মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক…’

মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক…’

মৃদুল কুমাৰ সন্দিকৈ

এগৰাকী মহিলা। তেওঁৰ কথাখিনি কিমান সঁচা বা মিছা সেয়া আইনে বিচাৰ কৰিব। কিন্তু যিখিনি কথা তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিলে, সেই কথাখিনিয়ে যিকোনো বিবেকমান লোকৰ মন-মগজুত টুকুৰিয়াই যাব।

চিকিৎসকসকলক ভগৱানৰ শাৰীত থোৱা হয়। চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ত্যাগক সকলোৱে আন্তৰিকতা আৰু শ্ৰদ্ধাৰে স্বীকাৰ কৰে। তাৰমাজতেই দুই এক ঘটনাই চিকিৎসকৰ প্ৰকৃত উদ্দেশ্য আৰু মহত্বক ম্লান কৰে।

ইয়াৰ বাবে সমগ্ৰ চিকিৎসককেই দায়ী কৰিব নোৱাৰি। ভাল-বেয়া সকলোতে থাকে। কিন্তু কল্পনা চৌধুৰী নামৰ ৰঙিয়াৰ এইগৰাকী মহিলৰ কথাবোৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এনেকৈয়ে চলিছে নেকি ৰাজ্যৰ স্বাস্থ্য খণ্ড?

ঘটনাটো পুৰণি। চৰ্চালৈ আহিছে এতিয়া। সংবাদমাধ্যমৰ প্ৰতিও মহিলাগৰাকীৰ আছে আক্ষেপ। কিয়নো নিজৰ এই পৰিস্থিতিৰ কথা সংবাদমাধ্যমৰ জৰিয়তে তেওঁ প্ৰকাশ হোৱাতো বিচাৰিছিল। বিপদৰ সময়ত তেওঁ সংবাদমাধ্যমৰ সহায় বিচাৰিছিল।

মহিলাগৰাকীয়ে কোৱা প্ৰতিটো কথা সত্য নহ'ব পাৰে। কিন্তু এনে এক অভিযোগ কোনেও এনেই কৰিব নাযায়। মহিলাগৰাকীৰ বিৰুদ্ধেও চলি আছে গোচৰ। চিকিৎসক তথা চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে।

যদি মহিলাগৰাকীয়ে অভিযোগ কৰাৰ দৰেই তেওঁৰ সৈতে এই কাণ্ড সংঘটিত হৈছিল, তেনেহ'লে দোষীয়ে উপযুক্ত শাস্তি পোৱাৰ প্ৰয়োজন। এগৰাকী ৰোগী হিচাপে তেওঁৰ অধিকাৰ আছে। এতিয়া এই অধিকাৰ আৰু সংশ্লিষ্ট চিকিৎসক তথা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনৰ অভিযোগতকৈ মহিলাগৰাকীৰ প্ৰতি মানুহৰ স্বাভাৱিকতে সহমৰ্মিতা জন্মিছে।

আৰক্ষীৰো কাষ চাপিছিল তেওঁ। সেই অভিজ্ঞতাৰ কথাও তেওঁ বৰ্ণনা কৰিছে এই ভিডিঅ'ত। ন্যায় বিচাৰি অৱশেষত ডিজিটেল মাধ্যমৰ জৰিয়তে বিষয়টো দৃষ্টিগোচৰ কৰাৰ পাছত এতিয়া চৌদিশে এই মহিলাগৰাকীৰ সৈতে হৈ যোৱা ঘটনা চৰ্চালৈ আহিছে।

মহিলাগৰাকীয়ে কৈছিল- 'মই ৰঙিয়া ৫ নং ৱাৰ্ডৰ বাসিন্দা। মোক ন্যায় লাগে। তাৰ কাৰণে মই এই ভিডিঅ'টো আপলোড কৰিলো। যোৱা ১৭ জুন তাৰিখে ৰঙিয়া পলিক্লিনিকত মোৰ ডেলিভাৰীৰ বাবে মই এডমিট হৈছিলো। মই ভৰ্তি হোৱাৰ লগে লগে মোক ডাঃ অৰুণাভ বৰাই মোক লেবাৰ ৰূমত লৈ যায়। লেবাৰ ৰূমত নি মোক না না ধৰণৰ… মইয়ো ছিজাৰিং মহিলা। মোৰ চাৰি বছৰীয়া ছোৱালীও আছে। মোক ছিজাৰিং কৰিব এৰি নৰ্মেল পুছিং কৰে। আৰু অৰুণাভ বৰাৰ লগত আছিল ডাঃ পংকজ কলিতা আৰু বেদশ্ৰী কলিতা। পাছত মোক লেবাৰ ৰূমত বহু ধৰণৰ গালি গালাজ পাৰে বিভিন্ন ভাষাৰে, যিবোৰ কথা ইয়াত মই প্ৰকাশ কৰিব নোৱাৰিম। তাৰপাছত মোৰ গুপ্তাংগত কেচীৰে কোবাই।

