মানৱ সৰবৰাহঃ চুমী, নয়ন, ডিম্পীৰ প্ৰসংগৰে আন এক চিন্তা…

মানৱ সৰবৰাহঃ চুমী, নয়ন, ডিম্পীৰ প্ৰসংগৰে আন এক চিন্তা…

মৃদুল কুমাৰ সন্দিকৈ

তিনিটা কণমানিৰ দুখন চিঠি। দুয়োখন চিঠিত পৰিয়ালক চিন্তা নকৰিবলৈ উদ্দেশ্য কৰি লিখা হৈছে। স্কুলৰ বহী পাটত লিখা এই চিঠি দুখনৰ এখন চুমী আৰু নয়নৰ, আনখন ডিম্পীৰ। এখন চিঠিত চুমী আৰু নয়নে লিখিছে এইদৰে- 'অ পাপা তহঁতে আমাক বেয়া নাপাবি। আমাৰ কোনো উপাই নাই তহঁতে আইতা আৰু তই সকলোৱে ভালদৰে থাকিবি। ভাতপানী খাবি। প্লিচ তহঁতে নিবিচাৰিবি আমাৰ দুয়োটাৰে মনত আৰু যিমানখন মান ভগৱতী থান আছে সেইখনৰে শপত। প্লিচ আমাক নিবিচাৰিবি তহঁতে। আমাৰ চিন্তা নকৰিবি আমি এঠাইলৈ গৈছো। বাই বাই। তহঁতৰ মৰমৰ চুমী আৰু নয়ন।'

আনখন চিঠিত ডিম্পীমণি শইকীয়া নামৰ কিশোৰীগৰাকীয়ে দেউতাক, মাক, আইতাক তথা পৰিয়াললৈ উদ্দেশ্য কৰি লিখিছিল এনেদৰে- 'অ' দেউতা, মা, আইতা-ককা তঁহতে মোক বেয়া নাপাবি। মোৰ কোনো উপাই নাই মই যাবই লাগিব। তঁহতে মোক বেয়া নাপাবা দেই আৰু মোক নিবিচাৰিবা আৰু যদি মোক বিচৰা মই গম পাম যে তহঁতে মোক বেয়া পায়। বাই বাই।'

এই দুয়োখন চিঠি বাক্যবিন্যাস আৰু শব্দৰ গাঁঠনি সলনি কৰা নাই। চিঠি দুখন একেখন বহীৰ দুটা পৃষ্ঠাৰ পৰাই লিখা যেন অনুমান কৰিব পাৰি। চিঠি দুখন ঘৰত থৈ এই তেওঁলোক তিনিও ঘৰৰ পৰা নিৰুদ্দেশ হ'ল। ঘৰত হুলস্থুল লাগিল। ইমান সৰু ল'ৰা ছোৱালী কেইটা ক'ত যাব পাৰে তাক লৈ চিন্তিত হ'ল অভিভাৱক।

মায়ঙৰ ঔগুৰি নামৰ এখন পিছপৰা গাঁৱৰ দুটা পৰিয়ালৰ মাজত ইয়াৰ পাছতে হাহাঁকাৰ লাগিল। ডিম্পী নামৰ কিশোৰীগৰাকীৰ বয়স ১০ বছৰ আৰু তেওঁ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী। লুলমাটি এল পি স্কুলত অধ্যয়নৰত ডিম্পীৰ পিতৃৰ নাম দিপন শইকীয়া। ডিম্পীৰ সৈতে নিৰুদ্দেশ হোৱা চুমী বৰাৰ বয়স ১৩ বছৰ আৰু তেওঁ মধ্য মায়ং এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল। চুমীৰ ভাতৃ নয়নৰ বয়স ১০ বছৰ। তেওঁ লুলমাটি এল পি স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ।

প্ৰমোদ বৰাৰ কন্যা চুমী আৰু পুত্ৰ নয়ন। দৰিদ্ৰতাৰ মাজেৰে দিন অতিবাহিত কৰা চুমী আৰু নয়নৰ মাতৃ ১০ বছৰ পূৰ্বেই ঢুকাইছে। দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দিয়ে পিতৃয়ে। আনহাতে, ডিম্পীৰ পিতৃয়ে আনৰ মাটিত আধিত লৈ খেতিবাতি কৰে। তিনিগৰাকী ছাত্ৰ-ছাত্ৰী সন্ধানহীন হোৱা খবৰে সংবাদমাধ্যমতো খলকনি তুলিলে।

