৰকাৰৰ পদুলিয়ে পদুলিয়ে ঘূৰিছে ?

জুবিন গাৰ্গ এগৰাকী ভাল কণ্ঠশিল্পী। কণ্ঠশিল্পী হিচাপেই তেওঁৰ আদৰ আছে। কিন্তু কৃষিৰ ক্ষেত্ৰখনলৈ বিপ্লৱ সূচনা কৰাৰ বাবে জুবিন গাৰ্গে এখন বজাৰ সৃষ্টি কৰিব খুজিছে। এই কাম চৰকাৰৰ নে জুবিন গাৰ্গৰ ? তেওঁ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আহি কিহৰ বাবে ৰাজ্যৰ কৃষকলকলৰ বাবে বজাৰ গঢ়াৰ প্ৰকল্প হাতত লৈ এই তত্পৰতা প্ৰদৰ্শন কৰিছে। তাতেই প্ৰশ্ন হৈছে।

এচাম মধ্য বিত্তীয় লোকৰে গঢ়ি তোলা এই বজাৰে কৃষকক উপকাৰ কৰিব নে অপকাৰ কৰিব। মাল্টিনেচনেল কোম্পানীৰ আৰ্হিত মাৰ্ট স্থাপনৰে দেখাত মধ্যভোগী নাইকীয়া কৰিলেও অদৃশ্য মধ্যভোগী শ্ৰেণীটো কোন হ'ব তেতিয়া ? আৱেগ আৰু যুক্তিৰে ব্যৱহাৰিক দিশটোক কোনেও নুই কৰিব নোৱাৰে। জুবিনক ভাল পায় কাৰনেই জুবিনকলৈ মানুহে প্ৰশ্ন কৰিছে। সুধিছে- জাতিৰ মাটিৰ কথা কোৱা সেইজনেই জুবিন এইজন নে ?

সেই আৱেগ আৰু আস্থাত সন্দেহৰ উপস্থিতিয়ে বিষয়টোক অধিক চৰ্চিত কৰি তুলিছে। জুবিনৰ সমালোচনাৰ প্ৰত্যুত্তৰত তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গে লিখিছে- 'কোনেও আৰু একো কথা শুনিব পাতিব আৰু ক'ব নালাগে । জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচী দি‌য়াৰ ব্যৱস্থা কৰক।'

জুবিন গাৰ্গক সমালোচনা কৰাৰ প্ৰত্যুত্তৰ গৰিমা গাৰ্গৰ…

জুবিন গাৰ্গৰ পত্নী হিচাপে তেওঁ এই সমালোচনাৰ উত্তৰ এইদৰেই আৱেগিকভাৱে দিয়াৰ চেষ্টা কৰিছে। কিন্তু সমালোচনা মানে এয়া নহয় যে জুবিনক বেয়া পাই বা কোনোবাই দেশদ্ৰোহী সজাইছে। তেওঁৰ ওপৰত থকা আস্থা, বিশ্বাস তথা ভালপোৱাৰ বাবেই ৰাইজে সুধিব খুজিছে এইবোৰ কথা। সমালোচনা মানেই তেওঁৰ মৃত্যু কামনা হ'ব নোৱাৰে। এনে অপব্যাখ্যাৰে আৱেগিক পৰিৱেশ সৃষ্টি কৰি বাস্তৱক ঢাকি ৰাখিব নোৱাৰি।

জুবিন গাৰ্গ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক উজ্বল নক্ষত্ৰ। সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবেও বহু কাম কৰিব লগা আছে। ছবি নিৰ্মাণৰ সময়ত জুবিন গাৰ্গে কৈছিল- অসমৰ প্ৰতিটো চিনেমা হল খোলা হ'ব। এক সাংস্কৃতিক আন্দোলনৰ আৰম্ভণি কৰিছিল। সেয়া কি হ'ল?

