ছেপ্টেম্বৰৰ পৰা স্কুল!

ছেপ্টেম্বৰৰ পৰা স্কুল!

মৃদুল কুমাৰ সন্দিকৈ

কেতিয়া খুলিব বিদ্যালয়? কোৰোনা ভাইৰাছৰ এই পৰিৱেশ অন্ত পৰিব কেতিয়া? সকলোৰে মনত এতিয়া এই প্ৰশ্ন। কোভিড-১৯য়ে সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতিয়ে ব্যক্তিগত, সমাজ জীৱনক এনেদৰে চুই গৈছে যে, ইয়াৰ পৰা সকলোৱে পৰিত্ৰাণ বিচাৰিছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৮ জুলাই, ২০২০ত গুৱাহাটী মহানগৰীত ব্যৱসায়ীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। এই বৈঠকত অংশ লোৱাৰ পাছতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ইংগিত দিলে যে- পৰিস্থিতি ভবা ধৰণে উন্নত হ'লে ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ সম্ভাৱনা আছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- 'ছেপ্টেম্বৰৰ ১ তাৰিখৰ পৰা আমি স্কুল-কলেজ খোলাৰ কথা চিন্তা কৰিব লাগিব। এটা বছৰ যদি শিক্ষাৰ্থীৰ হাতৰ পৰা ওলাই যায় আমাৰ বহু লোকচান হ'ব।' গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত এইদৰে মন্তব্য কৰিলে স্বাস্থ্য তথা শিক্ষামন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীসকলৰ দেহলৈ যাতে কোৰোনা সংক্ৰমিত নহয় তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিব লগা হৈছে। শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিলে- 'আমাৰ টাস্ক ফ'ৰ্চৰ মিটিং আছে। ল'ৰা-ছোৱালীৰ দেহলৈ কোৰোনা সংক্ৰমণ নোহোৱাকৈ কি নতুন নিয়মেৰে আমি স্কুল-কলেজ খুলিব পাৰো সেয়া চাম।'

যোৱা মাৰ্চৰ পৰাই ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। অনলাইনযোগে শিক্ষাদান পৰ্ব চলি আছে যদিও এই পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলক কিমান উপকৃত কৰিছে সেয়া সন্দেহৰ বিষয়। নগৰীয়া অঞ্চলত ছাত্ৰ-ছাত্ৰীসকলে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে কিছু শিক্ষাদান হৈছে যদিও গ্ৰাম্যাঞ্চল তথা পিছ পৰা অঞ্চল সমূহত এই অনলাইন পদ্ধতিৰে ছাত্ৰ-ছাত্ৰীসকলক কোৰোনা ভাইৰাছৰ সময়খিনিত শিক্ষাদান কৰাতো সম্ভৱ হোৱা নাই।

এনে খবৰো আহিছে যে, অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অনলাইন শিক্ষাৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত বা অভিভাৱকে স্মাৰ্ট ফোনৰ যোগাৰ কৰি দিব নোৱাৰাত আত্মহননৰ দৰে পথ বাচি লৈছে মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে।

অসমতে এই ধৰণৰ ঘটনা সংঘটিত হৈছে। ইফালে, অনলাইন ক্লাছৰ বাবে ঘৰত ইন্টাৰনেটৰ সুবিধা নথকাত ম'বাইল নেটৱৰ্ক বিচাৰি ছাত্ৰ-ছাত্ৰীয়ে ঘৰৰ পৰা বহু দূৰ বাট খোজ কাঢ়ি ওখ স্থানত আশ্ৰয় লৈ পাঠগ্ৰহণ কৰা ঘটনাও ঘটিছে।

সংবাদমাধ্যমত এই খবৰো চৰ্চা হৈছে যে পিছপৰা এক অঞ্চলত এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদানৰ বাবে মাইক ব্যৱহাৰ কৰি মাইকযোগে পাঠদান কৰিছে। অসমৰ বা ভাৰতৰ প্ৰেক্ষাপটত অনলাইন ক্লাছ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবেই গ্ৰহণযোগ্য হৈ উঠা নাই।

ইফালে, মহানগৰীৰ বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আভিজাত বিদ্যালয়ে অনলাইন শিক্ষাৰ নামত অভিভাৱকৰ পৰা মোতা অংকৰ ধন ফিজ ৰূপত সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপন হৈছে। প্ৰায় ৪-৫ মাহ কাল বিদ্যালয়সমূহ বা আন শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত ছাত্ৰ সমাজৰ মাজতো বহু নেতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

বিদ্যালয় বা শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাই নহয়, প্ৰতিযোগিতামূলক বা প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত নোহোৱাত বহু ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভৱিষ্যতক লৈ অনিশ্চিয়ত আশংকাৰ মাজত বুৰ গৈ আছে। ইতিমধ্যে এনে প্ৰৱেশ পৰীক্ষাৰ সূচী কেইবাবাৰো সলাব লগা হৈছে।

