শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ…

7,153

ৰাজৰ্ষি চহৰীয়া

শৰৎ ঋতু হৈছে উৎসৱ-পাৰ্বনৰ সময়। এই শৰৎ কালত দুৰ্গা পূজা, লক্ষ্মী পূজা, দেৱৱালী, কালী পূজা, ৰাসোৎসৱ আদি অনুষ্ঠিত হয় দেশৰ আন প্ৰান্তৰ লগতে অসমত। প্ৰকৃতিৰ অপৰূপা ৰূপৰ বাবে শৰৎ ঋতুক ঋতু ৰাণী বুলি অভিহিত কৰা হয়। কিন্তু এইবাৰ যেন এই সকলোবোৰ উৎসৱ-পূজাৰ উৎসাহ-উদ্দীপনা ম্লান পেলাই থৈ গ’ল কোৰোনাই।

কোৰোনাৰ বাবে অতি সেমেকা পৰিৱেশ-পৰিস্থিতিৰ মাজত উদযপান কৰা হৈছে দুৰ্গা পূজা। এইবাৰৰ দুৰ্গা পূজাত প্রথমবাৰলৈ দেখা গ’ল মা দুৰ্গাৰ প্ৰতিমূৰ্তিৰ বিপৰীতে ফ্লেক্সৰ। ইয়াৰ লগতে বহু নীতি-নিয়ম সলনি হ’ল এই কোৰোনা ভাইৰাছৰ বাবে। এই ভাইৰাছৰ প্ৰভাৱ অৰ্থনীতি, শিক্ষা ক্ষেত্ৰৰ লগতে পূজা-উৎসৱ, ৰাজ্যৰ লোক-সংস্কৃতিৰ ওপৰতো পৰিবলৈ আৰম্ভ কৰিছে।

২৫ অক্টোবৰ, ২০২০, দেওবাৰে নৱমীৰ দিনাও পূজা মণ্ডপত পূৰ্বৰ দৰে ভক্তপ্ৰাণ ৰাইজৰ পূৰ্বৰ দৰে ভিৰ দেখা পোৱা নগ’ল। পূৰ্বৰ দৰে কোনো পৰিস্থিতি নাই এইবাৰৰ পূজাত। আৰু ঠিক একেদৰে ৰাজ্যবাসীয়ে এইবাৰ নাপাব পূৰ্বৰ দৰে ৰাসোৎসৱ। কিয়নো প্ৰতিবছৰে নামনি অসমৰ নলবাৰী, বজালি, পাঠশালা, শুৱালকুছি আদি স্থানত উদযাপিত ৰাসোৎসৱত লাখ লাখ লোকৰ সমাগম ঘটে।

বৃহৎ পৰিমানৰ ভক্তপ্ৰাণ ৰাইজ-দৰ্শনার্থীৰ সমাগমত কোভিডৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সকলো স্থানত ১৫ দিনীয়া ৰাসোৎসৱৰ বিপৰীতে এদিন, দুদিন অথবা তিনি দিনহে এই উৎসৱ পালন কৰাৰ সিদ্ধান্ত লৈছে আয়োজক কমিটীসমূহে। ৰাসৰ যি পৰম্পৰা, সেই পৰম্পৰা যাতে শেষ হৈ নাযায় তাৰ বাবেই এই মহামাৰীৰ সয়মতো ৰাসোৎসৱ উদযাপনৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখ্য যে, অতীজৰে পৰা অসমত ৰাস পূৰ্ণিমাত ৰাসোৎসৱ পালন কৰা হয়। প্ৰথমে মাজুলীৰ দক্ষিণপাট সত্ৰত আৰম্ভ হয় ৰাসোৎসৱ। ১৭৬২ শকৰ পৰাই দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদযাপন হৈ আহিছে। অসমৰ সত্ৰসমূহত বৈদিক ক্ৰিয়াকাণ্ড আৰু নাট্যৰূপে ৰাসোৎসৱ উদযাপন হয়। দক্ষিণপাট সত্ৰৰ পিছতহে গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে।

অৱশ্যে উজনি অসমৰ দৰে নামনি অসমতো ৰাসোৎসৱৰ প্রাধান্য দেখা পোৱা যায়। কিন্তু উজনি আৰু নামনিত উদযাপিত এই ৰাস উৎসৱৰ মাজত আছে বহু পাৰ্থক্য। উজনিৰ ৰাস অভিনয় কেন্দ্ৰিক হোৱাৰ বিপৰীতে নামনিৰ ৰাস মূৰ্তি কেন্দ্ৰিক। নামনি অসমত শ্ৰীকৃষ্ণৰ বিভিন্ন কৰ্মৰাজিক মৃণ্ময় মূৰ্তিসমূহৰ মাজেৰে সজাই তুলি প্ৰদৰ্শন কৰা হয়। কালীয় দমন, পুতুনা বধ, দধিমথন, কংসবধ, বৃন্দাবনৰ ৰঅসলীলা আদি মৃণ্ময় মূৰ্তিসমূহৰ জৰিয়তে উপস্থাপন কৰা হয়।

