হৃদয় গলিল পৰেশ বৰুৱাৰ…

হৃদয় গলিল পৰেশ বৰুৱাৰ…

মৃদুল কুমাৰ সন্দিকৈ

সোশৰীৰে ঘূৰি আহিব হয়তো প্ৰণৱ গগৈ আৰু ৰাম কুমাৰ। গুৱাহাটী প্ৰেছ ক্লাৱলৈ পৰেশ বৰুৱাৰ এটা ফোনে সেই সম্ভাৱনাই কঢ়িয়াই আনিলে। পৰেশ বৰুৱাই ক'লে- স্থগিত ৰখা হৈছে চৰম শাস্তি। মীমাংসাৰ সমাধানৰ পথ বাহিৰ হ'ব বুলি তেওঁ বিশ্বাসী। পুনৰ আলোচনাৰ প্ৰতি আগ্ৰহী পৰেশ বৰুৱাৰ।

আলফা স্বাধীনৰ বিৰুদ্ধে ক্ষোভ আৰু প্ৰতিক্ৰিয়া কি পৰ্যায়ত সৃষ্টি হৈছে সেয়া নিশ্চয় পৰেশ বৰুৱাই অনুধাৱন কৰিব পাৰিছে। অসমৰ ৰাইজে এই বিশ্বাস ৰাখিছে যে পৰেশ বৰুৱাই কুইপ'ৰ এই দুই অপহৃত বিষয়াক অচিৰেই মুকলি কৰি দিব।

পৰেশ বৰুৱাই তেনে এক ইতিবাচক সিদ্ধান্তই ল'ব বুলি ৰাইজে এতিয়াও ভাবি আছে। কুইপ' নামৰ কোম্পানীটোৰ এই দুই বিষয়াক অপহৰণ কৰা আৰু তেওঁলোকক চৰম শাস্তি প্ৰদান কৰা হ'ব বুলি সংবাদমাধ্যমৰ যোগে আলফা স্বাধীনে প্ৰকাশ কৰা বিবৃতিৰ প্ৰকাশ কৰিছিল।

যিটো মেইলৰ পাছত হাঁহাকাৰ সৃষ্টি হৈছে প্ৰণৱ গগৈ আৰু ৰাম কুমাৰৰ পৰিয়ালত…

তাৰপাছতেই সকলোৱে আহ্বান জনাইছিল- অন্ততঃ পৰেশ বৰুৱাই সেই ভুল আকৌ নকৰিব। কুইপ'ৰ প্ৰতিনিধিৰ সৈতে হোৱা আলোচনা বিফল হোৱা হেতু যদি এই দুই বিষয়াৰ প্ৰাণদণ্ড বিহে তেনেহ'লে ক'ব লাগিব পৰেশ বৰুৱাই অতীতৰ পৰা কোনো শিক্ষাই ল'ব নোৱাৰিলে।

আলফাৰ ইতিহাস পৰেশ বৰুৱাই লিখিলেও সেই ইতিহাস অসমৰ প্ৰতিজন মানুহে অধ্যয়ন কৰি আহিছে। আলফা স্বাধীনৰ সেনাধ্যক্ষ গৰাকীয়ে এনে প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত বিভিন্নজনলৈ ফোন কৰি প্ৰশ্ন কৰিছে- অসমৰ সম্পদ লুটি নিয়া সকলৰ বিৰুদ্ধে কিয় অসমবাসীয়ে মাত মতা নাই?

ঠিক একেই প্ৰশ্ন পৰেশ বৰুৱাকো যদি কৰা হয়, তেনেহ'লে পৰেশ বৰুৱাৰ কি উত্তৰ হ'ব? মুক্তিপণৰ নামত কেই কোটিমান টকা দিলেই অসমৰ সম্পদৰাজী লুন্ঠনৰ ধাৰাবাহিকতাৰ অন্ত পৰিব নেকি? পৰেশ বৰুৱাক সুধিব খোজো- এই প্ৰশ্নৰ উত্তৰ তেওঁ কেতিয়া দিব?

নে এইদৰে মুক্তিপণৰ ধন পালেই তেওঁলোকে আনক অসম লুটিবলৈ, অসমৰ প্ৰাকৃতিক সম্পদৰ ওপৰত থকা অধিকাৰ সেই সকল বহিঃৰাগত কোম্পানী বা মালিকপক্ষক তেওঁ প্ৰদান কৰিব? দুজন নিৰীহ লোকক হত্যা কৰি বিপ্লৱৰ নিচান উৰুৱাব খোজা পৰেশ বৰুৱাই হয়তো সেই কাহিনী পাহৰি গৈছে।

পৰেশ বৰুৱাৰ মনত নাই যদি এই কাহিনী তেওঁক মনত পেলাই দিব বিচৰা হৈছে। ১৯৯৭চনৰ ২ এপ্ৰিলৰ কথা। ডিব্ৰুগড়ৰ এটা পাৰঘাটত আলফাৰ দুজনমান বীৰ সৈনিকে এজন নাৱৰীয়াক গুলীয়াই হত্যা কৰিছিল। সেই নাৱৰীয়াজনৰ একমাত্ৰ অপৰাধটো আছিল-ৰাতিপুৱাৰ পৰা নাও বাই বাই ভাগৰুৱা হৈ পৰিছিল। সেয়ে তেওঁৰ ভোক লগাৰ বাবে আলফাৰ সদস্য কেইজনক কিছু সময় অপেক্ষা কৰিবলৈ কৈ কিছু সময় বিচাৰিছিল।

ধেমাজিৰ ২০০৫ৰ বোমা বিস্ফোৰণৰ পাছৰ এক দৃশ্য…

এই অপৰাধতেই সেইদিনা জানো আপোনাৰ বীৰ সৈনিকে খালী পেটত থকা নাৱৰীয়া জনৰ পেটত বন্দুকৰ গুলী গুজি দিয়া নাছিল? এইটো এটা সাধাৰণ উদাহৰণ। আলফাৰ ইতিহাসত এনে বহু ভুল আছে।

ধেমাজিৰ হত্যাকাণ্ডৰ সন্দৰ্ভত পৰেশ বৰুৱাই আনুষ্ঠানিকভাৱে বিবৃতি দি মন্তব্য কৰা নাছিল। কিন্তু ২০০৫চনৰ ১৫ আগষ্টত ধেমাজিত প্ৰাণ হেৰুওৱা ছাত্ৰ-ছাত্ৰীসকলৰ সন্দৰ্ভত পৰেশ বৰুৱাই সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক দিয়া এক সাক্ষাৎকাৰত কি কৈছিল?

'পৰেশ বৰুৱাৰ সন্ধানত' নামৰ ৰাজীৱ ভট্টাচাৰ্যৰ গ্ৰন্থখনত ১৪১ পৃষ্ঠাত এই সন্দৰ্ভত পৰেশ বৰুৱাৰ এক সাক্ষাৎকাৰ প্ৰকাশ কৰা হৈছে। এই সাক্ষাৎকাৰত পৰেশ বৰুৱাই কোৱা বুলি উল্লেখ থকা কথাখিনি আছিল এনেধৰণৰ- বৰুৱাই ঘোষণা কৰিলে যে অসমত বা খিলঞ্জীয়া লোকৰ বসতি স্থানত পুনৰ বোমা বিস্ফোৰণ কৰা নহ'ব। তেখেতে দিধ্যাহীনভাৱে ক'লে যে- 'দুটা মান ঘটনাৰ ক্ষেত্ৰত আলফাই আগতে ভুল কৰা কথা মই স্বীকাৰ কৰো। এয়া আলফাৰ অধীনায়কসকলৰ দূৰদৃষ্টি আৰু নিৰ্ভুল আঁচনিৰ অভাৱৰ বাবে হ'ব পাইছিল। লগতে ইয়াকো জানি থোৱা যে ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে আলফাৰ ভাবমূৰ্তিত কলংক সানিবলৈও এনে ধৰণৰ দুষ্কাৰ্য কৰিছে। নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে বা উপনিবেশ চৰকাৰৰ তেলবাহী পাইপলাইন আদিৰ দৰে সম্পদৰ বিৰুদ্ধে কৰা অভিযানবোৰৰ সন্দৰ্ভত এয়া এক প্ৰতিক্ৰিয়া। আগতে দুই-এজন অধিনায়কে সংগঠন স্বাৰ্থৰ বিৰুদ্ধে এই কাৰ্যবোৰত লিপ্ত হৈ পৰিছিল। নিৰ্দোষী মানুহৰ মৃত্যু আৰু আঘাতপ্ৰাপ্তিত আমি খুবেই দুখিত। ভৱিষ্যতে এনে ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা নোহোৱাৰ বাবে আমি সচেষ্টা হৈছো। '

