গ’ ইণ্ডিয়া গ’…

গ’ ইণ্ডিয়া গ’…

ৰাজৰ্ষি চহৰীয়া

দেশবাসীৰ এতিয়া দৃষ্টি অলিম্পিকত। জাপানৰ টকিঅ'ত অনুষ্ঠিত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিযোগিতা অলিম্পিকত ভাৰতৰ প্ৰতিগৰাকী খেলুৱৈয়ে মেডেল অৰ্জন কৰি দেশক ক্ৰীড়া জগতখনৰ শীৰ্ষত উপস্থাপন কৰাতোৱে সকলোৰে সপোন। ২৩ জুলাই, ২০২১ৰ পৰা ৮ আগষ্ট, ২০২১লৈ চলিব এই প্ৰতিযোগিতা।

এইবাৰৰ অলিম্পিকত ভাৰতে আৰম্ভণিৰ পৰাই ভাল খেল প্ৰদৰ্শন কৰি আহিছে বুলি ক'লেও ভুল নহ'ব। ২৪ জুলাই, ২০২১ অৰ্থাৎ শনিবাৰে টকিঅ'ৰ পৰা আহিল প্ৰথমটো ভাল খবৰ। ৪৯ কেজি ভাৰত্তোলন শাখাত ভাৰতৰ মীৰাবাই ছানুৱে লাভ কৰিলে ৰূপৰ পদক। উত্তৰ-পূব সীমান্ত ৰে'লৱেত কৰ্মৰত মীৰাবাইৰ ঘৰ মণিপুৰত। দেশৰ বাবে সন্মান তথা গৌৰৱ কঢ়িয়াই অনা ছানুক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে সমগ্ৰ দেশবাসীয়ে জনাইছে অভিনন্দন।

দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিলে মীৰা বাই ছানুৱে…

কঠোৰ পৰিশ্ৰম, ত্যাগ আৰু একাগ্ৰতাৰ ফলতেই এনেদৰে টকিঅ' অলিম্পিকৰ দৰে এক বৃহৎ প্ৰতিযোগিতাত পদক অৰ্জন কৰিবলৈ সক্ষম হয় এগৰাকী খেলুৱৈয়ে। ২৫ জুলাই, ২০২১ অৰ্থাৎ দেওবাৰে বক্সাৰ মেৰী ক'মে ড'মিনিকেন ৰিপাব্লিকৰ বক্সাৰ মিগুএলিনা গাৰ্ছিয়াক পৰাস্ত কৰি মহিলাৰ ফ্লাইৱেইট (৪৮-৫১ কেজি) শাখাত ১৬সংখ্যক ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। মেৰী ক'মে ৰাউণ্ড অৱ ৩২ৰ মেচত মিগুএলিনাক ৪-১ পইন্টত পৰাস্ত কৰে। প্ৰথম দুটা ৰাউণ্ডৰ পাছত স্ক'ৰলাইন ১৯-১৯ হয়, আৰু ইয়াৰ পাছতেই এই মেচখন অতি ৰোমাঞ্চকৰ হৈ পৰে। আৰু তৃতীয় ৰাউণ্ডত খুবেই ভাল খেল প্ৰদৰ্শন কৰি মেৰী ক'ম জয়ী হয়।

এই মেচখনত জয়ী হোৱাৰ পাছত মেৰী ক'মে কয়- 'মই সকলো পদক পাইছো। অলিম্পিক পদক (কান্স্যা) ২০২১ত জয়ী হৈছিলো। ৰাষ্ট্ৰমণ্ডল খেলত স্বৰ্ণ, ছয় বাৰ স্বৰ্ণ পদক বিজয়ী চেম্পিয়নশ্বিপত। এইবোৰ পদক বা মেডেল গণনা কৰা সহজ, কিন্তু একেৰাহে জয়ী হৈ থকাতোহে কঠিন। এতিয়া কেৱল অলিম্পিকৰ স্বৰ্ণ পদক বাকী আছে। আৰু ই মোক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰিত কৰিছে। মই সকলো ধৰণে চেষ্টা কৰি আছো। যদি মই অলিম্পিকৰ স্বৰ্ণ পদক লাভ কৰো মই অত্যন্ত সুখী হম…।'

