কোৰোনাৰ সংকট কালত মুখ্যমন্ত্ৰীলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ বিস্ফোৰক পত্ৰঃ দেখুৱাই দিলে এই চৰকাৰ কিমান নিষ্কৰ্মা…

কোৰোনাৰ সংকট কালত মুখ্যমন্ত্ৰীলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ বিস্ফোৰক পত্ৰঃ দেখুৱাই দিলে এই চৰকাৰ কিমান নিষ্কৰ্মা…

মৃদুল কুমাৰ সন্দিকৈ

চৰকাৰৰ ক্ষেত্ৰতো এষাৰ আপ্তবাক্য খাটে- 'আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল'। কোৰোনা ভাইৰাছৰ সংকটৰ সময়ত খাদ্য, পানীকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ বাবে হাঁহাকাৰ কৰিব লগা হৈছে ৰাজ্যবাসীয়ে।

ৰাজ্যত এনে বহু স্থান আছে য'ত এটুপি খোৱা পানীৰ বাবে ঘন্টাৰ পাছত ঘন্টা ধৰি মানুহে শাৰী পাতিব লাগে। এফালে সামাজিক দূৰত্ব, আনফালে খোৱাপানীৰ সমস্যা। সেই সময়তে পোহৰলৈ আহিছে এক ঘটনা। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে প্ৰেৰণ কৰা এখন বিশেষ পত্ৰ আহি পৰিছে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত।

২ জুন, ২০২০ত যথেষ্ট উগ্বিগ্নতাৰে আৰু কঠোৰভাৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পত্ৰ প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ। মুখ্যমন্ত্ৰীৰ হাতত সেই পত্ৰ পৰিছিলহি ৩ জুনতে। এই পত্ৰখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভদ্ৰ ভাষাত কিন্তু কঠোৰভাৱে ককৰ্থনা কৰিলে সৰ্বানন্দ সোণোৱাল চৰকাৰক।

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিল এখন বিশেষ আঁচনি। জল জীৱন মিছন নামৰ এই আঁচনিখনৰ লক্ষ্য আছিল গাঁৱত থকা প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে পানী যোগান দিয়া। কেন্দ্ৰীয় চৰকাৰে ধন আৱন্টন দিয়াৰ পাছতো এই আঁচনিখন ৰূপায়নৰ বাবে কোনো পদক্ষেপেই লোৱা নাই এতিয়ালৈকে সোণোৱাল চৰকাৰে।

তথাকথিত জনস্বাস্থ্য মন্ত্ৰীগৰাকীৰ নাই এইবোৰৰ প্ৰতি কোনো ভ্ৰূক্ষেপ। মন্ত্ৰী ৰিহন দৈমাৰী ব্যস্ত আন অংকত। বিষয়া কৰ্মচাৰীক ৰদবদল, ঠিকা-ঠুকুলি আদি কামত ব্যস্ত হৈ থাকোতে ৰাজ্যৰ বাবে এই প্ৰয়োজনীয় আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত যোৱা দুবছৰে একোৱেই নকৰিলে এই বিভাগটোৱে।

পত্ৰখনৰ আৰম্ভণিতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লিখিছে যে- মই ইয়াৰ সৈতে গাঁঠি দিয়া ২০-৮-২০১৯ তাৰিখৰ পূৰ্বৰ চিঠিখনত জল জীৱন মিছনৰ কাৰ্যকৰী কৰা আৰু ইয়াৰ মডেলিটি সন্দৰ্ভত সবিশেষ উল্লেখ কৰিছিলো। ইয়াৰ উদ্দেশ্য আছিল- ২০২৪চনত যাতে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ লোকে ঘৰতে পানী যোগান সংযোগ কৰিব পাৰি।

মুখ্যমন্ত্ৰীলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ পত্ৰঃ কিয় হোৱা নাই জল জীৱন মিছনৰ কাম…