এই সময়চোৱাত পৰীক্ষা সমূহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুতি চলাই কেতিয়া সেই পৰীক্ষা হ'ব তাক লৈ কোৰোনাৰ পৰিৱেশৰ বাবে যি অনিশ্চিয়তাৰ মাজত আছে সেই সময়তে একে সময়তে এনডিএ আৰু জেইই মেইন পৰীক্ষা অনুষ্ঠিত কৰা বিষয়টোক লৈও বহু ছাত্ৰ-ছাত্ৰী বিবূধিত পৰিছে।

সমন্বয়হীনতাৰ অভাৱৰ বাবেই কোৰোনাৰ পৰিৱেশৰ মাজতে ছাত্ৰ-ছাত্ৰীৰ কথা সঠিকভাৱে পৰ্যালোচনা আৰু বিশ্লেষণ নকৰাৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। এই বিষয়টোক লৈ যথেষ্ট সমালোচনা হৈছে বিভিন্ন মাধ্যমত।

হাইস্কুল শিক্ষান্ত পৰীক্ষা বা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ভাল এখন কলেজত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ যি সপোন থাকে সেই সপোনতো বিৰূপ প্ৰভাৱ পেলাইছে কোৰোনাই। অসমৰ বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়ন কৰাৰ সপোন থাকে। কিন্তু এইবাৰ সেই সপোন পৰিস্থিতিগত কাৰণতে ছাত্ৰ-ছাত্ৰীসকলৰ মনতে ৰৈ গৈছে।

ৰাজ্যৰ আন খণ্ডত কোৰোনাই কি ধৰণৰ প্ৰভাৱ পেলাইছে ইয়াক লৈ আলোচনা যথেষ্ট হৈছে। সেই ধৰণে শিক্ষা খণ্ডক লৈ সজাগ সচেতন বা ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক দিশটোৰ প্ৰতি প্ৰায় আওকাণ কৰি চলা হৈছে। বিদ্যালয়সমূহ বন্ধ কৰি দিয়াতে দায়িত্ব সামৰিছে চৰকাৰেও।

ঘৰত থাকি ছাত্ৰ-ছাত্ৰীসকলৰো আমনি লগা হৈছে। কোৰোনা ভাইৰাছৰ অনলাইন ক্লাছৰ মাজতে বহু বিদ্যালয়ে গৰম বন্ধ দি ছাত্ৰ-ছাত্ৰীসকলক ডিজিটেল মাধ্যমযোগে হোমৱৰ্ক, প্ৰজেক্ট আদি দিছে। এক অস্থিৰ পৰিৱেশৰ মাজত ছাত্ৰ-ছাত্ৰীসকলক এইবোৰ হোম ৱৰ্ক বা অনলাইন মাধ্যমযোগে হোৱা পাঠদানে চুব পৰা নাই।

চৰকাৰী বিদ্যালয়সমূহতো অনুৰূপ দিশেই প্ৰতিফলিত হৈছে। অনলাইন ক্লাছৰ নামত শিক্ষকসকলে যথেষ্ট কষ্ট কৰিলেও আন্তঃগাঁথনিৰ অভাৱত অধিকাংশ ছাত্ৰ-ছাত্ৰীয়েই সেই পাঠদানৰ পৰা কি শিক্ষা গ্ৰহণ কৰিছে সেয়াও এক ভাবিব লগা কথা।

ৰাজ্যত এনে বহু স্থান আছে যিবোৰত ম'বাইলৰ নেটৱৰ্ক নথকাৰ বাবেই অনলাইন ক্লাছ কৰিব লৈ গৈ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। তদুপৰি আনল'ক আৰম্ভ হোৱাৰ পাছত অভিভাৱকসকল নিজৰ নিজৰ কামত ব্যস্ত হ'ব লগা হোৱাৰ বাবে তেওঁলোকৰ স্মাৰ্ট ফোনবোৰ সন্তানক অনলাইন ক্লাছৰ বাবে দিব নোৱাৰাৰ ঘটনাও ঘটিছে।

তাৰমাজতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ইংগিতে ৰাজ্যৰ শিক্ষা খণ্ডলৈ অচিৰেই ভাল খবৰ আহিব বুলি ভবাৰ অৱকাশ আছে।কিন্তু সেয়া এতিয়াও নিশ্চিত হোৱা নাই। কোৰোনাৰ ৰেহ-ৰূপ কি হয় তাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে।

ইয়াৰ মাজতো এটা সম্ভাৱনাময় খবৰ এয়ে যে, স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত- ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ বিষয়ে চিন্তা চৰ্চা কৰিছে চৰকাৰে। দীৰ্ঘসময় ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীৰ বাবে এয়া নিশ্চয় সু-খবৰ। কিন্তু এইটোও ঠিক যে, বিদ্যালয় খোলাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলৰ স্বাস্থ্যৰ দিশটো চৰকাৰ তথা বিদ্যালয় কৰ্তৃপক্ষই মনত ৰাখি এনে কিছু নীতি-নিয়মৰ মাজেৰে শিক্ষানুষ্ঠানসমূহৰ পাঠদান আৰম্ভ কৰিব লাগিব যাতে ছাত্ৰ-ছাত্ৰীসকলক কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পৰা যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in