মোৰ এটা ল'ৰা সন্তান জন্ম পায়। ল'ৰা সন্তানটো জন্ম হোৱাৰ পাছত ওলোটাই দিয়ে। ওলোটাই দিয়াৰ পাছত বাটছাটোৱে কান্দি দিয়ে। সেয়া মই নিজেই দেখিছো। তাৰপাছত মোৰ হাজবেণ্ডে লেবাৰ ৰূমৰ সন্মুখত ৰখি আছিলে। নাৰ্ছ এজনীয়ে গৈ কয় যে, আপোনাৰ লৰা জন্ম পাইছে। আপুনি টাৱেল কিনি আনক। যেতিয়া মোৰ হাজবেণ্ডে টাৱেল কিনি আনিব গ'ল, মই ভিতৰত চেনছলেছ হৈ গ'লো। চেনছলেছ হৈ যোৱাৰ পাছত মোৰ হাজবেণ্ডে যেতিয়া উভতি আহি টাৱেল কেইখন অৰুণা বৰাক দিব বিচাৰিলে অৰুণাভ বৰাই ধমকি দি ক'লে যে, তোৰ বাটছা ১৫ দিনত আগতে পেটত পচি মৰি আছে।

এতিয়া তোৰ মাইকীও মৰিব। তই দুবটল তেজ সোনকালে যোগাৰ কৰ, নহ'লে জিএমচিএইচত লৈ যায়। ইয়াতে আমি বচাব নোৱাৰিম। তেতিয়া মোৰ হাজবেণ্ডক ওচৰৰ কেইজনমান মানুহে কৈ থৈছিল যে, লকডাউনৰ সময়, গতিকে ব্লাড লাগিলে আমি দিম। কিনি ল'ব নালাগে। তেতিয়া সেই মানুহজনক মোৰ হাজবেণ্ডে কনটেক্ট কৰিলে। যেতিয়া কনটেক্ট কৰিলে, তেতিয়া ৫জন মানুহ উপস্থিত হ'ল। তাৰপাছত ডাঃ পংকজ কলিতা আৰু অৰুণা বৰাই সিহঁতৰ ব্লাড নলয়। সিহঁতৰ পৰা কিনি ল'ব লাগে। নানা ধৰণৰ কথা ক'লে। তেতিয়া মোৰ হাজবেণ্ডে উপায় নাপাই মোক বচোৱাৰ কাৰণে সিহঁতৰ পৰা ৫ হাজাৰ টকাত এবটল ব্লাড কিনি ল'লে।

তাৰপাছত আৰু এবটল ব্লাড মোৰ নিজৰ মানুহৰ ফালৰ পৰা দিবলৈ ৰিকুৱেষ্ট কৰা হ'ল। তাৰপাছত এবটল তেজ মোৰ সম্পৰ্কীয় মানুহেই দিলে। তাৰপাছত মানুহে হাল্লা কৰিলে, তেতিয়া লেবাৰ ৰূমৰ ছিলিঙৰ পৰা কাৰ্টনৰ ভিতৰৰ পৰা বাটছা এটা দেখুৱালে। যিটো বাটছাৰ হাত ভৰি সকলো ঠিকে আছে, মাথাটো ফাটি গলি গৈছে। পচি গৈছে যিটো বাটছা। কিন্তু অলপ আগত মইটো তাৰ মাত শুনিছিলো। আৰু মই এগৰাকী মাতৃ। মই আগতেও সন্তান জন্ম দিছো। মোৰ পেটত বাটছাটোৱে লাট মাৰিছে নে গুৰিয়াইছে মই কি গম নাপাম নেকি।