কেৱল মেৰী ক'মেই নহয়, অলিম্পিকত জয়ৰে যাত্ৰা আৰম্ভ কৰিছে পি ভি সিন্ধুৱেও। বেডমিন্টনৰ মহিলা ছিংগলছ শাখাত ইজৰাইলৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে সিন্ধুৱে। ২৯ মিনিটত ২১-৭ আৰু ২১-১০ পইন্টৰ ব্যৱধানত ভাৰতীয় এই মহিলা খেলুৱৈগৰাকী জয়ী হয়। ২৭ জুলাই, ২০২১ অৰ্থাৎ মঙলবাৰে পৰৱৰ্তী খেলখনত পি ভি সিন্ধু হংকঙৰ এনগানৰ মুখামুখী হ'ব। টকিঅ' অলিম্পিকৰ পৰা ইটোৰ পাছত সিটো ভাল খবৰ কঢ়িয়াই আনিছে ভাৰতীয় খেলুৱৈসকলে। অৱশ্যে অলিম্পিকৰ তৃতীয় দিনটোলৈকে মেডেল লাভৰ তালিকাৰ শীৰ্ষত নাই ভাৰত। এই তালিকাৰ শীৰ্ষত আছে চীন।

২৫ জুলাইৰ নিশা ৮ বজালৈকে টকিঅ' অলিম্পিকৰ ৱেবছাইটত উপলব্ধ ৰিজাল্ট তালিকাখনত উল্লেখ কৰা অনুসৰি, ৬টা সোণ, ১টা ৰূপ আৰু ৪ ব্ৰঞ্জৰ মেডেল অৰ্জনেৰে চীন আছে শীৰ্ষ স্থানত। তাৰপাছত থকা দেশ কেইখন ক্ৰমে- ৫টা সোণ আৰু ১টা ৰূপৰ পদকেৰে জাপান, ৪টা সোণ, দুটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ মেডেলেৰে আমেৰিকা, দুটা সোণ আৰু ৩টা ব্ৰঞ্জৰ মেডেলেৰে কোৰিয়া, এটা সোণ, ৪টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ মেডেলেৰে ৰাছিয়া, এটা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ মেডেলেৰ ইটালী, এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে অষ্ট্ৰেলিয়া, এটা সোণ, এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ মেডেলেৰে ফ্ৰান্স, এটা সোণ আৰু এটা ৰূপৰ পদকেৰে হাংগাৰী আছে এই তালিকাত। এই তালিকাৰ ২৪ নং ৰেংকত আছে ভাৰত। ভাৰতে এতিয়ালৈকে অলিম্পিকত এটা ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এই তালিকাখনৰ শেষৰ স্থানত আছে ছুইজাৰলেণ্ড। দেশখনে লাভ কৰিছে এটা ব্ৰঞ্জৰ মেডেল।

অলিম্পিকৰ ৩২ তম সংস্কৰণত ভাৰতীয় খেলুৱৈসকলৰ সম্পূৰ্ণ সময়সূচী:

আৰ্চাৰী

সকলো খেল পুৱা ৬ বজাৰ আৰম্ভ হ'ব-

২৬ জুলাই : পুৰুষৰ শিতানত (অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায়)

২৭, ২৮ আৰু ২৯ জুলাই : পুৰুষ আৰু মহিলাৰ একক শাখা (দীপিকা কুমাৰী, অতনু দাস, প্ৰবীণ যাদৱ আৰু তৰুণদীপ ৰায়)

৩০ জুলাই : মহিলা একক শাখাৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল

৩১ জুলাই : পুৰুষৰ শিতানৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল

এথলেটিকছ

৩০ জুলাই : পুৰুষৰ ৩০০০ মিটাৰ ষ্টিপলচেজ হিটছ- পুৱা ৫.৪৭ (অবিনাশ চাবলে)

পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলেছ হিটছ – পুৱা ৭.২৫ বজাত (জাবিৰ এম পাল্লিয়ালিল)

মহিলাৰ ১০০ মিটাৰ হিটছ – বিয়লি ৩.১০ বজাত (দ্যুতি চান্দ)

৪x৪০০ মিটাৰ মিক্সড ৰিলে (হিট) – সন্ধিয়া ৫.৩০ (সাৰ্থক ভামব্ৰী, এলেক্স এণ্টনী, ৰেৱতী ভিৰামণি, সুভা ভেংকটেচন, ধনলক্ষ্মী শেখৰ)

৩১ জুলাই : মহিলা ডিচকাচ থ্ৰ' কোৱালিফায়াৰ – পুৱা ৬ বজাত (কমলপ্ৰীত কৌৰ, সীমা পুণিয়া)

পুৰুষৰ লং জাম্প কোৱালিফায়াৰ- বিয়লি ৩.৪০ বজাত (মুৰলী শ্ৰীশংকৰ)

মহিলাৰ ১০০ মি: ছেমি ফাইনেল বিয়লি ৩.৪৫ বজাত (যদি দ্যুতি চান্দ কোৱালিফাই হয়)

৪x৪০০ মিক্সড ৰিলে সোণৰ পদকৰ বাবে খেল – সন্ধিয়া ৬.০৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

মহিলাৰ ১০০ মি: সোণৰ পদৰ বাবে খেল- সন্ধিয়া ৬:২০ বজাত (যদি দ্যুতি চান্দ কোৱালিফাই হয়)

২ আগষ্ট : পুৰুষৰ লং জাম্পৰ ফাইনেল- সন্ধিয়া ৬.৫০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

মহিলাৰ ২০০ মিটাৰ হিটছ – পুৱা ৭ বজাত (দ্যুতি চান্দ)

মহিলাৰ ডিচকাচ থ্ৰ' সোণৰ পদকৰ বাবে খেল- বিয়লি ৫.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

পুৰুষৰ ষ্টিপলচেজ সোণৰ পদকৰ বাবে খেল- বিয়লি ৫.৪৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

৩ আগষ্ট : মহিলাৰ জেভলিন থ্ৰ' কোৱালিফায়াৰ-পুৱা ৫.৫০ বজাত (অন্নু ৰাণী)

পুৰুষৰ ৪০০ মিটাৰ হাৰ্ডলেছ সোণৰ পদকৰ বাবে খেল- পুৱা ৮.৫০ বজাত(যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

পুৰুষৰ শ্বটপুট কোৱালিফায়াৰ -সন্ধিয়া ৫.৪৫ বজাত (তাজিন্দৰ পাল সিং তুৰ)

মহিলা ২০০ মিটাৰ ফাইনেল- সন্ধিয়া ৬.২০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

৪ আগষ্ট : পুৰুষৰ জেভলিন থ্ৰ' কোৱালিফায়াৰ–সন্ধিয়া ৫.৩৫ বজাত (নীৰজ চোপ্ৰা)

৫ আগষ্ট : পুৰুষৰ শ্বট পুট, সোণৰ পদকৰ বাবে খেল– পুৱা ৭.৩৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

পুৰুষৰ ২০ কিল'মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– দিনৰ ১ বজাত (সন্দীপ কুমাৰ, ৰাহুল ৰোহিলা আৰু ইৰফান কোলোথুম থোডি)

৬ আগষ্ট : পুৰুষৰ ৫০ কিল'মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– পুৱতি নিশা ২ বজাৰ পৰা ৭.৩০ বজালৈ (গুৰপ্ৰীত সিং)

মহিলাৰ ২০ কিল'মিটাৰ ৰেচ ৱাক, সোণৰ পদকৰ খেল– দিনৰ ১ বজাত (প্ৰিয়ংকা গোস্বামী, ভাৱনা জাট)

মহিলাৰ জেভলিন থ্ৰ', সোণৰ পদকৰ খেল- সন্ধিয়া ৫.২০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

৭ আগষ্ট : পুৰুষৰ জেভলিন থ্ৰ' ফাইনেল- সন্ধিয়া ৪.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

বেডমিণ্টন

৩০ জুলাই : পুৰুষৰ ছিংগলছ ৰাউণ্ড, ১৬ – পুৱা ৫.৩০ বজাত আৰু ১২ বজাত (বি চাই প্ৰণীত)