যদি পৰেশ বৰুৱাৰ এই ধ্যন-ধাৰণা আছিল তেনেহ'লে পুনৰ নিৰপৰাধী আৰু প্ৰণৱ কুমাৰ গগৈৰ দৰে থলুৱা লোকক কিয় সংগঠনটোৱে কুইপ'ৰ নাম লৈ লক্ষ্য কৰি লৈছে? এতিয়া পৰেশ বৰুৱাই উত্তৰ দিব লাগে খিলঞ্জীয়া লোকৰ ওপৰত আঘাত নাহানো বুলি কোৱা নিৰ্দোষী মানুহৰ মৃত্যুত আঘাত পোৱা বুলি কোৱা পৰেশ বৰুৱাই প্ৰণৱ গগৈৰ দৰে খিলঞ্জীয়া লোকৰ মৃত্যুত আঘাত পাব নে নাপায়?

আলফা স্বাধীনৰ শিবিৰত দবা খেলি থকা মুহূৰ্তত পৰেশ বৰুৱা (ফটোঃ ৰাজীৱ ভট্টাচাৰ্য)

এই বিপ্লৱ কাৰ বাবে কৰা হৈছে? এই বিপ্লৱৰ উদ্দেশ্য কি ? কমলা শইকীয়াই আলফাই কিয় হত্যা কৰিছিল? অৰবিন্দ ৰাজখোৱাই দিয়া এটা স্বীকাৰোক্তি আছিল এনেধৰণৰ- 'হয়, দুৰ্ভাগ্যক্ৰমে বহুতো এনেকুৱা ঘটনা সংঘটিত হৈছে। উদাহৰণ স্বৰূপে কমলা শইকীয়াৰ ঘটনাটোক লওঁক। মই তেখেতক চিনিও নাপাইছিলো বা তেখেতৰ বিষয়ে শুনাও নাছিলো। আনকি আজিও আলফাই নাজানে যে তেখেতে সংগঠনটোৰ কি অন্যায় কৰিছিল।'

পৰেশ বৰুৱাই কওঁক এতিয়া- প্ৰণৱ গগৈৰ ভুল কি? আলফা স্বাধীনক কি ক্ষতি কৰিছিল প্ৰণৱ গগৈয়ে? কণমানি ষষ্ঠ শ্ৰেণীত পঢ়া ছোৱালীজনীয়ে দেউতাকৰ আগমনৰ বাবেই ৰৈ আছে। হাতযোৰ কৰি আপোনাৰ ওচৰত দেউতাকৰ প্ৰাণ ভিক্ষা কৰিছে। আপুনিতো তথাকথিত সন্ত্ৰাসবাদী নহয়। যদি জাতি-মাটিৰ স্বাৰ্থতে এই বিপ্লৱ তেনেহ'লে সেই কণমানি জনীৰ বা পৰিয়ালটোৰ ভৱিষ্যৎ ধ্বংস কৰাৰ অধিকাৰ আপোনাৰ আছেনে?

আলফাই এটা সময়ত বহু কাম কৰিছিল। যিবোৰ কামে আলফাক এক মৰ্যাদা দিছিল। নব্বৈ দশকত গাঁৱে ভূঞে আলফাই কৰা সেই ভাল কামবোৰৰ কথা অসমৰ মানুহে পাহৰি যোৱা নাই। বিশেষকৈ দুৰ্নীতিৰ বিৰুদ্ধে সমাজত সংঘটিত অন্যায়ৰ বিৰু্দ্ধে আলফাই জাতীয় উন্নয়ন পৰিষদৰ নামত কৰা কামবোৰে মানুহৰ অন্তৰ চুইছিল।

লখিমপুৰত আদৰ্শৰ কৃষিপাম গঢ়িছিল। সেই সততা আৰু নিষ্ঠা পৰেশ বৰুৱা বা আলফা স্বাধীনৰ এতিয়া আছেনে? ১৯৯৬চনৰ পৰা ২০০১চনলৈকে অগপৰ দ্বিতীয়টো শাসনকালত আলফাৰ ২১১৮জন কেডাৰে আত্মসমৰ্পণ কৰিছিল। তাৰপাছত গুপ্তহত্যাৰ পাতনি মেলিছিল।