কৃষি ক্ষেত্ৰখনৰ সৈতে তেওঁ জড়িত হ'ব খোজাতো ভাল কথা। ইয়াৰ অন্তৰালৰ দৃশ্যপট আৰু ৰাইজৰ সন্দেহৰ অৱকাশ তাক লৈ নহয়। কোভিডৰ পাছত বিশেষকৈ কৃষি খণ্ডক গুৰুত্ব দিছে চৰকাৰে। ইয়াৰ বাবে যথেষ্ট ধনো আৱন্টন কৃষি খণ্ডলৈ দিয়া হ'ব। সেই ধনৰ দ্বাৰাই প্ৰকৃত কৃষক উপকৃত হ'ব পৰাকৈ চৰকাৰ বা কৃষি বিভাগে যথোপযুক্ত আঁচনি গ্ৰহণ কৰাত গুৰুত্ব দিয়া সলনি জুবিন গাৰ্গক ব্ৰেণ্ড এম্বেচেদৰ দিয়া বিষয়টোতহে ৰাইজে উচিত নহয় বুলি মন্তব্য কৰিছে।

কৃষি কৰ্মৰে জড়িত হ'বলৈ আৰু কৃষি কৰ্মৰে প্ৰতিষ্ঠা লাভ কৰিবলৈ দিছপুৰ , মন্ত্ৰীৰ চ'ৰা ঘৰত বহি আলোচনা কৰা লোকজনে যদি জাতি-মাটি-ভেটিৰ বাবেই এই চৰকাৰক সমালোচনা কৰিছিল, ৰাইজক সেইদৰে বুজাইছিল তেনেহ'লে তেওঁ এনে পাভলুটি মৰাত ৰাইজ আঁচৰিত হ'বই।

জুবিনেই লিখিছিল এদিন এইদৰে…

এটা বছৰো হোৱা নাই। অন্ধ শাসন, ভণ্ড শাসক, অৰ্থ লোভৰ নগ্ন যুঁজত… বুলি গান গোৱা শিল্পীজনেই সৌ সেইদিনা ৰাজনীতি নকৰিবলৈ সকীয়াই দি গীতৰ জৰিয়তেই কঠোৰ বাৰ্তা দিছিল দিল্লী-দিছপুৰক। 'কা' আন্দোলনত জঁপিয়াই পৰি জাতি-মাটিৰ বাবে মানুহক ওলাই আহিবলৈ আহ্বান জনাইছিল।

ৰাইজ ওলাই গৈছিল তেওঁৰ আহ্বানত। মন্ত্ৰী, এম এল এ সব পাপৰহে মাত্ৰ/দেখিবলৈ খাদ্য/আচলতে শব্দ/ক্ষমতাৰ জোঁৱাৰত/আমি আছো মুগ্ধ/জাগ্ৰত জনতাক/কৰি দিশ ভ্ৰষ্ট- তেওঁৰ সেই গানবোৰেই শ্ল'গান হৈছিল। সেই গানবোৰকে সুঁৱৰি মানুহে এতিয়া সুধিব খোজে- মন্ত্ৰী – এম এল এৰ দৰেই কোনো কোনো শিল্পীও দিশ ভ্ৰষ্ট হ'ল নেকি? তেওঁলোকো আচলতে পাপৰহে আছিল নেকি?

নতুন বছৰৰ আৰম্ভণিতে এইজন জুবিন গাৰ্গেই লিখিছিল মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি। সেই চিঠিত তেওঁ কি লিখিছিল? প্ৰতি সৰ্বা দা শীৰ্ষক পত্ৰত তেওঁ লিখিছিল- 'বহুত কোৱা হ'ল- এবছৰ-দুবছৰ মান ধৰি কৈয়ে আছো। চৰকাৰে নুবুজিলে। ধৰ্ম আৰু জাতিৰ মাজৰ পাৰ্থক্য বুজি নাপালে। বুজিও নুবুজা ভাও ধৰিলে…'। এই মুকলি পত্ৰত এইজন জুবিন গাৰ্গেই জানো অভিযোগ কৰা নাছিল জাতিটোক শেষ কৰাৰ অভিযোগত বন্দী হ'ব সৰ্বানন্দ সোণোৱাল বুলি?

মুখ্যমন্ত্ৰীলৈ লিখা জুবিনৰ পত্ৰ…

'এই বছৰত কি নতুন হ'ব' শীৰ্ষক এক লেখাতো জুবিন গাৰ্গে লিখা চিন্তাৰ উদ্বেগকাৰী কেইটামান কথা মন কৰিব লগা। নিজৰ বয়স ৫০ হোৱা বুলি উল্লেখ কৰি তেওঁ লিখিছিল- '…নতুন বছৰত সেয়ে নতুন কিবা এটা হ'ব বুলি বৰ বিশেষ উৎসাহ নাই। অসম আন্দোলনৰ সময়ত মুখ্যমন্ত্ৰী অসমীয়াই আছিল। আন্দোলন কৰি চৰকাৰত বহি আমাক ঠগোৱা অগপ নেতাবোৰ অসমীয়াই… নতুন বছৰত আমাৰ সংগ্ৰাম অব্যাহত থাকিব। '