পুৰুষৰ দ্বৈত কোৱাৰ্টাৰ ফাইনেল – পুৱা ৫.৩০ বজাত (সাতৱিক্সাইৰাজ ৰাংকিৰেড্ডী / চিৰাগ চেট্টী)

মহিলাৰ একক ৰাউণ্ড, ১৬ – দিনৰ ১২ বজাত (পি ভি সিন্ধু)

৩১ জুলাই : পুৰুষৰ দ্বৈত ছেমি ফাইনেল – পুৱা ৫.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

মহিলাৰ একক কোৱাৰ্টাৰ ফাইনেল – বিয়লি ৩.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

১ আগষ্ট : পুৰুষৰ একক কোৱাৰ্টাৰ ফাইনেল – পুৱা ৯.৩০ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

মহিলা একক ছেমি ফাইনেল – সন্ধিয়া ৫ বজাত (যদি ভাৰতে যোগ্যতা অৰ্জন কৰে)

পুৰুষৰ দ্বৈত, ব্ৰঞ্জ পদকৰ খেল – সন্ধিয়া ৫ বজাত

২ আগষ্ট : পুৰুষৰ একক ছেমি ফাইনেল / মহিলাৰ একক ফাইনেল / পুৰুষৰ দ্বৈত ফাইনেল –পুৱা ১০.৩০ বজাত

পুৰুষৰ একক ফাইনেল – বিয়লি ৪.৩০ বজাত

বক্সিং

২৬ জুলাই : পুৰুষৰ ফ্লাই, RO-৩২-পুৱা ৭.৩০ বজাত আৰু দুপৰীয়া ১.৩০ বজাত (অমিত পাংঘাল)

পুৰুষৰ মিডল, RO-৩২-পুৱা ৯.০৬ বজাত আৰু ৩.০৬ বজাত (আশীষ কুমাৰ)

২৭ জুলাই : মহিলাৰ লাইট, RO-৩২–বিয়লি ৩.৩০ বজাত (চিমৰণজিৎ কৌৰ)

২৯ জুলাই : পুৰুষৰ চুপাৰ হেভী, RO-১৬- পুৱা ৮.৩০ বজাত আৰু বিয়লি ২.৩০ বজাত (সতীশ কুমাৰ)

অশ্বাৰোহী –  

ফুৱাদ মিৰ্জা এই খেলৰ একমাত্ৰ ভাৰতীয়

২৮ জুলাই : ড্ৰেছেজ ফাইনেল – দিনৰ ২ বজাত

৩০,৩১ জুলাই : ইভেণ্টিং- পুৱা ৫ বজাত আৰু দিনৰ ২ বজাত

১ আগষ্ট : ইভেণ্টিং ক্ৰছ কাণ্ট্ৰী- পুৱা ৪.১৫ বজাত

২ আগষ্ট : ইভেণ্টিং কোৱালিফায়াৰ–বিয়লি ১.৩০ বজাত, ইভেণ্টিং ফাইনেল – সন্ধিয়া ৭.১৫ বজাত

৩ আগষ্ট : জাম্পিং কোৱালিফায়াৰ –বিয়লি ৩.৩০ বজাত

৪ আগষ্ট : জাম্পিং ফাইনেল –বিয়লি ৩.৩০ বজাত

ফেন্সিং

২৬ জুলাই : মহিলা চাব্ৰে (একেদিনাই সকলো ৰাউণ্ড) – পুৱা ৫.৩০ বজাৰ পৰা সন্ধিয়া ৫.১৫ বজালৈ (চি এ ভৱানী দেৱী)