আগদিনালৈ যি মোৰ পেটত গুৰিয়াই আছে, সেই বাটছাটো হঠাতে কি হ'ল। আৰু মই ১৪ জুনৰ পৰা আপোনাৰ ১৭ জুনলৈ মই চিভিলত দেখুৱাইছো। চিভিল আটাই কেইটা ডাক্টৰে… প্ৰেছকিপশ্যন আছে মোৰ লগত, তেতিয়া ডাক্টৰে কৈছিল- বাটছা ঠিকেই আছে। কিন্তু ব্লাড কম আছে, ব্লাডৰ কাৰণে জিএমচিএইচলৈ ৰেফাৰ কৰিছিল মোক। তাৰপাছত মোৰ বিষৰ কাৰণে মই পলিক্লিনিকত এডমিট হ'ব লগা হ'ল। তাৰপাছত মোক যিটো সন্তান দিলে সেইটো একেবাৰে মৃত। তেনেকৈ থাকিলো। দুদিন মই তাত মেডিকেলত এডমিট থাকিলো। মেডিকেলত এডমিট থকাৰ পাছত ১৯ তাৰিখে মোৰ হাজবেণ্ড ঘৰলৈ আহিছিলে। মোৰ মা লগতে আছিলে তেতিয়া। ভিডিঅ' ফুটেজ চালে নিশ্চয় পলিক্লিনিকে দেখাব পাৰিব মোৰ মা লগত আছিল। মোৰ হাজবেণ্ড ঘৰলৈ আহিছিল, যিহেতু ওচৰতে ঘৰ। তাৰপাছত সন্ধিয়া ৰঙিয়া পলিক্লিনিকে মোৰ ঘৰত পুলিচ পঠাই দিয়ে।

পুলিচ পঠাই দি মোৰ শাহু মা, মোৰ দেৱৰ আৰু মোৰ হাজবেণ্ডক ধমকি দিয়ে আৰু মোৰ হাজবেণ্ডক গোৰ মাৰে। তাৰপাছত পলিক্লিনিকত লৈ যায় গাড়ীত উঠায়। তাৰপাছত পলিক্লিনিকৰ দুৱাৰমুখত নমাই থৈ যায়। পলিক্লিনিকৰ দুৱাৰমুখত যেতিয়া নমাই থৈ গল, তেতিয়া ডাঃ পংকজ কলিতাই মোৰ শাহু মাক এটা কেবিনেট ভৰাই থয়। কেবিনেট ভৰাই লৈ যায় কয় যে আপোনাৰ পেচেন্টটো ইয়াৰ পৰা লৈ যাওক। আপোনাৰ পইচা পিছত পেইমেন্ট কৰিব।

আমাৰ ছিজাৰিঙৰ বাবে বহুত পেচেন্ট আহি আছে, আমাক ছীট লাগে। তেতিয়া মোৰ শাহু মাই ক'লে, আপোনালোকেটো ৰিলিজ দিয়া নাই মোৰ পেচেন্টক। মই কাইলৈ লৈ যাম পইচা পে' কৰি। কৈছে নালাগে, আপোনালোক ওচৰৰে মানুহ। আপুনি পইচাটো পিছত দিয়ক। আপুনি এগ্ৰিমেন্টত চহী কৰি দিয়ক। চহী কৰি দি আপোনাৰ পেচেন্টটো আপুনি লৈ যাওঁক। তেতিয়া মোৰ শাহু মাই চহী কৰি মোক লৈ আহিলে। কিন্তু মোক হাজবেণ্ডেহে এডমিট কৰিছিল। মোৰ শাহু মাৰ লগত কিহৰ এগ্ৰিমেন্ট পংকজ কলিতাৰ। সেইটো কথা মই জানিব বিচাৰো। তাৰপাছত যেতিয়া মই ঘৰত আহিলো, ২৫ তাৰিখে মই সম্পূৰ্ণ ৰূপে সুস্থ হ'লো। সম্পূৰ্ণ মানে অলপ সুস্থ হ'লো, ছেনচটো আহিল। অহাৰ পাছত মই নিজকে নিজে প্ৰশ্ন কৰিলো যে, মোৰটো বাটছাটো ঠিকে আছিল, মোৰ বাটছাটোৰ মাতো শুনিছো। হঠাৎ কি হ'ল? মই নিজকে নিজে প্ৰশ্ন কৰি মোৰ হাজবেণ্ড আৰু শাহু মাক ক'লো যে, মই আজি পলিক্লিনিকত যাম। ডাঃ অৰুণা বৰাক লগ কৰিম। মোৰ বাটছাটো কি হ'ল মই সেই কুৱেশ্যনটো কৰিম।