ঘটনাৰ খবৰ পোৱাৰ পাছতেই মায়ঙত গৈ উপস্থিত হ'লগৈ অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্ত। এই তিনি ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰাৰ বাবে তেওঁ আৰক্ষীক কেৱল নিৰ্দেশনা দিয়াই নহয় সমগ্ৰ ঘটনা সোশৰীৰে অধ্যয়ন কৰি ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিলে। কোন স্থানত তেওঁলোক থাকিব পাৰে বা ক'লৈ যাব পাৰে সেইবোৰ দিশৰ লগতে কোনোবা মানৱ সৰবৰাহকাৰী চক্ৰত তেওঁলোক পৰিছে নেকি সেই বিষয়টো আৰক্ষীয়ে নজৰত ৰাখিলে।

প্ৰায় ১৮ ঘন্টাৰ অন্তত এটা ভাল খবৰ আহিল। পানীখাইতি থানাৰ অন্তৰ্গত তাৰিবাগান নামৰ ঠাইত লক্ষ্যহীন ভাবে ঘূৰি ফুৰা অৱস্থাত আৰক্ষীৰ দলে উদ্ধাৰ কৰিলে তিনিওকে। তাৰ পাছত তেওঁলোকক প্ৰথমে পানীখাইতি আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে মায়ঙলৈ লৈ গ'ল। কিহৰ বাবে তেওঁলোক ঘৰৰ পৰা ওলাই গৈছিল , কি পৰিস্থিতিত তেওঁলোকে এনে সিদ্ধান্ত লৈছিল এই বিষয়টো আৰক্ষীয়ে নিশ্চয় সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব।

আৰক্ষীয়ে অতি তৎপৰতাৰে ডিম্পীমণি শইকীয়া, চুমী বৰা আৰু নয়ন বৰাক উদ্ধাৰ কৰিলে যদিও, এই ঘটনাৰ লগত সংগতি ৰাখি আন এক বিষয় আলোকপাত কৰিব পাৰি। অসম আৰক্ষীৰ সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই বিভিন্ন পদক্ষেপৰ লগতে শিশু আৰু মহিলা সৰবৰাহ প্ৰতিৰোধ কৰিবলৈ বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে।

এই উদ্যোগবোৰে কিছু ক্ষেত্ৰত আশা সঞ্চাৰ কৰিলেও সমাজৰ অতি গুৰুত্বপূৰ্ণ ব্যাধি ৰূপে পৰিচিত মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে আজিও সফলতাৰে যুঁজ দিয়াত সফল হৈছে বুলি ক'ব নোৱাৰে। নিশা ১১ বজাৰ পৰা নিৰুদ্দেশ হৈ থকা শিশু কেইটাৰ সন্দৰ্ভত মায়ং থানাত পৰিয়ালৰ লোকে নিশাই খবৰ দিছিল।

কিন্তু সেই খবৰ অনুসৰি আৰক্ষীয়ে পৰিয়ালটোক সকাহ দিব পৰাকৈ বিশেষ তৎপৰতা প্ৰদৰ্শন কৰা বুলি ক'ব নোৱাৰি। পৰৱৰ্তী সময়ত সংবাদমাধ্যমত বিষয়টো চৰ্চা হোৱাত মুখ্যমন্ত্ৰীয়েও বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰাত আৰক্ষীয়েে আন সন্ধানহীন বা নিৰুদ্দেশৰ ঘটনাতকৈ পৃথকভাৱে অধিক তৎপৰতাৰে এই বিষয়টো চোৱাচিতা কৰিছিল।

যাৰ বাবে এই তিনিওটা শিশু উদ্ধাৰ হ'ল। মানৱ সৰবৰাহকাৰীয়ে সাধাৰণতে তেনে শিশুকেই লক্ষ্য কৰি লয়। দৰিদ্ৰ পৰিয়ালবোৰৰ দৰিদ্ৰতাৰ সুযোগ গ্ৰহণ কৰি কেইটামান টকাৰ বিনিময়ত এনে শিশু বা যুৱতীক সৰবৰাহকাৰীসকলে নিজৰ জিম্মাত লৈ এই বৃহৎ চক্ৰ চলাই আছে। এই সমস্যা কেৱল অসম বা ভাৰতৰে নহয়।