ঠাই ভেদে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ঢুলীয়া, ওজাপালি খোলা গান, নাম-প্ৰসংগ আদি পালন কৰা হয়। পলাশবাৰীৰ ৰাসত জীৱন্ত মূৰ্তিও প্ৰদৰ্শন হয়। আৰু সেই জীৱন্ত মূৰ্তি চাবলৈ দূৰ দূৰণিৰ পৰা বহু মানুহৰ সমাগম ঘটে। নামনি অসমৰ ৰাসত বংগীয় প্ৰভাৱ দেখিবলৈ পোৱা যায়। বিভিন্ন আলোকসজ্জাৰে প্ৰদৰ্শনস্থলী সজাই দৰ্শকৰ মন আকৰ্ষণ কৰে।

মন কৰিব লগীয়া যে, ৰাসোৎসৱত শ্ৰীকৃষ্ণৰ দহ অৱতাৰৰ মূৰ্তি নিৰ্মাণ কৰা মৃৎ শিল্পীসকলে এইবাৰ নাপালে পূৰ্বৰ দৰে উপাৰ্জনৰ সুযোগ। নামনি অসমত ৰাসোৎসৱত একোজনকৈ মৃৎ শিল্পীয়ে বছৰটোৰ উপাৰ্জন কৰাৰ সুযোগ লাভ কৰে। কিন্তু এইবাৰ তেওঁলোকৰ হাত খালী।

১৫ দিনীয়াকৈ অনুষ্ঠিত ৰাস উৎসৱৰ বিপৰীতে নলবাৰীত ৩ দিনীয়াকৈ, শুৱালকুছিত এদিনীয়াকৈ, পলাশবাৰীত তিনি দিনীয়া, পাঠশালাত মাথো এদিনীয়া কৈ ভগৱান কৃষ্ণক স্মৰণ কৰি পূজা অৰ্চনাৰে সামৰণি পেলোৱা হ’ব ৰাস পৰ্ব। সেয়েহে বিগত বৰ্ষৰ দৰে নাই কোনো মূৰ্তি বনোৱা পৰিৱেশ। যাৰ ফলত বছৰৰ এই বিশেষ সময়চোৱাত এই মৃৎ শিল্পীসকলৰ বাবে নাই কোনো কাম তথা উপাৰ্জনৰ পথ। কেৱল মৃৎ শিল্পীসকলৰ ওপৰতে পৰা নাই এই মহামাৰীৰ মাধমাৰ। ৰাসোৎসৱৰ সময়ত অস্থায়ী দোকান-পোহাৰ দি হাজাৰ হাজাৰ লোকে উপাৰ্জনৰ বাট বিচাৰি পায়। কিন্তু এইবাৰ তেওঁলোকৰ বাবেও নাহিল সুখবৰ।

নলবাৰীত ৰাসোৎসৱত আন এক আকৰ্ষণ আছিল ভ্ৰাম্যমান থিয়েটাৰ। এই দিন কেইটাত ভ্ৰাম্যমান থিয়েটাৰে ৰাস মহোৎসৱস্থলী সন্মুখত কেইবাটাও প্ৰদৰ্শনীৰে ৰাস চাবলৈ অহা লোকক ভ্ৰাম্যমানৰ আমেজ দিছিল। ভ্ৰাম্যমান থিয়েটাৰ আৰু ৰাস ইমানেই জনপ্ৰিয় যে ৰাস চাবলৈ গৈ সেই স্থানত থকা ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰতিটো দৰ্শনী চোৱা দৰ্শকো আছে।

আজি সেই ভ্ৰাম্যমান থিয়েটাৰৰ সন্মুখত কোৰোনা সৃষ্ট পৰিৱেশৰ বাবে গতি ৰুদ্ধ হোৱাৰ দৰে পৰিস্থিতি। ৰাস অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিলেও পূৰ্বৰ দৰে সেই স্থানত নাথাকে ভ্ৰাম্যমান থিয়েটাৰ পেণ্ডেল। ইয়াৰ ফলত কলা-কুশলী আৰু ৰাসৰ কেইদিন ইয়াক লৈ গঢ় লৈ উঠা দীৰ্ঘদিনৰ এক অৰ্থনীতিৰ বুনিয়াদ ভাঙি পৰাৰ পথত।