অপহৃত দুই কুইপ'ৰ বিষয়া…

আৰক্ষী-সেনাৰ আলফা বিৰোধী অভিযানত অসমৰ ক'ত পৰিয়ালে ভুক্তভোগী হ'ল সেই কথাও পৰেশ বৰুৱাই পাহৰিলে নহ'ব। তেওঁ যদি ভাবিছে তেওঁক প্ৰশ্ন কৰাৰ অধিকাৰ অসমবাসীৰ নাই, তেনেহ'লে তেওঁৰো অসমবাসীৰ ওপৰত কোনো অধিকাৰ নাই বুলি ভাবিবলৈ বাধ্য হ'ব।

এই আলফাই কাৰ্গিলৰ যুদ্ধৰ সময়ত কি কৰিছিল? পাকিস্তানী সশস্ত্ৰ সন্ত্ৰাসবাদীক কাশ্মীৰি মুক্তি যোদ্ধা আখ্যা দিয়া নাছিলনে? সেনা বাহিনীত থকা অসমৰ যুৱকসকলক পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ নকৰিবলৈ আলফাই আহ্বান জনাইছিল।

সেই সময়তো এই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। পৰেশ বৰুৱাই নিজৰ সপক্ষে বহু যুক্তি দাঙি ধৰিব পাৰে। কিন্তু তেওঁ কেনেদৰে ধৰি ল'লে পাকিস্তান বিৰোধী যুঁজত অসমৰ যুৱকে পাকিস্তানৰ হৈ যুঁজ দিব?

আলফাৰ জন্ম হৈছিল ৰংঘৰৰ বাকৰিত। বন্দুকৰ বুলেট কামুৰী স্বাধীন অসমৰ সপোন ৰচি আলফাই গাঁৱে ভূঞে মুক্তিৰ যি বিপ্লৱৰ শ্ল'গান দিছিল সেয়া এতিয়া কি পৰ্যায়ত আছে? কি পালে অসম আৰু অসমীয়াই ইয়াৰ পৰা ?

আলফাৰ বিৰুদ্ধে কিয় পূৰ্বৰ দৰে স্বতস্ফূৰ্ত সমৰ্থন মানুহৰ মাজত নাই? সেয়া আলফাৰ ব্যৰ্থতা বা পৰেশ বৰুৱাৰ নেতৃত্বৰ ব্যৰ্থতা আখ্যা নিদি কি বুলি ক'ব পাৰি? আলফা নিজেই এক সমস্যা হৈ গ'ল নেকি? সেই প্ৰশ্ন কৰিছে। আলফাৰ ভৱিষ্যৎ কি হ'ব সেই উত্তৰ পৰেশ বৰুৱাৰ ওচৰত আছেনে?

পুত্ৰৰ অপেক্ষাত প্ৰণৱ কুমাৰ গগৈৰ মাতৃ…

আলফাই অসমৰ বাবে কি কৰিব পাৰিছে? হীৰেন গোঁহাইয়ে আলফাৰ ভৱিষ্যৎ সম্পৰ্কীয় এক সাক্ষাৎকাৰত কিছু কথা কৈছিল- ৩০ বছৰৰো আগৰ সেই সাক্ষাৎকাৰত হীৰেন গোঁহাইক সোধা হৈছিল অসমৰ উপনিবেশ আৰু পুঁজিবাদ ধ্বংস কৰিবলৈ আলফাই বৰ্তমান যি ব্যৱস্থা হাতত লৈছে সি যুক্তিসংগত হয়নে নহয়?

ড০ হীৰেন গোঁহাইয়ে উত্তৰ দিছিল- আলফাই বস্তু বাহিনীৰ দাম কমাব পৰা নাই। বাহিৰৰ ব্যৱসায়ীক অসমৰ মানুহৰ সুবিধাৰ্থে উদ্যোগ আদি খুলিবলৈ বাধ্য কৰিব পৰা নাই। তেল, চাহৰ পৰা অসমৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা কৰিব পৰা নাই। কেৱল কেইজনমান ব্যৱসায়ীক হত্যা কৰিছে আৰু আন বোৰৰ পৰা চান্দা লৈছে। ই কেনেকৈ উপনিবেশ বন্ধ কৰিব মই বুজি নাপাওঁ।

আৰু শেহতীয়াকৈ অৰুণাচলৰ পৰা অপহৰণ কৰি নিয়া কুইপ'ৰ দুই কৰ্মচাৰীক চৰম শাস্তি দিম বুলি কোৱাৰ পাছতেই হীৰেন গোঁহাইয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে- 'সেই সকলতো অপৰাধী নহয়। এই নিৰপৰাধী লোক দুজনক মুকলি কৰি দিব লাগে। যদিহে আলফাৰ কিবা দাবী আছে চৰকাৰৰ ওপৰত আলোচনা কৰি সেই দাবী হ'ব লাগে কা বিৰোধী আন্দোলনত বন্দী হৈ থকা অখিল গগৈ বা দেবাংগনা কলিতাৰ বিনাচৰ্তেই মুক্তিৰ দাবী। তাকেই নকৰি এইবোৰ ধনদাবীৰ দৰে কাম কোনো পধ্যেই গ্ৰহণযোগ্য নহয়।'

পৰেশ বৰুৱাই এনে প্ৰতিক্ৰিয়া দেখিয়েই বিভিন্নজন লোকৰ সৈতে টেলিফোনত কথা পাতিছিল। তেওঁ এই যুক্তি প্ৰদৰ্শন কৰিব বিচাৰিছিল যে, আলফা স্বাধীনৰ এই কাম ভুল নহয়। কিন্তু পৰেশ বৰুৱাৰ সেই কথাত কোনো ভিত্তি বা যুক্তি নাছিল। সকলোৱে এই কথা বুজি উঠিছিল যে, ধন দাবীৰ বাবেই আলফা স্বাধীনৰ দ্বাৰা এই কাম কৰা হৈছে।

আলফাই এতিয়ালৈকে কিমান লোকক হত্যা কৰিলে? সেই তালিকা আলফা স্বাধীনে প্ৰস্তুত কৰিছে নে নাই নাজানো। সাধাৰণ কথাতেই আলফাই হত্যা কৰা বহু ঘটনা সংঘটিত হৈছে। তেনেদৰে মৃত্যু দণ্ড দিয়া বহু লোকে এনে অপৰাধ কৰিছিল নে তাক লৈও প্ৰশ্ন উঠি আহিছে।

মাজুলীত সঞ্জয় ঘোষৰ হত্যা কাণ্ড আলফা স্বাধীনৰ বাবে এক মুক্ষম আঘাত আছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলফা ককৰ্থনাৰ সন্মুখীন হৈছিল এনে কাণ্ডৰ বাবে। বিভিন্ন সময়ত আলফাই সুবিবেচনাৰে সিদ্ধান্ত নোলোৱাৰ ফল ভোগ কৰিছে।

হৰকিষাণ লাল দাসক আলফাই অপহৰণ কৰিছিল কিয়? আলফাৰ সেই যুক্তি মানি ল'ব পাৰিনে? পৰেশ বৰুৱাই আলফাৰ বিৰুদ্ধে ৰটনা ৰচা বুলি বিভিন্ন সময়ত বিভিন্নজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে।

কংগ্ৰেছৰ কৰ্মী হোৱাৰ বাবেই কিমান জন লোকক হত্যা কৰা হ'ল? ৰোহিতেশ্বৰ শইকীয়াক আলফাই হত্যা কৰিছিল। তেওঁৰ ভুল কেৱল হীতেশ্বৰ শইকীয়াৰ ভায়েক হোৱাতোৱেই। বিপ্লৱৰ ৰণক্ষেত্ৰত নমা আলফা স্বাধীন এতিয়া অসমৰ ৰাইজৰ অবিশ্বাসৰ পাত্ৰ হ'বলৈ গৈ আছে।

তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন জন লোকক অসমবিৰোধী বুলি উল্লেখ কৰে। কিহৰ যুক্তিত তেওঁলোকক অসম বিৰোধী বুলি কোৱা হয়। কংগ্ৰেছক সমৰ্থন নকৰাৰ কাৰণ আছে। এই দলৰ নীতি-আদৰ্শ দেশৰ বা অসমীয়াৰ বিৰুদ্ধে যোৱা বুলি যুক্তি থাকিব পাৰে। কিন্তু পৰেশ বৰুৱাই এটা ৰাজনৈতিক দলৰ সমৰ্থক বা কৰ্মী হোৱা বাবেই তেওঁলোকক মৃত্যু দণ্ড দিয়াৰ অধিকাৰ কোনে দিলে?

