তৰুণ গগৈৰ এখন বিশেষ চিঠি আৰু…

তৰুণ গগৈৰ এখন বিশেষ চিঠি আৰু…

মৃদুল কুমাৰ সন্দিকৈ

দেশৰ ৰাজনীতিত এতিয়া মূল্যবোধৰ স্থান নাই। অসমো তাৰ ব্যতিক্ৰম নহয়। ৰাজনীতি মানে বিপক্ষক বা বিৰোধী পক্ষৰ নেতাক গালি-গালাজ কেতিয়াও হ'ব নোৱাৰে। নেতাৰ পৰা ইতিবাচক আৰু চিন্তাকৰ্ষ ভাষণো ৰাইজে শুনিব বিচাৰে।

দাম্ভিকতা, ৰুচিহীন বাক্যবাণ কোনো নেতাৰ পৰা কেতিয়াও সুৰুচিপূৰ্ণ লোকে কামনা নকৰে। কিন্তু এতিয়া ইয়াৰ পৃথক ছবি এখনহে দেখিবলৈ পোৱা যায়। নেতা-মন্ত্ৰীৰ অপমানসূচক মন্তব্য, ঠাট্টা-মচকৰা, তাচ্ছিল্য আদিয়েও সাধাৰণ লোকক ব্যৰ্থিত কৰে।

মুল সমস্যা জনসাধাৰণৰ কথা, উন্নয়নৰ প্ৰসংগ, ভৱিষ্যতৰ লক্ষ্য এইবোৰ কথাক লৈ এতিয়া নেতা-মন্ত্ৰীৰ ভাষণ দিবলৈ সময় নাই। নিৰ্বাচন আহিলে প্ৰতিশ্ৰুতিৰ জোঁৱাৰ, বিপক্ষক নেতাক অশাব্য ভাষাত গালি-গালাজ, উপলুঙা এইবোৰ দৃশ্য দেখি সাধাৰণ জনতায়ো ভাবিবলৈ বাধ্য হয়- নেতাৰ মান যথেষ্ট নিম্নগামী হৈছে।

কেতিয়াবা যদি কোনো নেতাই জীৱ জন্তুৰ লগত কাৰোবাক তুলনা কৰিছে, আন কেতিয়াবা তেওঁকো বিপক্ষ নেতাই অৰুচিপূৰ্ণভাৱে একেই তুলনা কৰিবলৈ কুন্ঠাবোধ নকৰে। ৰাজনীতিৰ এই অসহিষ্ণুতা যোৱা কিছুদিন ধৰি দেশত বৃদ্ধি পাইছে।

সামাজিক মাধ্যমত নেতাৰ স্বৰূপ বিভিন্ন সময়ত প্ৰতিফলিত হৈ আহিছে। হৰি নামৰ তালত মন্ত্ৰমুগ্ধ হৈ পৰা নেতাৰ ভাইৰেল হোৱা ভিডিঅ' দেখি তবধ মানি সাধাৰণ লোকৰ মাজতেই চৰ্চা হৈছে- নেতাই ইমানো নাটক কৰিব পাৰেনে?

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ সময়ৰ পৰিৱেশে অসমৰ ৰাজনীতিতে নহয়, দেশৰ ৰাজনীতিলৈ এক ইতিবাচক বাৰ্তা দি থৈ গ'ল। ৰাজনীতিৰ উৰ্ধত সকলো। ব্যক্তি স্বাৰ্থ, ক্ষমতালিপ্সা এই সকলোবোৰ কেৱল সময়ৰ খেল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ গীৰ্জা, নামঘৰ, মছজিদ, মন্দিৰ আদিলৈ লৈ যোৱা হৈছিল। এনে দৃষ্টান্ত দেশৰ ৰাজনীতিতে নহয় বিশ্বতেই বিৰল। সাম্প্ৰদায়িক পৰিৱেশৰ মাজত এই অসম্প্ৰদায়িক বাৰ্তাই বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এনাজঁৰীডালক আৰু অধিক টনকীয়াল কৰিলে।

সঁচাই ব্যতিক্ৰম আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। সম্ভৱ সেয়া ২০১৪চনৰ কথা। সেই সয়মৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া আৰু ছাঁৰ দৰে প্ৰয়াত মুখ্যমন্ত্ৰী গগৈৰ সৈতে লাগি থকা বিপুল গগৈৰ হাতত আজিও এখন চিঠি মজুত আছে।

এক সোণালী স্মৃতি এই চিঠিখন বিপুল গগৈৰ বাবে। চিঠি খনৰ সন্দৰ্ভত তেখেতে জানিবলৈ দিয়া মতে, সেই সময়ত কইনাধৰাত মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা বিভাগৰ পৰ্যালোচনা বৈঠকত বিষয়াসকলৰ সৈতে মিলিত হৈছিল।

তাৰ পৰৱৰ্তী বৈঠক আছিল কইনাধৰাতেই তেতিয়াৰ মন্ত্ৰী বিস্মৃতা গগৈৰ সৈতে। পৰ্যালোচনা বৈঠকখন দীঘলীয়া হোৱাত আৰু পূৰ্বৰ বৈঠকখনৰ সময় হৈ যোৱাত বিপুল গগৈয়ে এখন কাগজত তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক এই কথা জনাইছিলে।

অতি সৰু হ'লেও এই চিঠিখনে তৰুণ গগৈৰ ব্যক্তিত্বৰ বহু দিশ প্ৰতিফলিত কৰে। অসাধাৰণ ভাৱে তেওঁ কিমান সাধাৰণ আছিল সেই কথাৰ প্ৰমাণ পোৱা যায় এই চিঠিখনত। বিপুল গগৈয়ে কাগজৰ
এটা টুকুৰাত লিখিছিল- 'Sir, next meeting is ready. Min. Bismita Gogoi has informed/Bipul'

এই কাগজৰ টুকুৰাটো পাই তৰুণ গগৈয়ে তলতে লিখি দিছিল- 'মিটিং আৰম্ভ কৰিবলৈ ক'বা, অলপ দেৰি হ'ব/ তৰুণ।' কিমান সহজভাৱে আৰু সৰলতাৰে এগৰাকী মুখ্যমন্ত্ৰীয়ে এই চিঠিৰ উত্তৰ দিছিল। আৰু তলত তৰুণ বুলি লিখি দিয়া কাগজৰ টুকুৰাটো আজিও সযতনে ৰাখি থৈছে বিপুল গগৈয়ে।

সেই স্মৃতি হৈ ৰৈ যোৱা চিঠিখন (বিপুল গগৈৰ সৌজন্যত)

এই চিঠিখন যিয়ে পঢ়ে বা চিঠি খনত প্ৰতিফলিত সৰলতা উপলব্ধি কৰিব পাৰ, তেও নিশ্চয় বুজিব যে দাম্ভিকতা আৰু ধনৰ বলতেই কেৱল জনতাৰ হৃদয় জয় কৰিব নোৱাৰি। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এই বোৰ দিশত বৰ্তমানৰ নেতাৰ তুলনাত ব্যতিক্ৰম আছিল বাবেই স্বৰ্তফূৰ্তভাৱে তেওঁৰ শেষ যাত্ৰাত ৰাজপথত ইমান মানুহৰ সমাগম হৈছিল।

জনতাৰ এই সঁহাৰিয়ে কেৱল তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ বাৰ্তাই নহয় , মানুহৰ হৃদয়ত থকা নেতা আৰু ক্ষমতাশালী বুলি ভবা নেতাৰ মাজত কিমান পাৰ্থক্য আছে তাৰো এক ধাৰণা দিয়ে। তৰুণ গগৈ এনে কিছু সৰু সৰু দিশত অতি সচেতন আছিল।

তৰুণ গগৈক যি ওচৰৰ পৰা পাইছে তেওঁৰ ৰাজনৈতিক দক্ষতা যিয়ে দেখিছে, তেওঁৱেই স্বীকাৰ কৰি লৈছে যে গোপীনাথ বৰদলৈৰ পাছত অসমৰ আন জন সফল মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ। বিৰোধী , তেওঁক কঠোৰভাৱে সমালোচনা কৰা ৰাজনৈতিক নেতায়ো এই কথা মানি ল'বলৈ বাধ্য হৈছে।

কোনো মন কৰা নাছিল, মুখ্যমন্ত্ৰীৰ পদবী এৰাৰ পাছত তেওঁৰ চুলি সদায় ৰূপালী কৰি ৰাখিছিল…

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আছিল অতি ব্যৱহাৰিক মানুহ। বহুতে হয়তো এইটো কথা লক্ষ্য কৰা নাছিল যে, মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁৰ চেহেৰা আৰু মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰাৰ পাছত তেওঁৰ চেহেৰাৰ মাজত এটা পাৰ্থক্য আছিল।

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ বিপুল গগৈয়ে জানিবলৈ দিছিল তেওঁৰ সন্দৰ্ভত আন এটা কথা। মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁৰ বগা চুলিবোৰত কলা প্ৰলেপ সানিছিল। সেই প্ৰলেপ এনেদৰে সানিছিল যাতে কাণৰ দুয়োফালে থকা চুলিৰ কিছু অংশ তেওঁ বগা কৰা ৰাখিছিল । সেইবোৰত সনা নাছিল প্ৰলেপ।

ইয়াৰোপৰি মূৰৰ কিছু অংশ তেওঁ বগা কৰি থৈছিল। বয়স তেও ঢাকিব ৰাখিব বিচৰা নাছিল। সেই একেজন তৰুণ গগৈয়ে মুখ্যমন্ত্ৰীৰ দায়িত্ব এৰাৰ পাছত সম্পূৰ্ণ ৰূপে চুলি প্ৰলেপ সনা বন্ধ কৰি দিছিল। তাৰ পাছত তেওঁ চুলি সম্পূৰ্ণ ৰূপে বগা কৰা ৰাখিছিল।

ঘনিষ্ঠ মহলে তেওঁক চুলি ৰং সনাৰ কথা ক'লে তেওঁ বয়স ঢাকি কি কৰিম বুলি উত্তৰ দিছিল। তাৰপাছত কোনো দিনেই তেওঁ চুলিত লগোৱা নাছিল ক'লা ৰং। মুখ্যমন্ত্ৰী হৈ থকা সময়ত তেওঁৰ যুক্তি আছিল- মানুহে তেওঁক দেখাত কাৰ্যক্ষম বুলি আৰু শাৰীৰিকভাৱে সক্ষম বুলি এক ধাৰণা ল'ব পাৰিব লাগিব। সেয়েহে তেওঁ বয়সক ঢাকি নৰখোৱাকৈ সেই সময়ত তেনেদৰে চুলিত প্ৰলেপ সানিছিল।

ব্যক্তিগত জীৱনৰ এইবোৰ সৰু সৰু দিশ। কিন্তু তেনেবোৰ সৰু সৰু ঘটনাই মানুহৰ হৃদয়ত চিৰদিনৰ বাবে স্থান দিয়ে। কাৰোবাক আক্ৰমণ-প্ৰত্যাক্ৰমণ, ঠাট্টা-মচকৰা, গালি-গালাজ, সাম্প্ৰদায়িকতা আদিয়ে নেতা-মন্ত্ৰীক মুহূৰ্তৰ বাবে চৰ্চিত কৰি তুলিলেও এইবোৰ মূল্যহীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in