উল্লেখ্য যে, ৰাজ্যৰ ৰাস উৎসৱ আয়োজক কমিটীসকলে ৩০ নবেম্বৰৰ পৰা উদযাপন কৰিব বুলি প্ৰায় ঠিৰাং কৰিছে। দুই-তিনি দিনীয়াকৈহে এই উৎসৱ পালন কৰা হ’ব। বিগত বৰ্ষত ৰাস পূজা বা দুৰ্গা পূজা কেৱল পূজা হিচাপে নহয়, এক উৎসৱ হিচাপে পালন কৰা হৈছিল। কিন্তু এইবাৰ আধ্যাত্মিকভাৱেহে সেমেকা দুৰ্গা পূজা পালন কৰাৰ পাছত ৰাস পূজা পালন কৰা হ’ব।

জানিব পৰা মতে, অহা ২৯ নবেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ উদযাপন কৰা হ’ব নলবাৰীত ৰাসোৎসৱ। এই সন্দৰ্ভত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি অশোক শৰ্মাই কয় যে- এইবাৰ ৰাস উৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰাৰ ফলত গ্ৰাম্য অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰিব বুলি জানি আমাৰো দুখ লাগিছে। কাৰণ উত্তৰ-পূৰ্বাঞ্চলত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰৰ সুকীয়া পৰিচয় এই ৰাস উৎসৱ। আমি পূৰ্বে ১১ দিনীয়া, ১৩ দিনীয়া বা ১৫ দিনীয়াকৈ এই উৎসৱ উদযাপন কৰাৰ বাবে গ্ৰাম্য অৰ্থনীতিত সুন্দৰ প্ৰভাৱ পৰে। নলবাৰী অঞ্চলৰ লোকে কিবা এখন দোকান দিব আৰু বছৰীয়া ব্যৱসায়ৰ সিংহভাগ উপাৰ্জন এই উৎসৱৰ পৰা কৰিব বুলি বিভিন্ন পৰিকল্পনা কৰে। যিহেতু কোৰোনা সৃষ্ট পৰিস্থিতিৰ মাজতে তিনিদিনীয়াকৈ আৰু অনুষ্টুপীয়াকৈ এই ৰাস মহোৎসৱ উদযাপন কৰিবলৈ ওলাইছো সেয়েহে অৰ্থনীতিৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব। যিসকলে ব্যৱসায় কৰিম বুলি ভাবি আছে তেওঁলোকৰ বাবে বাধাৰ সৃষ্টি হ’ব। গতিকে অৰ্থনৈতিক দিশত ক্ষতিগ্ৰস্ত হোৱাৰ কথা জানি অত্যন্ত দুখ পাইছো।কোৰোনা মহামাৰী প্ৰতিহত কৰাৰ স্বাৰ্থতে এই অনুষ্ঠান অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত লৈছো।

ইফালে, উজনিতো এইবাৰ অনুষ্টুপীয়াকৈয়ে পালন কৰা হ’ব এই উৎসৱ। মাজুলীৰ দক্ষিণপাট সত্ৰত দুদিনীয়াকৈ পালন কৰা হ’ব ৰাসোৎসৱ। ঠিক একেদৰে শিৱসাগৰৰ প্ৰখ্যাত বৰুৱা পৰিয়ালৰ ৰাস পূজা ২৯ নবেম্বৰৰ পৰা দুদিনীয়াকৈ আৰু আউনিআটি সত্ৰটো দুদিনীয়াকৈয়ে কৰা হ’ব পালন।

কোৰোনা ভাইৰাছৰ সংক্ৰমণ যাতে বৃদ্ধি নাপায়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে। কিন্তু তাৰ লগতে এই ৰাসোৎসৱৰ সময়তে সম্পূৰ্ণ বছৰটোৰ বাবে উপাৰ্জন কৰাৰ পৰিকল্পনাতো পৰিছে চেঁচা পানী। মানুহৰ সমাগমত এই ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যাক নুই কৰিব নোৱাৰি। কিন্তু তাৰ লগতে চৰকাৰে এই দিশবোৰতো দৃষ্টি ৰাখিব লাগিব। কিয়নো কৃষ্টি-সংস্কৃতিৰ লগতে গ্ৰাম্য অৰ্থনীতিও বহু গুৰুত্বপূৰ্ণ ৰাজ্যৰ বাবে। অথবা কোৰোনাৰ এই মাধমাৰত আৰু বহু লোক কোঙা হ’ব লাগিব আগন্তুক দিনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি