সমস্যা এটাইঃ Work From Home…

সমস্যা এটাইঃ Work From Home…

ৰাজৰ্ষি চহৰীয়া

কোভিড-১৯ৰ সংক্ৰম সমগ্ৰ বিশ্বজুৰি বিয়পি পৰাৰ পাছত লাহে লাহে সকলো ঠিক হ'বলৈ আৰম্ভ কৰে। কিন্তু সংক্ৰমণৰ ভয়ত প্ৰায় সকলো কৰ্মচাৰীকে ৱৰ্ক ফৰ্ম হ'ম অৰ্থাৎ ঘৰৰ পৰাই কাম কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল। ইয়াৰ ফলত বহুখিনি কৰ্মচাৰীয়ে ইতিবাচক দিশবোৰ দেখিলে। সকলোৱে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ সময় পালে। কামৰ  লগতে পৰিয়ালৰ সদস্য অৰ্থাৎ পিতৃ-মাতৃ, পত্নী, ভগ্নী-ভাতৃৰ সৈতে পালে অধিক সময়। কিন্তু ইয়াৰ নেতিবাচক দিশে নথকা নহয়।

এয়া সত্য যে, কোৰোনা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বৰে দেশসমূহৰ অৰ্থনীতিৰ ওপৰত ভীষণ প্ৰভাৱ পৰিল বা পৰিছে। কিন্তু কোৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে সকলো চৰকাৰী-ব্যক্তিগত প্ৰতিষ্ঠান, কাৰ্যালয়সমূহৰ কৰ্মচাৰীক কোৱা হ'ল যে ৱৰ্ক ফৰ্ম হ'মৰ দ্বাৰা কাম-কাজবোৰ আগবঢ়াব পাৰি।আৰু কৰ্মচাৰীসকলেও সেই মৰ্মে কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে।

শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন পত্ৰ। কিন্তু কি এই পত্ৰ? কিয় এনেদৰে ভাইৰেল হৈ পৰিল এই পত্ৰখন? ইয়াৰ উত্তৰো নথকা নহয়! এগৰাকী পত্নীয়ে স্বামীয়ে কৰ্ম কৰা কাৰ্যালয়ৰ সত্বাধিকাৰক লিখিছে এইখন পত্ৰ। এই পত্ৰখনত পত্নীয়ে স্বামীৰ ব'ছ অৰ্থাৎ কাৰ্যালয়টোৰ সত্বাধিকাৰক উদ্দেশ্যি লিখিছে যে- মহিলা গৰাকীয়ে স্বামীৰ ৱৰ্ক ফৰ্ম হ'মৰ কামবোৰ শেষ কৰি কাৰ্যালয়লৈ গৈহে তেওঁক কাম কৰাতো বিচাৰে।

এয়া অতি আচৰ্যজনক। কিয়নো কোৰোনাৰ সময়ত সকলোৱে ভাবিছিল যে পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰি বেছিভাগ লোকেই সুখী। কিন্তু এই ক্ষেত্ৰত এই কথা ইতিবাচকৰ পৰিৱৰ্তে নেতিবাচকহে হোৱা পৰিলক্ষিত হ'ল। দীৰ্ঘসময়ৰ পৰা ৱৰ্ক ফৰ্ম হ'মৰ পৰিস্থিতিৰ কাম কৰা থকাৰ বাবে পত্নীয়ে স্বামীৰ বহুবোৰ স্বভাৱ বা অভ্যাসৰ পৰা অতি কষ্ট অথবা অশান্তি অনুভৱ কৰা বুলি জানিব পৰা গ'ল এইখন চিঠি বা পত্ৰৰ পৰা। আৰু ইয়াৰ বাবেই ৱৰ্ক ফৰ্ম হ'মৰ শেষ কৰি কাৰ্যালয়ত যোৱাটো বিচাৰে মহিলা গৰাকীয়ে।

লগতে মহিলাগৰাকীয়ে পত্ৰত লিখিছে যে- যদি শীঘ্ৰেই ৱৰ্ক ফৰ্ম হ'ম শেষ নহয়, তেন্তে তেওঁলোকৰ যুগ্ম জীৱন অৰ্থাৎ বিবাহিত জীৱন সংকটত পৰিব। এই পত্ৰখনত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতে বহুতে ইয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্তি কৰা অৰ্থাৎ কমেন্ট কৰি কৈছে যে- এয়া হ'ল প্ৰতিঘৰৰে কাহিনী। সকলোৰে একেই অৱস্থা।