ফিল্ড হকী

পুৰুষৰ দলৰ খেলসমূহ

২৭ জুলাই : ভাৰত বনাম স্পেইন – পুৱা ৬.৩০ বজাত

২৯ জুলাই : ভাৰত বনাম আৰ্জেণ্টিনা – পুৱা ৬ বজাত

৩০ জুলাই : ভাৰত বনাম জাপান –বিয়লি ৩ বজাত

মহিলা দলৰ খেলসমূহ

২৬ জুলাই : ভাৰত বনাম জাৰ্মানী – সন্ধিয়া ৫.৪৫ বজাত

২৮ জুলাই : ভাৰত বনাম গ্ৰেট ব্ৰিটেইন – পুৱা ৬.৩০ বজাত

৩০ জুলাই : ভাৰত বনাম আয়াৰলেণ্ড – পুৱা ৮.১৫ বজাত

৩১ জুলাই : ভাৰত বনাম দক্ষিণ আফ্ৰিকা – পুৱা ৮.৪৫ বজাত

গল্ফ

২৯,৩০ আৰু ৩১ জুলাই : পুৰুষৰ একক – পুৱা ৪ বজাত (অনিৰ্বাণ লাহিড়ী, উদয়ন মানে)

১ আগষ্ট : পুৰুষৰ একক, সোণৰ পদক ৰাউণ্ড

,৫ আৰু ৬ আগষ্ট: মহিলাৰ একক – পুৱা ৪ বজাত (অদিতি অশোক)

৭ আগষ্ট : মহিলাৰ একক, সোণৰ পদক ৰাউণ্ড

আৰ্টিষ্টিক জিমনাষ্টিক

২৫ জুলাই : মহিলাৰ কোৱালিফায়াৰ – পুৱা ৬.৩০ বজাৰ পৰা ৪.৪৫ বজালৈ (প্ৰাণতি নায়ক)

২৯ জুলাই : মহিলাৰ অল ৰাউণ্ড ফাইনেল – আবেলি ৪.২০ বজাত

জুডো

২৪ জুলাই : মহিলাৰ ৪৮ কিল'গ্ৰাম শাখা (ফাইনেলসহ সকলো ৰাউণ্ড) – পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ (শুচিলা লিক্মাবাম)

ৰয়িং

কেৱল এটা শিতানত ভাৰতে অংশগ্ৰহণ কৰিব

২৪ জুলাই : পুৰুষৰ লাইটৱেট ডাবল স্কালচ হিটছ – পুৱা ৭.৫০ বজাত (অৰ্জুন লাল আৰু অৰবিন্দ সিং)

২৫ জুলাই : পুৰুষৰ লাইটৱেট ডাবল স্কালচ ৰিপেচেজ – পুৱা ৬.৩০ বজাত

২৭ জুলাই : ছেমি ফাইনেল – পুৱা ৭.৪৮ বজাত

২৯ জুলাই : ফাইনেল – পুৱা ৬.২০ বজাত

ছেইলিং

২৫ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ১, ২) – পুৱা ৮.৩৫ বজাত (নেত্ৰা কুমানান)

২৬ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ৫ আৰু ৬) – পুৱা ৮.৩৫ বজাত

২৬ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৩, ৪) – পুৱা ১১.০৫ বজাত

২৭ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৫ আৰু ৬) – পুৱা ৮.৩৫ বজাত

২৭ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ১, ২, ৩) – পুৱা ১১.২০ বজাত (কে চি গণপতি, বৰুণ ঠাক্কৰ)

২৮ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ৪, ৫, ৬) – পুৱা ৮.৩৫ বজাত

২৯ জুলাই : পুৰুষৰ লেজাৰ (ৰেচ ৭ আৰু ৮) – পুৱা ৮.৩৫ বজাত

২৯ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৭, ৮) – পুৱা ৮.৪৫ বজাত

৩০ জুলাই : মহিলাৰ লেজাৰ ৰেডিয়াল (ৰেচ ৯, ১০) – পুৱা ৮.৩৫ বজাত

৩০ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ৭, ৮, ৯) – পুৱা ৮.৩৫ বজাত

৩১ জুলাই : পুৰুষৰ ৪৯ ইআৰ (ৰেচ ১০, ১১, ১২) – পুৱা ৮.৩৫ বজাত

১ আগষ্ট : পুৰুষৰ লেজাৰ সোণৰ পদকৰ খেল – পুৱা ১১.০৩ বজাত

১ আগষ্ট : মহিলাৰ লেজাৰ সোণৰ পদকৰ খেল – দিনৰ ১২.০৩ বজাত

২ আগষ্ট : পুৰুষৰ ৪৯ ইআৰ পদকৰ খেল – দিনৰ ১২.০৩ বজাত

শ্বুটিং

২৬ জুলাই : পুৰুষৰ স্কীট কোৱালিফায়াৰ (পুৱা ৬.৩০ বজাত) আৰু ফাইনেল (দুপৰীয়া ১২.২০ বজাত) – অংগদ বাজৱা, মাইৰাজ আহমেদ খান