তাৰপাছত মই গ'লো, যোৱাৰ পাছত কি হ'ল- ৰিচিপশ্যনৰ ল'ৰা কেইজনক ক'লো, মোৰ নথিপত্ৰবোৰ, যিবোৰ মোৰ প্ৰেছক্ৰিপশ্যন আছিলে, তেজৰ টেষ্টৰ ৰিপৰ্টবোৰ আছিলে সেইবোৰ মোক দিয়া নাছিলে। তাৰপাছত মই টেষ্টৰ ৰিপৰ্টবোৰ বিচাৰিলো। বিচৰাৰ পাছত সিহঁতে মোক দিব বিচৰা নাই। নিদিওতে মই ক'লো যে, মোৰ জেৰক্স হ'লেও লাগিব। মোৰ বহুত ডাঙৰ কাম আছে। তেতিয়া মোক জেৰক্স কৰি মোৰ প্ৰেছকিশ্যন আৰু ৰিপৰ্টবোৰ দিলে। অৰিজিনেলবোৰ এতিয়াও সিহঁতৰ তাত আছে। এতিয়ালৈকে মোক দিয়া নাই। তাৰপাছত মই সেই ফটোষ্টেটখিনি লৈ বহি থাকিলো। মই ১৭ জুনত যে অৰুণাভ বৰাৰ তাত যিখন প্ৰেছক্ৰিশ্যন লৈ, যিটো পইচা দি ভিজিট কৰিহে প্ৰেছক্ৰিশ্যন ল'ব লাগে এজন ৰোগীয়ে, সেই প্ৰেছক্ৰিপশ্যনখন লৈ মই এডমিট হোৱা প্ৰেছক্ৰিপশ্যনখন মোক নিদিয়ে।

তেতিয়া মই ক'লো যে অৰুণাভ বৰাৰ প্ৰেছক্ৰিপশ্যনখন মোক লাগিব, কাৰণ সেইখন মোৰ কাৰণে বহুত দৰকাৰী। তাৰপাছত সেই প্ৰেছক্ৰিপশ্যনখনো মোক জেৰক্স কৰি দিলে। কিন্তু এটা ভাবিবলগীয়া কথা যে, যিজন পলিক্লিনিকৰ ডাঃ হয়, বহুত জনা বুজা ডাক্টৰ। কিন্তু ২০২০ৰ ঠাইত ২০৩০ লিখিছে প্ৰেছক্ৰিপশ্যনত। এতিয়া ২০২০ চলি আছে নে ২০৩০ চলি আছে? নিশ্চয় কিবা ভয়তে কৰিছে। কিবা এটা ভুল কৰিছে তেখেতে, প্ৰেছক্ৰিপশ্যনৰ জেৰক্স এতিয়াও মোৰ লগত আছে। সেইটো মই দেখুৱাব পাৰো। সেইবিলাক চাই মই ৰিচিপশ্যন ৰূমত বহি আছিলো। ডাঃ অৰুণাভ বৰা ওপৰৰ পৰা নামি আহি মোক কৈছে আঙুলি টিকিলাই কৈছে যে, তোক পলিক্লিনিকত কোনে সোমাব দিছে? ওলাই যা এতিয়া ইয়াৰ পৰা, নহ'লে চৰিয়াই দিম। মোক তেনেকৈ কৈছে।

