ৰিংগ ৰিংগ! ফোন টেপিং…

ৰিংগ ৰিংগ! ফোন টেপিং…

ৰাজৰ্ষি চহৰীয়া

দেশত এতিয়া এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পোহৰলৈ আহিছে টেলিফোন টেপিঙৰ ঘটনা। ইজৰাইলী চোৰাংচোৱা তথ্য-প্ৰযুক্তি ব্যৱহাৰ কৰি ৩ শতাধিক ভাৰতীয়ৰ টেলিফোন টেপিং আৰু ই-মেইল হেকিঙৰ অভিযোগ উত্থাপন হৈছে। ১৯ জুলাই, ২০২১ অৰ্থাৎ সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ প্রথম দিনাও এই অভিযোগক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে।

সোমবাৰে সন্মিলিত বিৰোধীয়ে সদন আৰম্ভ হোৱাৰ পাছতে ইজৰাইলী তথ্য-প্ৰযুক্তি পেগাছাছ ব্যৱহাৰ কৰি দেশৰ ৰাজনীতিক, ব্যৱসায়ী, সাংবাদিককে ধৰি তিনি শতাধিক ভাৰতীয় ফোন টেপিঙৰ বিষয়টো উত্থাপন কৰে। ইফালে, ২০ জুলাই, ২০২১ অৰ্থাৎ মঙলবাৰেও বৰ্ষাকালীন অধিবেশনৰ দ্বিতীয় দিনাও সংসদ উত্তপ্ত হৈ পৰে।

বিৰোধী দলে এই বিষয়টোক লৈ চৰকাৰক প্ৰশ্নৰ বানেৰে থকা-সৰকা কৰে। যাৰ বাবে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। আৰু ফলত লোকসভা আৰু ৰাজ্যসভাত কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বেই স্থগিত কৰিবলগীয়া হয়। প্ৰায় ৫ মিনিট সময় অধিবেশন আৰম্ভ কৰা হয় যদিও ২ বজালৈ লোকসভা আৰু ১১ বজালৈ ৰাজ্যসভা স্থগিত কৰা হয়। পুনৰ ১২ বজাত ৰাজ্যসভাৰ কাৰ্যসূচী পুনৰ এবাৰ আৰম্ভ কৰা হয় যদিও উত্তপ্ত পৰিৱেশ-পৰিস্থিতিৰ বাবে সেয়া অব্যাহত ৰখাটো কঠিন হৈ পৰে।

অধ্যক্ষ ওম বিৰলাই বিৰোধীক কয় যে যি বিষয়ত চৰ্চা বা আলোচনা কৰিব বিচাৰিছে সেই সন্দৰ্ভত জাননী দিয়ক। চৰকাৰে প্ৰতিটো বিষয়ত আলোচনা কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, তেনেস্থলত বিৰোধীয়ে কিয় শ্ল'গান দিছে? এয়া উচিত নহয় বুলিও কয় অধ্যক্ষ গৰাকীয়ে।

উল্লেখযোগ্য যে, ১৯ জুলাইৰ অধিবেশনৰ প্ৰথমটো দিনত ৰাষ্ট্ৰীয় সুৰক্ষাৰ দায়িত্বত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক কৰি আক্ৰমণ আৰম্ভ কৰে বিৰোধীয়ে। বিৰোধীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ বৰ্খাস্তৰ দাবীত উত্তাল কৰে দুয়োটা সদন। লগতে প্ৰশ্ন উত্থাপন কৰে যে- ভাৰতে কেতিয়া আৰু কিমান কোটি টকা ব্যয় কৰি ইজৰাইলী তথ্য-প্ৰযুক্তিৰ প্ৰতিষ্ঠান এন এছ অ'ৰ পৰা ক্ৰয় কৰিছিল পেগাছাছ নামৰ এই চোৰাংচোৱা ছফ্টৱেৰ?  

১৮ জুলাই, ২০২১ত পেৰিছৰ সাংবাদিক সংস্থাৰ বাৰ্তালোচনী ফ'ৰবিডেন ষ্টৰিজ এণ্ড এমনিষ্ট ইন্টাৰনেশ্যনেলে পেগাছাছ টেলিফোন টেপিং কেলেংকাৰী ফাদিল কৰিছিল। আৰু তাৰপাছতেই আমাৰ দেশৰ ৱেব প'ৰ্টেল দ্য ৱেৰত এই কেলেংকাৰীৰ বিষয়ে প্ৰকাশ পাইছিল। ইফালে, সোমবাৰে সংসদৰ বাহিৰতো পেগাছাছ টেলিফোন টেপিঙক লৈ শ্ল'গান দি চৰকাৰৰ ওপৰত আক্ৰমণ চলাই কংগ্ৰেছে।