সাংবাদিককো আলফাই ভাবুকি দিছে। কিন্তু সেই ভাবুকিয়ে অন্যায়, বঞ্চনা আৰু লুন্ঠন বন্ধ কৰিব পাৰিছেনে? নে আলফাৰ এনে কৰ্মকাণ্ডই অসম আৰু অসমীয়াক ক্ষতিগ্ৰস্ত কৰিছে? এই কথাও তেওঁ ভাবি চাবৰ হ'ল। জাতীয় নেতৃত্ব দিয়া সংগ্ৰামলৈ বহুতৰ সমৰ্থন থাকিব পাৰে। কিন্তু সেই সমৰ্থন অন্ধভাৱে দিব নোৱাৰে।

বুদ্ধিজীৱীক আলফাই সকীয়নি দিছিল। আলফাৰ শিৱসাগৰ জিলাৰ কমিটীয়ে ১৯৯৪চনত এক বিবৃতি প্ৰকাশ কৰিছিল। বুদ্ধিজীৱী সাংবাদিকলৈ আলফাৰ সকীয়নি প্ৰদান কৰা এই বিবৃতি আছিল- অকল কলমেৰে দুৰ্নীতি নিঃশেষ কৰাৰ হাবিয়াস এৰক।

পৰেশ বৰুৱাই আত্মসমালোচনা কৰাৰ সময় আহিছে। অসমৰ জটিল মুহূৰ্তত তেওঁ লোৱা স্থিতিও মানুহে লক্ষ্য কৰিছে। আলফাৰ কাৰ্যপদ্ধতি সমালোচনা কৰাৰ অধিকাৰ প্ৰতিজন অসমীয়াৰে আছে। সেয়া গ্ৰহণ কৰে নে নকৰে তাৰ সিদ্ধান্ত পৰেশ বৰুৱাই ল'ব।

কিন্তু এইটো ঠিক যে, দীৰ্ঘদিনৰ সংগ্ৰামৰ পৰিণতিত সংঘাতৰ সমাধান ৰাইজে এতিয়া বিচাৰে। ৰাষ্ট্ৰ ষড়যন্ত্ৰ আৰু জাতীয়তাবাদৰ নামত অসমৰ ভাগ্য নিয়ন্ত্ৰক হ'বলৈ পৰেশ বৰুৱাকো কোনেও স্বাধীনতা দি থোৱা নাই।

আলফা বিৰোধী অভিযানত নিৰ্যাতনৰ বলি হোৱা লোকসকলৰ খবৰ কেতিয়াবা পৰেশ বৰুৱাই ৰাখি পাইছেনে? বন্দুকৰ গুলীত ৰাতি পুৱাল। ৰিপুঞ্জন গগৈ ১৯৯৬চনত প্ৰকাশ পোৱা এখন গ্ৰন্থত উগ্ৰপন্থীৰ হাতত ৰাজ্যখনত নিহত হোৱা লোকৰ কিছু তথ্য দিয়া হৈছিল।

আলফাই অতি নিৰ্মমভাৱে হত্যা কৰিছিল মানৱেন্দ্ৰ শৰ্মাক। ১৯৯১চনৰ ২২ ফেব্ৰুৱাৰীত হত্যা কৰা হৈছিল মানৱেন্দ্ৰ শৰ্মাক। কংগ্ৰেছৰ দিহিঙীয়া আছিল আলফাৰ হাতত নিহত প্রথমজন ব্যক্তি। আয় আৰু গ্ৰামোন্নয়ন মন্ত্ৰী দিহিঙীয়াক ১৯৮৬চনৰ ১৯ ফেব্ৰুৱাৰীত শিৱসাগৰৰ বকুলবাৰী ঘৰৰ পৰা পৰিবাৰ আৰু আত্মীয়ৰ সৈতে কৰ্মক্ষেত্ৰৰ আদালতলৈ গৈ থাকোতে গণকপতিত আলফাৰ সদস্যই হত্যা কৰিছিল।

অতুল কলিতাক ১৯৯২চনৰ ৩ জানুৱাৰীত আলফাই চোৰাংচোৱাৰ সন্দেহত পুলিচৰ এজেন্ট আখ্যা দি হত্যা কৰিছিল। কংগ্ৰেছৰ সদস্য হোৱাৰ বাবেই ১৯৯১চনৰ ১১ নবেম্বৰত টংলাৰ সাপ্তাহিক বজাৰত আলফাৰ বোমা বিস্ফোৰণত নিহত হৈছিল বৰুণ দত্ত।