তাৰপাছত মোৰো খং উঠি গ'ল। মোৰ এনে মূৰটো নষ্ট হৈ আছিল, দুখ লাগি আছিল। মইহে গম পাইছো মই মাক হৈ এটা সন্তান হেৰাইছো। কিমান দুখত আছো, কিমান কষ্টত আছো। তাৰপাছত অৰুণাভ বৰাকো মই চেন্ডেল লৈ খেদি গ'লো। কিন্তু মই দুটা চিৰিও ওপৰত উঠি যাব নোৱাৰিলো। তেতিয়া মই গম পাইছো যে মোৰ বাটছা টো নিশ্চয় সিহঁতে কিবা কৰিছে। তাৰপাছত মই নিউজক… মই ভিতৰত অকলে গৈছিলো। মোৰ হাজবেণ্ড বাহিৰত আছিল। তাৰো ভিডিঅ' নিশ্চয় আছে। তাৰপাছত বাহিৰত ওলাই আহি মই কথাটো হাজবেণ্ডক ক'লো। হাজবেণ্ডে গৈ ৰঙিয়া প্ৰেছ ক্লাৱৰ নিউজৰ মানুহক মই কনটেক্ট কৰিলো। গোটেইখিনিয়ে মোক ক'লে যে, আমি ৰাতিপুৱা নিউজটো দি দিম। এজনী প্ৰসূতী মহিলাক কেনেকৈ ডাক্টৰে মাৰিবলৈ খেদি আহে সেইটো নিউজ আমি কৰিম।

আপোনাক কৰা অপমান.. আপুনি ন্যায় পাব। তাৰপাছত পিচদিনা মই গোটেই ৰিপৰ্টাৰসকলক ফোন কৰিলো। তাৰপাছত এজন ৰিপৰ্টাৰে মোক উত্তৰ দিলে যে, যদি পংকজ কলিতাই মোক কেছ কৰে এইটো যদি মই নিউজত দিও, পংকজ কলিতাই যদি মোক কেছ কৰে, পলিক্লনিকে যদি মোক কেছ কৰে তেতিয়া মোৰ কি হ'ব? এটা ৰিপৰ্টাৰৰ মুখত সেইটো ভাষা। এতিয়াও ৰেকৰ্ডিং আছে মোৰ তাত, ৰঙিয়া প্ৰেছ ক্লাৱৰ ৰিপৰ্টাৰ হয় এইজন। এতিয়াও মোৰ তাত গোটেইখিনি ৰেকৰ্ডিং কৰি থোৱা আছে… আমাৰ দৰে সৰ্বসাধাৰণ ৰাইজক ৰিপৰ্টাৰ এজনে সহায় কৰিব  লাগে। ৰঙিয়া প্ৰেছ ক্লাৱৰ ৰাণা দাই মোক খুবেই হেল্প কৰিছিল। কিন্তু ৰাণা দাৰ কথা মতে মই নিউজটো দিব নোৱাৰিলো। বাকী কেইজন মোৰ পক্ষত নাছিল, পলিক্লিনিকৰ পক্ষত আছিল। কাৰণটো সিহঁতে জানিব।

সিহঁতে পলিক্লিনিকক ভয় কৰিছিল কিয়? সিহঁতে জানে। তাৰপাছত মই ৰঙিয়া থানাত গ'লো। থানাত যাওঁতে মোৰ কেছটো নল'লে। তাৰপাছত মই ডায়ৰেক্ট এছ ডি কংকনজ্যোতি নাথক হোৱাটছএপত মোৰ কথাখিনি কৈ এজাহাৰখন দিলো। তেতিয়া কংকনজ্যোতি নাথে ক'লে যে, তুমি এতিয়া থানাত যোৱা, যদি থানাত কেছ নলয় তেতিয়া মোক ফোন কৰিবা। তাৰপাছত ৰতন দাস যিজন বৰ্তমানৰ অ' চি তেওঁ সেইদিনা জইন কৰিছিলো। তেওঁ লগে লগে মোৰ কেছটো ৰেজিষ্টাৰ কৰি দিলে। তাৰবাবে ৰতন দাস ছাৰলৈ মোৰ অশেষ ধন্যবাদ। মই যিহেতু প্ৰসূতী মহিলা মই ঘৰত ৰেষ্ট ল'ব লাগে, ভাল খাদ্য খাব লাগে, কিন্তু মই দৌৰি আছিলো মোৰ বাটছাৰ কাৰণে।