দক্ষিণ পূব এছিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা লোকৰ সংখ্যা বিশ্বৰ ৩০ শতাংশতকৈও অধিক। ২০২০চনৰ ছেপ্টেম্বৰত ১২ গৰাকী শিশু আৰু ১৫ জন প্ৰাপ্ত বয়স্ক লোকক উদ্ধাৰ কৰা হৈছিল অৰুণাচলৰ পৰা। ১৩ আৰু ১৭ বছৰীয়া ১২গৰাকী শিশুক আৰু ১৫জন প্ৰাপ্ত বয়স্কক শ্ৰমিক ৰূপে নিয়োজিত কৰিবলৈ অতি কৌশলগত ভাৱে মানৱ সৰবৰাহকাৰীয়ে বৰপেটা জিলাৰ পৰা অৰুণাচলৰ ইষ্ট কামিং জিলালৈ লৈ গৈছিল।

তাতেই এটা শিল ভঙা মেচিনত শ্ৰমিক ৰূপে তেওঁলোকক বিক্ৰী কৰা হৈছিল। পৰিয়ালৰ লোকৰ সৈতে কোনো সম্পৰ্ক ৰক্ষা কৰিবলৈ নিদিয়াকৈ এই শ্ৰমিক সকলক মানসিক আৰু শাৰীৰিক অত্যাচাৰো চলোৱা হৈছিল। লখিমপুৰৰ আলী নামৰ এগৰাকী শ্ৰমিক যোগান ধৰা ঠিকাদাৰে এজন এজেন্টৰ জৰিয়তে এই শিশু আৰু শ্ৰমিক কেইজনক লখিমপুৰৰ এটা ৰাস্তা নিৰ্মাণৰ শ্ৰমিক ৰূপে কাম কৰিবলৈ নিছিল।

এজেন্টৰ জৰিয়তে এই শ্ৰমিক কেইজনক নিজৰ কব্জালৈ নিবৰ বাবে আলীয়ে ৬০ হাজাৰ টকা এজেন্টজনক দিছিল। সেই ধনৰে শিশু সকলৰ পৰিয়ালক ৫০০টকাকৈ দি আৰু শ্ৰমিকসকলক ১০০০ টকাকৈ আগধন দি তেওঁলোকক অৰুণাচললৈ পঠিয়াই দিয়া হৈছিল। ২০ দিনৰ পাছত সেই শ্ৰমিক সকলৰ দুজন কোনোমতে পলাই আহি ঘটনা ফাদিল কৰাত তেওঁলোকক উদ্ধাৰ কৰা হৈছিল।

উদ্ধাৰ কৰা শিশু কেইজনৰ ভিতৰত এজন অতি মেধাৱী ছাত্ৰও আছিল যি দৰিদ্ৰতাৰ বাবে পঢ়াশালী বাদ দি পিতৃ-মাতৃৰ পৃষ্ঠপোষকতাত এনে চক্ৰৰ হাতত পৰিছিল। মানৱ সৰবৰাহকাৰীয়ে এনে দৰে বিভিন্ন কৌশলৰে শিশু বা যুৱতী সকলক সৰবৰাহ কৰে বিশ্বৰ বিভিন্ন স্থানলৈ। অসমৰ বাহিৰত বহু যুৱতী এনে মানৱ সৰবৰাহকাৰীৰ পাকচক্ৰত পৰিয়েই দেহ ব্যৱসায়ীৰ হাতৰ পুতলা হোৱাৰো বহু ঘটনা ঘটি আহিছে।

মানৱ সৰবৰাহকাৰীসকলে যি ধৰণে জাল মেলে প্ৰথমে তেওঁলোকক ধৰা পেলোৱাতো অসম্ভৱ হৈ পৰে। পৰিয়ালৰ লোকক বিভিন্ন প্ৰলোভনেৰে এই চক্ৰবোৰে বিভিন্ন স্থানলৈ শিশু, কিশোৰ-কিশোৰীক চালান দিয়ে। বিশ্বৰ মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা গৰিষ্ঠ সংখ্যকে হ'ল শিশু। সাম্প্ৰতিক সময়ত এই মানৱ সৰবৰাহ এক উদ্যোগলৈ পৰিণত হৈছে।