অসমত খোৱা পানীৰ সমস্যা নতুন কথা নহয়। এতিয়াও মানুহে পুখুৰী, নদ-নদীৰ পৰা পানী সংগ্ৰহ কৰি খায়। এই আঁচনিখনে গ্ৰামাঞ্চলৰ আৰু দুৰ্গম অঞ্চলত বাস কৰা লোকসকলৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ল হেঁতেন। কিন্তু আজিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইখনৰ পাছত সিখন চিঠি লিখাৰ পাছতো আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত গা লৰা নাই মুখ্যমন্ত্ৰী নতুবা তেওঁৰ সতীৰ্থ বিভাগীয় মন্ত্ৰীৰ।

পত্ৰখনত লিখা তথ্য অনুসৰি, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই আঁচনি ৰূপায়নৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্য চৰকাৰক সকলো সহযোগিতা কৰাৰ আশ্বাস দিছিল। ভাৰত চৰকাৰে এফএইছটিচি নামেৰে নামাকৰণ কৰা এই প্ৰতিঘৰ মানুহলৈ পানী যোগান ধৰাৰ আঁচনিখন ৰূপায়নৰ বাবে ধনো আৱন্টন দিছে।

পৰি আছে ধন, কৰিব পৰা নাই ৰাজ্য চৰকাৰে ব্যয়

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পত্ৰতেই থকা তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত ১২.৪৫ লাখ পৰিয়ালক এফএইচটিচি আঁচনিৰ জৰিয়তে পানী যোগান ধৰাৰ লক্ষ্য লৈছিল। কিন্তু মাত্ৰ ৪৮,৮৫২ ঘৰলৈহে পানী যোগান ধৰা হৈছে এতিয়ালৈকে।

মাত্ৰ ৪ শতাংশ পৰিয়ালক পানী যোগান ধৰা এই আঁচনিৰ কাৰ্য ৰূপায়নত বিফল হোৱাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে পত্ৰখনত। আনকি ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা ধন ব্যয় কৰিব পৰা নাই অসম চৰকাৰে।

২০১৯-২০ বৰ্ষত এই আঁচনি ৰূপায়নৰবাবে কেন্দ্ৰীয় চৰকাৰে ৬৯৪.৩৪ কোটি টকা আৱন্টন দিছিল। ইয়াৰে মাত্ৰ ৩৯২.৩৬ কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হৈছে। কেন্দ্ৰীয় চৰকাৰে দিয়া ধন ব্যয় কৰিব নোৱাৰা এই চৰকাৰক এক প্ৰকাৰৰ গৰিহণা দিয়া হৈছে এই পত্ৰত।

ইমান কম গতিত এই আঁচনি ৰূপায়ন কৰা দেখি আঁচৰিত হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। আঁচনিখন ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ধনৰ উপৰিও এক অংশ ধন ৰাজ্য চৰকাৰে দিয়াৰ প্ৰয়োজন। ২০১৯-২০ বৰ্ষত ৰাজ্য চৰকাৰে ৪৩.৫৯ কোটি ৰাজ্য চৰকাৰ অংশ হিচাপে দিব লাগিছিল যদিও মাত্ৰ ২১.১৮ কোটি টকাহে এই আঁচনিৰ নামত ৰাজ্য চৰকাৰে ব্যয় কৰিছে।

আশা কৰো আপুনি বিষয়টো চাব…

পত্ৰখনত উল্লেখ কৰা মতে, নেশ্যনেল ৱাটাৰ কুৱালিটি ছাব মিছনৰ বাবে পূৰ্বতে দিয়া ২৮৮.৯৪ কোটি টকাও সৰ্বানন্দ সোণোৱাল চৰকাৰে ব্যয় কৰিব পৰা নাই। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে ব্যয় কৰিছে মাত্ৰ ১৮.৭৯ কোটি টকা।

সেই আঁচনিৰ অধীনতো ২৭০.১৪ কোটি টকা এতিয়া পৰি আছে। ৰাজ্য চৰকাৰে নিজৰ অংশ হিচাপে মাত্ৰ ১৫ লাখ টকাহে এই আঁচনিৰ অধীনত ব্যয় কৰিছে। অসমত চৰকাৰী আঁচনি ৰূপায়ন কেনেদৰে কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰে তাৰ এক নিদৰ্শন দাঙি ধৰিলে খোদ নিজ দলৰে কেন্দ্ৰীয় চৰকাৰৰ এজন সতীৰ্থ নেতাই।