নতুন আঞ্চলিক দল এটা লাগে বুলিও তেওঁ উল্লেখ কৰি তেওঁ গান-চিনেমাৰ মানুহ, সেইবোৰৰ মাজতে থাকিব বুলি তেওঁ উল্লেখ কৰিছিল। ৰাইজক এনেদৰে আশা দেখুৱাই জাতিক ধ্বংস কৰা সকলক চিহ্নিত কৰি এতিয়া তেওঁলোকৰ সৈতে উঠা-বহা কৰিলে ৰাইজেনো বাৰু কেনেদৰে সহ্য কৰি লয়?

নতুন বছৰত কি হ'ব?

বৰ বেছি দিনো হোৱা নাই । কিমান দিনৰ আগৰ কথানো এইবোৰ? অসমীয়াই সাধাৰণতে কথাবোৰ পাহৰে। কিন্তু এইবোৰ কথা অৱশ্যে পাহৰি যোৱা নাই। কিয়নো সেইবোৰ কথা কোনো ৰাজনৈতিক নেতাই কোৱা নাছিল। কৈছিল জুবিন গাৰ্গে।

কৃষি বিপ্লৱ ভাল কথা। স্ববজাৰ নিৰ্ভৰশীল অৰ্থনীতিও এটা ভাল লক্ষ্য। কিন্তু বিপ্লৱ আৰু জাতীয় অৰ্থনীতিৰ বুনিয়াদ গঢ়িবলৈ ৰজাঘৰৰ আশীৰ্বাদ বিচাৰি জুবিন ঘূৰি ফুৰাতো ৰাইজে ভাল পোৱা নাই। সেয়েহে এতিয়া ইমান প্ৰশ্ন জুবিনৰ প্ৰতি।

ৰাইজে সুধিছে- এই সংকটৰ সময়ত বজাৰ স্থাপনৰ লক্ষ্যৰে বৃন্দাবন মাৰ্ট গঢ়াত ব্যস্ত জুবিন গাৰ্গে 'কা' আন্দোলনৰ সময়ত শ্বহিদ হোৱা ৫ জনৰ খবৰ কিবা ৰাখিছেনে? আনকি এনে আলোচনাও চলিছে যে, শাসক পক্ষই জুবিনৰ এই পৰিৱৰ্তন দেখি ইয়াৰ সুযোগ ভালদৰে গ্ৰহণ কৰিছে। যিমানখিনি লৈকে পাৰে টোপ দি জুবিনো যে চৰকাৰৰ অনুগ্ৰহ প্ৰাৰ্থী সেই কথা পৰোক্ষভাৱে বুজাবলৈ চেষ্টা চলাইছে। নহ'লেনো কোনো কথা চিন্তা নকৰাকৈ অসমৰ কৃষি খণ্ডৰ ব্ৰেণ্ড এম্বেচেদৰ হ'বলৈ এটা সাধাৰণ ফোনতে জুবিন গাৰ্গ মান্তি হ'ব পাৰেনে?

কেইদিনৰনো আগৰ দৃশ্য এইবোৰ?

অসমৰ কৃষি ক্ষেত্ৰখনৰ উন্নতিৰ বাবে কোনো ব্ৰেণ্ড এম্বেচেদৰৰ প্ৰয়োজন নাছিল বা নাই। নৱপ্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ জুবিনৰ আহ্বানতকৈ কৃষি ক্ষেত্ৰৰ সৈতে জড়িত সফল কৃষকসকলৰ প্ৰচাৰ-প্ৰসাৰৰ প্ৰয়োজন। মীন উৎপাদন, দুগ্ধ উৎপাদন, পশুধন পালন, হাঁহ-কুকুৰা পালন আদিৰ ক্ষেত্ৰৰ সৈতে অসমৰ বহু কৃষকে দীৰ্ঘদিন ধৰি জড়িত হৈ আছে।

চৰকাৰে তেওঁলোকৰ ফালে চকু মেলি চালে, সফল কাহিনীবোৰ প্ৰচাৰ কৰিলে কৃষি খণ্ডত জড়িত হ'বৰ বাবে নতুন প্ৰজন্ম এনেই আগবাঢ়ি আহিব। ব্ৰেণ্ড এম্বেচেদৰৰ ম'ডেলেৰ এইবোৰ ভেকোভাওনা কৰাৰ বিৰুদ্ধাচৰণ এদিন জুবিনেও কৰিছিল । অৱশ্যে তেতিয়া পৰ্যটন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আছিল প্ৰিয়ংকা চোপ্ৰা।

থলুৱাভাৱে মাছ উৎপাদন, শাক-পাচলিৰ খেতি আমি কৰিছো। কিন্তু ইয়াক নতুন মাত্ৰা দিয়াৰ চিন্তা-চৰ্চা কৰা সময় এয়া। কাণপুৰৰ মাছ, বংগৰ মুৰ্গী, পঞ্জাৱৰ গাহৰীৰ পৰা আঁতৰি আহি থলুৱাভাৱে উন্নত মানৰ উৎপাদনত মনোনিবেশ কৰিলে তেনে বজাৰ স্বতস্ফূৰ্তভাৱেই গঢ় লৈ উঠিব। ইয়াৰ বাবে লাগে চৰকাৰৰ নীতি ।

সেই নীতিৰ বিশেষজ্ঞসকলে নিৰূপন কৰাৰ সুযোগ দিব লাগিব। তাৰ সফল প্ৰয়োগৰ বাবে চৰকাৰী পক্ষৰ সহযোগ লাগিব। অসমৰ ভূত জলকীয়া এতিয়া বিশ্বৰ বজাৰ দখল কৰিছে। থলুৱা ধানৰ প্ৰজাতি অসমীয়া কৃষকেই সংগ্ৰহ কৰি দেশজুৰি খ্যাতি অৰ্জিছে। তামোলৰ ঢকুৱাৰ পৰা অসমতে ডিছপ'জিবল পাত-গ্লাছৰ উদ্যোগ স্থাপন হৈছে।

এই সকলো কিন্তু জুবিনতকৈ কম নহয়। তেওঁলোকৰ গ্লেমাৰ নাই। সেয়ে হয়তো কৃষি মন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে সঁচা অৰ্থত এই খণ্ডৰে জড়িত হৈ থকা সকলক দেখিও নেদেখা ভাও জোৰে। তাৰ বিপৰীতে জুবিনৰ জৰিয়তে কৃষি খণ্ডৰ উন্নতি আৰু প্ৰগতিৰ বাট মুকলাব খুজিছে। শিল্পীজনৰ প্ৰতি কোনো বেয়া ভাব নথকা সকলেও ৰাজ্যৰ চৰকাৰৰ এনে সিদ্ধান্তত আঁচৰিত হৈছে।

কৃষক সকলৰ মাজত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ব্ৰেণ্ড এম্বেচেদৰ নিয়োগ কৰিলেই অসমৰ বান সমস্যা, কৃষি উৎপাদিত সামগ্ৰী বজাৰৰ চিণ্ডিকেট, খাজানা বৃদ্ধি, ৰসায়নিক সাৰৰ কোটি কোটি টকীয়া চিণ্ডিকেট আৰু কৃষকসকলৰ আন সমস্যাবোৰ সমাধান হৈ যাব নেকি? কৃষকক সন্মান কৰিব নজনা, কৃষকৰ সমস্যাৰ প্ৰতি ন্যূনতম আভাস নথকা সকলে সেই দৃষ্টিভংগীৰেই এতিয়া আগবাঢ়িছে।

আন কিছু সমীকৰণ , ৰাজনৈতিক দৃষ্টিভংগীৰে এই সুযোগ শাসক পক্ষই গ্ৰহণ কৰিছে। এনে কথাও প্ৰচাৰ হৈছে যে, এই নতুন সম্পৰ্কবোৰৰ আঁৰত কাৰোবাৰ প্ৰাৰ্থী কেন্দ্ৰিক উচ্চাকাংক্ষাও লুকাই আছে। ৰাইজক কৰা এনে প্ৰতাৰণাৰ বাবেই এজন নায়ক খলনায়ক সদৃশ হ'ল আৰু যদি ৰাইজৰ হিয়াৰ আমঠু এই গায়কজনেও সকলোৰে চকুত ধূলি দি এক বিপ্লৱৰ সপোন ৰচনা কৰি তেনে কৰাৰ কথা ভাবিছে তেন্তে গায়ক আৰু নায়কৰ মাজত প্ৰভেদ ক'ত?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in