অতি দ্ৰুতভাৱে পৰিসৰ বৃধি পোৱা এই ক্ৰিমিনেল ইণ্ড্ৰাষ্ট্ৰীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰাতো বৰ সহজ নহয়। প্ৰতি বছৰে বিশ্বত ১.২ বিলিয়ন লোক মানৱ সৰবৰাহকাৰীৰ কৱলত পৰে। ২০১৫চনতেই দেশৰ ভিতৰত অসমে এক অভিলেখ স্থাপন কৰিছিল। সেই বছৰলৈকে ভাৰতত অসমৰ পৰাই ৬০০০ শিশু নিৰুদ্দেশ হৈ থকা তথ্য সদৰী কৰাহৈছিল।

প্ৰতি বছৰে অবিশ্বাস্য হাৰত মানৱ সৰবৰাহ হৈ আহিছে। দিনকদিনে সেই সংখ্যা বৃদ্ধি পাইছে। অৱশ্যে বহুতে সন্ধানহীন লোকসকলৰ সন্দৰ্ভত আৰক্ষীক গোচৰ নিদিয়ে বা সৰবৰাহকাৰীসকলে কৈ যোৱা কথাতেই পতিয়ন গৈ তেওঁলোক সুকলমে ঘূৰি আহিব বুলি ভাবি থাকে। অসমৰ পৰা ৰে'লেৰে বহিঃৰাজ্যলৈ যুৱতীসকলক বিয়া কৰাই নিয়া চালনাৰে এই সৰবৰাহকাৰী চক্ৰই দেহ ব্যৱসায়ীৰ হাতত যুৱতীক নি গতাই দিয়েগৈ।

২০১১চনত অসমত মানৱ সৰবৰাহৰ সন্দৰ্ভত ৫৪টা গোচৰ ৰুজু হৈছিল। এই বছৰটোত মুঠ ৬৪জন এনে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৭৫ গৰাকী সন্ধানহীনৰ মাজৰ ৬৪গৰাকী উদ্ধাৰ হৈছিল। ২০১২চনত ৰুজু হোৱা গোচৰৰ সংখ্যা ৯৯লৈ বৃদ্ধি পাইছিল। ৭৭ গৰাকী এই অপৰাধৰ সৈতে জড়িত অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীৰ তথ্য মতে, ১৭৭গৰাকী সন্ধানহীনৰ মাজৰ পৰা ১২২গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।

২০১৩চনত এনে গোচৰৰ সংখ্যা ১১৮লৈ বৃদ্ধি পায়। মুঠ ১৩০ গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ১৫৩ গৰাকী লোক সন্ধানহীন হৈছিল যদিও ১৩০ গৰাকীকহে আৰক্ষীয়ে উদ্ধাৰ কৰিব পাৰে। ২০১৫চনত ৰুজু হোৱা গোচৰৰ সংখ্যা ১৭০ লৈ বৃদ্ধি হয়। ১৬২গৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে ২২৪গৰাকী সন্ধানহীনৰ বিপৰীতে ১৬৭গৰাকী উদ্ধাৰ হৈছিল। ২০১৬চনত সন্ধানহীন হোৱা গোচৰ ৰুজু হৈছিল ২১২টা। এই গোচৰত ৯৯জনক আটক কৰা হৈছিল যদিও সন্ধানহীন হোৱা ২৬৪ৰ বিপৰীতে ৯৫ গৰাকীহে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

অসম আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ পৰা শিশু আৰু মহিলাক বিশেষকৈ ৰক্ষা কৰিবলৈ এন্টী হিউমেন ট্ৰেফিকিং ইউনিট চমুকৈ AHTU গঠন কৰিছিল। ৩৫টা এনে AHTUৰ ১০টালৈ গৃহ মন্ত্ৰণালয়ে সাহায্য আগবঢ়াইছিল। এয়া আছিল অসম আৰক্ষীৰ এক সুদৃঢ় পদক্ষেপ। সমাজ কল্যাণ বিভাগ, স্বাস্থ্য বিভাগ, শ্ৰম বিভাগ, ভিডিপি আৰু আৰক্ষীয়ে এটা টীম হিচাপে তথ্য সংগ্ৰহ কৰি এনে চক্ৰক উৎখাত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল।