কংগ্ৰেছৰ মুখপাত্ৰ ৰণদ্বীপ সিং সূৰ্যেৱালাই বিজেপিক 'ভাৰতীয় জাচুছ পাৰ্টী' বুলি অভিহিত কৰি কয়- 'এতিয়াৰে পৰা মোডী চৰকাৰে শোৱনি কোঠাৰ বাৰ্তালাপো শুনা আৰম্ভ কৰিব। ইফালে, এক বিবৃতিত কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে যে- এয়া দেশবাসীৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও টুইটাৰত লিখিছে- 'এয়া দেশৰ নাগৰিকৰ ব্যক্তিগত গোপনীয়তাত আক্ৰমণ… এয়া জঘন্য কাম।'

এই বিষয়ে তদন্ত জেপিচি গঠন কৰি হওঁকঃ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শক্তিসিং গোহিলে দাবী কৰে যে, পেগাছাছ  বিষয়টোৰ তদন্ত জইন্ট পাৰ্লিয়ামেন্ট্ৰী কমিটী গঠন কৰি কৰা হওঁক। এই বিতৰ্কৰ পাছত যি তথ্য সন্মুখীনলৈ আহিছে তাৰ পাছত বহু প্ৰশ্ন উত্থাপন হৈছে। চৰকাৰে ইজৰাইলৰ পৰা এই স্পাইৱেয়ৰ ক্ৰয় কৰিছিল নেকি? যদি কৰা নাই তেন্তে ভাৰতীয় নাগৰিকৰ ফোন হেক কৰা হৈছে নেকি? চৰকাৰে এই সন্দৰ্ভত সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব। কিয়নো এয়া ব্যক্তিগত গোপনীয়তাৰ বিষয়।

শিৱসেনাৰ সাংসদসকলেও জেপিচি দ্বাৰা তদন্তৰ দাবী উত্থাপন কৰিছেঃ

ইফালে, শিৱসেনাৰ সাংসদসকলেও পেগাছাছ বিষয়টোৰ তদন্তৰ বাবে জেপিচি অৰ্থাৎ যুটীয়া সংসদীয় কিমিটীৰ দ্বাৰা তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। শিৱসেনাৰ সাংসদসকলে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰে। তেওঁলোকে কয়- এয়া সংবিধানে দিয়া স্বতন্ত্ৰতা আৰু অধিকাৰৰ ওপৰত আক্ৰমণ। ই অতি গুৰুত্বপূৰ্ণ বিষয়।

কংগ্ৰেছে সংসদ স্থগিত ৰাখিব বিচাৰেঃ বিজেপি নেতা

বিজেপি নেতা জগদম্বিকা পালে কয় যে- কংগ্ৰেছ এটা কনফিউজ পাৰ্টী। সংসদ স্থগিত ৰাখিব বিচাৰে। সেয়েহে এইবোৰ অজুহাত দেখুওৱাই আছে। তদন্ত কিয় কৰিব লাগে, চৰকাৰে ইতিমধ্যে কৈছে যে এই বিষয়ত চৰকাৰৰ কোনো জড়িত নহয়।  

উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত উচ্চ পৰ্যায়ৰ এছআইটি গঠনৰ দ্বাৰা তদন্ত হওঁকঃ সঞ্জয় সিং

আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙে কয় যে- পেগাছাছ স্পাইৱেয়ৰ বিষয়টোৰ তদন্ত সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এখন উচ্চ পৰ্যায়ৰ এছআইটি গঠন কৰি হ'ব লাগে। দেশৰ বিশিষ্ট ৰাজনৈতিক নেতা, সাংবাদিক আৰু বহু লোকৰ টেলিফোন হেক কৰাৰ ঘটনা পোহৰলৈ আহিছে। এয়া সৰু ঘটনা নহয়, সেয়েহে সৰ্বোচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এছআইটি গঠনৰে তদন্ত কৰাৰ প্ৰয়োজন। তাৰপাছত সকলো স্পষ্ট হৈ যাব।

উল্লেখযোগ্য যে, ২০ জুলাই, ২০২১ অৰ্থাৎ মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে সংসদৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'লোকসভাত আজি বিৰোধীয়ে সমালোচনা কৰিছিল মোডী চৰকাৰক। এক প্রকাৰ বিৰোধীয়ে অচল কৰি তুলিছিল লোকসভা। চৰকাৰক বদনাম কৰিবলৈ এয়া এক আন্তঃৰাষ্ট্রীয় ষড়যন্ত্র। এমনেষ্টি ইন্টাৰনেশ্যনেল বাওঁপন্থী সন্ত্রাসবাদৰ পৃষ্ঠপোষক। চৰকাৰৰ বিৰুদ্ধে কৰা ষড়যন্ত্র উফৰাই দিয়া হ'ব। ভাৰতৰ উন্নতি সহ্য কৰা নাই আন্তঃৰাষ্ট্রীয় চক্রই।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in