পানী প্ৰাণীৰ প্ৰাণ। বিশুদ্ধ পানী সেৱন কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। প্ৰধানমন্ত্ৰী মোডীয়ে হয়তো সেই উদ্দেশ্য লৈয়ে এই আঁচনি ৰূপায়নৰ সপোন দেখিছিল। কিন্তু সেই সপোন দিঠক কৰাত কাৰ্যতঃ এইদৰে বিফল হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জনস্বাস্থ্য মন্ত্ৰী ৰিহন দৈমাৰী।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰিছে যে- সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি জানি সুখী হ'ব যে ২০২০-২১ বৰ্ষত এই জলজীৱন আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে অসমলৈ আৱন্টন দিয়া ধনৰ পৰিমান বৃদ্ধি কৰিছে। পূৰ্বৰ ৬৯৪.৩৭ কোটি টকাৰ বিপৰীতে এইবাৰ ১৪০৭.০৭ কোটি টকা অসমলৈ ধাৰ্য কৰা হৈছে।

এইবোৰৰ উপৰিও ১৭০.৪১ কোটি টকা, পূৰ্বৰ এনডব্লিউকিউএছএমৰ ২৭০.১৪ কোটি টকা পৰি আছে অসমৰ বাবে। আজিৰ তাৰিখত অসমৰ এই পানী যোগান আঁচনি ৰূপায়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱন্টন দিয়া ১৮৪৭.৬৪ কোটি টকা কেন্দ্ৰীয় পুঁজি অবাবতে পৰি ৰৈছে।

উল্লেখযোগ্য যে, আঁচনি সমূহ ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে মাত্ৰ ১০ শতাংশহে পুঁজি দিব লাগে। সেই ১০ শতাংশ পুঁজি যোগ হ'লে গ্ৰামাঞ্চলত প্ৰতিঘৰ লোকৰ পানী যোগানৰ বাবে অসম চৰকাৰৰ হাতত আছে ২০৫৩ কোটি টকা।

এনে এখন চিঠি পোৱাৰ পাছত মুখ্যমন্ত্ৰী সোণোৱাল কিদৰে তৎপৰ হ'ল আপোনাৰ জানিব মন নাযায়নে? এইখিনিতে উল্লেখ কৰাৰ প্ৰয়োজন যে এই পত্ৰখনত কোৰোনা ভাইৰাছৰ কথা বিশেষভাৱে উল্লেখ আছে। লগতে উল্লেখ আছে বিশ্ব বেংকৰ পানী যোগানৰ আঁচনিৰ এক প্ৰকল্পৰ কথাও।

বিশ্ব বেংকে মাল্টিষ্টেট আৰ ডব্লিউ এছ এছ পি-এলআইএছ প্ৰকল্পৰ বাবে ২০১৪চনৰ পৰা ২০২০চনলৈকে ৫৪৯.৫ কোটি টকা দিছে। সেই আঁচনি ৰূপায়নতো অসম কিদৰে বিফল হৈছে সেই কথাও উল্লেখ আছে ইয়াত। যদিও ৯০ শতাংশ ধন ব্যয় কৰা বুলি কোৱা হৈছে কিন্তু যোৱা ৬ বছৰত ৭ শতাংশৰ অধিক কাম হোৱা নাই। যাৰ বাবে ইয়াক অতি বেয়া পাৰ্ফৰ্মেন্স আৰু এই প্ৰকল্প বিশ্ব বেংকে অসফল প্ৰজেক্ট ৰূপে চিহ্নিত কৰাৰ কথাও উল্লেখ কৰিছে।

মুখ্যমন্ত্ৰীলৈ লিখা এই পত্ৰত লিখিছে যে- এনেবোৰ কামে ৰাজ্যখনৰ লগতে দেশৰো নাম বেয়া কৰে। পত্ৰখনৰ প্ৰথম পৃষ্ঠাতেই শেষৰ ফালে এই খিনি কথা উল্লেখ কৰা হৈছিল। এই পত্ৰখনত ৰাজ্য চৰকাৰক এই প্ৰকল্প ৰূপায়নৰ বাবে নিজৰ অংশৰ ধন হস্তান্তৰ কৰিবলৈ আৰু সেইবোৰ ছিংগল নডেল একাউণ্টত ১৫ দিনৰ ভিতৰত মুকলি কৰি দিবলৈ অনুৰোধ কৰা হৈছে।