কিন্তু মই ন্যায় পোৱা নাই। তাৰপাছত মই দৌৰিয়ে থাকিলো, দৌৰিয়ে থাকিলো, তাৰপাছত কেছটো হেমন্ত হালৈ ছাৰে ল'লে। সদায় কয় যে, আজি পলিক্লিনিকত নাই ডাক্টৰ, ডাক্টৰ পলাই আছে, গুৱাহাটীত আছে। আমি তদন্ত কৰি আছো। তদন্ত কৰি কৰি… সদায় তদন্ত, সদায় তদন্ত, তদন্তৰ শেষ নহয়। তদন্ত কৰি কৰি মোক দুমাহ পাছত খবৰ দিলে যে, আপোনাৰ কেছটো ক'ৰ্টত গৈছে, আপোনাৰ নামত চমন আহিব। আপুনি কৰ্টত হাজিৰ হ'ব লাগিব। আপুনি কমপ্ৰমাইজ কৰে, কেছ কৰে সেইটো আপোনাৰ কথা। তাৰপাছত মই ঘৰতে থাকিলো।

যোৱা কালিৰ কথা, ২১ তাৰিখ, সোমবাৰ। হঠাতে মোৰ তাত ফোন আহিল ৰঙিয়া থানাৰ পৰা যে- কল্পনা বাইদেউ হয় নে? মই কৈছো হয়। তেতিয়া কৈছে মই থানাৰ পৰা কৈছো। আপোনাৰ নামত এটা কেছ আছিলে। মই কৈছো কিহৰ কেছ। কৈছে ৰঙিয়া পলিক্লিনিকে আপোনাৰ ওপৰত ক্ৰ'ছ কেছ দিছে। আপুনি আহিব লাগিব, ছাইন এটা কৰিব লাগিব। মই সন্ধিয়া ৰঙিয়া থানালৈ গ'লো। কেছটো দিছে ওলোটা। মোৰ বাটছা মৰা ৭ দিন হৈছে। মই দুটা ব্লাড লৈ মই জীয়াই আছো। যাৰ খোজকাঢ়িব বল নাই। মই বুলে অৰুণাভ বৰাক কোৱাৰ্টাৰত মাৰিবলৈ খেদিছো। তাৰপাছত মই বিল পেইমেন্ট নকৰিবলৈ এইবোৰ অভিনয় কৰিছো। সেইবিলাক কৈ মোৰ ওপৰত কেছ দিলে। আজি মাতিছে মোক, মই আজি যাম। মোক এজন জামিনদাৰ লৈ যাব দিছে।

মোৰ বাটছাটো কি কৰিলে মোক সেইটো সিহঁতে মোক নজনালে। ওলোটা মইহে জামিন ল'ব লাগে। ঠিক আছে বাৰু মই যাম। কিন্তু আপোনালোকৰ সহায়, সহযোগিতা মই কামনা কৰিলো। আৰু ৰঙিয়াবাসী ৰাইজৰ সহায়-সহযোগিতা মোক লাগিব। বিভিন্ন দল-সংগঠন, মহিলা সংগঠন লগতে ৰিপৰ্টাৰবিলাকৰো মোক সহায় লাগিব। মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছো। আৰু মোৰ লাইভ ভিডিঅ'টো যিসকলে চাই আছে, তেওঁলোককো অশেষ ধন্যবাদ দিছো। আপোনালোকে মোক সহায় কৰক। মোক ন্যায় লাগে। মই যাতে বাটছাটোৰ ন্যায় পাওঁ। মোৰ মাতৃৰ হৃদয়খনে যাতে ন্যায় পায়।'

এইখিনি কল্পনা চৌধুৰীৰ কথা। এগৰাকী প্ৰসূতী ৰোগীৰ মৰ্মৰ বেদনা। অভিযোগ যেতিয়া উত্থাপন হৈছেই, ইয়াৰ সত্যতা বিচাৰ কৰাৰ দায়িত্ব আৰক্ষীৰ আৰু চৰকাৰৰ। এই ঘটনা সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা লক্ষণীয় হ'ব। কিয়নো স্বাস্থ্য খণ্ডত সংঘটিত এনেবোৰ ঘটনা বা অভিজ্ঞতাই কেৱল কল্পনা চৌধুৰীকেই ব্যতিব্যস্ত কৰা নাই।

কোনোবাই সেই অভিজ্ঞতা কয়, কোনোবাই নকয়। কল্পনা চৌধুৰীয়ে ক'লে, ৰাইজে শুনিলে। সত্যতা নিৰূপন কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ দায়িত্ব আৰক্ষী আৰু চৰকাৰলৈ ৰাইজে এৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in