উল্লেখযোগ্য যে, প্ৰতিষ্ঠিত ব্যৱসায়ী হৰ্ষ গোয়নকাই টুইটাৰযোগে শ্বেয়াৰ কৰিছে এই পত্ৰখনথ। তেওঁ পত্ৰখন শ্বেয়াৰ কৰি কেপশ্যনত লিখিছে- বুজি পোৱা নাই কি বুলি উত্তৰ দিওঁ। আৰু টুইটটোৱে এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। প্ৰায় ৮ সহস্ৰাধিক লোকে এই পোষ্টটোত লাইক ৰিয়েক্ট কৰিছে।

সঁচাকৈ এয়া এক ভাবিব লগা কথা যে, যি সময়ত মানুহে কোৰোনা সংক্ৰমণৰ ভয়ত ৱৰ্ক ফৰ্ম হ'মৰ দ্বাৰা ঘৰৰ পৰাই কাৰ্যালয়ৰ কামবোৰ কৰি থকাৰ সময়তে পৰিয়ালৰ বা পৰিবাৰ সৈতে অধিক সময় অতিবাহিত কৰিবলৈ সুবিধা পাইছে, সেই সময়তে এগৰাকী মহিলাই স্বামীৰ স্বভাৱৰ বাবে ৱৰ্ক ফৰ্ম হ'ম আতৰাই স্বামীক কাৰ্যালয়লৈ যোৱাটো বিচাৰে।

মহিলাগৰাকীয়ে পত্ৰখনত লিখিছে- 'Dear Sir,

I am the wife of your employee Manoj. This is a humble appeal to allow him to work from office now. He is doubly vaccinated and will maintain all Covid protocols.

If work from home continues for some more time our marriage will definitely not work anymore. He drinks coffee ten times a day, sits in different rooms and leaves them in a mess, constantly asks for food. I have even seen him fall asleep during work calls.

I already have two children to look after. Seeking your support to get my sanity back.'

এই পত্ৰখনত মহিলাগৰাকীয়ে লিখিছে যে- 'মহাশয়, মই আপোনালোকৰ কৰ্মচাৰী মনোজৰ পত্নী। মই বিনম্ৰ নিবেদন জনাইছো যে, এতিয়া আৰু তেওঁক ৱৰ্ক ফর্ম হ'মৰ পৰিৱৰ্তে কাৰ্যালয়লৈ গৈ কাম কৰাৰ অনুমতি দিব লাগে। তেওঁ কোভিড ভেকচিনৰ দুয়োটা ড'জ লৈছে। তেওঁ কোভিড প্ৰট'কল মানি চলিব। যদি আৰু অধিক সময় তেওঁ ৱৰ্ক ফৰ্ম হ'ম কৰে, তেন্তে নিশ্চিতভাৱে আমাৰ বিবাহ বিচ্ছেদ হ'ব।'

মহিলা গৰাকীয়ে তাৰপাছত পত্ৰখনত লিখিছে-'মোৰ স্বামীয়ে দিনটোত ১০বাৰ মান কফী খায়। ঘৰৰ কোঠালিবোৰত গৈ লেতেৰা কৰে। আৰু বাৰে বাৰে কিবা নহয় কিবা খাবলৈ বিচাৰি থাকে। মই দুটা সন্তানক চোৱাচিতা কৰিব লাগে। তেনে পৰিস্থিতিত আপোনাৰ সহায়-সহযোগিতা বিচাৰো। যাতে মোৰ মানসিক ভাৰসাম্য ঠিকে থাকে।'

এই বিষয়টো চাবলৈ গ'লে কিছু হাস্যকৰ। কিন্তু এতিয়া প্ৰায়বোৰ ঘৰতেই এনে পৰিৱেশ-পৰিস্থিতি। কিয়নো আৰম্ভণিৰ কেইটামান দিন সকলোৱে হয়তো পৰিয়ালৰ সৈতে অধিক সময় ৱৰ্ক ফৰ্ম হ'মৰ দ্বাৰা অতিবাহিত কৰিবলৈ পায়। কিন্তু পাছলৈ এই ৱৰ্ক ফৰ্ম হমৰ বাবেই বহু সমস্যাৰ সৃষ্টি হয়। যাৰ উদাহৰণ এই মহিলা গৰাকীৰ পত্ৰখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in