এই আঁচনি ৰূপায়নৰ বাবে পৰিকল্পিতভাৱে কাম কৰা আৰু ১২,৬০৪খন গাঁৱত ৪০ লাখ লোকক এই আঁচনিৰ জৰিয়তে সামৰি ল'ব পৰা হ'ব বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীগৰাকীয়ে। ২০১৮-১৯ বৰ্ষত ৰূপায়ন কৰা এই আঁচনিৰ অধীনৰ কামবোৰৰ ভিতৰত ৬৭ শতাংশ লোকৰ ঘৰতহে এইবোৰ কাৰ্যকৰী হৈ থকা বেছিভাগ ঘৰতে ইয়াক কাৰ্যকৰী নকৰাৰ ক্ষেত্ৰতো আক্ষেপ ব্যক্ত কৰা হৈছে।

অসম এনে এখন ৰাজ্য য'ত ৩৮৮১টা আৰ্ছেনিক আৰু ক্ল'ৰাইড আক্ৰান্ত অঞ্চল আছে। সেইবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ২০২০ৰ ডিচেম্বৰৰ ভিতৰত এই আঁচনি ৰূপায়নৰক্ষেত্ৰত ক্ষীপ্ৰ হ'বলৈ কোৱা হৈছে পত্ৰখনত।

এই পত্ৰখনৰ ৬ নং পইন্টত লিখিছে যে, কোভিড-১৯ মহামাৰীৰ সময়ত এয়া জৰুৰী আছিল যে পানীৰ পাত্ৰ লৈ মানুহ ৰাজহুৱা পানী যোগান আঁচনিৰ সন্মুখত যাতে থিয় হৈ থাকিবলগীয়া নহয়। যদি পানী যোগানৰ কামবোৰ সুচাৰুৰূপে হল হয়, সকলো ঘৰতে পানীৰ টেপ কানেকশ্যন থাকিল হেঁতেন, তেতিয়াহ'লে সামাজিক দূৰত্ব ৰক্ষা কৰাৰ ক্ষেত্ৰত ই সহায়ক হ'ল হেঁতেন।

ইয়াৰ উপৰিও গ্ৰামাঞ্চলসমূহত কিছু নিয়োগৰ সৃষ্টি হ'লহেঁতেন। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰি এই বিষয়টো নিয়মিতভাৱে চোৱা-চিতা কৰাৰ পৰামৰ্শ দি এই পত্ৰ সামৰিছিল।

এই চিঠি খন পোৱাৰপাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ চিঠিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে বিষয়টো জনস্বাস্থ্য কৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিবলৈগৰাকীলৈ প্ৰেৰণ কৰিলে । তাৰপাছত হয়তো চিঠিখনৰ কথা তেওঁ পাহৰিলে।

তাৰ কেইদিনমানৰ পাছতহে মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ শীৰ্ষ বিষয়াক মতাই নি এক বৈঠকত বহিল। লক্ষণীয়ভাৱে এই বৈঠকৰলৈ মতা নহ'ল খোদ জনস্বাস্থ্য কৰিকৰী বিভাগৰ মন্ত্ৰীগৰাকীক। বিভাগটোৰ আন উচ্চপদস্থ বিষয়াসকলৰ সৈতে এই আঁচনি কিয় বিলম্ব হৈছে তাৰ চিন্তন মন্থন কৰিয়েই মুখ্যমন্ত্ৰীয়ে এনে এটা গুৰুত্বপূৰ্ণ বিষয় সামৰিলে।

তাৰপাছত কেইবা সপ্তাহ ধৰি এই বিষয়টো তল পৰি থাকিল। ২৩ জুন, ২০২০ত জনস্বাস্থ্য কৰিকৰী বিভাগৰ সচিব এন পি দাসে এক নিৰ্দেশ জাৰি কৰিলে। পিএইচইডি ২৩৫/২০১৯/৭৯ নম্বৰৰ এই নিৰ্দেশ দিয়া হ'ল জল জীৱন মিছন সঞ্চালক আৰু হেঙেৰবাৰীত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তাগৰাকীলৈ।

সচিবৰ নিৰ্দেশ- কি লিখিছে মুখ্যমন্ত্ৰীলৈ পঢ়ি চাওক…

এই পত্ৰত সচিবগৰাকীয়ে লিখিলে যে- ইয়াৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন পত্ৰ দিয়া হৈছে। এই পত্ৰ পঢ়ি সেই মতে, তাৰ ব্যাখ্যা নিজকে দিয়ক আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰক। এই পত্ৰখনৰ কপীহে জনস্বাস্থ্য কাৰি কৰী মন্ত্ৰীলৈ দিয়া হৈছে।

এনে এক গুৰুত্বপূৰ্ণ বিষয়ক লৈ কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা পত্ৰৰ পাছতো কিয় জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰীগৰাকীক এবাৰো প্ৰশ্ন নকৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পূৰ্বতে এই বিভাগটোৰ এটা কাৰ্যালয় উদ্বোধনৰ সময়তো দেখা গৈছিল দুয়োৰে মাজৰ সম্পৰ্কহীনতাৰ কথা।

শেষ মুহূৰ্তত বাতিল কৰিব লগা হৈছিল এই অনুষ্ঠান। কিয়নো সেই অনুষ্ঠানলৈ মতা হোৱা নাছিল মুখ্যমন্ত্ৰীক। কেনেকৈ চলি আছে সৰ্বানন্দ সোণোৱাল চৰকাৰ তাৰ প্ৰমাণ এইটোৱে নহয়। কোৰোনা ভাইৰাছৰ মহাসংকটৰ সময়ত গুৱাহাটী লকডাউনৰ কথা ঘোষণা কৰা হৈছিল প্ৰায় ৩ দিনৰ পূৰ্বে।

সেই সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে বজাৰত ভাবিব নোৱাৰা ধৰণে বয়বস্তুৰ মূল্য বৃদ্ধি কৰিছিল। এই সন্দৰ্ভত যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী সমালোচনাৰ সন্মুখীন হৈ কৈছিল লকডাউন দিব বুলি তেওঁ গমেই নাপায়।

এনেবোৰ ঘটনাৰ পৰা এই কথা অনুমান কৰিব পাৰি নেকি যে নামত মিত্ৰতা থাকিলেও অগপ-বিপিএফৰ মন্ত্ৰীসকল এতিয়া এঘৰীয়া হৈ পৰিছে। চৰকাৰী সিদ্ধান্তৰ কথা এইসকলে মন্ত্ৰীয়ে গমকে নাপায়। প্ৰভাৱশালী মন্ত্ৰীৰ প্ৰভাৱত মুখ্যমন্ত্ৰী অস্তিত্বহীন হোৱাৰ দৰেই তেওঁলোকো অস্তিত্বহীন হৈ পৰিছে।লগতে অভাৱ ঘটিছে সমন্বয়হীনতাৰ।

জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰীৰ বিৰুদ্ধে আছে যথেষ্ট অভিযোগ। এই বিভাগৰ শ শ বিষয়া ইঞ্জিনিয়াৰ পদোন্নতিৰ পাছত কৰ্মহীন হৈ বহি আছে কাৰ্যালয়ত। তাৰপাছতো বিভাগত ইমান কাম থাকিও সেই সকলে বিষয়া-কৰ্মচাৰীক দিয়া হোৱা নাই দায়িত্ব।

অসমৰ ৰাইজে কি ক'ব? খোদ কেন্দ্ৰীয় মন্ত্ৰীয়ে দেখুৱাই দিলে এই চৰকাৰ কিমান নিষ্কৰ্মা। ধন আছে কিন্তু ব্যয় নকৰে। খোৱাপানীৰ সমস্যা সমাধান কৰিবলৈও যদি এই চৰকাৰৰ আগ্ৰহ নাই তেনেহ'লে উন্নয়নৰ কি কাম কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in