এই ঘটনাসমূহ প্ৰতিৰোধৰ বাবে টাক্স ফ'ৰ্চো গঠন কৰা হৈছিল। চৰকাৰী নিৰ্দেশনা নং- ৪৫৭/২০১২/১২৯ তাং- ১৫ অক্টোবৰ, ২০১৪ত চিআইডি অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত টাস্ক ফ'ৰ্চ সমন্নয় সমিতিও গঠন কৰা হৈছিল। অতি শেহতীয়াকৈ এনে ঘটনা প্ৰতিৰোধৰ বাবে কুইক ৰিয়েকশ্যন টীম চমুকৈ QRT গঠন কৰে অসম আৰক্ষীয়ে ।

গুৱাহাটী মহানগৰীত মহিলাৰ বিৰুদ্ধে অপৰাধজনীত ঘটনা সংঘটিত হ'লেই তাৎক্ষণিকভাৱে যোগাযোগ কৰিবলৈ ডাইন ১০০ নম্বৰৰ ব্যৱস্থা কৰাৰ উপৰিও অত্যাধুনিক তথ্য প্ৰযুক্তিৰে অটমেটিক ভেহিকল লোকেট আৰু জিপিএছৰ মাধ্যমেৰে এক অত্যাধুনিক ব্যৱস্থা কৰা হৈছিল। ইয়াৰোপৰি প্ৰতিখন জিলাৰ মুখ্য সদৰত বিশেষ আৰক্ষী বিষয়া নিযুক্তিৰ ব্যৱস্থা কৰা হৈছিল। অতিৰিক্ত আৰক্ষী (মুখ্য কাৰ্যালয়), সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া , চক্ৰ বিষয়া, চিআইডি পৰিদৰ্শকক ধৰি এক ব্যৱস্থা গঢ়ি তোলা হৈছিল।

আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এনে ব্যৱস্থা কৰিলেও এই সমস্যা সমাধানৰ বাবে আৰক্ষীৰ প্ৰতিটো বিভাগ আৰু সমাজৰ সহযোগ লাগিব। ২০০৯চনৰ তথ্য অনুসৰি অসমত শিশু সৰবৰাহকাৰী গোচৰৰ সংখ্যা ৫৫ শতাংশ বৃদ্ধি পাইছিল। আছাম ষ্টেট কমিছন ফৰ প্ৰটেকশ্যন অৱ ছাইল্ড ৰাইটছ চমুকৈ ASCPCRৰ অধ্যাক্ষা সুনীতা চাংকাকতিয়ে এই কথা সদৰী কৰিছিল সেই সময়ত। তেওঁ জনাইছিল যে- ২০১৯চনৰ নবেম্বৰ পৰ্যন্ত ৰাজ্যখনত ১৭টা শিশু সৰবৰাহৰ ঘটনা সংঘটিত হৈছে। ২০১৮বৰ্ষত এই সংখ্যা আছিল ১১টা।

ইয়াৰোপৰি শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাই আহিছে ৰাজ্যখনত। শিশু আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত এনে অপৰাধ প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ২০২১চনৰ ২ ফেব্ৰুৱাৰীত হোজাই আৰক্ষীয়ে এটা আন্তঃৰাজ্যিক মানৱ সৰবৰাহকাৰী চক্ৰ উৎখাত কৰিবলৈ সক্ষম হৈছিল।

আৰক্ষী উপ অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত এই চক্ৰটোৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা লৈ অহা কেইবাগৰাকী মহিলা আৰু শিশু সৰবৰাহকাৰীসকলৰ সৈতে ধৰি এই চক্ৰটোক উৎখাত কৰিছিল। এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড গৰাকী আছিল বহিঃৰাজ্যত। ১১গৰাকী মহিলা আৰু ৪গৰাকী কিশোৰীক উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।