যোৰহাটৰ পতীয়াগাঁৱৰ অকণ ৰাজখোৱাক আলফাই কিয় হত্যা কৰিছিল? ১৯৯১চনৰ ২ মাৰ্চত তেওঁক অপহৰণ কৰি নি গাত এচিড ঢালি কোনে হত্যা কৰিলে? এইজন লোকৰ মৃতদেহ সেই বছৰৰ ৬ মাৰ্চত যোৰহাটৰ নপমোৱাৰ গাঁৱৰ পথাৰৰ মাজত জৰাজীৰ্ণ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

দক্ষিণ মাহমৰা সমষ্টিৰ কাকতিবাৰী ভোলা লুখুৰাসনত দক্ষিণ মাহমৰা যুৱ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবেই আলফাই হত্যা কৰি নাছিলনে? বিমল কুমাৰ গগৈ, বুদ্ধেশ্বৰ বৰগোঁহাই, জ্যোতি মোহন, ৰূপ চেতীয়া, শুক্ৰ ডেকা, ৰঞ্জিত কুমাৰ বৰুৱা কাৰ কথা কম?

১৯৮৭চনৰ ২৭ জুলাইত যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জিত কুমাৰ বৰুৱাক আলফাই হত্যা কৰিছিল। তিনিচুকীয়াৰ কিছিম্বৰ চুতীয়াক হত্যা কৰা হৈছিল ১৯৯০চনৰ নবেম্বৰত। তেওঁৰ মৃতদেহ ভেলাখাত চাহ বাগিচাৰ সমীপৰ এখন দলঙৰ তলত পৰি আছিল। মৃত্যুৰ কেইদিনমানৰ পূৰ্বে সন্তানৰ পিতৃ হৈছিল তেওঁ।

এইবোৰ সাধাৰণ লোকৰ হত্যাৰ কাহিনী। এনে মৃত্যুৱে কি পৰিৱৰ্তন আনিলে? শোণিতপুৰ জিলাৰ নাগ শংকৰৰ সুশেন গগৈক কিহৰ বাবে কোনে হত্যা কৰিলে? অনন্ত দেৱ মেধি, পৰেশ শৰ্মা, গোপাল নাথ, কাদিৰ খান, ভৱেন চেতিয়া, মহেন্দ্ৰ গগৈ, ৰাজীৱ বৰগোঁহাই, দেবেন দাস, অশোক কাকতি, ধ্ৰুৱজ্যোতি অধিকাৰী, ড০ জয়ন্ত শইকীয়াক হয়তো মন নাই এতিয়া পৰেশ বৰুৱাৰ।

কিন্তু সেইবোৰ পৰিয়ালে এতিয়া আলফাৰ নাম শুনিলেই তেওঁলোকৰ আত্মীয়জনলৈ মনত পেলাই চকুপানী টোকে। এইবোৰ কি ত্যাগ নহয়? প্ৰশান্ত শইকীয়া নামৰ লোকজনক ১৯৮৭চনৰ ৪ নবেম্বৰত কোনে মাতি নি হত্যা কৰিছিল?

আলফাই এই হত্যাকাণ্ডৰ পাছতেই বাতৰি কাকতত বিবৃতি দিছিল প্ৰশান্তক মৃত্যুদণ্ড দিয়া হছে। কিন্তু কিয় এই হত্যাকাণ্ড কৰা হ'ল সেই কথা আজি পৰিয়ালে গম নাপালে। মাত্ৰ জানি থলে আলফাই হত্যা কৰিছে।

বিশ্বনাথৰ নিত্যানন্দ চৌধুৰী কংগ্ৰেছী আছিল। বিন্দু দাসৰো অপৰাধ এটাই আছিল কংগ্ৰেছ। ৰাজু কুমাৰ শৰ্মা, গোপাল চন্দ্ৰ নাথ এইবোৰ অচিনাকি নাম। কিন্তু আলফাৰ বন্দুকৰ গুলীৰ লক্ষ্য হৈছিল তেওঁলোক। ১৯৯০চনৰ ১০ মে'ত ভাস্কৰজ্যোতি বৰ্মনক কোনে হত্যা কৰিলে সেয়া আজিও নোলাল। কিন্তু আলফালৈ গৈছিল এই অভিযোগৰ আঙুলি।

শিৱসাগৰৰ বকতামৌজাৰ হেমচন্দ্ৰ দাসক কংগ্ৰেছী হোৱাৰ বাবেই ১৯৯১চনত হত্যা কৰা হোৱা নাছিলনে? ডিব্ৰুগড়ৰ টেঙাঘাটৰ গন্ধিয়া ফুকনক আলফাই ২২ জানুৱাৰী, ১৯৯১চনত হত্যা কৰিছিল। তেওঁৰ অপৰাধ আছিল আলফাৰ অধিকৃত মাটিত খেতি কৰিছিল?