২৭ জুলাই : ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড কোৱালিফায়াৰ (পুৱা ৫.৩০ বজাত) আৰু পদকৰ খেল (পুৱা ৭.৩০ বজাত) – সৌৰভ চৌধুৰী আৰু মনু ভাকাৰ, অভিষেক বাৰ্মা আৰু যশস্বিনী দেশৱাল

১০ মিটাৰ এয়াৰ ৰাইফল মিশ্ৰিত দলৰ কোৱালিফায়াৰ (পুৱা ৯.৪৫ বজাত) আৰু পদকৰ খেল (পুৱা ১১.৪৫ বজাত) – দীপক কুমাৰ আৰু অঞ্জুম মৌডগিল, দিব্যান্স সিং পানৱাৰ আৰু এলাভেনিল ভালাৰিভান

৩০ জুলাই : মহিলাৰ ২৫ মিটাৰ পিষ্টল কোৱালিফায়াৰ (পুৱা ৫.৩০ বজাত) আৰু ফাইনেল (পুৱা ১১.২০ বজাত) – মনু ভাকাৰ, ৰাহি চাৰ্নোবাট

৩১ জুলাই : মহিলাৰ ৫০ মিটাৰ ৰাইফল ৩ পদকৰ কোৱালিফায়াৰ (পুৱা ৮.৩০ বজাত) আৰু ফাইনেল (দুপৰীয়া ১২.৩০ বজাত) – অঞ্জুম মৌডগিল, তেজস্বিনী সাৱন্ত

২ আগষ্ট : পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩ পদকৰ কোৱালিফায়াৰ (পুৱা ৮ বজাত) আৰু ফাইনেল (দুপৰীয়া ১.২০ বজাত) – সঞ্জীৱ ৰাজপুত, আইশ্বৰী তোমাৰ

সাঁতোৰ

(কেৱল হিটছৰ সময়)

২৫ জুলাই : মহিলাৰ ১০০ মিটাৰ বেকষ্ট্ৰোক– আবেলি ৩.৩০ বজাত (মানা পেটেল)

পুৰুষৰ ১০০ মিটাৰ বেকষ্ট্ৰোক– আবেলি ৪.৫০ বজাত (শ্ৰীহৰি নটৰাজ)

২৬ জুলাই : পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাই – আবেলি ৪ বজা (সজন প্ৰকাশ)

অলিম্পিকৰ এই বৃহৎ মঞ্চখনত ভাৰতে বৰ্তমানলৈকে বিশেষ সফলতা লাভ কৰা নাই বুলিবই পাৰি। ১৯২০ চনত অলিম্পিকলৈ ভাৰতে প্ৰথমটো দল প্ৰেৰণ কৰিছিল। অৱশ্যে ভাৰতে ১৯০০ চনৰ পেৰিছ অলিম্পিকত এংলো-ইণ্ডিয়ান এথলিট নৰমান প্ৰিচাৰ্ডৰ জৰিয়তে প্ৰথমে অংশগ্ৰহণ কৰিছিল। সেইবাৰ তেওঁ এথলেটিক্‌ছত পুৰুষৰ ২০০ মিটাৰ আৰু ২০০ মিটাৰ হাৰ্ডলছত ৰূপৰ পদক অৰ্জন কৰিছিল।

তেতিয়াৰে পৰা বৰ্তমানলৈকে চোৱা হয় যদি অলিম্পিকৰ ইতিহাসত ভাৰতে হকীৰ বাহিৰে অন্য খেলত বিশেষ সফলতা লাভ কৰা নাই। কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম দেখাৰ আশা আৰু সপোন প্ৰতিগৰাকী ভাৰতীয়ৰ। এইবাৰ সকলোৱে ছ'চিয়েল মিডিয়াত ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে বিভিন্ন পোষ্ট কৰিছে আৰু লিখিছে- গ' ইণ্ডিয়া গ'…

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in