অসমত বহু বেচৰকাৰী সন্থাই এনে অপৰাধৰ বিৰু্দ্ধে কাম কৰি আছে। অসম আৰক্ষীয়ে ১২ জুন, ২০২১তো ৪গৰাকী যুৱতীক মানৱ সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বাইহাটাৰ পৰা এই চক্ৰৰে জড়িতৰ সন্দৰ্ভত এজনক আটক কৰা হৈছিল। ওদালগুৰি জিলাৰ পানেৰীৰ পৰা এই চক্ৰটোৱে এই চাৰিগৰাকী যুৱতীক সৰবৰাহ কৰা বুলি জানিব পৰা গৈছিল। গিয়াজ আলী নামৰ এজনক আটক কৰা হৈছিল।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰে ২০১৯চনৰ তথ্যত উল্লেখ কৰিছে যে – ৰাজ্যখনত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে। ২০১৯চনত এই ঘটনাৰ সংখ্যা ২০১লৈ বৃদ্ধি পাইছিল। সেই বছৰত মহাৰাষ্ট্ৰত সৰ্বাধিক ২৮২টা গোচৰ আৰু অন্ধ্ৰপ্ৰদেশত ২৪৫টা গোচৰ ৰুজু হৈছিল। এনেদৰে ৰুজু হোৱা গোচৰৰ ভিতৰত ৮০টা আছিল শিশু বা কিশোৰী, আৰু ৫৬টা আছিল মহিলা সম্বন্ধীয় গোচৰ।

মানৱ সৰবৰাহ ঘটনাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক ঘটনা সংঘটিত হয় অসমত। ২০১৯চনত মেঘালয়ত ২২টা, মিজোৰামত ৭টা গোচৰ ৰুজু হোৱাৰ বিপৰীতে নগালেণ্ডত ৩টা, মণিপুৰত ৯টা, ত্ৰিপুৰাত ১টা এনে ঘটনা সংঘটিত হৈছিল। লক্ষণীয় যে, এই বছৰটোত অৰুণাচল আৰু ছিকিমত তেনে কোনো ঘটনা সংঘটিত হোৱা নাছিল।

অসমত প্ৰতি ১ লাখ জনসংখ্যাৰ বিপৰীতে ০.৬ শতাংশ মানৱ সৰবৰাহকাৰী অপৰাধ সংঘটিত হয়। ৰাষ্ট্ৰীয় পৰ্যায়ত এই হাৰ হ'ল প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ০.২ শতাংশ। এনেবোৰ দৃষ্টিকোণোৰে ৰাজ্যখনত এই ধৰণৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ আৰক্ষীয়ে বিভিন্ন সংস্থা, বিভাগৰ জৰিয়তে অধিক কৰণীয় আছে।

মায়ঙৰ পৰা সন্ধানহীন হোৱা সেই শিশু কেইটা হয়তো মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা নাছিল। কিন্তু এনে শিশুক অতি সহজে মানৱ সৰবৰাহকাৰীয়ে লক্ষ্য কৰি লয় বাবে অসম আৰক্ষী সঞ্চালক প্রধানে এই বিষয়টো গুৰুত্ব সহকাৰে লৈ সেই দৃষ্টিকোণেৰেও কথাবোৰ বিবেচনা কৰিছিল। দেখা পোৱা যায় অসমত মানৱ সৰবৰাহকাৰীয়ে দৰিদ্ৰ পৰিয়ালসমূহৰ শিশু আৰু যুৱতীক কেইটামান টকাৰ বিনিময়ত লক্ষ্য কৰি লয় আৰু সৰবৰাহকাৰীসকলক অভিভাৱকেই সহায়-সহযোগ কৰে। যাৰ বাবে এনে চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে সহজতে তথ্য লাভ কৰা বা ব্যৱস্থা গ্ৰহণৰ কৰাতো সম্ভৱ নহয়।

সংবাদ মাধ্যমৰো এই ক্ষেত্ৰত বিশেষ কৰণীয় আছে। সামাজিক পৰিৱৰ্তনৰ বাবে সজাগতা আৰু জনমত গঠনৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অতি বেছি। মানৱ সৰবৰাহকাৰীসকলে কি চল-চাতুৰীৰে এনে জাল মেলিব পাৰে সেই সন্দৰ্ভত সমাজৰ নিম্ন শ্ৰেণী আৰু দৰিদ্ৰ লোকসকলক সজাগ-সচেতন কৰা, অনুসন্ধানমূলক সাংবাদিকতাৰে বিষয়সমূহ পোহৰলৈ অনা ক্ষেত্ৰত সংবাদমাধ্যমে আৰক্ষীৰ সমান্তৰালভাৱে গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিলেহে এনে চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়েও সফলতাৰে পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in