আলফাৰ হাতত প্ৰাণ হেৰুওৱাসকল…

এনে কিমান উদাহৰণ আছে জানেনে? ১৯৮৫চনৰ ১০ মে'ৰ দিনা গুৱাহাটীৰ শিলপুখুৰীৰ ইউনাইটেড কমাৰ্চিয়েল বেংকত আলফা সদস্যই ডকাইত কৰিবলৈ গৈ সৰবৰহী ব্যক্তি তথা বেংকটোৰ মেনেজাৰ গিৰিজ গোস্বামীক হত্যা কৰিছিল আলফাই।

আলফাৰ হত্যাকাণ্ডৰ বলি হোৱা এই সকল কেইটামান উদাহৰণহে। তেওঁলোকক হত্যা কৰাৰ পাছত অসমত কি পৰিৱৰ্তন হ'ল? পৰেশ বৰুৱাই হয়তো ক'ব- এয়া বিপ্লৱৰ নামত হোৱা ক্ষয়ক্ষতি। হিচাপ দিব কিমানজন লোকৰ মৃত্যু হৈছে এই সংগ্ৰামত । কিন্তু ইয়াৰ ফল কি?

আলফা এতিয়া অভিশাপ হৈ পৰা বুলি বহুতে মন্তব্য কৰে। আলফাৰ কলংকিত অধ্যায়ক লৈ কিতাপ লিখা হৈছে। বিদেশত থাকি বিদেশৰ পৰা টেলিফোনেৰে পৰেশ বৰুৱাই দাঙি ধৰা যুক্তি আৰু কিমান দিনলৈ মানি ল'ব লাগিব? কিয় আলফাই নিজকে অনুধাৱন নকৰে?

আলফা সমস্যা হৈয়ে ৰৈ যাব নেকি? কি ভাবিছে পৰেশ বৰুৱাই? তেওঁ কৰা ত্যাগৰ কথা স্বীকাৰ কৰিও এই কথা ক'বলৈ বাধ্য হৈছো যে পূৰ্বৰ আদৰ্শৰ পৰা বিচলিত হৈ পৰেশ বৰুৱাই দিহিঙে-দিপাঙে ঘূৰি নিজৰ স্থিতিত এতিয়াও অটল আছে।

কিন্তু এই সংগ্ৰামৰ পৰা কি আশা কৰিছে এতিয়া সেয়াই স্পষ্ট নহয়। তেওঁৰ দৃঢ়তা আছে, বিশ্বাস আছে। তেওঁ হাৰিব নোখোজা স্থিৰতাই পৰেশ বৰুৱাক পৰেশ বৰুৱা কৰি ৰাখিছে। ২০০০ চনৰ ১৭ ডিচেম্বৰত পৰেশ বৰুৱাই বিবিচি ৱৰ্ল্ড চাৰ্ভিচত এক সাক্ষাৎকাৰ প্ৰদান কৰিছিল।

তেওঁ কৈছিল- অসমৰ মুক্তি এটা ধোৱাখলীয়া সপোন নহয়। ইয়াৰ এটা ভৱিষ্যত আছে। ইয়াৰ বাবে যুদ্ধ আৰম্ভ হৈছেহে মাথোঁ। পৰেশ বৰুৱাৰ প্ৰতি অসমৰ ৰাইজৰ আস্থা আছে। অন্ততঃ এইবাৰ পৰেশ বৰুৱাই প্ৰমাণ কৰাৰ সময়। সেই আশা সঞ্চাৰ হোৱাৰ পাছত এতিয়া আগ্ৰহেৰে বাট চাইছে অসমৰ ৰাইজেও।

গুৱাহাটী প্ৰেছ ক্লাৱলৈ কৰা ফোনৰ পাছতেই তেনে সম্ভাৱনাৰ দ্বাৰ মুকলি হ'ল। ৰাইজৰ প্ৰতিক্ৰিয়া বিভিন্নজনৰ আহ্বানৰ প্ৰতি পৰেশ বৰুৱাৰ এই সঁহাৰি ইতিবাচক। পৰেশ বৰুৱাই সাংবাদিকলৈ ফোন কৰি এই কথা জনালে যে স্থগিত ৰখা হৈছে চৰম শাস্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in